প্ৰশ্নাৱলী
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া –
ক) ......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।
-কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ – কবিয়ে জীৱনে-মৰণে
নেৰিবৰ কাৰণে ভগৱানক অনুৰোধ কৰিছে। কবিয়ে ইতিমধ্যে ভগৱানৰ চৰনত আত্মনিবেদন কৰিছে
আৰু তেওঁৰ চৰণতেই মুক্তিৰ প্ৰয়াস কৰিছে। কবিয়ে সকলো ধৰণৰ পাৰ্থিৱ মোহ-আকাঙ্ক্ষা
ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে-মৰণে তেওঁৰ পদপ্ৰান্ততেই একমাত্ৰ
আশ্ৰয় গ্ৰহণ কৰাটো অতি তাৎপৰ্যপূৰ্ণ ।
খ) সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
-সনক,সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ – সনক,সনন্দ,সনাতন প্ৰভূতি শ্ৰীকৃষ্ণৰ একান্ত ভক্ত।তেওঁলোক একান্ত নাৰায়ণ-পৰায়ণা আৰু সেয়ে
সকলো সময়তে ভগৱানৰ চিন্তাত ব্যস্ত হৈ থকা দেখি ।ভক্তিৰ মাধ্যমেদি ভগৱানক প্ৰাপ্তি
সম্ভৱ বাবে এইসকল পৰমভক্ত যোগীয়ে একান্তভাৱে তেওঁক ধ্যান কৰে বুলি কোৱা হৈছে ।
গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ – কবিয়ে সাংসাৰিক দুখ তথা বিষয়-বাসনাৰ-তাড়নাত আতুৰ হোৱা বুলি
উল্লেখ কৰিছে।বিষয়ৰ বান্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ। এই দুখৰ নিবৃত্তিৰ বাবে
হৰিভক্তি পৰম মহৌষধ।
ঘ) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰ – শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা বৰগীতটি ৰচনা কৰা
ঙ) বৰগীতটি কি ৰাগত
বন্ধা আছে ?
উত্তৰ – বৰগীতটি বসন্ত ৰাগত বন্ধা
আছে ।
চ) কবিয়ে “বান্ধৱ” বুলি কাক সম্ভোধন কৰিছে ?
উত্তৰ –কবিয়ে “বান্ধৱ” বুলি হৰিক সম্ভোধন কৰিছে
।
ছ) “মোহ-পাশ” মানে কি ?
উত্তৰ – “মোহ-পাশ” মানে মায়াৰ বন্ধন। মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ
মূল কাৰণ। ইয়াত পাশ শব্দই বন্ধনক সূচাইছে।
0 Comments