ছাত্র জীবন আৰুসমাজসেৱা-ডিম্বেশ্বৰ নেওগ
Class 10 ছাত্রজীবন আৰুসমাজসেৱা-ডিম্বেশ্বৰ নেওগ
১।অতি চমুকৈ উত্তৰ লিখা
ক) লিখকৰ মতে ছাত্র-জীৱন প্রকৃত উদ্দেশ্য কি কি ?
উত্তৰ : - লিখকৰ মতে ছাত্র - জীৱনৰ প্রকৃত উদ্দেশ্য হৈছে শিক্ষাৰ সময় । এই শিক্ষা একমাত্র লিখা পঢ়াকে নুবুজায় ।শিক্ষাৰ বিষয়বস্তু সীমাহীন । মানুহৰ জীৱনৰ লক্ষ্য কি কি কম কৰিলে মানুহ হিচাপে জন্ম লাভ কৰাৰ সাথর্ক লাভ কৰিব পাৰি আৰু সাংসাৰিক জীৱনত মানুহ হিচাপে কেনেদৰে কৃতৰ্কতা লাভ কৰিব পাৰি মুঠতে এইবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলি কব পাৰি আৰু ছাত্র জীৱনত এইবিলাক শিকাটো প্রয়োজনীয় ।
(খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?
উত্তৰ :- বতর্মান শিক্ষা কামৰ শিক্ষা নহয় বুলি লেখকে উল্লেখ কৰিছে আৰু বতর্মানৰ প্রচলিত শিক্ষা ইয়াৰ ঘাই দোষ ।
(গ)
ছাত্ৰসকলে কি কি বিষয়ৰ জ্ঞানলাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে ?
উত্তৰঃ
ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগিব আৰু পৰিপুষ্ট জ্ঞান
আহৰণ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগিব।
তেওঁলোকৰ মনৰ গতি মুকলি হ’বলৈ
সুবিধা দি তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব। লাগিব। চেঁচুকৰ ডেমডেউকা কৰি ৰাখিলে নহ'ব।
(ঘ)
ছাত্ৰসকলে কার্যকৰী শিক্ষা ক'ৰ পৰা
কিদৰে লাভ কৰিব পাৰে ? [M.Q.,HSLC,'16, '17]।
উত্তৰঃ-
ছাত্ৰসকলে কার্যকৰী শিক্ষা জ্ঞানৰ ক্ষেত্ৰ হিচাপে গাঁৱতে নিজৰ কার্যক্ষেত্র বাছি ল’ব পাৰেগ্রাম্য জীৱনৰ মাজত বৰ্তি থকা
অন্ধসংস্কাৰ,
অজ্ঞানতা দূৰ কৰি তেওঁলোকৰ মনবোৰ
আধুনিক চিন্তাৰ উপযোগী কৰি তুলিব লাগিব। জ্ঞানৰ উৎকর্ষ সাধনৰ যোগেদিহে কার্যকৰী
শিক্ষালাভ সম্ভব।
২। ছাত্র-জীৱনৰ
প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন
কৰিব পাৰে ?
দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্রজীৱনত বহুমুখী শিক্ষাৰ প্রয়োজনীয়তা
সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ- একাগ্রতা
শিক্ষা জীৱনৰ সফলতাৰ ঘাই মন্ত্র। অধ্যয়নৰ সময়ত শিক্ষার্থী মনৰ গতি একমুখী হ'ব লাগিব। বহুমুখী হলে ছাত্রৰ
একাগ্রতাত ব্যাঘাত জন্মে আৰু অধ্যয়নত সফলতা লাভ কৰাটো সম্ভৱ নহয়। তেওঁলোকে ঘৰুৱা
জঞ্জাল কিছুমানত বেছিকৈ মনোনিবেশ কৰিলে নিজৰ অধ্যয়ন অনুশীলনত ব্যাঘাত জন্মিব
পাৰে। তেওঁলোকে জ্ঞান অর্জনৰ দিশটোত অধিক গুৰুত্ব দিব লাগে।। | ছাত্ৰসকলে ছাত্রজীৱনৰ সীমাত থাকিয়েই
দেশৰ দুর্যোগৰ সময়ত প্রৌঢ়সকলৰ কান্ধৰ। ভাৰখন দাঙি ল’বলৈ সাজু হ’ব লাগিব। শিক্ষাদানৰ উদ্দেশ্য জ্ঞান
অর্জনৰ দিশটো সম্পূর্ণ অটত ৰাখি অতিৰিক্তভাৱে সামাজিক দায়িত্ব পালন কৰিব লাগিব।
দেশৰ ভৱিষ্যতৰ স্বাৰ্থতেই। ছাত্ৰসকলে নিজৰ ব্যক্তিত্ব বিকশাই তুলিব লাগিব। তেওঁলোকে
জীৱনৰ বাবে প্রয়োজনীয়। কার্যকৰী জ্ঞান লাভ কৰি দেশসেৱাৰ কাৰণে নিজকে উপযুক্ত কৰি
তুলিব লাগিব। তেওঁলোকে মুকলি মনেৰে দেশৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিবৰ বাবে সুযোগ
আগবঢ়াই দিব লাগিব। সমাজৰ পৰা অজ্ঞান-অন্ধকাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ
দূৰ কৰিবৰ কাৰণে তেওঁলোকে গাঁওসমূহত জাগ্রত প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। তেওঁলোকে
অশিক্ষিত লোকসকলক অন্ধসংস্কাৰৰ বিষয়ে সচেতন কৰি তেওঁলোকৰ মনবোৰ মুকলি কৰিব লাগিব।
৩। এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ
একোটা পাঠ মাথোন। –
কোনখিনি কাম তেওঁলোকৰ
ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।[HSLC.'18]
উত্তৰঃ- কার্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ
ছাত্ৰসকলে সম্প্রতি গাঁৱতে নিজৰ কার্যক্ষেত্ৰ কৰি ল'ব পাৰে। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশত
অজ্ঞানতাই। নির্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ'ব পাৰে?
| আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ তিনি চাৰিশ
বছৰৰ আগেয়ে যি অৱস্থাত আছিল। আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাত। আমাৰ গাঁওবোৰত
মাথোন আমাৰ পুৰাণ সভ্যতা,
শিক্ষা আৰু
সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়; কিন্তু অনেক। দিনৰ অজ্ঞানতাই সেই সভ্যতাক
ম্লান কৰি সেই শিক্ষা আৰু সাধনাক অর্থহীন কৰি তুলিছে। | বর্তমান গাঁওসমূহত অজ্ঞানতাৰ বশৱৰ্তী হৈ
মানুহে উদৰ পূৰণকে জীৱনৰ একান্ত কর্তব্য ৰূপে বিবেচনা কৰিবলৈ লৈছে। ফলত নিজৰ
পৰিয়ালৰ সদস্যৰ বাহিৰে তেওঁলোকে আনৰ মৰম নুবুজে। এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে
কাজিয়া কৰি কাছাৰী ঘৰলৈ দৌৰাদৌৰি কৰাটো অশুভ লক্ষণ। উন্নতিৰ চিন্তা নকৰি তেওঁলোকে
কোনোমতে পেটেভাতে খাই থকা চিন্তাতেই মগ্ন হৈ থাকে। ফলত কুচুট- কপট ভাবে গাঁওবোৰ
খুলি খুলি খাইছে। তেওঁলোকে নিজেও আগুৱাব নিবিচাৰে, আনকো উধাবলৈ নিদিয়ে।
শস্যৰ উৎপাদন বৃদ্ধি, উন্নত গো-প্রজনন, উৎপাদন বৃদ্ধি আদিৰ যোগেদি নিজৰ পাৰ্থিৱ অৱস্থা
টনকিয়াল কৰাৰ চিন্তাত তেওঁলোকে মনোনিবেশ কৰা নাই।
লেখকে দেখুৱাইছে যে ছাত্র-ছাত্রীসকলে গাঁৱৰ
নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব।
মানুহৰ মনৰ পৰা সংকীর্ণ ভাব দূৰ কৰিব লাগিব। নানা ধৰণৰ সদুপদেশেৰে তেওঁলোকৰ মনবোৰ
বিকশাই তুলিবলৈ যত্ন কৰিব লাগিব। এনেদৰেই শিক্ষার্থীয়ে কার্যকৰী শিক্ষালাভ কৰিব
পাৰে।
| পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ ফলস্বৰূপে
সামাজিক জীৱন পদ্ধতিলৈ অহা নিত্য নতুন পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে নিৰক্ষৰ
জনসাধাৰণক সচেতন কৰি দি স্বাস্থ্যসন্মত আৰু গতিশীল জীৱনবোধৰ প্রতি আগ্রহী কৰি তোলাত
ছাত্ৰসকলে কার্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে।
৪। ব্যাখ্যা কৰা ?
(ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ।
এই
তিনি নিচিন্তে আন। [M.Q.2015)
উত্তৰঃ-
উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ছাত্রজীবন আৰু
সমাজসেৱা শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।
উদ্ধৃত
নীতি বচনটোত
‘পঢ়া’ শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ
আওৰাৱাকে বুজোৱা নাই। ইয়াত পঢ়া শব্দই শিক্ষালাভ কৰা কথাক বুজাইছে। পঢ়োৱাসকল
হৈছে শিক্ষক। তেওঁলোকো ছাত্ৰক পঢ়াবৰ কাৰণে নিয়মিত অধ্যয়ন কৰিব লাগিব। অধ্যয়ন
আৰু অনুশীলনৰ ধাৰাবাহিকতাই শিক্ষকসকলক জ্ঞানদানৰ কাৰণে প্রস্তুত কৰাৰ লগে লগে
শিক্ষার্থীৰ সন্দেহ ভঞ্জনতে সহায় কৰে। ৰোৱা পাণ’ অর্থাৎ খেতিয়কসকলেও নিষ্ঠাৰে কৃষিকৰ্মত আত্মনিয়োগ কৰিব লাগিব। তেতিয়াহে
দেশৰ অর্থনৈতিক ভেটি টনকিয়াল হ'ব।
ছাত্ৰসকলে এনেদৰে অধ্যয়ন বাদ দি ঘৰুৱা জঞ্জাল কিছুমান মূৰ পাতি ল’লে অথবা বাহিৰৰ কোলাহলত মন দিলে এক
প্রকাৰে পঢ়া-শুনা কৰিব নোৱাৰে। ছাত্ৰসকলৰ মনৰ গতি একমুখী হ'লেহে প্রকৃত শিক্ষালাভ সম্ভৱ।
অনুরূপভাৱে শিক্ষক আৰু কৃষকসকলেও অন্য চিন্তাৰ পৰা মুক্ত হৈ নিজ নিজ কর্তব্যত
অগ্ৰসৰ হ’ব লাগিব।
(খ)
কমাৰশালত গঢ়িবলৈ হ'লে আগতে
জুইশালত গঢ়িব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত
ননমাকৈ নহয়।
উত্তৰঃ-
উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ছাত্ৰজীৱন আৰু
সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।
ছাত্রজীৱনৰ
শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত
গঢ়ি চাব লাগিব। কাৰণ কমাৰশালত কঠোৰতা আৰু কঠিন। মুখামুখি হ'ব পৰাকৈ জুইশালতেই প্ৰাৰম্ভিক ধৈৰ্য্য, কষ্টসহিষ্ণুতা আহৰণ কৰিব লাগিব।
তেতিয়াহে কঠিন কামলৈ অগ্ৰসৰ হ’ব পাৰিব।
শিক্ষার্থীসকলে চাই চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষালাভৰ কাৰণে ব্যৱহাৰিক
জ্ঞান লাভ কৰিবই লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে যেনেকৈ পানীত নমা আৱশ্যক, তেনেদৰে
দূৰৈৰ পৰা চাই কোনো ধৰণৰ শিক্ষালাভ সম্ভৱ নহয়। বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব।
(গ) এই
কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে।। কাইট'কলিতে এইসকলৰ পূজাৰ উপাচাৰ স্বৰূপে
মাতৃয়ে গ্রহণ নকৰে।
উত্তৰঃ-
উদ্ধৃত বাক্যাংশ আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ‘ছাত্রজীৱন আৰু সমাজসেৱা শীর্ষক পাঠটিৰ
পৰা তুলি দিয়া হৈছে।
ছাত্ৰসকলে নিজৰ সিমাবদ্ধতা সম্পর্কে
সতর্ক হৈ কামত অগ্ৰসৰ হ'ব লাগিব।
ছাত্ৰসকলেই হৈছে দেশৰ ভৱিষ্যৎ, আশা
ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ প্রথমে ফুল আৰু তাৰ পিছত
ফল হৈ মাতৃপূজাত লাগে। পূজাৰ কাৰণে যেনেদৰে ফুলৰ কলিৰ প্রয়োজন নহয় ঠিক তেনেদৰে
পৰিপক্ক জ্ঞান লাভ নকৰাকে ছাত্ৰসকলেও দেশৰ বিশেষ উন্নতি কৰিব নোৱাৰে। জ্ঞানবক্ষৰ কলিসমূহ পত্রে-
পুষ্পে বিকশিত হৈ ফলত পৰিণত হ'লেহে সেই
ফল আৰু ফল দেৱতাৰ পূজাত অৰ্পিত হয়। দেশসেৱাৰ কাৰণে ছাত্ৰসকলেও নিজৰ জ্ঞান বিকশাই
তুলিব লাগিব। যেনেদৰে মাতৃয়ে কাইট-কলিতে পূজাৰ উপাচাৰ গ্ৰহণ নকৰে তেনেদৰে
ছাত্ৰসকলেও দেশসেৱাৰ কাৰণে জ্ঞানী , কার্যকৰী
জ্ঞান আহৰণ কৰি লোৱাটো বাঞ্চনীয়। মুঠতে ছাত্ৰসকলে নিজকে দেশসেৱাৰ কাৰণে উপযুক্ত
ৰূপে গঢ়ি তুলিবৰ। কাৰণে উপযুক্ত জ্ঞান আহৰণ কৰিব লাগিব আৰু সেয়া অধ্যয়ন আৰু
অনুশীলনৰ যোগেদিহে সম্ভৱ।
(ঘ) নৰ
সেৱাই প্রকৃত নাৰায়ণ সেৱা।
উত্তৰঃ-
উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাস’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্র-জীৱন
আৰু সমাজসেৱা’
শীর্ষক পাঠটিৰ পৰা তুলি দিয়া
হৈছে।
ছাত্ৰসকলে
গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱৰ অশিক্ষিত লোকসকলক ককাই, দদাই বা দেউতা বুলি সম্বোধন কৰি তেওঁলোকক
নিজ অৱস্থাৰ কথা চকুৰ আগত দাঙি ধৰি চকু মুকলি কৰিব লাগিব; , বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি
থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব, তেওঁলোকৰ মাজৰপৰা কুচুট-কপট গুচাবলৈ
চাব লাগিব, গাঁৱত কোনো নৰীয়া আদি হলে উপদেশেৰে
বা আন উপায়েৰে সহায় কৰিব লাগিব, উপদেশেৰে
আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদর্শ গাঁও কৰিবলৈ চাব লাগিব। প্রকৃততে
দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা; গাঁৱত
শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া
লোকসকলক নিজ সনান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ।
লগত এটি পৱিত্ৰ সাম্য ভাবৰ টৌ আহিছে; সেই
সাম্যভাব এতিয়া সকলোৱে প্ৰচাৰ । কৰিব লাগিব। খোৱা-লোৱা, থকা-মেলা সকলো বিষয়ে যে গৰু-পন্থৰ
জীৱনতকৈ।নহৰ জীৱন
বহু ওখ ভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব । এনেবোৰেই। ছাত্ৰসকলৰ আহৰি সময়ৰ
উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা, হ’ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই
প্রকৃত শিক্ষা। এই নৰ সেৱাই প্ৰকত নাৰায়ণ
সেৱা।।
Class 10 প্ৰশস্তিৰ উত্তৰসমুহ Click
Class 10 মই অসমীয়া উত্তৰসমুহ Click
Class 10 বিজ্ঞানৰ উত্তৰসমুহ CLICK
৫।
বিপৰীত শব্দ লিখা।
নিষ্কর্মা, ক্ৰটী, সহযোগিতা, দেশহিতৈষীতা, প্রৌঢ়।
উত্তৰঃ-
নিষ্কর্মা ----- কৰ্মী
ক্ৰটী ----- ক্ৰটীহীন
সহযোগিতা ----- প্রতিযোগিতা
দেশহিতৈষীতা ----- দেশদ্রোহীতা
প্রৌঢ় ---- অপ্রৌঢ়, কিশোৰ
৬।
সমার্থক শব্দ লিখা।
কার্যকৰী, প্রকৃত, সাম্য, আনমনা, অর্থকৰী, দুর্দিন, কাপ, কাকত
উত্তৰঃ- কাৰ্যকৰী ---- কার্যক্ষম, সক্রিয় ।
প্রকৃত ---- আচল ।
সাম্য
---- সমান ।
আনমনা ---- অন্যমনস্ক ।
অর্থকৰী ---- মূল্যৱান
।
দুর্দিন ---- বেয়াদিন ।
কাপ
---- কলম ।
কাকত ---- কাগজ ।
১। অজ্ঞানতাই মানুহৰ জীৱন কেনেদৰে দুখেৰে
পৰিপূৰ্ণ কৰি তুলিছে?
উত্তৰ:- সকলো লোকে অজ্ঞানতা অচেতন, গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে
জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল'ৰা-ছোৱালীৰ
বাহিৰে আনৰ মৰম নুবুজে, এচিকটা
মাটিৰ কাৰণে ভায়ে-ভায়ে কটাকটি, মৰামৰি
কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাইছে।।
২।
ছাত্ৰসকলে গ্রাম্যজীৱনত শিক্ষাৰ প্ৰসাৰ কেনেদৰে কৰিব পাৰে?
উত্তৰঃ-
ছাত্ৰসকলে গাঁৱত সোমাই গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক শিক্ষিত কৰি তুলিব লাগিব।
তেওঁলোকৰ মাজৰ পৰা কুর্ভুট-কপট গুছাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হলে
উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। এনেবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ ভিতৰুৱা। |
৩। গাঁও আৰু নগৰৰ অন্তর্নিহিত সম্পর্ক কেনে ধৰণৰ ?
৩। গাঁও আৰু নগৰৰ অন্তর্নিহিত সম্পর্ক কেনে ধৰণৰ ?
উত্তৰঃ-
গাঁও একেধাৰে নগৰৰ জনক জননী। গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন
কৰিছে।
৪। কি
কাৰণে খেতিয়কসকলৰ প্রতি যত্নশীল হোৱা বাঞ্ছনীয়?
উত্তৰঃ-
নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে, সেইদৰে
একে উশাহে ধ্বংস হব। কিন্তু গাঁও অর্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে
পুনৰ জন্মাব নোৱাৰি ।
৫।
প্রকৃত দেশৰ উন্নতি কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ-
প্রকৃত দেশৰ উন্নতি মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা
বিস্তাৰ কৰা। গাঁৱলীয়া লোকসকলক নিজৰু সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া।
৬।
ছাত্ৰসকলে কেনেদৰে কাৰ্যকৰী দেশসেৱাত নিয়োজিত হ'ব পাৰে?
উত্তৰঃ-
খোৱা-লোৱা, থকা-মেলা সকলো বিষয়তে গৰু-পশুৰ
জীৱনতকৈ মানুহৰ জীৱন যে বহু ওপৰৰ সেই কথা দেখুৱাব লাগে। এনেবোৰেই ছাত্ৰসকলৰ
উপযুক্ত বন আৰু কার্যকৰী দেশসেৱাৰ শিক্ষা হ'ব।
৭।
প্রকৃত শিক্ষা কি? [HSLC.'17]
উত্তৰঃ- সমাজ
সেৱা আৰু দেশসেৱাৰ শিক্ষাই প্রকৃত শিক্ষা। এই নৰসেৱাই প্রকৃত নাৰায়ণৰ সেবা।
৮। একাগ্রতা
ছাত্রজীৱনৰ বাবে কিয় প্রয়োজনীয় ?
উত্তৰঃ- একাগ্রতা উন্নতিৰ ঘাই মন্ত্র ।এই
অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে, বহুমুখী হলে তেওঁলোকৰ অধ্যয়ন বিঘ্নিত
হ’ব পাৰে।
৯। জীৱনত
উন্নতি কৰিবলৈ হ'লে ছাত্রসকল কেনেদৰে আগবাঢ়িব লাগিব ?
উত্তৰঃ-
ছাত্র হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে নাইবা
বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্রই জীৱনত উন্নতি কৰিব নোৱাৰে।
এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগিব।
১০।
অভ্যাসে কেনেদৰে কাৰ্যকৰী শিক্ষালাভত সহায় কৰে?
উত্তৰঃ-
কমাৰশালত গঢ়িবলৈ হ'লে আগতে
জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ। হলে পানীত ননমাকৈ নহয়।
১১।
শিক্ষালাভত অনুশীলনে কেনেদৰে সহায় কৰে ?
উত্তৰঃ-
ছাত্ৰসকলে শালিধানৰ বোকামাটিত নেনানিব পাৰে কিন্তু কঠিয়াতলিত হাল জুৰি চাব লাগিব, নহলে তেওঁলোকৰ কোনো শিক্ষাই হ’ব নোৱাৰে। অনুশীলন হৈছে। শিক্ষাৰ
প্রথম আৰু প্রধান আহিলা।
১২।
ছাত্ৰসকলে সমাজসেৱা কৰোঁতে কি দিশত ধ্যান দিয়া উচিত?
উত্তৰঃ- ছাত্ৰসকলে
সকলোবোৰ কাম ছাত্রজীৱনৰ সীমনাত থাকি কৰিব লাগিব, অর্থাৎ শিক্ষালাভ আৰু পঢ়াশুনা অটুত ৰাখি তেওঁলোকে সুবিধা উলিয়াই
সমাজৰ উন্নতিৰ চিন্তা। কৰিব লাগিব।
১৩।
বাক্য ৰচনা কৰাঃ
কৃতকার্য, একাগ্রতা, অনুশীলন, তিৰষ্কাৰ, পুতৌ, হাত-সাৱটি, আশা-ভৰসাৰ
কলি, চেঁচুকৰ ডেমডেউকা, পেট পুহি থকা ।
উত্তৰঃ- কৃতকার্যঃ- গভীৰ অধ্যয়নৰ যোগেদিহে ছাত্র
জীৱনত কৃতকার্য হ’ব পাৰি।
একাগ্রতাঃ-
একাগ্রতা উন্নতিৰ ঘাই মন্ত্র ।
অনুশীলনঃ-
অনুশীলনে সু-অভ্যাস গঠনত সহায় কৰে । তিৰষ্কাৰঃ- দুখীয়াক তিৰষ্কাৰ নকৰিবা ।
পুতৌঃ-
মনগনীয়াক পুতৌ কৰিবা ।
হাত-সাৱটিঃ-
হাত সাৱটি বহি থাকিলে কোনো কাম নিসিজে। আশা-ভৰসাৰ কলিঃ ছাত্ৰসকলেই দেশৰ আশা-ভৰসাৰ
কলি ।
চেঁচুকৰ
ডেমডেউকাঃ আজিৰ দিনত চেঁচুকৰ ডেমডেউকা হৈ থাকিলে জীৱনত উদগতি কৰিব নোৱাৰি।
পেট পুহি
থকাঃ- গাহৰিৰ দৰে পেট পুহি থকাটোৱেই জীৱনৰ লক্ষ্য হোৱা উচিত নহয়।
১৪। তলত
দিয়া কথাখিনিৰ ভাব সম্প্ৰসাৰণ কৰা—
(অ) পঢ়াই, পঢ়ে, ৰোৱে পাণ।
এই তিনিয়ে নিচিন্তে আন। | [M.Q.2015, HSLC.'16]।
উত্তৰঃ-
শিক্ষক, যিয়ে পঢ়ায় আৰু ছাত্ৰ যিয়ে পড়ে
আৰু খেতিয়ক,
যিয়ে ৰোৱে, অর্থাৎ খেতি কৰে, তেওঁলোকে নিচিন্তমনে সেই কামত ব্ৰতী
হৈ থাকিলেহে একোখন দেশৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিব পাৰি। পঢ়োৱা কার্যতো অতি টান– বিশেষকৈ শিশুৰ শিক্ষাদান। শিশু মনস্তত্ত্বৰ
উপযোগীকৈ শিক্ষা প্রদান নকৰিলে সি ফলপ্রসূ নহয়। বয়স অনুপাতে শিক্ষার্থীৰ চিন্তা
আৰু অভিজ্ঞতা বেলেগ বেলেগ। গতিকে তেওঁলোকক শিক্ষা প্রদান কৰোঁতেও বয়সোপযোগী
চিন্তাৰ লগত খাপ খুৱাই শিক্ষা দিব লাগিব। এই তিনিও শ্ৰেণীৰ লোক সকলো ধৰণৰ বাহ্যিক
চিন্তাৰ পৰা মুক্ত হৈ নিজৰ কৰ্তব্যত মনোনিবেশ কৰিব পাৰিলেই দেশৰ মঙ্গল । বর্তমান
সময়ত বিভিন্ন আর্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণত শিক্ষক, ছাত্র আৰু কৃষক কোনোৱেই মনপুতি
কর্তব্যত লাগিব পৰা নাই। তাৰ কাৰণ যিয়েই নহওক, দেশৰ বিকাশ বাধাগ্রস্ত যে হৈছে সেইটো ধুৰূপ।।
(আ) উদৰ
সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ
সাত পুৰুষ মৰিল ডাল। কোবাই।'
উত্তৰঃ-
উদৰ প্রিয় খাদ্য হৈছে মাছ। এই প্রাণীবিধে মাছ চিকাৰ কৰে আৰু উদৰ পুৰাই মাছ ভক্ষণ
কৰে। পুৰুষানুক্রমে উদে এই বৃত্তিকেই পালন কৰি আহিছে। কেঁচা মাছ খোৱাটো উদৰ
পৰুষানুক্রমিক প্রবৃত্তি, গতিকে
তাৰ পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয়।
আনহাতে
বান্দৰে গছৰ ডালত থাকিয়েই জীৱন অতিবাহিত কৰে। ডালে ডালে বগাই ফল-মূল খাই জীৱন
ধাৰণ কৰাই বান্দৰৰ স্বভাৱ। এই স্বাভাৱিক ধৰ্মৰ বাবেই বান্দৰৰ জীৱনত কোনো পৰিৱৰ্তন
নাই। মানুহৰ দৰে হাত-ভৰি থাকিও বান্দৰে নিজে থকাৰ কাৰণে কোনাো ধৰণৰ সা-সুবিধা তৈয়াৰ কৰি ল'ব নোৱাৰে। | গতিকে যাৰ যি বংশানুক্রমিক প্রবৃত্তি, সেয়া ধাৰাবাহিকভাৱে চলি থাকে, তাৰ কোনো পৰিৱৰ্তন নহয়।
১৫।
পাঠটোত থকা খণ্ডবাক্যসমূহ বাছি উলিওৱা।
উত্তৰঃ-
মন বুৰি থকা (মন মগ্ন হৈ থকা)।
পেটে
কলমলোৱা (খুব ভোক লগা)
হাত উজান
দিয়া (সহায়-সহযোগিতা আগবঢ়োৱা)
হাত-সাৱটি
বহি থকা (নিষ্কর্মা হৈ থকা, একো কাম
নকৰা) আশা-ভৰসাৰ কলি (ভৱিষ্যতৰ সম্ভাৱনা, ভৱিষ্যৎ)
পেট পুহি
থকা (কেৱল খোৱাৰ চিন্তাত থকা)
লাজ
নিবাৰণ কৰা (কাপোৰ পিন্ধা, কোনোমতে
দেহ ঢাকি ৰখা)
লোকৰ
হাত-মুখলৈ চোৱা (দিব খাম বুলি বাট চাই থকা)
১৬। পাঠটিৰ পৰা প্রবচন যুক্ত বাক্যবাোৰ বাছি উলিওৱা। বাক্যঃ
১৬। পাঠটিৰ পৰা প্রবচন যুক্ত বাক্যবাোৰ বাছি উলিওৱা। বাক্যঃ
“কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব।”
উত্তৰঃ-(১)
জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি ।
(২) উদৰ
সাতপুৰুষ মৰিল কেঁচা মাছ খাই।।
(৩)
বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।
১৭। “গাঁও একেধাৰে নগৰৰ জনক-জননী” – লিখকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি
কৈছে বুজাই লিখা।। [HSLC.'16]
উত্তৰঃ
লেখকৰ মতে গাঁও হৈছে নগৰৰ জনক-জননী। কিয়নো নগৰৰ সৃষ্টি গাঁৱৰ লোকসকলৰ দ্বাৰাই হৈছে। গাঁৱৰ লোকেই
মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। গাঁৱৰ কৃষকসকলে খেতি-বাতি কৰি
নগৰলৈ খাদ্যৰ যোগান ধৰে। সেয়ে কবি পাৰি গাঁৱেই হৈছে নগৰৰ পিতৃ আৰু মাতৃ।
১৮। অতি
চমু উত্তৰ দিয়া
(ক) আমাৰ
শিক্ষাৰ বর্তমান দোষ কি?
উত্তৰঃ- আমাৰ
বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয় ।
(খ) দেশৰ
দুর্দিনত ডেকাসকলে কি কৰা উচিত ?
উত্তৰঃ-
দেশৰ দুর্দিন সময়ত ডেকাসকলে প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু থাকিব লাগিব।
(গ)
কার্যকৰী শিক্ষাৰ কাৰণে ছাত্রই কি কৰা উচিত?
উত্তৰঃ-
কার্যকৰী শিক্ষাৰ বাবে ছাত্ৰসকলে গাঁৱৰ নিৰক্ষৰতা দূৰীকৰণ, অন্ধবিশ্বাসকুসংস্কাৰ ইত্যাদি
নির্মূলত অংশগ্ৰহণ কৰিব লাগে। উপদেশ আৰু উদাহৰণেৰে গাঁৱলীয়া জীৱনৰ সংস্কাৰমুক্ত
কৰাত আগভাগ ল'ব পাৰে।
(ঘ)
ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ কি কি?
উত্তৰঃ-
আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া
সাহিত্যৰ বুৰঞ্জীত এভুমুকি, নতুন পোহৰত
অসমীয়া সাহিত্যৰ বুৰঞ্জী, ইত্যাদি।
(ঙ)
ডিম্বেশ্বৰ নেওগৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰঃ-
১৮৯৯ খ্রীঃত শিৱসাগৰৰ ওচৰৰ কমাৰদীয়া গাঁৱত নেওগ ডাঙৰীয়াৰ জন্ম হয়।
(চ)
ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি?
উত্তৰঃ- ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল মাণিকচন্দ্ৰ নেওগ।
(ছ)
নেওগে ক'ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে ?
উত্তৰঃ-
গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯২৪ চনত নেওগে বিজ্ঞানৰ স্নাতক (বি. এছ. চি) ডিগ্রী লাভ
কৰে।
(জ)
ডিম্বেশ্বৰ নেওগে কেতিয়া চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে?
উত্তৰঃ-
অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰি শেষত যোৰহাট। নর্মাল স্কুলৰ পৰা
নেওগে ১৯৫১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
(ঝ)
ডিম্বেশ্বৰ নেওগে কেতিয়া আৰু ক'ৰ পৰা
স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।
উত্তৰঃ-
ডিম্বেশ্বৰ নেওগে ১৯৪০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম স্থান অধিকাৰ কৰি
অসমীয়াত স্নাতকোত্তৰ ডিগ্রী (এম. এ.) পৰীক্ষাত উত্তীর্ণ হয়।
(ঞ)
অসমীয়া সাহিত্যত নেওগ কিৰূপে পৰিচিত?
উত্তৰঃ-
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যত কবি, সমালোচক
আৰু সাহিত্যৰ ইতিহাস প্রণেতা হিচাপে পৰিচিত।
(ট)
ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী কেইখন কি কি?
উত্তৰঃ
অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক
অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া
সাহিত্যৰ চমু বুৰঞ্জী, আৰু অসমীয়া
সাহিত্যৰ বুৰঞ্জীৰ লগতে তেওঁ ইংৰাজী। ভাষাত “New Light on the History of Asamiya
Literature” শীর্ষক
গ্রন্থ ৰচনা কৰে।
(ঠ)
ডিম্বেশ্বৰ নেওগৰ সমালোচনামূলক দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ-
নেওগৰ সমালোচনামূলক গ্রন্থসমূহৰ ভিতৰত অসমীয়া সাহিত্যৰ জিলিঙনি, অসমীয়া সাহিত্যৰ জেউতি’, ‘অসমীয়া সাহিত্যৰ অধ্যয়ন ইত্যাদি
গ্রন্থ গুৰুত্বপূর্ণ।
(ড)
ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্রন্থ দুখন কি কি?
উত্তৰঃ-
বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি’, ‘যুগনায়ক
শংকৰদেৱ' প্রভৃতি গ্রন্থত শ্ৰীশংকৰদেৱ আৰু
নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে বিজ্ঞানসন্মত আলাোচনা দাঙি ধৰা হৈছে।
(ঢ) নেওগৰ
প্ৰতিভাৰ প্ৰধান দিশসমূহ কি কি?
উত্তৰঃ-
নেওগ একেধাৰে কবি, নাট্যকাৰ, সমালোচক, সাহিত্যৰ ইতিহাস প্রণেতা, শিক্ষাবিদ আৰু সংগঠক।
(ণ) নেওগৰ
একমাত্র গল্পপুথিখনৰ নাম কি?
উত্তৰঃ-
দীপাৱলী’ নেওগৰ একমাত্ৰ চুটিগল্প সংকলন।
(ত)
নেওগৰ একমাত্র উপন্যাসখনৰ নাম কি?
উত্তৰঃ- ‘গাঁৱে-নগৰে নেওগৰ একমাত্র সামাজিক
উপন্যাস।
(থ) নেওগে কেতিয়া মৃত্যুক আঁকোৱালি লয়?
(থ) নেওগে কেতিয়া মৃত্যুক আঁকোৱালি লয়?
উত্তৰঃ-
১৯৬৬ খ্রীঃৰ ১২ নৱেম্বৰ তাৰিখে অসমীয়া সাহিত্যৰ অন্যতম সাধক ডিম্বেশ্বৰ নেওগে
মৃত্যুক আঁকোৱালি লয়।
(দ)
অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ কি কবিৰূপে পৰিচিত?
উত্তৰঃ- অসমীয়া কাব্য সাহিত্যত
ডিম্বেশ্বৰ নেওগ
‘ইন্দ্রধনু’ৰ কবি ৰূপে পৰিচিত।
(ধ)
ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহৰ নাম কি?
উত্তৰঃ-
ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহ হ'ল–মালিকা, অসমা, বিচিত্রা, থুপিতৰা, মালতী, থাপনা, মেঘদূত, মুকুতা ইত্যাদি।।
(ন) নেওগৰ
কবিতাৰ প্ৰধান ধাৰা দুটি কি কি?
উত্তৰঃ-
নেওগৰ কবিতাৰাজিত সাধাৰণতে দুটা ধাৰা চকুত পৰে। এহাতে তেওঁ আবেগত গা ঢালি দিয়া
কবি, আনহাতে স্বদেশপ্রেমিক কবি। মুখ্যতঃ
তেওঁ প্ৰেমৰ কবি। আৰু তেওঁৰ সৰহভাগ কবিতাৰ উৎস হ’ল প্রেম।
(ত) নেওগৰ
অনুবাদ কবিতাসমূহ কেনে ধৰণৰ?
উত্তৰঃ-
নেওগে কেইবাটাও ইংৰাজী কবিতাৰ সৰল অসমীয়া ভাঙনি কৰে। শেলী, টেনিচন আদিৰ কবিতাৰ ভাঙনিতো নেওগে
দক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে।
(থ) “Growth of Assamese
Language” গ্রন্থৰ
ৰচক কোন?
[HSLC.'16]
উত্তৰঃ- “Growth of Assamese
Language” গ্রন্থৰ
ৰচক হল -
সাহিত্যিক-সমালোচক ডিম্বেশ্বৰ নেওগ ।
(ড) “অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি” গ্রন্থৰ ৰচক কোন? [HSLC:18]
উত্তৰঃ- “অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি” গ্রন্থৰ ৰচক হল -
ডিম্বেশ্বৰ নেওগ।
১৯। ছাত্রজীৱন
আৰু সমাজসেৱা পাঠটিৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃ- ছাত্রজীৱন আৰু সমাজসেৱা পাঠটি ডিম্বেশ্বৰ নেওগৰ এটি অতি গুৰুত্বপূর্ণ। প্ৰৱন্ধ। ছাত্রজীৱনৰ প্রধান কাম অধ্যয়ন আৰু জ্ঞানলাভ যদিও তাৰ মাজেৰেই ভৱিষ্যৎ সমাজৰ বাবে প্রয়োজনীয় দক্ষতা আহৰণ কৰিব লাগিব। গতিকে, দেশ আৰু জাতিৰ প্রয়োজনত ছাত্র-ছাত্রীয়ে অগ্রজসকলৰ লগত খোজ মিলাই চলিব লাগিব। কিন্তু, অধ্যয়ন বাদ দি নহয়। নিজ গাঁৱৰ অন্ধবিশ্বাস, কুসংস্কাৰ দূৰীকৰণৰ যোগেদি তেওঁলোকে সমাজসেৱাৰ পাঠ আহৰণ কৰিব পাৰে।
উত্তৰঃ- ছাত্রজীৱন আৰু সমাজসেৱা পাঠটি ডিম্বেশ্বৰ নেওগৰ এটি অতি গুৰুত্বপূর্ণ। প্ৰৱন্ধ। ছাত্রজীৱনৰ প্রধান কাম অধ্যয়ন আৰু জ্ঞানলাভ যদিও তাৰ মাজেৰেই ভৱিষ্যৎ সমাজৰ বাবে প্রয়োজনীয় দক্ষতা আহৰণ কৰিব লাগিব। গতিকে, দেশ আৰু জাতিৰ প্রয়োজনত ছাত্র-ছাত্রীয়ে অগ্রজসকলৰ লগত খোজ মিলাই চলিব লাগিব। কিন্তু, অধ্যয়ন বাদ দি নহয়। নিজ গাঁৱৰ অন্ধবিশ্বাস, কুসংস্কাৰ দূৰীকৰণৰ যোগেদি তেওঁলোকে সমাজসেৱাৰ পাঠ আহৰণ কৰিব পাৰে।
*************************************
Class 10 মই অসমীয়া উত্তৰসমুহ Click
Class 10 বিজ্ঞানৰ উত্তৰসমুহ CLICK
5 Comments
সহায় কৰাৰ বাবে অশেষ ধন্যবাদ।
ReplyDeleteস্বাগতম জনাইছো তোমাক আমাৰ এই সৰু Website টোলৈ আশা কৰো আমাৰ লগত জৰিত হৈ থাকা যেন
Deletevery good article
ReplyDeleteৰচনা মোৰ জীৱনৰ লক্ষ্য know more
very good article
ReplyDeletemur jibonor lakshya in assamese essay know more
good article sir
ReplyDeleteছাত্র জীবন আৰু সমাজ সেৱা class 10 question answer