নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ-ড° কুলেন্দু
পাঠক
পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন ১। তলৰ প্রশ্নবোৰৰ অতি চমু উত্তৰ দিয়া ।
(ক) ড° কুলেন্দু
পাঠকৰ জন্মস্থান কত?
উত্তৰঃ- কামৰূপ জিলাৰ নগৰবেৰাত ।
(খ) ড° কুলেন্দু
পাঠকে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল ?
উত্তৰঃ- বার্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট ডিগ্রী লাভ
কৰে।
(গ) ভূকেন্দ্রিক বিশ্বধাৰাৰ প্রধান প্রবক্তা কোন?
[M.Q. 2015,'18]
উতৰ : ইজিপ্তৰ জ্যোতির্বিজ্ঞানী টলেমী ভূকেন্দ্রিক বিশ্বধাৰণাৰ
প্রবক্তা আছিল ।
(ঘ) কোনখন
গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্ৰতিভাৰ কথা বিদ্বৎমহলে গম পাইছিল ?
উত্তৰঃ- প্রিনচিপিয়া গ্ৰন্থখন প্রকাশ হোৱাৰ পাছতেই নিউটনৰ
প্ৰতিভাৰ বিষয়ে বিদ্বৎমহলে ভালদেৰ জানিব পাৰিছিল
প্রশ্ন ২। সোতৰ শতিকাৰ উল্লেখযোগ্য বৈজ্ঞানিক মাইলৰ খুঁটি কোনবিলাক
? [HSLC.'18]
উত্তৰঃ- সোতৰ শতিকাৰ কেইটামান উল্লেখযোগ্য বৈজ্ঞানিক মাইলৰ খুঁটিৰ
কথা । চমুকৈ উল্লেখ কৰা হ'ল—
১৬০০ খ্রীষ্টাব্দত রিলিয়াম মিলবার্ট De
Magnet গ্রন্থই
চুম্বক বিজ্ঞান আৰু বৰু বিজ্ঞান চর্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্রৱর্তন কৰে।
প্রতিভাসম্পন্ন গৱেষক হোৱাৰ উপৰি গিলবার্ট প্রসিদ্ধ চিকিৎসক আছিল। ১৬২৮ চনত
প্রকাশিত আৰু ৱিলিয়াম হার্ভে দ্বাৰা ৰচিত ‘On the Motions of Heart and
Blood in Animals' জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞানৰ বাটকটীয়া পুথি। গিলবার্ট আৰু
হার্ভে ইংলেণ্ডৰ নাগৰিক। ১৬২০ চনত ইংৰাজ দার্শনিক, পণ্ডিত আৰু প্ৰবন্ধকাৰ
ফ্রান্সিছ বেকনৰ "Novum Organum" গ্রন্থ। প্রকাশিত হয়। এই গ্রন্থত বেকনে আৰোহণ, পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক
সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছে। ৰয়েল ছ'চাইটি, লণ্ডন আৰু আন বহুতো বিজ্ঞান
একাডেমী স্থাপনৰ ক্ষেত্ৰত বেকনৰ প্ৰবন্ধবােৰে বিশেষ প্রভাৱ পেলাইছিল। বিজ্ঞানৰ
বিভিন্ন দিশত বিভিন্নজনে অধ্যয়ন আৰু গৱেষণালব্ধ অগ্রগতিৰ পৰিচয় ৰাখি গৈছে।
সেইসকলৰ ভিতৰত স্কটলেণ্ডৰ জন নেপিয়াৰ (ঘাংক গণিত বা লগাৰিদম, ১৬১৪), পোলেণ্ডৰ জন হেভেলিয়াছ (বুধ
গ্রহৰ কলা আৰু চন্দ্রপৃষ্ঠৰ মানচিত্র, ১৬৪৭), হলেণ্ডৰ খ্রীষ্টিয়ান হাইজেন্স
(শনিৰ বলয়-১৬৫৯ আৰু অন্যান্য বহুতো আৱিষ্কাৰ), ফ্রান্সৰ ৰেনে ডেকার্ট (বিখ্যাত
দার্শনিক) আৰু ব্লেইজ পাস্কেল (সম্ভাৱনা তত্ত্ব, ১৬৫৪), ইটালীৰ ট’ৰিচেল্লি (গেলিলিওৰ ছাত্র, বেৰ মিটাৰ-১৬৪৩), জার্মানিৰ অট’ ভন গৰিক (বায়ু নিষ্কাশন পাম্প, ১৬৪৫), ইটালীত জন্মলাভ কৰা ফৰাচী
জ্যোতির্বিদ গিওভেনি কাজিনি (বিভিন্ন গ্রহ, চন্দ্ৰ আৰু শনিৰ বলয়ৰ অধ্যয়ন), ইংলেণ্ডৰ এডমাণ্ড হেলি
জ্যোতির্বিদ, পদার্থ
বিজ্ঞানী), ইটালীৰ।
মেলপিঘি (উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰ বিজ্ঞান), আয়াৰলেণ্ড-ইংলেণ্ডৰৰবার্ট
বয়েল (ৰসায়ন। বিজ্ঞান), ইংলেণ্ডৰ
ৰবাৰ্ট হক (জীৱ বিজ্ঞান, পদার্থ
বিজ্ঞান, ভূ-বিজ্ঞানী)
আৰু জাৰ্মানীৰ গটফ্রিড লেইবনিজৰ (গণকযন্ত্র-১৬৭৩, কেলকুলাছ আৰু বাইনেৰি সংখ্যা
পদ্ধতি) নাম ইয়াত উল্লেখ কৰা হ’ল। সহজেই অনুমান কৰিব পাৰি যে নাম
উল্লেখ নকৰা বহুত বিজ্ঞানীৰ গৱেষণা আৰু আৱিষ্কাৰেও বিজ্ঞানৰ অগ্ৰগতিত অৰিহণা যোগাইছিল।
প্রশ্ন ৩। লণ্ডনৰ ৰয়েল ছ'চাইটিৰ প্রতিষ্ঠা সম্পর্কে আলোচনা
কৰা। এই ছ'চাইটিৰ
সৈতে নিউটন কেনেদৰে জড়িত আছিল ?
[HSLC'17]
উত্তৰঃ- বিজ্ঞানৰ তথ্য, তত্ত্ব আৰু অগ্রগতি সম্পর্কে আলোচনা
কৰিবলৈ ইউকে বিভিন্ন দেশত একাডেমী, সমিতি আদি স্থাপন কৰা হৈছিল।
১৬৬০ চনৰ ২৪ নবে দিনাখন লণ্ডনৰ গ্ৰীছাম কলেজত বাৰগৰাকী বিশিষ্ট ব্যক্তিয়ে লগ লাগি
পৰীক্ষাতি জ্ঞানচর্চাৰ বিকাশৰ বাবে এখন সমিতি স্থাপন কৰে। প্রতি বুধবাৰে আবেলি
তিনি বলে তেওঁলোকে গ্রাছাম কলেজত মিলিত হৈছিল। বিজ্ঞানৰ নতুন পৰীক্ষা-নীৰিক্ষাৰ
লগতে প্রয়োগ সম্পর্কেও সভাবোৰত আলোচনা হৈছিল। ১৬৬২ চনত এই সমিতিয়ে ৰাজক চনদ লাভ
কৰে। আৰু দ্য ৰয়েল ছ'চাইটি
(অৱ লণ্ডন) নামেৰে পৰিচিত হয়। ৰবাৰ্ট ৰয়েল। খ্রীষ্টোফৰ ৰেন, ৰবার্ট হুক, ড° বিলিকিনছ আদি বিখ্যাত
বিজ্ঞানীসকল ছ'চাইটিৰ
সক্রিয় আৰু প্ৰাৰম্ভিক কালৰ সভ্য আছিল। প্রায় একে সময়তে (১৬৬৬) ফ্রান্সত ‘একাডেমী ডেছ। ছায়েন্স’ পেৰিছ প্রতিষ্ঠিত হৈছিল।আধুনিক বিজ্ঞান বিপ্লৱৰ শ্ৰীবৃদ্ধিত ৰয়েল ছ'চাইটিৰ যথেষ্ট অৱদান আছে।
এইক্ষেত্ৰত নিউটনৰ ভূমিকাও গুৰুত্বপূর্ণ। প্রথম কাম হ’ল বিজ্ঞান বিপ্লৱৰ তথা বিজ্ঞানৰ
আটাইতকৈ গুৰুত্বপূর্ণ পুথি ‘প্রিনচিপিয়াৰ
লিখক নিউটন আৰু প্রকাশক ৰয়েল ছ'চাইটি (১৬৮৭)। পৰৱৰ্তী
কালত, ১৭০৫ চনৰ
পৰা মৃত্যুপর্যন্ত নিউটনে ৰয়েল ছ'চাইটিৰ সভাপতি হিচাপে ছ'চাইটিৰ কাম-কাজৰ তদাৰক কৰিছিল।
প্রশ্ন ৪। শিক্ষা লাভৰ কালছোৱাত নিউটন কেনেধৰণৰ পৰিস্থিতিৰ
সন্মুখীন হৈছিল। বুজাই লিখা।
উত্তৰঃ- নিজৰ প্ৰতিভাৰ বলত নিউটনে কেমব্রিজ বিশ্ববিদ্যালয়ৰ গণিতৰ
অধ্যাপক হয় যদিও তেওঁৰ দেউতাক আৰু ককাদেউতাক নিৰক্ষৰ আৰু সফল খেতিয়ক আছিল।
অৱশ্যে নিউটনৰ মাতুল বংশ শিক্ষিত আছিল। নিউটনৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয়; মাকে নিউটনৰ বয়স তিনি বছৰ
নৌহওঁতেই দ্বিতীয় বিবাহত আৱদ্ধ হয়। নিউটনে মাকৰ ফালৰ ককা-আইতাকৰ লগত এক
অকলশৰীয়া শিশু হিচাপে ডাঙৰ হয়। শিক্ষিত ককাকে নিউটনক শিক্ষিত কৰিবলৈ যত্ন
কৰিছিল। সোতৰ বছৰ বয়সত স্কুলৰ পৰা আঁতৰাই খেতিবাতিৰ কাম শিকাবলৈ মাকে নিউটনক
গাঁৱৰ ঘৰলৈ আনে যদিও এই কাম নিউটনৰ মনঃপুত হোৱা নাছিল। মোমায়েক আৰু স্কুলৰ শিক্ষক
এগৰাকীয়ে নিউটনৰ প্ৰতিভাৰ কথা গম পাইছিল আৰু মাকক যথেষ্ট বুজাই নিউটনৰ উচ্চ
শিক্ষাৰ ব্যৱস্থা কৰে। মাকে নিউটনক বিশ্ববিদ্যালয়ত পঢ়াৰ খৰচ দিয়া নাছিল। নিউটনে ধনী
ভদ্রলোকৰ ল'ৰাৰ লগত
ভৃত্যৰ কাম কৰিবলগীয়া হৈছিল। অকলশৰীয়া নিউটনে কিতাপকে বন্ধু কৰি লৈছিল। সেই
সময়ত নিউটনে কেমব্রিজৰ পৰা। বি.এ. পাছ কৰি গণিত আৰু বিজ্ঞান অধ্যয়নত মনোনিৱেশ
কৰিছিল। কিন্তু ১৬৬৫ চনত প্রেগ মহামাৰীৰ বাবে বিশ্ববিদ্যালয় বন্ধ কৰি দিয়াত
নিউটন গাঁৱৰ ঘৰলৈ ঘূৰি যায় আৰু ১৬৬৭ চনত পুনৰ কেমব্রিজলৈ আহে। এই সময়ছোৱাতে তেওঁ
কেলকলাছ আৰু মহাকর্ষণ। সম্পর্কে গভীৰভাৱে চিন্তা কৰে। কেমব্রিজলৈ ঘূৰি আহি তেওঁ পোহৰ
সম্পর্কে গৱেষণা কৰাৰ। লগতে ধর্মতত্ত্ব আৰু এলকেমিৰ বিষয়ে অধ্যয়ন অব্যাহত ৰাখে।
প্রশ্ন ৫। নিউটনৰ প্ৰিচিপিয়া’ গ্রন্থই বৌদ্ধিক মহলত কেনেদৰে
খলকনি তুলিছিল চমুকৈ আলোচনা কৰা [M.0.2015]
নাইবা,
নিউটনৰ প্ৰিনচিপিয়া’ গ্রন্থৰ বিষয়ে লিখা।[HSLC'16]
উত্তৰঃ- নিউটনৰ প্ৰিনচিপিয়া গ্রন্থ
দৰূহ হাোৱা সত্ত্বেও ইউৰোপৰ বৌদ্ধিক মহলত এই গ্রন্থই খলকনি তুলিছিল। নিউটনৰ বৈজ্ঞানিক
কর্মৰ ফলত সোতৰ শতিকাৰ শেষৰফালে বিজ্ঞানমহলে বুজি পালে যে বিশ্বখন জটিল হলেও
কিছুমান অতি সৰল নিয়মৰ (গতিবিজ্ঞানৰ সূত্র আৰু মহাকর্ষণৰ বিশ্বজনীন নিয়ম) দ্বাৰা
পৰিচালিত হয়। আকাশত থকা চন্দ্র গ্রহ আদিৰ গাত পিৰলৌকিক বা দৈৱিক শক্তিয়ে
নিয়ন্ত্রণ নকৰে। ক’পার্নিকাছ, কেপলাৰ আৰু গেলিলিওৱে গ্রহগতি
সম্পর্কে নতন ধাৰণা আৰ, পৰীক্ষাভিত্তিক
তথ্য আৱিষ্কাৰ কাৰাহণ সঁচা, কিন্তু
গ্রহ ধমকেত আদিক নিজৰ গতিপথত ধৰি ৰখা বল আৰু নিয়ম নিউটনে গণনা। কৰি উলিয়ালে।।
প্রশ্ন ৬। চমুটোকা লিখাঃ-
ক’পাৰনিকাছ, কেপলাৰ, গেলিলিও গেলিলি, ৰাভাৰফোর্ড, আপেক্ষিকতাবাদ
উত্তৰঃ- (ক) ক’পাৰনিকাছঃ- পোলেণ্ডৰ বিখ্যাত
জ্যোতির্বিজ্ঞানী ক’পাৰনিকাছে
জীৱনজোৰা অধ্যয়ন, পর্যবেক্ষণ
আৰু গণনাৰ পিছত দেখুৱায় যে বিশ্বৰ কেন্দ্ৰত সূর্য আছে। বুলি ধৰিলে গ্রহবোৰৰ গতিপথ
শুদ্ধকৈ গণনা কৰাত সুবিধা হয়। সূর্যৰ চৌপাশে খালী। চকুৰে দেখা গ্রহকেইটা (বুধ, শুক্র, পৃথিৱী, বৃহস্পতি, শনি) বৃত্তীয় পথেদি ঘূৰি আছে
আৰু চন্দ্ৰই পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে। এই ধাৰণা বিদ্বান সমাজে সোনকালে গ্রহণ কৰা
নাছিল।
(খ)
কেপলাৰঃ- ১৭ শতিকাৰ আৰম্ভণিকালত (১৬০৯
খ্রীঃ, জার্মান
জ্যোতির্বিজ্ঞানী জ’হান
কেপলাৰে Astronomia Nova' (New Astronomy) শীর্ষক গ্রন্থ প্রকাশ কৰে। এই
গ্রন্থত তেওঁ মংগল গ্রহৰ কক্ষপথ নতুনকৈ গণনা কৰে। কেপলাৰৰ গণনাৰ ভিত্তি আছিল
ডেনমার্কৰ বিখ্যাত জ্যোতির্বিজ্ঞানী টাইক’ব্ৰাহৰ পর্যবেক্ষণলব্ধ নতুন
তথ্য। কেলপাৰে দেখুৱায় যে পূর্বতে দেখুৱাৰ দৰে গ্রহবোৰৰ কক্ষপথ বৃত্তাকাৰ নহয়; আৰু এনে পথেৰে। সূর্যক পৰিভ্ৰমণ
কৰা কালত অৱস্থান অনুসৰি গ্ৰহবোৰৰ বেগ সলনি হৈ থাকে।
(গ)
গেলিলিও গেলিলিঃ- গেলিলিওয়ে নিজে দূৰবীণ
সাজি আকাশ পর্যবেক্ষণ। কৰিবলৈ লয় ১৬০৯ চনত। তেওঁ ইটালী দেশ বিজ্ঞানী আছিল। এই
দুৰবীণেৰে তেওঁ চন্দ্ৰৰ উপৰিভাগ আৰু বৃহস্পতিৰ উপগ্রহ সম্পর্কে অধ্যয়ন চলায়।
বৃহস্পতি গ্রহৰ চাৰিওফালে। চাৰিটা তৰা (উপগ্রহ) ঘূৰি আছে আৰু চন্দ্ৰৰ উপৰিভাগ খাল
আৰু পর্বতেৰে ওখৰামোখৰা—এনেবোৰ
গছত গৰু উঠা’ কথা মানি
ল’বলৈ সেই
সময়ত বহুতো পণ্ডিতে টান পাইছিল। বহুতে সেইবোৰ নতুন যন্ত্ৰেৰে কৰা কাৰচাজি বুলিও
কৈছিল। গেলিলিওরে আকাশ অধ্যয়নৰ কথাবোৰ “The Starry Messenger নামৰ গ্ৰন্থত ১৬১০ খ্রীষ্টাব্দত
প্রকাশ কৰে। বহুত চিন্তাৰ পিছত তিনিগৰাকী ব্যক্তিৰ কথোপকথন (Dialogue)
হিচাপে।
গেলিলিওৱে এখন গ্রন্থ ৰচনা কৰে। গ্রন্থখনৰ শিৰোনাম হল 'Dialogue
Concerning Two Chief World System: Ptolemiac
and Copernican' ইউৰোপীয় ইতিহাসৰ অমূল্য দলিলৰূপে পৰিগণিত হৈছে।
(ঘ)
ৰাডাৰফোর্ডঃ- ৰাভাৰফোর্ড আছিল এগৰাকী পৰমাণুবিজ্ঞানী। আধুনিক পৰমাণুবিজ্ঞানী
ৰাডাৰফোর্ডক পৰমাণুবিজ্ঞানৰ পিতৃ আখ্যা দিয়া হয়। তেওঁৰ মতে এগৰাকী মানুহে হঠাতে
সাংঘাতিক আৰু নাভূত-নাত আৱিষ্কাৰ কৰি পেলায়– এনে ধাৰণা সঁচা। নহয়। বিজ্ঞান
ঢাপে-টপে আগবাঢ়ে। প্রত্যেক বিজ্ঞানীয়ে তেওঁৰ পূর্ববর্তী বিজ্ঞানীসকলৰ কামৰ ওপৰত
যথেষ্ট নির্ভৰশীল। বিজ্ঞানীসকল এগৰাকী ব্যক্তিৰ ধ্যান-ধাৰণাতকৈ সামূহিক
প্রচেষ্টালব্ধ জ্ঞানৰ ওচৰত বেছি ঋণী।
(ঙ)
আপেক্ষিকতাবাদ[HSLC'18]-
মানুহৰ সামগ্রিক
জ্ঞানসাধনা, নিউটনীয়
বলবিদ্যানুৰূপ গাণিতিক ক্ৰমেৰে চলাব পাৰিনে নোৱাৰি এই বিষয়ে যথেষ্ট আলোচনা-বিলোচনা
হৈছে। বিংশ। শতিকাৰ আপেক্ষিকতাবাদ (Theory of Relativity) আৰু কোৱান্টাম বলবিদ্যাই এই
দুয়োটা বিশ্বাসৰ আমূল পৰিৱৰ্তন ঘটালে।।
অতিৰিক্ত
প্রশ্নোত্তৰ
প্রশ্ন ১। টলেমী ৰচিত বিশ্বকোষসদৃশ গ্রন্থখনৰ নাম কি?
উত্তৰঃ- টলেমীৰ দ্বাৰা ৰচিত বিশ্বকোষসদৃশ গ্রন্থখন হ’ল ‘এলমেজেষ্ট’, যিখনক প্রাচীন জ্যোতির্বিজ্ঞানৰ
আটাইতকৈ প্ৰভাৱশালী গ্রন্থ আখ্যা দিয়া হয়।
প্রশ্ন ২। কোনখন গ্ৰন্থত মংগলগ্রহৰ কক্ষপথ নতুনকৈ গণনা কৰা হয় ?
উত্তৰঃ- জার্মান জ্যোতির্বিজ্ঞানী জ’হান কেপলাৰে Astronomia
Nova (NoW Astronomy) শীর্ষক গ্রন্থ প্রকাশ কৰে। এই গ্রন্থত মংগলগ্রহৰ কক্ষপথ নতুনকৈ
গণনা কৰা হয়।
প্রশ্ন ৩। কেপলাৰৰ গণনাৰ ভিত্তি কি আছিল ?
উত্তৰঃ- কেপলাৰৰ গণনাৰ ভিত্তি আছিল ডেনমার্কৰ বিখ্যাত
জ্যোতির্বিজ্ঞানী টাইক’ ব্রাহৰ
পর্যবেক্ষণলব্ধ নতুন তথ্য।।
প্রশ্ন ৪। কেপলাৰে পূৰ্বৰ গ্রহগতি সম্পৰ্কীয় ধাৰণালৈ কি পৰিৱৰ্তন
সাধন কৰে ?
উত্তৰঃ- গেলিলিয়ে ১৬৩২ চনত ৰচনা কৰা
গ্ৰন্থখনৰ পর্ণ শিৰোনাম হল-– Dialogue Concerning Two Chief World
System : Ptotemiac and Copernican'- যিখন বিজ্ঞান তথা ইউৰোপীয় ইতিহাসৰ অমুল্য দলিলৰূপে পৰিগণতি
হয়।
প্রশ্ন ৭। গেলিলিওৰ মৃত্যুকেতিয়া হয় ?
উত্তৰঃ- ১৬৪২ চনত গেলিলিওৰ মৃত্যু আৰু নিউটনৰ জন্ম হয়।
প্রশ্ন ৮। নিউটনে কাৰ বিজ্ঞান চর্চাৰ ধাৰাক পূর্ণতা প্রদান কৰে?
উত্তৰঃ- কপাৰনিকাছ, কেপলাৰ আৰু গেলিলিওৱে আৰম্ভ কৰা
বিজ্ঞান চর্চাৰ ধাৰাক নিউটনে পৰিপূর্ণতা প্রদান কৰে। ।
আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃস্বৰূপ ব্যক্তিজনৰ নাম হ'ল ৰাডাৰ ফোর্ড।
প্রশ্ন ৯। কপাৰনিকাছৰ আগতে কোনে সৌৰকেন্দ্রিক গ্রহগতি সম্পর্কে
চিন্তা কৰিছিল?
উত্তৰঃ- কপাৰনিকাছৰ পূৰ্বতে গ্ৰীচৰ এৰিষ্টাৰকাছ, ভাৰতৰ আর্যভট্ট আদি
বিজ্ঞানীয়েও সৌৰকেন্দ্রিক গ্রহগতিৰ কথা চিন্তা কৰিছিল। কিন্তু তেওঁলোকৰ ধাৰণা
সামগ্রিক জ্ঞানচর্চাৰ । অংশ নহ'ল।
প্রশ্ন ১০। লিওনার্ডো ডা ভিন্সিয়ে বিজ্ঞানৰ সম্পৰ্কত কি কৈছিল ?
উত্তৰঃ- ‘বিজ্ঞান
পৰীক্ষাভিত্তিক নহলে অর্থহীন আৰু ক্ৰটীপূর্ণ হয়। পৰীক্ষাই সকলো নিশ্চয়তাৰ মাতৃ
আৰু সুনির্দিষ্ট পৰীক্ষাই হ’ল বিজ্ঞানৰ মাপকাঠী।
প্রশ্ন ১১। ৰয়েল ছ'চাইটি অৱ ইণ্ডিয়া কেতিয়া প্রতিষ্ঠিত
হয়?
উত্তৰঃ-
১৬৬০ চনৰ ২৪ নৱেম্বৰত
প্রশ্ন ১২। নিউটনৰ প্ৰিনচিপিয়া’ গ্রন্থ প্রকাশক কোন?
উত্তৰ : ৰয়েল ছ'চাইটি (১৮৮৭)।
প্রশ্ন ১৩। নিউটনে কেতিয়ালৈকে ৰয়েল ছ'চাইটিৰ সদস্যপদ অলংকৃত কৰিছিল ?
উত্তৰঃ- ১৭০৫ চনৰ পৰা মৃত্যুপর্যন্ত তেওঁ ৰয়েল ছ'চাইটিৰ সভাপতি পদ অলংকৃত, কৰিছিল ?
প্রশ্ন ১৪। নিউটনে কোনখন গ্ৰন্থত গতিবিজ্ঞানৰ বিষয়ে ব্যাখ্যা
আগবঢ়াইছিল ?
উত্তৰঃ- প্রিনচিপিয়া’ গ্রন্থত নিউটনে মহাকৰ্ষণৰ নিয়ম
আৰু গতিবিজ্ঞানৰ তিনিটা নিয়মৰ সহায়ত গ্রন্থগতি সম্পর্কে সৰল গাণিতিক ব্যাখ্যা
আগবঢ়ায়।।
প্রশ্ন ১৫। নিউটনে কেতিয়াৰ পৰা গণিতৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰে
?
উত্তৰঃ- ১৬৬৪ চনৰ পৰাই নিউটনে গভীৰভাৱে
গণিত আৰু বিজ্ঞানৰ পুথি অধ্যয়ন কৰিবলৈ লয়।
প্রশ্ন ১৬। নিউটনৰ জীৱনৰ আশ্চর্য সময় কোনছোৱা?
উত্তৰ : গাঁৱত থকা কালছোৱাক নিউটনৰ জীৱনৰ আশ্চর্য সময় বুলিব পাৰি।
এই। সময়ছোৱাতে তেওঁ কেলকুলাছ আৱিষ্কাৰ কৰে আৰু মহাকর্ষণ বলৰ বিষয়েও গভীৰভাৱে
চিন্তাচর্চা কৰে।
প্রশ্ন ১৭। নিউটনে গণিতৰ বাহিৰে আন কি কি অধ্যয়ন কৰিছিল ?
উত্তৰঃ- নিউটনে গণিত আৰু বিজ্ঞানৰ বাহিৰেও ধর্মতত্ত্ব আৰু এলকেমিৰ
বিষয়েও অধ্যয়ন কৰিছিল।
প্রশ্ন ১৮। নিউটনৰ কেতিয়া মৃত্য হয় ? তেওঁক কেতিয়া আৰু কত সমাধিস্থ
করা হয়?
উত্তৰঃ- ১৭২৭ চনৰ ২০ মার্চত নিউটনৰ মৃত্যু হয়। ২৮ মার্চৰ দিনাখন
ৰাজকীয়। সন্মানেৰে ৱেষ্ট মিনিষ্টাৰ এৱেইত তেওঁক সমাধিস্থ কৰা হয়।
প্রশ্ন ১৯। নিউটনে কোন পুথিৰ যোগেদি বিজ্ঞানৰ সুনির্দিষ্ট পথ মুকলি
কৰিলে ?
উত্তৰঃ- বিজ্ঞান চর্চাৰ সুনির্দিষ্ট পথ নিউটনে প্রিনচিপিয়া
গ্রন্থৰ যোগেদি মুকলি কৰিলে।
প্রশ্ন ২০। বিখ্যাত বিজ্ঞানী হ’বলৈ সম্ভ্রান্ত ধনী পৰিয়ালত
ওপজাৰ প্রয়োজন নে ?
উত্তৰঃ- বিখ্যাত বিজ্ঞানী হ’বলৈ সম্ভ্রান্ত ধনী পৰিয়ালত
ওপজাৰ প্ৰয়োজন নাই। এনে। উপলব্ধিয়ে যিকোনো আর্থ-সামাজিক স্তৰৰ মানুহক
জ্ঞান-বিজ্ঞান চর্চা কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।
প্রশ্ন ২১। আধুনিক ভাৰত গঢ়িবলৈ আমাক কিহৰ প্রয়ােজন?
উত্তৰঃ আধুনিক ভাৰত গঢ়িবলৈ আমাক বিজ্ঞানৰ সাধনা আৰু প্রযুক্তিমূলক
কৌশল। প্রয়োজন।
প্রশ্ন ২২। ৰাষ্ট্ৰীয় বিজ্ঞান নীতি
কেতিয়া গৃহীত হয়?
উত্তৰঃ- ১৯৫৮ চনত ৰাষ্ট্ৰীয় বিজ্ঞান নীতি গৃহীত হয়।।
প্রশ্ন ২৩। বিজ্ঞানসন্মত মানসিকতাৰ কিয় প্রয়োজন?
উত্তৰঃ- বিজ্ঞান আৰু প্ৰযুক্তিৰ অর্থপূর্ণ প্রয়োজনৰ বাবে
বিজ্ঞানসন্মত মানসিকতাৰ (Scientific Temper) প্রয়োজন। এনে মানসিকতাৰ অধিকাৰী হোৱাটো নাগৰিকৰ মৌলিক
কর্তব্য হিচাপে সংবিধানে বান্ধি দিছে।
প্রশ্ন ২৪। সাধাৰণ মানুহৰ চিন্তা আৰু কার্যত সোতৰ শতিকাত ঘটা
কেইটামান পৰিৱৰ্তন কি কি?
উত্তৰঃ- ষোল্ল আৰু সোতৰ শতিকাত সংস্কৃতিৰ অন্যান্য দিশতো মহৎ
সৃষ্টিশীল। প্রতিভাৰ জন্ম হৈছিল। সাহিত্যিক ড° জনছন, শেক্সপিয়াৰ, মিলটন, মলিয়েৰ, সুকুমাৰ কলাত ৰুবেনছ, বামিনি, ৰাফেল, মাইকেল এঞ্জেলো, দর্শনত লুথাৰ, কেলভিন, হ’বছ, স্পিনোজা আদি প্রাক নিউটনীয়
কালৰ স্মৰণীয় নাম। কিন্তু অকল স্মৰণীয় ব্যক্তিসকলৰ কামেই ইতিহাস ৰচনা নকৰে; সোতৰ শতিকাৰ বিভিন্ন কাৰণত
সাধাৰণ মানুহৰ কাৰ্য আৰু চিন্তাতে বৈপ্লৱিক পৰিৱৰ্তন ঘটে। তাৰে কেইটামান উদাহৰণ
দাঙি ধৰা হৈছে:
(ক)
মিস্ত্রি, কাৰিকৰ, ইঞ্জিনচালক আদি বৃত্তিধাৰী
সাধাৰণ লোকসকলৰ মনতো নতুন আৱিষ্কাৰসমূহে ঔৎসুক্য আৰু বিশ্বাস সৃষ্টি কৰে।
(খ) বেহা-বেপাৰৰ
যোগেদি ইউৰোপত নতুনকৈ ধনী হোৱা সাধাৰণ মানুহেও (সম্ভ্রান্ত মনোনিৱেশ কৰে।। লোকৰ
উপৰি) বৈজ্ঞানিক অধ্যয়ন পদ্ধতি, যন্ত্রপাতি নির্মাণ আৰু প্রকৃতি
অধ্যয়নত
(গ) সময়
আৰু ধন খৰচৰ সামর্থ্য থকা বহুত মানুহে নিজে প্রাকৃতিক আৰু সাংস্কৃতিক নিয়মৰ
অধ্যয়ন কৰাৰ লগতে আনকো তেনে অধ্যয়নত ব্ৰতী হ’বলৈ সহায় কৰে।
(ঘ)
প্রচুৰভাৱে প্রকাশিত কিতাপ আৰু আলোচনীসমূহেনতুন আৱিষ্কাৰ, সমস্যা আৰু । প্রশ্নসমূহ
চিন্তাশীল মানুহৰ ওচৰলৈ লৈ যায়।
(ঙ)
গাণিতিক পদ্ধতি আৰু যান্ত্রিক কৌশলৰ যথেষ্ট অগ্রগতিৰ সূচনা এই সময়তে ঘটে।
বোধকৰো এনে অনুকূল পৰিৱেশত মানুহে স্বাভাৱিকতে ক্রমান্বয়ে নিজৰ
বৌদ্ধিক ক্ষমতাত বিশ্বাসী হৈ উঠিলহেঁতেন। নিউটনৰ মহৎ প্রতিভাই এই প্রক্রিয়াটো সোনকালে।
আৰু চমকপ্রদভাৱে সম্পূর্ণ হোৱাত সহায় কৰিছিল।
প্রশ্ন ২৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা
(ক) এগৰাকী মানুহে সাংঘাতিক আৰু নাভূত-
নাশ্ৰত আৱিষ্কাৰ কৰি পেলায়— এনে ধাৰণা সঁচা নহয়।
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তৰ্গত ‘নিউটন আৰু সপ্তদশ শতিকাৰ
বৌদ্ধিক বিপ্লৱ’ শীর্ষক
পাঠটিৰ পৰা তুলি দিয়া হৈছে।। |
বিজ্ঞানৰ বিকাশ লাহে লাহে হয়। এজন মানুহে ঘপহ কৰে কিবা এটা নাভূত-নাশ্ৰত । আৱিষ্কাৰ
কৰি পেলোৱাৰ
ধাৰণাটো সিমান সঁচা নহয়। প্রতিটো বৈপ্লৱিক আৱিষ্কাৰৰ অন্তৰালত পূর্বৱৰ্তী
বৈজ্ঞানিকসকলৰ চিন্তা-চৰ্চা আৰু পৰীক্ষা-নিৰীক্ষাৰ সম্পর্ক থাকে। পূর্বৱর্তীবিজ্ঞানীসকলে
কৰি পোৱা
চিন্তাৰ সূত্র ধৰিয়েই পৰৱৰ্তী কালৰ বৈজ্ঞানিকসকল কর্মক্ষেত্ৰত অগ্ৰসৰ হয়।
বিজ্ঞানীগৰাকী এগৰাকী ব্যক্তিৰ ধ্যান-ধাৰণাতকৈ সামূহিক প্রচেষ্টালব্ধ জ্ঞানৰ ওপৰত
বেছি ‘ঋণী। এই
কথাটো পৰমাণু বিজ্ঞানী ৰাডাৰফোর্ডে ব্যক্ত কৰিছিল। বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাত
তেওঁ এই কথাটো গভীৰভাৱে পর্যবেক্ষণ কৰিছিল আৰু অনুৰূপ। সিদ্ধান্তত উপনীত হৈছিল।
(খ)
বিজ্ঞান পৰীক্ষাভিত্তিক নহ'লে
অর্থহীন আৰু ত্রুটীপূর্ণ হয়। পৰীক্ষাই হল। সকলো নিশ্চয়তাৰ মাতৃ আৰু সুনির্দিষ্ট
পৰীক্ষাই হ’ল
বিজ্ঞানৰ সঠিক মাপকাঠি।
উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তৰ্গত ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক
বিপ্লৱ’ শীর্ষক
পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই সম্পৰ্কত প্রখ্যাত চিত্রশিল্পী লিওনার্ডো ডা
ভিন্সিয়ে কৈছিল যে বিজ্ঞানৰ কোনো সিদ্ধান্ত লোৱাৰ আগতে নির্দিষ্ট ধৰণে
পৰীক্ষা-নিৰীক্ষা কৰি আগবাঢ়িবলগীয়া হয়। ক্ৰটীমুক্ত সিদ্ধান্ত গ্রহন কাৰণ পৰীক্ষাভিত্তিক জ্ঞানৰ
একান্ত প্রয়োজন। কোনো এটা স্থিৰ আৰু সঠিক সিদ্ধান্তত উপনীত হোৱাৰ কাৰণে
সুনির্দিষ্ট পৰীক্ষা-নিৰীক্ষা কৰাটো বাঞ্ছনীয়। বিজ্ঞানৰ সঠিক মাপকাঠিয়েই হৈছে
সুনির্দিষ্ট পৰীক্ষা।
(গ)
বিখ্যাত বিজ্ঞানী হ’বলৈ
সম্রান্ত ধনী পৰিয়ালত ওপজাৰ প্ৰয়োজন নাই।
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ড° কুলেন্দু পাঠক বিৰচিত “নিউটন আৰু সপ্তদশ শতিকাৰ
বৌদ্ধিক বিপ্লৱ’ শীর্ষক
পাঠটিৰ পৰা তুলি দিয়া হৈছে। | নিউটন বিশ্ববিখ্যাত বিজ্ঞানী হলেও
তেওঁ এটা সাধাৰণ কৃষক পৰিয়ালত জন্ম গ্রহণ। কৰিছিল। প্রতিভা আৰু সাধনাৰ বলত তেওঁ
বিশ্ববিখ্যাত বিজ্ঞানী হ’বলৈ
সক্ষম হৈছিল। সেয়ে লেখকে উল্লেখ কৰিছে যে বিখ্যাত বিজ্ঞানী হ'বৰ কাৰণে কোনো সম্ভান্ত ধনী
পিৰয়ালত ওপজাৰ প্ৰয়োজন নাই। বিশ্বত বহতো ধনী সম্রান্ত লোক আছে যদিও তেওঁলোকৰ ।
পৰিয়ালত এনে মহৎ প্রতিভাসম্পন্ন বিখ্যাত বিজ্ঞানীৰ জন্ম হোৱা নাই। গতিকে ক'ব পাৰি যে নিউটনৰ দৰে এনে
বিজ্ঞানীয়ে সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰিও নিজস্ব মেধা, সাধনা আৰু প্ৰতিভাৰ বলত বিশ্বৰ
বিখ্যাত বিজ্ঞানীৰূপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম। হৈছিল। এনে পৰিস্থিতিতেই লেখকে
উক্ত মন্তব্য কৰিছে।
প্রশ্ন ১৬। ছাৰ আইজাক নিউটনৰ প্রতিভা সম্পর্কে চমুকৈ আলোচনা কৰা
উত্তঃ- ১৬৪২ চনত ছাৰ আইজাক নিউটনৰ জন্ম হয়। নিউটন এটি কৃষক
পৰিয়ালত জন্মগ্রহণ কৰিছিল যদিও নিজৰ প্ৰতিভাৰ বলত তেওঁ কেমব্রিজ বিশ্ববিদ্যালয়ৰ
গণিতৰ অধ্যাপক আৰু বিশ্বৰ বিখ্যাত বিজ্ঞানী ৰূপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। নিউটনৰ
জন্মৰ আগতে দেউতাকৰ মৃত্যু হয় আৰু তেওঁৰ মাকে নিউটনৰ তিনি বছৰ বয়স নৌহওঁতেই
দ্বিতীয় বিবাহপাশত আৱদ্ধ হয়। নিউটনে ককাকৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰিছিল যদিও সোতৰ বছৰ
বয়সত মাকে স্কুলৰ পৰা আঁতৰাই খেতি-বাতিৰ কাম শিকাবলৈ নিউটনক ঘৰলৈ আনিছিল। কিন্তু, সেই কাম নিউটনৰ মনঃপুত নোহোৱাত
মোমায়েকৰ আৰু স্কুলৰ শিক্ষক এগৰাকীয়ে তেওঁৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰে।
কেমব্রিজত
অধ্যয়নৰ কাৰণে মাকে নিউটনৰ পঢ়াৰ খৰচ যোগান ধৰা নাছিল। সেই সময়ত ধনী ভদ্রলোকৰ ল'ৰাৰ লগত একোজন ভৃত্য আছিল আৰু
নিউটনে পঢ়াৰ খৰচ উলিয়াবলৈ এনে ভৃত্যৰ কামো কৰিবলগীয়া হৈছিল। অকলশৰীয়া নিউটনে
কিতাপকেবন্ধু হিচাপে লৈছিল। মাজতে প্লেগ মহামাৰীৰ বাবে বিশ্ববিদ্যালয় বন্ধ থকাত
নিউটন গাঁৱত কটায় আৰু বিস্তৃত অভিজ্ঞতা লাভ কৰে। পিছত তেওঁ কেলকুলাছ আৱিষ্কাৰ কৰে
আৰু মহাকৰ্ষণৰ বিষয়েও গভীৰভাৱে অধ্যয়ন কৰে। কেমব্রিজলৈ ঘূৰি আহি তেওঁ পোহৰ
সম্পর্কে গৱেষণা কৰে। বিজ্ঞানৰ
তত্ত্ব আৰু অগ্রগতি সম্পর্কে আলোচনা কৰিবলৈ ইউৰোপৰ বিভিন্ন দেশত একাডেমি, সমিতি আদি গঠন কৰা হৈছিল। ১৬৬০
চনৰ ২৪ নৱেম্বৰত ‘দ্য
ৰয়েল ছ'চাইটি অব চায়েন্স গঠিত হয় আৰু এই ছ'চাইটিয়ে আধুনিক বিজ্ঞান
বিপ্লৱৰ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। এইক্ষেত্ৰত নিউটনৰ ভূমিকা আছিল অতি
গুৰুত্বপূর্ণ। তেওঁৰ দ্বাৰা ৰচিত প্রিনচিপিয়া’ গ্রন্থখনি ৰয়েল ছ'চাইটিয়ে (১৬৮৭) চনত প্ৰকাশ কৰি
উলিয়ায়। ১৭০৫ চনৰ পৰা মৃত্যু পর্যন্ত নিউটন উক্ত ছ'চাইটিৰ সভাপতি হয়। ১৭২৭ চনত
নিউটনৰ মৃত্যু হয়। প্রিচিপিয়া গ্রন্থত নিউটনে মহাকৰ্ষণৰ নিয়ম আৰু গতিবিজ্ঞানৰ
তিনিটা নিয়মৰ সহায়ত গ্রহ-গতি সম্পর্কে সৰল গাণিতিক ব্যাখ্যা আগবঢ়ায়। নিউটনৰ
নিয়মবোৰ ইমান সৰল যে স্কুলীয়া ছাত্রয়ো নিয়মকেইটা বুজাত জটিলতা অনুভব নকৰে।নিউটনৰ ‘প্রিনচিপিয়া’ গ্রন্থ দুৰূহ হোৱা সত্ত্বেও ইউৰোপৰ
বৌদ্ধিক মহলত এই গ্রন্থই খলকনি তুলিছিল। নিউটনৰ বৈজ্ঞানিক কর্মৰ ফলত সোতৰ শতিকাৰ
শেষৰ ফালে বিদ্বান মহলে বুজি পালে যে বিশ্বখন জটিল হলেও অতি সৰল নিয়মৰ দ্বাৰা
পৰিচালিত হয়। আকাশত থকা চন্দ্র, গ্রহ আদিৰ গতি অতিলৌকিক বা দৈহিক
শক্তিয়ে নিয়ন্ত্রণ নকৰে।১৬৮৪ চনৰ নৱেম্বৰ মাহত নিউটনে ‘On the Motion of
Bodies in an Orbit? শীর্ষক বিখ্যাত গৱেষণাগ্রন্থ ৰয়েল ছ'চাইটিলৈ পঠিয়ায়। হেলিৰ অনুৰোধক্রমে
তেওঁ প্রিচিপিয়া । গ্রন্থৰ ৰচনাৰ কামো শেষ কৰে আৰু ৰয়েল ছ'চাইটিৰ পৰা গ্ৰন্থখন প্রকাশিত
হয়।১৯২৭ চনৰ
২০ মার্চত নিউটনৰ মৃত্যু হয়। ২৮ মার্চৰ দিনাখন ৰাজকীয় সম্মানেৰে ৱেষ্টমিনিষ্টাৰ
এবেইত তেওঁক সমাধিস্থ কৰা হয়। নিউটনক বন্দনা কৰি বহুতো কবিতা,শ্রদ্ধাঞ্জলি ৰচনা কৰা হৈছিল।
তেওঁৰ আৱিষ্কাৰবোৰে সমসাময়িক বৌদ্ধিক জগত
আলোড়ন আৰু বিস্ময়ৰ সূচনা কৰিছিল। নিউটনে প্রস্তাৱিত নিয়মৰ বিশ্বজনীয়তা
অতি সুন্দৰভাৱে প্ৰকাশ কৰি দেখুৱাইছিল।
************
0 Comments