অৰণ্য
যাত্রা
-অনুৰাধা শৰ্মা পূজাৰী
১। চমুকৈ উত্তৰ দিয়া ।
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ
শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ-বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰসিদ্ধান্ত লৈছিল।
(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰঃ- পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰঃ- পলে বাচন-বৰ্তন ধোৱা, মচা-সৰা আদি কাম ছোৱালীৰ বুলি পাহিক কৈছিল।
(ঘ) লর্ড কার্জন কোন?
উত্তৰঃ- লর্ড কার্জন ব্রিটিছ ভাইচৰয় আছিল।
২। ল'ৰা-ছোৱালীৰ কামৰ পার্থক্য দেখি পাতিয়ে মাকক কি
কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি ই
বুজনি দিছিল।
উত্তৰঃ- ল'ৰা-ছোৱালীৰ কামৰ পার্থক্য দেখি পাতিয়ে মাকক
কৈছিল— “মা, ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰেই পঢ়াশুনা কৰো।দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰপৰিষ্কাৰককৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি। থকা গামোচাখন কিয়বিছনাতে পেলাই থৈ যায়? দাদাই এই
কামবোৰ কিয় তুমি কৰি দিবা বুলিভাবে, বা মই কৰি দিম বুলি ভাবে? ল’ৰাই নিজৰজোতাষোৰ পৰিষ্কাৰ।কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি?মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক বুজনি
দিছিল যে পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমাললাকে যি বয়সত যিবোৰ কাম কৰিব পাৰা
সেই কাম বয়স অনুযায়ী মই শিকাই আহিছো তোমালোক দুয়োটাকে।তোমালোকে। পঢ়া-শুনা কৰি
এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপার্জন
কৰিবা। কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি। কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’বা।
তেতিয়া।কেতিয়াবা সময়েও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব।”
৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট
কৰে?
উত্তৰঃ-প্রতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে থাকে। ঠিক তেনেদৰে কলগছজোপাৰ কাষতে থকা নেমুগছজোপাৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্রকৃতিৰ এই সুন্দৰ নিয়মে। পাহিক আকৃষ্ট কৰে।
![]() |
| অৰণ্য যাত্রা দশমশ্ৰেণী |
৪।কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰঃ-কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কৈছিল যে তোমালোক পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰ পৰা শিকিবলগীয়া বহুত কথা আছে।
যিমান পাৰা শিকিবা আৰু নিজৰ লগত নিজৰ বয়-বস্তুবোৰ চম্ভালিবা। আৰু শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। আমি খবৰ লৈ থাকিম।
৫। কামত ল'ৰা-ছোৱালী
বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা৷'– এই কথাষাৰৰ
বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
উত্তৰঃ-কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ
কৰি দিছো তেনেকৈ কৰা—কথাষাৰৰ বক্তা অংকৰ শিক্ষক ৰঞ্জিত
হাজৰিকা।কাজিৰঙা যাত্ৰাত বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্রছাত্রীৰ মাজৰ পৰানেতা-নেত্রী পাতি দিছিল। পাহি আৰু বিদিশাক বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ কৈছিল। ঠিক তেনেদৰে নৱম শ্ৰেণীৰ ছাত্ৰ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল বিলোৱাৰ দায়িত্ব দিয়া হৈছিল।
কিন্তু সৌৰভে কামটো টান পাই সিহঁতৰ কামটো পাহি আৰু বিদিশাক দিবলৈ কৈছিল আৰু পাহিহঁতৰ কামটো সিহঁতে কৰিম বুলি কৈছিল। কাৰণ সিহঁত ল’ৰা, গতিকে লগৰীয়াবোৰে উৎপাত কৰিলে সিহঁতে
শাসন কৰিব পাৰিব তথা অসুবিধাবোৰলৈও মন দিব পাৰিব।সৌৰভৰ এই কথা শুনি শিক্ষক ৰঞ্জিত হাজৰিকাই উক্ত কথাষাৰ ক'বলগীয়া হৈছিল।
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি
বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰঃ- দুপৰীয়া ভাত খাই কাৰৰ অনুমতি নোলোৱাকৈ
পল-আফতাবহঁতে আবাসগৃহৰ পিছফালে থকা মেটেকাৰে ভৰা বিলখনলৈ গৈছিল। আৰু তাতে তলি ফুটা
নাওখনত উঠি সিহঁত বিপদত পৰিছিল। কাৰণ নাওখনত পানী সোমোৱা বাবে নাওখন ডুবিবলৈ আৰম্ভ
কৰিছিল।এই বিপদৰ পৰা সিহঁতক পাঁচজনী মাছমৰীয়া ছোৱালীয়ে উদ্ধাৰ কৰিছিল।
৭| শিক্ষক-শিক্ষয়িত্ৰীসকলে
অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ
পৰিস্থিতি কি হ'ল বহলাই লিখা।
উত্তৰঃ- পল-আফতাবহঁতে অনুমতি অবিহনে নাৱত
উঠিবলৈ গৈ যি বিপদত পৰিছিল সেইকথা জানি শিক্ষকশিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ
কাৰ্যসূচী বাতিল কৰিব খুজিছিল। শিক্ষক-শিক্ষয়িত্ৰীৰ এই প্রস্তাৱে আন
ছাত্রছাত্রীসকলৰ মনটো সেমেকাই তুলিছিল। কিন্তু পাহিয়ে থিয় হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক
উদ্দেশ্য কৰি কৈছিল যে পল-আফতাবহঁতে কৰা কাৰ্যৰ বাবে আমি দুঃখিত। কিন্তু সিহঁতে
কৰা ভুলৰ শাস্তি আন ল'ৰা-ছোৱালী বা শিক্ষার্থীয়ে পোৱাটো উচিত
নহয়। বৰঞ্চ যিয়ে দোষ কৰিছে তেওঁলোকক কাইলৈ লগত লৈ যাব নালাগে। সকলোৱে পাহিৰ কথাত
সমর্থন কৰিছিল আৰু আফতাবহঁতেও এই। শাস্তি মানি লৈছিল। শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ
মাজতে আলোচনা কৰি পল-আফতাবহঁতে কৰা ভুল কামটোৰ বর্ণনা দি তথা কথমপি মৃত্যুমুখৰ পৰা
ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখি ল’লে কাইলৈ অৰণ্য দর্শন কৰিবলৈ নিব বুলি ক'লে। সকলোৱে তেওঁলোকৰ কথাত হয়ভৰ দি আনন্দত
চিঞৰি উঠিল।
৮।মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰঃ-কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল মহীচন্দ্ৰ মিৰি। তেখেতে কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখনালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেইকথা সমগ্র জগতক জনাইছিল।
৯। নিগনা চিকাৰীৰ প্রকৃত নাম কি ? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰঃ-নিগনা চিকাৰীৰ প্রকৃত নাম বাপীৰাম হাজৰিকা।তেওঁ প্রথমে লেডী কার্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল।।
১০।কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ দক্ষতা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষকশিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?
উত্তৰঃ-কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষার্থীসকলে বহুতো কথা শিকিব পাৰিছিল। সকলোৱে নিজৰ কাম নিজে কৰিব লাগে তথা আনলৈ বাট চাব নালাগে, গছবন যে জীৱ-জন্তু তথা মানুহৰ বন্ধু আৰু গছ-বন নহ'লে আমি জীয়াই থাকিব নোৱাৰো সেই বিষয়েও জ্ঞান লাভ কৰিছিল। ল’ৰাই হওক বা ছোৱালীয়েই হওক প্রত্যেকে নিজৰ কামবোৰ
সময়ত কৰি গ'লে এখন ঘৰ তথা এখন সমাজ সুশৃংখলভাৱে
আগবাঢ়ি যাব পাৰে। লগতে আত্মৰক্ষা কৰিব নোৱাৰিলে যিকোনো কামতে আগবঢ়াটো মূখৰ কাম
ইত্যাদি বহু কথা তথা এই বিশেষ দক্ষতা লাভ কৰিলে বুলি শিক্ষার্থীসকলে
শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল।
ভাষা বিষয়কঃ-
১১। বাক্য ৰচনা কৰা ?
ককাই-ভনীঃ-
পল আৰু পাহি দুয়ো ককাই-ভনী আছিল।
টুলং-ভুটুং
- বাৰিষাৰ বৰষুণত নাওখনে দিশ হেৰুৱাই টুলুং-ভুটংকৈ আগবাঢ়িছে।
চিঞৰ-বাখৰঃ-
সিহঁতৰ চিঞৰ-বাখৰ শুনি ওচৰৰ মানুহবোৰ দৌৰি আহিছিল।
মানুহ-দুনুহঃ-
গাড়ীৰ পৰা নামি ৰাজীৱে দূৰ দূৰণিলৈ কোনো মানুহ-দুনুহ দেখা নাপালে।
তিতি-বুৰিঃ- বৰষুণত তিতি-বুৰি অহা বাবে মীনাৰ
ৰাতি জ্বৰ উঠিছিল।
১২।
মূর্ধণ্য ‘ণ’ হোৱাৰ কাৰণ
দশোৱা ?
অৰণ্যঃ- কোনো
শব্দত ৰ’ বর্ণ পাছত দন্ত্য ন’ থাকিলে মূর্ধণ্য ‘ণ’ হয়।।
অর্পণ : কোনো
পদত থকা ঋ, ৰ, ষ আৰু
দন্ত্য ন’ৰ মাজত স্বৰবৰ্ণ ‘প’ বর্গ থাকিলে
দন্ত্য ন’ মুর্ধণ্য ‘ণ’
কণ্ঠঃ- ‘ট’ বৰ্গৰ কোনো
আখৰেৰে যুক্ত হলে ‘ন’ ‘ণ’ হয়।।


0 Comments