[BEST] Class 10 মই অসমীয়া || দশম শ্ৰেণী || Answer ||

মই অসমীয়া
চৈয়দ আব্দুল মালিক

কবিৰ পৰিচয়ঃ চৈয়দ আব্দুল মালিকৰ জন্ম হয়, ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিচিল। তেওঁক গল্প সম্রাট বুলি কোৱা হয়। অসমীয়া সহিত্যত মালিক দেৱৰ বৰঙণি যথেষ্ট। তেওঁৰ একমাত্র কবিতা পুথিখনৰনাম হৈছেবেদুইন অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সূৰুযমুখী স্বপ্নতেওঁৰ আন এক বিখ্যাত উপন্যাস। তেওঁৰ গল্প-উপন্যাসৰ পৰাজেতুকা পাতৰ দৰে’, ‘মমতাজআদি চলচ্চিত্র নির্মিত হৈছে। আন আন তেওঁৰ ৰচনাৰাজি হল-পৰশমণি’, ‘আধাৰ শিলা’, ‘মহা ফুল’, ৰূপতীৰ্থৰ যাত্রী’, ‘ধন্যনতনু ভাল’, ‘স্বাক্ষৰ’, ‘ছবিঘৰ’, ৰঙাগৰা, ৰজনী গন্ধাৰ চকুলোইত্যাদি। তেওঁৰ ১৯৭৭ চনত অসম সাহিত্য সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসননা অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।

শব্দার্থ আৰু টোকাঃ
  • আলোকঃ পাোহৰ
  • এনুৱাঃ এনেকুৱা।
  • কায়মনেঃ মনে-প্রাণে, অন্তৰেৰে
  • কিন্নৰঃ দেৱলোকৰ গায়ন, কুবেৰৰ পৰিষদ
  • দৃপ্তঃ গর্বযুক্ত মনোভাব
  • ধোদঃ এলেহুৱা
  • মোশ্লেমঃ মুছলমান, মোগল জাতি।
  • বিহগঃ চৰাই, পক্ষী।
  • মৰতঃ মর্ত।
  • শকতিঃ শক্তি, বল
  • সৰগঃ স্বর্গ।
১। চমু উত্তৰ দিয়াঃ
(ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হল বেদুইন।
(খ) মোগল সকলে অসমত ক'ত ভৰি দিছিল?
উত্তৰঃ মোগল সকলে অসমত কামৰূপত ভৰি দিছিল
(গ) অসমৰ হেংদাং কত জিলিকিছিল?
উত্তৰঃ  অসমৰ হেংদাং দুপৰীয়া দিনৰ পোহৰৰ সমৰ-থলীত
জিলিকিছিল
() অসমীয়াসকলে কিহৰে তৈয়াৰী পেঁপা বজাইছিল?
উত্তৰঃ অসমীয়াসকলে মহৰ শিঙৰ তৈয়াৰী পেঁপা বজাইছিল  (ঙ) অসম স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উত্তৰঃ অসম স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সাজিছিল  ২। অসমৰ হেংদাং জিলিকিল-দুপৰৰ পূর্ণ।
আলোকত’—কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা
উত্তৰঃ অসমৰ হেংদাঙৰশকতি দেখি মোগল সকলো
উক্ত কথা ফাঁকি কৈছিল। মোগলে অসমত ভৰি দি, অসম নিজৰ অধীন কৰি মুছলিমৰ ৰাজত্ব কৰিম বুলি ভাবিছিল। কিন্তু অসমৰ পুৰুষতিৰোতাৰ হেংদাংঙৰ পৰাক্ৰমত মোগল পৰাভূত হৈ হেংদাঙৰ জয়গান গাইছিল।
৩। অসমৰ পুৰুষৰীয়ে কেনেদৰেৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
উত্তৰঃ মোগলৰ হাতৰ পৰা অসম ৰক্ষাৰ বাবে পুৰুষ
মহিলাইসমৰথলীত থিয় হৈৰণচণ্ডী মূর্তি ধাৰণ কৰি যুদ্ধ কৰিছিল। এই যুদ্ধত অসমৰ পুৰুষমহিলাই নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি মোগলক পৰাভূত কৰিছিল।
৪। কত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহআৰু পানী আঁজলিত’—কথাষাৰতাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ অসমৰ অসমীয়াৰ বল-পৰাক্ৰম দেখি মোগল
সকলে আচৰিত হৈছিল। যি ৰাজপুতজয়ী মোগল সেনানী অসমৰ ৰথথলীত অসমীয়াৰ হাতত পৰাভূত হৈ কৈছিল। পানীৰে শুকান সান্দহগুৰি খোৱা অসমীয়াৰ ইমান পৰাক্ৰমনে পানী আৰু শুকান সান্দহ গুৰিৰইমান শকতি নে? যাৰ দ্বাৰা মোগল পৰাভূত হবলৈ বাধ্য হল।
৫। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
উত্তৰঃ অসমৰ বিনন্দীয় ৰূপে, যুদ্ধ কৰিবলৈ অহা মোগল
সকলক আপ্লুত কৰিছিল. অসমৰ চৌদিশে থকা পাহাৰ আৰু বিভিন্ন ধৰণৰ গছ-গছনিৰ উপৰিও প্রাকৃতিক সৌন্দর্যত মোগল সকল মোহিত হৈছিল। অসমৰ বতাহত উৰি ফুৰা পেঁপা আৰু সংগীতৰ সুমধুৰ স্বৰ মোগল সকলে আগতে কতো শুনা নাছিল. ভৰিৰ আঙঠি, বাঘৰনখ আদি অসমতে মোগল সকলে দেখিছিল। হাঁহৰ কণী। আৰু বৰা চাউলেৰে যে দেউল (এক ধৰণৰ ঘৰ) সজাব পাৰি তেওঁলোকৰ অসমতে পৰিচয় ঘটিছিল। নদীৰ বালিত সোণ চেকুৰা, মাছ, ভেকুলী আদিৰ সৈতেও মোগল বাহিনীৰ চিনা পৰিচয় হৈছিল। নিষ্কর্মা বা কর্মহীন ব্যক্তিৰ দ্বাৰা। কেনেকৈ কাম কৰিবলৈ লাগে তাৰ চানেকি মোগলে ধোদৰ আলিৰ জৰিয়তে দেখিবলৈ পাইছিল। আনপিনে ৰংঘৰ, কাৰেংঘৰৰ সৌন্দর্য আৰু অসমীয়াৰ মৰমৰ মাতত কঠিন শিলো গলি যেৱা বুলি তেওঁলোকে কৈছিল। সকলে পিনৰ পৰা মোগলৰ দৃষ্টিত অসমক স্বর্গপুৰী বুলি তেওঁলোকে অভিহিত কৰিবলৈ কুণ্ঠবোধ কৰা নাছিল।
৬। ব্যাখ্যা কৰাঃ
(ক)মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশপ্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।
উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কৰি চৈয়দ আব্দুল মালিক দেৱে লিখামই অসমীয়া কবিতাটোৰ উত্ত পৰা তুলি অনা হৈছে। কবিয়ে কবিতা ফাঁকি জৰিয়তে অসমীয়াৰ স্বদেশ প্রীতি যে অধিক তাকে কবলৈ বিচাৰিছেমোগলে অসমত ভৰি দি ভাবিছিল যে অতি হেলাৰঙে অসমীয়াক পৰাভূত কৰিব পাৰিব। কিন্তু ৰণথলীত মোগলে দেখা পালে অসমীয়াৰ স্বদেশ ভকৰিঅপূর্ব নিদর্শন। স্বদেশৰ বাবে কেনেকৈ অসমৰ পুৰুষ-মহিলাই নিজৰ। প্রাণ-তুচ্ছ জ্ঞান কৰি অতি দক্ষতাৰে যুদ্ধ কৰে। তাৰ প্ৰমাণ মোগলে হাতে হাতে পাই গৈছিল। সেয়ে মোগলে কবিতা ফাকিৰ মাজেৰে অসমৰ অসমীয়াৰ গুণ-গান গাইছে।
(খ)মোহ গলদূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলেসৰগৰ, অসমত বন্দী হল, অসমৰ ৰূপ-মুগ্ধ
দুৰৰ মোগল আহি হল অসমীয়।
উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুঠি অসমীয়া সাহিত্য চয়নিকাঅন্তৰ্গত কবি মালিক দেৱে লিখা মই অসমীয়া পৰা তুলি অনা হৈছে। ইয়াত কবি স্বর্গপুৰীৰ লগত তুলনা কৰিব বিচাৰিছে বহু দূৰৰ পৰা অহা মোগল অসমক পৰাভূত কৰি নিজৰ অধীন যুদ্ধ ঘোষণা কৰিছিল। ফলস্বৰূপে যুদ্ধত মোগল পৰাভূত হৈছিল বহু মোগল সেনা অসমত হৈছিল। যিবোৰ সেনা পিছত বন্দীত্বৰ পৰাই হয় যদিও অসমতে অসমীয়া হিচাপে নিগাজি থাকিবলৈ লয়। ইয়াৰ মুখ্যত কাৰণ হ'ল অসম ৰূপ-সৌন্দর্য আৰু অসমীয়া সস মানৱতাবোধ। যিবোৰ দেখি শুনি শানি.. অসমক মোগল সকলে স্বর্গপুৰী বুলি ক'ব কুণ্ঠবোধ কৰা নাছিল।
(গ)জীৱনে মনে মই চিৰদিন অসমীয়া অসমীয়া দেহ প্রাণমন,
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।
উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি চৈয়দ আব্দুল মালিকদেৱে লিখা মই অসমীয়া কবিতাটোৰ পৰা। তুলি অনা হৈছে। কবিয়ে কবিতা ফাঁকিৰ মাজেৰে অসমখন যে কাৰৰ লগত তুলনা হয় তাকে।বলৈ বিচাৰিছে। ব্যাখ্যা -কবিৰ মতে অসমখন হল ইন্দ্রপুৰী। অসমৰ ৰূপ সৌন্দর্য আৰু শান্তিৰবাতাবৰণ সদায় বিৰাজমান। বহু পূণ্যৰ ফলতহে মানুহে অসম জন্মগ্রহণ কৰে। কবিয়ে বহু দেশ-বিদেশ ঘুৰিছে যদিও অসমৰ দৰে বিনন্দীয়া ঠাই কতো পোৱা নাই। সেয়ে কবিয়ে স্বদেশ প্রেমেৰে তেখেতে দেহ-প্রাণ উঠলি উঠি উক্ত কবিতা ফাকি অংকন কৰা দেখা গৈছে।
 

 
৭।(ক) তলৰশব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা।
বাঘ-নথ, হাঁহ-কণী, মহ-শিং।
  • উত্তৰঃ দেহ-প্রাণ
  •  ভক্তি-প্রেম
  •  ৰূপ-মুগ্ধ,  
  • মুগ্ধ-প্রাণ,
  • সিংহ-আসন।।
(খ) বিপৰীত শব্দ লিখা
উত্তৰঃ
  • শব্দ        বিপৰীত
  • গৌৰৱ      গৌৰবহীন
  • আলোক        তিমিৰ, এন্ধাৰ
  • স্বাধীনতা       পৰাধীনতা
  • পৰাজিত        জয়।
  • সপোন          দিঠক
  • মৰণ           জন্ম

Post a Comment

0 Comments