প্ৰশ্নাৱলী
Class 10 Assamese Borgeet Question Answer 2019
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া –
ক) ......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।
-কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ – কবিয়ে জীৱনে-মৰণে
নেৰিবৰ কাৰণে ভগৱানক অনুৰোধ কৰিছে। কবিয়ে ইতিমধ্যে ভগৱানৰ চৰনত আত্মনিবেদন কৰিছে
আৰু তেওঁৰ চৰণতেই মুক্তিৰ প্ৰয়াস কৰিছে। কবিয়ে সকলো ধৰণৰ পাৰ্থিৱ মোহ-আকাঙ্ক্ষা
ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে-মৰণে তেওঁৰ পদপ্ৰান্ততেই একমাত্ৰ
আশ্ৰয় গ্ৰহণ কৰাটো অতি তাৎপৰ্যপূৰ্ণ ।
খ) সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
-সনক,সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ – সনক,সনন্দ,সনাতন প্ৰভূতি শ্ৰীকৃষ্ণৰ একান্ত ভক্ত।তেওঁলোক একান্ত নাৰায়ণ-পৰায়ণা আৰু সেয়ে
সকলো সময়তে ভগৱানৰ চিন্তাত ব্যস্ত হৈ থকা দেখি ।ভক্তিৰ মাধ্যমেদি ভগৱানক প্ৰাপ্তি
সম্ভৱ বাবে এইসকল পৰমভক্ত যোগীয়ে একান্তভাৱে তেওঁক ধ্যান কৰে বুলি কোৱা হৈছে ।
গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ – কবিয়ে সাংসাৰিক দুখ তথা বিষয়-বাসনাৰ-তাড়নাত আতুৰ হোৱা বুলি
উল্লেখ কৰিছে।বিষয়ৰ বান্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ। এই দুখৰ নিবৃত্তিৰ বাবে
হৰিভক্তি পৰম মহৌষধ।
ঘ) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰ – শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা বৰগীতটি ৰচনা কৰা
ঙ) বৰগীতটি কি ৰাগত
বন্ধা আছে ?
উত্তৰ – বৰগীতটি বসন্ত ৰাগত বন্ধা
আছে ।
চ) কবিয়ে “বান্ধৱ” বুলি কাক সম্ভোধন কৰিছে ?
উত্তৰ –কবিয়ে “বান্ধৱ” বুলি হৰিক সম্ভোধন কৰিছে
।
ছ) “মোহ-পাশ” মানে কি ?
উত্তৰ – “মোহ-পাশ” মানে মায়াৰ বন্ধন। মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ
মূল কাৰণ। ইয়াত পাশ শব্দই বন্ধনক সূচাইছে।অতি চমু উত্তৰ দিয়া :
ক) মাধৱদেৱৰ জন্ম কেতিয়া আৰু কত হৈছিল ?
উত্তৰ :- 1489 চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণৰৰ অন্তৰ্গত লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয় ।
খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ :- মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা ভূঞা ।
গ) মাধৱদেৱে কাৰ অধীনত শিক্ষালাভ কৰিছিল?
উত্তৰ :- ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল ।
ঘ) মাধৱদেৱৰ গুৰু কোন আছিল?
উত্তৰ :- মাধৱদেৱৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আছিল ।
ঙ) মাধৱদেৱৰ সাহিত্যৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ :- মাধৱদেৱৰ সাহিত্যৰ কীৰ্তিস্তম্ভ নামঘোষা ।
চ) মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰিছিল?
উত্তৰ :- মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ৰামায়ণৰ খণ্ড প্ৰণয়ন কৰিছিল
ছ) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰ :- মাধৱদেৱৰ বৰগীতৰ সংখ্যা 157 টা ।
জ) মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি?
উত্তৰ :- মাধৱদেৱৰ বৰগীতৰ মূল ৰস দাস্যমূলক ভক্তিৰস ।
ঝ) মাধৱদেৱৰ বৰগীতত কি কি ভাৱৰ প্ৰকাশ অধিক?
উত্তৰ :- মাধৱদেৱৰ বৰগীতত বা সল্য়, দাস্য আৰু সাম্যভাবৰ প্ৰকাশ ঘটিছে ।
ঞ) মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি কি?
উত্তৰ :- মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন হল চোৰধৰা পিম্পৰা-গুচোৱা ভোজন-বেহাৰ ভূমি-লেটোৱা ।
ট) মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি কি?
উত্তৰ :- মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন হল ৰাজসূয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ ।
ঠ) মাধৱদেৱৰ তত্ত্বমূলক ৰচনাসমূহ কি কি?
উত্তৰ :- মাধৱদেৱৰ তত্ত্বমূলক ৰচনাসমূহ হল জন্মৰহস্য , ভক্তি -ৰত্নাৱলী, নামমালিকা
ড) মাধৱদেৱৰ এখন নাটৰ নাম লিখা?
উত্তৰ :- মাধৱদেৱৰ এখন নাটৰ নাম হল অৰ্জুন-ভঞ্জন বা দধিমথন ।
0 Comments