প্রথম খণ্ড : ইতিহাস
অধ্যায়-১
 বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
অতি চমু উত্তৰৰ প্রশ্নঃ
1.   বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসন কালত সংঘটিত হৈছিল?
উত্তৰঃ- ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসনকালত।
2.   ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল?
উত্তৰঃ- ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত। |
3.    বিদেশী পণ্য বর্জনৰ প্ৰভাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল?
উত্তৰঃ-১৯০৫ চনৰ ২০ জুলাই তাৰিখে দিনাজপুৰৰ মহাৰজাৰ পৌৰুহিত্যত দিনাজপুৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
4.   বিদেশী আন্দোলনৰ সময়ছোৱাতযুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ- ভূপেন্দ্রনাথ দত্তই।
5.   বংগদেশতজাতীয় শিক্ষা পৰিষদনামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ- ১৯০৬ চনৰ ১১ মার্চত।  
6.  বেংগল কেমিকেলচ' নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল?
উত্তৰঃ- আচার্য প্রফুল্ল চন্দ্ৰ ৰায়।।
7.    কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজবিচাৰি প্ৰস্তাৱ গ্রহণ কৰিছিল?
উত্তৰঃ- দাদাভাই নৌৰজীৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনতস্বৰাজবিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
8.   প্রঃ বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন?
উত্তৰঃ- বন্দিনী ভাৰতনামৰ নাটকখনৰ ৰচকজনৰ নাম অম্বিকাগিৰি ৰায়চৌধুৰী।
9.   প্রঃ বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? উঃ ১৯১১ চনৰ ১২ ডিচেম্বৰত। প্রঃলাল-বাল-পালকোন আছিল?
উত্তৰঃ- লাল-বাল-পালআছিল ক্রমেঃ লালা লাজপদ ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্র পাল।
10.                     প্রঃ অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান। আছিল?
উত্তৰঃ- ৫৪ নিযুত।
11.                     প্রঃ কোন তাৰিখেবংগভংগআঁচনি কার্যকৰী কৰা হৈছিল ?
উত্তৰঃ- ১৯০৫ চনৰ ১৬ অক্টোবৰত। প্রঃবন্দে মাতৰমনামৰ গীতটোৰ ৰচক কোন? উঃ বংকিম চন্দ্র চেটার্জী।
12.                     প্রঃ আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে স্থাপন কৰা কেমিকেল প্রতিষ্ঠানটোৰ নাম কি আছিল?
উত্তৰঃ- বেংগল কেমিকেল।।
13.                     প্রঃ কোন তাৰিখে ব্রিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল ?
উত্তৰঃ- ১৯১১ চনৰ ১২ ডিচেম্বৰত।
14.                     ছিমলাত ভাইচৰয় মিন্টোৰ লগত গোপনে। আলোচনাত ভাগ লোৱা মুছলমান সঁজাতি দলটোৰ। নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- বোম্বেৰ আগা খাই।
15.                     লর্ড মিন্টো ভাইচৰয় হৈ থাকোতে ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী হিচাপে যোগদান কৰা লোকজন কোন আছিল?
উত্তৰঃ- লর্ড মর্লি।
16.                     কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম।
হয়?
উত্তৰঃ- ১৮৮৫ চনত।
17.                     বংগদেশত স্বদেশী আন্দোলনৰ সন্ত্রাসবাদী। ধাৰাটোৰ মুখ্য প্ৰৱক্তা কোন আছিল?  
উত্তৰঃ- বিপিন চন্দ্র পাল।
18.                     ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত কংগ্ৰেছৰ বার্ষিক অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ- গোপাল কৃষ্ণ গোখলে।
19.             কোন চনত মুছলিম লীগনামৰ ৰাজনৈতিক
সংঘঠনটোৰ জন্ম হৈছিল ?
উত্তৰঃ- ১৯০৬ চনত।
20.                      লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল?
উত্তৰঃ- কর্ণেল ডানলপ স্মিথ।
21.                     বংগভংগ বিৰোধী প্রথম সভাখন কোন ঠাইত অনুষ্ঠিত হৈছিল?
উত্তৰঃ-  কলিকতা টাউন হলত।
22.                     কলিকতাত স্থাপন হোৱা জাতীয় কলেজখনৰ প্রথম অধ্যক্ষজনৰ নাম কি আছিল ?
উত্তৰঃ- অৰবিন্দ ঘোষ।।
চমু উত্তৰৰ প্ৰশ্নঃ-
23.                     বংগ বিভাজনে সৃষ্টিকৰা পূর্ববংগ আৰু অসম নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।।
উত্তৰঃ- বংগ বিভাজনে সৃষ্টি কৰা পূর্ববংগ আৰু অসমনামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান। তিনিটা ভৌগোলিক সংমণ্ডল হলঃ ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী।
24.                     বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰঃ- বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল ?
(ক) ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰুবুদ্ধিজীৱিসকলক দুয়োখন প্রদেশত সংখ্যালঘুত পৰিণত কৰা।
(খ) ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক কিছু সুবিধা দি সিহঁতক ইংৰাজসকলৰ অনুগত কৰা।।
(গ) ভাৰতত সাম্প্রদায়িকতাৰ বীজ ৰোপন কৰি হিন্দু আৰু মুছলিমসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ। স্বার্থ সিদ্ধি কৰা।।
25.                     বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলননাম কিয় পাইছিল চমুকৈ লিখা।
উত্তৰঃ- ১৯০৩ চনৰ ৬ নৱেম্বৰত সেইসময়ৰ ভাৰতৰ। ভাইচৰয় লর্ড কার্জনে বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে বংগৰ বিভিন্ন ঠাইত এই বিভাজনৰ প্রতিবাদ কল্পে বহুতো সভা-সমিতি অনুষ্ঠিত হয়। জাতি-বর্ণ নির্বিশেষে সকলোৱে। এই প্রতিবাদত যযাগদান কৰে। প্রতিবাদকাৰীসকলে।বিদেশী বস্তু অর্থাৎ ইংৰাজসকলে ইংলণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বর্জন আৰু স্বদেশত প্ৰস্তুত কৰা বস্তু গ্রহন কৰাৰ সিদ্ধান্ত গ্রহণ কৰেসেয়ে বংগ ভংগ বিভাজ বিৰোধী আন্দোলনক স্বদেশী আন্দোলনবুলি কোৱা হয়।
26.                     প্রঃ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।।
উত্তৰঃ- ভাৰতত ইংৰাজ ভাইচৰয় লর্ড কার্জনৰ বংগ ভংগ সিদ্ধান্তৰ সময়ৰ পৰাইভাৰতত স্বদেশী আন্দোলন আৰম্ভ হয়। এই আন্দোলনত বিদেশী দ্রব্যসামগ্রী বৰ্জন কৰাৰ লগতে স্বদেশী শিক্ষা ব্যৱস্থাৰ হকেও জনসাধাৰণ সজাগ হৈ উঠে। ১৯০৫ চনত ৰবীন্দ্রনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয়নামৰ প্ৰতিষ্ঠানৰ জন্ম দিয়ে।১৯০৫ চনৰ নৱেম্বৰ মাহত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰে। দেশীয় ছাত্ৰসকলে চৰকাৰী বিদ্যালয়সমূহ ত্যাগ কৰি জাতীয় বিদ্যালয়ত ভর্তি হোৱাৰ প্রৱণতা বৃদ্ধি পোৱাত ১৯০৬ চনৰ জাতীয় শিক্ষা পৰিষদনামৰ এখন অনুষ্ঠানৰ জন্ম হয়। সেই চনতে বংগ জাতীয় মহাবিদ্যালয় স্থাপন। কৰা হয়। মুঠতে স্বদেশী আন্দোলন চলি থকা সময়খিনিত ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে।অৰবিন্দ ঘোষৰ অধ্যক্ষতাত কলিকতাত জাতীয় কলেজ স্থাপন হয়। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাতবিহাৰ বিদ্যাপীঠমহাৰাষ্টতসমর্থ বিদ্যালয়আৰু গুজৰাটতগুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।।
27.                     প্রঃস্বদেশী আন্দোলনৰ সময়ছোৱাৰ বংগদেশৰজাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? H.S.L.C.2018
উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ছোৱাত ভাৰতবৰ্ষত স্বদেশী বস্তু ব্যৱহাৰৰ প্রতি জনসাধাৰণ সচেতন হৈ উঠেফলত স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত।বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠে।সূতাকটা কল, তাঁত শাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি কাৰখানা গঢ়ি উঠে। ইয়াৰ লগে লগে জাতীয় বেংক, স্বদেশী বীমা কোম্পানী
আদিও গঢ়ি উঠ।কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলকাতা বউ বজাৰত ইণ্ডিয়ান ষ্টোর্চনামৰ প্রতিষ্ঠান গঢ়ি উঠে। নীলৰতন সৰকাৰৰ উদ্যোগতবংগলক্ষ্মী কটন মিলআচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ উদ্যোগতবেংগল কেমিকেলছজামছেদজী টাটাৰ উদ্যোগত টাটা লৌহ কাৰখানা আদি গঢ়ি উঠে।এনেদৰে স্বদেশী আন্দোলনে দেশত স্বদেশী শিল্প উদ্যোগৰ বিকাশ ঘটাইছিল।
28.                     প্ৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কার্যসূচী গ্রহণ কৰিছিল? 
উত্তৰঃ- স্বদেশী আন্দোলন দমন কৰিবৰ উদ্দেশ্যে ইংৰাজ
চৰকাৰে বিভিন্ন দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। যেনেঃ
(ক) চৰকাৰে আইন প্রনয়ন কৰি জনমত প্রকাশত বাধা দিয়াৰ উদ্দেশ্যে দেশীয় সংবাদ পত্ৰৰ স্বাধীনতা খর্ব কৰিছিল।
(খ) ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নির্দেশ জাৰি কৰিছিল।
(গ) মুছলমান সম্প্রদায়ক হিন্দুসকলৰ বিৰুদ্ধে উচটাই দি মুছলমানসকলক চৰকাৰী সুবিধা দিয়াৰ পন্থা গ্রহণ কৰিছিল।
(ঘ) স্বদেশী আন্দোলনৰ শীর্ষস্থানীয় নেতৃবৃন্দক আটক কৰিছিল। কিছুমান নেতাক নির্বাসন দণ্ড বিহিছিল।
29.                     প্রঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।।
উত্তৰঃ-স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ'?
(ক) স্বদেশী আন্দোলনে ভাৰত বাসীৰ মনত জাতীয়তাবাদৰ জোঁৱাৰ তুলিছিল। জনসাধাৰণে বিদেশী পণ্য বর্জন কৰিবলৈ লৈছিল ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল।
(খ) দেশত স্বদেশী শিক্ষা অর্থাৎ জাতীয় শিক্ষাৰ ঢৌ উঠিছিল। বহুতো জাতীয় বিদ্যালয়, কলেজ আদি গঢ়ি উঠিছিল।
(গ) স্বদেশী আন্দোলনৰ ফলস্বৰূপে পুৰুষৰ লগতে নাৰীয়েও জাতীয়তাবাদৰ ভাৱধাৰাৰে উদ্বুদ্ধ হৈছিল।
30.                     প্রঃ স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।।
উত্তৰঃ-স্বদেশী আন্দোলনে ভাৰতীয় ৰাজনীতি, অর্থনীতি আৰু সাংস্কৃতিক জগতত সুদূৰ প্ৰসাৰী অৱদান আগবঢ়াইছিল। যেনেঃ
(ক) স্বদেশী আন্দোলনে জনসাধাৰণৰ মনত জাতীয় ভাৱধাৰাৰ জন্ম দিছিল। মানুহে স্বদেশী পণ্য-সামগ্রী গ্রহণ কৰিবলৈ লৈছিল। ফলত ইংৰাজসকলৰ ব্যৱসায় বিপর্যস্ত হ'বলৈ আৰম্ভ কৰিছিল।
. (খ) স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয়। নেতৃবৃন্দৰ কাম-কাজ আৰু চিন্তা-চৰ্চাৰ পৰিৱৰ্তন ঘটাইছিল। সিহঁতে বুজি পাবলৈ ধৰে যে এক গণসংগ্ৰামৰ যোগেদিহে ভাৰতৰ সার্বিক উন্নয়ন সম্ভৱ।।
(গ) স্বদেশী আন্দোলনে ভাৰতবাসীৰ অনাগত স্বাধীনতা সংগ্ৰামৰ বাবে মানসিকতা গঢ়ি তোলাত ইন্ধন। যোগাইছিল। চমু টোকা লিখাঃ-
(১) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ
(২) মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)
(৩) নবাব ছলিমউল্লাহ
(৪) অম্বিকাগিৰি ৰায় চৌধুৰী।
(১) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰঃ কবিগুৰ ৰবীন্দ্রনাথ ঠাকুৰ আছিল নবেল বঁটা বিজয়ী বিশ্ববিখ্যাত বঙালী কবি, সাহিত্যক, স্বাধীনতা সংগ্রামী, দার্শনিক আৰু | ভাৰতত স্বদেশী কলা-কৃষ্টিৰ পৃষ্ঠপোষক। তেওঁৰ জন্ম হয় ১৮৬১ চনত কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালত।তেওঁ কেইবা হাজাৰ গীত ৰচনা কৰাৰ  উপৰিও সাহিত্যৰ সকলোবোৰ শাখাতেই সৃষ্টিশীল অৱদান দি থৈ গৈছে।তেওঁ গীতাঞ্জলিনামৰ গীতৰ পুথিখনৰ বাবে ১৯১৩ চনত সাহিত্যত বিশ্বৰ শ্রেষ্ঠ নবেল বটা লাভ কৰে। তেওঁ ৰচনা কৰাজনগণ মননামৰ গীতটি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যদা লাভ কৰিছে।১৯৪১ চনৰ ৭ আগষ্টত ৰবীন্দ্রনাথ ঠাকৃৰৰ দেহাৱসান ঘটে।
(২) মার্গাৰেট এলিজাবেথ নোবেল (ভগিনী নিবেদিতাঃ- মার্গাৰেট এলিজাবেথ নোবেল আছিল এজন মানৱতাবাদী বিদূষী নাৰী।তেওঁৰ জন্ম হৈছিল আয়াৰলেণ্ডত। তেওঁ ভাৰতলৈ আহি পৰাধীন ভাৰত বাসীৰ কল্যাণৰ হকে বহুত জনসেবামূলক কাম-কাজৰ লগত জড়িত হৈ পৰে। ইংৰাজসকলে ভাৰতীয় সকলৰ প্রতি গ্রহণ কৰা দমনমূলক আৰু শোষণমূলক নীতিৰ বিৰোধিতা কৰি তেওঁ বিভিন্ন গঠনমূলক কার্যত নিজকে উৎসর্গ কৰিছিল। তেওঁক ভগিনী নিবেদিতা বুলিও জনা যায়।কলিকতাত থকা সময়ছোৱাত তেওঁ ইয়ংমেনছহিন্দু ইউনিয়ন, বিবেকানন্দ ছোছাইটি, ডন ছছছাইটি, অনুশীলন ছোছাইটি আদিৰ লগত জড়িত হৈ যুৱক আৰু যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ উদগনি দিছিল।১৯০৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত লর্ড কার্জনে প্রাচ্যবাসীৰ প্রতি কৰা তুলুঙা মন্তব্যই ভগিনী নিবেদিতাক আঘাত দিছিল। প্রত্যুত্তৰত তেওঁঅমৃত বজাৰ পত্রিকাআৰু দ্যা ষ্টেটছমেনকাকতত প্ৰৱন্ধ লিখি ভাৰত বাসীৰ আগত। লর্ড কার্জনৰ মানসিকতা উদঙাই দিছিল।
(৩) নবাব ছলিমউল্লাহঃ- নবাব ছলিমউল্লাহ ঢাকাৰ নবাব আছিল। ১৯০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে তেওঁৰ আহ্বানক্রমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব ৰিকৰউল মূলকৰ পৌৰোহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশ গ্রহণ কৰিছিল। এই ঐতিহাসিক সভাতসৰ্বভাৰতীয় মুছলিম লীগনামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল।
(8) অম্বিকাগিৰি ৰায়চৌধুৰীঃ- অম্বিকাগিৰি ৰায়চৌধুৰী (১৮৮৫-১৯৬৭) এজন অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু স্বাধীনতা বিপ্লৱী আছিল। বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত তেওঁৰ জন্ম হয়। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশ গ্রহণ কৰা ৰায়চৌধুৰীৰ কবিতাত স্বদেশপ্রেম আৰু ৰহস্যবাদী প্রেমৰ সুৰ লক্ষণীয় বিষয়। তেওঁৰ কবিতাৰ ভাষা আৰু ছন্দত এক নিজস্ব ওজস্বিতা আছে। তেওঁৰ প্রকাশিত কবিতা পুথিসমূহহল - বীণা, তুমি, অনুভূতি, বেদনাৰ উল্কা, বন্দো কি ছন্দেৰে, আৰু গীতৰ পুথি চেতনাৰ কণ্ঠ। তেখেতেচেতনাআৰুডেকা অসম নামৰ দুখন আলোচনীও সম্পাদনা কৰিছিল।অসমীয়া সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰীঅসম কেৰীনামে জনা যায়। তেওঁ ১৯৫০ চনৰ একবিংশতিতম অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মৃত্যৰ পিছত তেওঁবেদনাৰ উল্কানামৰ কাব্য পুথিৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে।