বৰগীত || দশম-শ্ৰেণী || শ্ৰীশ্ৰী মাধৱদেৱ ||

বৰগীত  

ৰাগ - বসন্ত                                                                               শ্ৰীশ্ৰী মাধৱদেৱ


মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ  

(১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি


মণি-কাঞ্চণ সংযোগ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েকক পাচিলে। ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই। ভনীজোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়।

সাহিত্য ৰচনা

ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা৷এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়৷ তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

আখ্যানমূলক ৰচনা

  • ৰাজসূয় কাব্য
  • আদিকাণ্ড ৰামায়ণ(অনুবাদ)

তত্ত্বমূলক ৰচনা

নাট

  • অৰ্জুন ভঞ্জন
  • দধিমথন

ঝুমুৰা

  • চোৰধৰা
  • পিম্পৰা-গুচোৱা
  • ভোজনবিহাৰ
  • ভূমি-লেটোৱা
  • কোটোৰা খেলা

অন্যান্য ৰচনা

  • ৰাস ঝুমুৰা 

Post a Comment

0 Comments