ইন্টাৰনেটৰ তিতা - মিঠা দশমশ্ৰেণী
পাঠভিত্তিক প্রশ্নাবলী ভাব বিষয়ক
প্রশ্ন ১। চমু উত্তৰ লিখা ।
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰঃ- নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ হোৱা বাবে।
(খ) ইণ্টাৰনেট কি?
উত্তৰঃ- কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা। ইয়াক চমুকৈ net (নেট) বুলিও কোৱা হয়।
(গ)
কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰঃ- তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ।
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল ? উত্তৰঃ- দক্ষিণ ভাৰতলৈ ফুৰিবলৈ।
(ঙ) ভাইৰাছ কি ?
উত্তৰঃ- ই এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ
প্ৰগ্ৰেম ।
প্রশ্ন ২। www বা ৱেব কি?
উত্তৰঃ- পৃথিৱী জুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা
পৰম্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াক www অর্থাৎ সম্পূর্ণ ৰূপ world
wide web বোলে। www বা ৱেবত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে
ৱেবৰ পৰা আহৰণ কৰিব পাৰি।
প্রশ্ন ৩। কুঁৱলীয়েই-মেইলৰ জৰিয়তে
বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰঃ- কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু বান্ধৱীসকলৰ পৰা তেওঁলোকৰ
দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভৰ কথা জানিব
পাৰিলে। তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰিলে।।
প্রশ্ন ৪। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ
কৰিলে ?
উত্তৰঃ- ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি
ৰাখিবলৈ ধৰিলে। কুঁৱলীয়ে নানান নতুন অভিজ্ঞতা ইণ্টাৰনেটৰ সহায়ত লাভ কৰিলে।
ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ
বিষয়েও শিকি ল'লে। মনোৰঞ্জনৰ
কাৰণে নীতিকথা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা
চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰি তাই মনটো প্রফুল্ল কৰি ৰাখিব
পাৰিলে । আনহাতে
ইণ্টাৰনেটত অনবৰতে ব্যস্ত থকাৰ কাৰণে ল'ৰা-ছোৱালী, ছাত্র-ছাত্রীৰ পঢ়াশুনা, আন খেলা-ধূলা আৰু ঘৰুৱা কামৰ
প্রতিও একেদৰে অনিহা আহি পৰে, তাৰ ফলত সেইবোৰে ভীষণ ক্ষতি কৰাৰ উপৰি
শাৰীৰিক-মানসিক অনিষ্ট কৰে, — অনবৰতে। মূৰ আদি বিষাই থাকে— এই অতি প্রয়োজনীয় অভিজ্ঞতা
কুঁৱলীয়ে আহৰণ কৰিলে। সেই কাৰণেই তাইৰ মনটো বিষাদগ্রস্ত হৈ পৰিছিল আৰু ইয়াৰ পৰা
উদ্ধাৰ পাবলৈ তাই। শ্বৰনা বাইদেৱকৰ কাষলৈ ঢাপলি মেলিছিল।
প্রশ্নঃ ৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?
উত্তৰঃ-
ভাইৰাছ (virus)ৰ সম্পূৰ্ণ ৰূপ হ’ল "Vital information resources under
seize" ই নিজকে কম্পিউটাৰত থকা
সুস্থ গ্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকে আকৌ মূল ব্যৱহাৰকাৰী দলৰ অজ্ঞাতে বা
অনুমতি নোলোৱাকৈ।
প্রশ্নঃ ৬। “ইন্টাৰনেটৰৰ
মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”—কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ
বিষয়ে পাঠটোৰ আধাৰত বজাই লিখা।
উত্তৰঃ- কথাষাৰৰ বক্তা আছিল বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞানত গৱেষণা
কৰি থকা গৱেষক শ্বাবনা বাইদেউ। ইণ্টাৰনেটৰ সুবিধাখিনিক মিঠা সুবিধা আৰু
অসুবিধাখিনিক তিতা অসুবিধা বোলা হৈছে। ইণ্টাৰনেটত সুবিধাসমূহে মানৱ সভ্যতাক
উন্নতিৰ জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে সীমাহীন
সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলিব লাগিব। এইক্ষেত্ৰত
পূর্ণমাত্রাই সফলতা। তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ
পৰা আঁতৰি। থাকিবলৈ সকলোৱে দৃঢ় প্রতিজ্ঞ হ’ব। ইণ্টাৰনেটৰ বিভিন্ন
ৱেবছাইসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি।
দেশ-বিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ সোৱাদ ল’ব পাৰি। যিকোনো বিষয়ৰে তথ্য
লাভ কৰিব পাৰি। মনোৰঞ্জনৰ কাৰণে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মন-প্রাণ
পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাত উপভোগ কৰিব পাৰি। মুঠতে সমগ্র
বিশ্বব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পঞ্জীভূত হৈ আছে। | ইণ্টাৰনেটৰ অসুবিধা হ’ল, ইয়ে নতুন প্রজন্মক কিতাপৰ
জগতখনৰ পৰা, খেল জগতৰ
পৰা আনকি সমাজৰ পৰাও আঁতৰি থাকিবলৈ বাধ্য কৰায়। তেওঁলোকে সকলোফালেই পিঠি দিয়ে।
ইণ্টাৰনেটৰ জৰিয়তে বহুতো মিছা বাতৰিও প্ৰচাৰ হয়। এই মিছা বা ভুৱা বাতৰিয়ে সমাজত
ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। গতিকে ইণ্টাৰনেটৰ পৰা যাতে এনে পৰিস্থিতিৰ
সন্মুখীন হ'বলগীয়া
নহয় তাৰ বাবে সীমিত আৰু নির্ধাৰিত সময়তহে আৰু নির্দিষ্ট বিষয়সমূহহে অতি
সচেতনাৰে ব্যৱহাৰ কৰিব লাগে।
প্রশ্নঃ ৭। ইন্টাৰনেটৰ
তিতা-মিঠা’ গল্পটোৰ
নামকৰণৰ সার্থকতা বিচাৰ কৰা। -
উত্তৰঃ- ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোত ইণ্টাৰনেট কি এই
সম্পর্কে ছাত্র-ছাত্রীসকলক সাধাৰণভাৱে এটি ধাৰণা দিবলৈ যাওঁতে লেখিকা ড° প্রণয়ী দত্তই ইয়াৰ লগত
সম্পর্কিত অন্যান্য ভালেবোৰ কথাৰো সম্যক জ্ঞান দিব বিচাৰিছে। | ইণ্টাৰনেট ব্যৱহাৰত কিছুমান
সুবিধা আৰু কিছুমান অসুবিধা আছে। সুবিধাবোৰ হ’ল ইয়ে মানৱ সভ্যতাক উন্নতিৰ
জখলাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে সীমাহীন
সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্রভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পুৰামাত্রাই
সফলতা তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া সেই বেয়া দিশবোৰ তথা কু-ব্যৱহাৰৰ পৰা
আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্রতিজ্ঞ হ’ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ
বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিব পাৰি। দেশবিদেশৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ
সোৱাদ ল'ব পাৰি।
যিকোনো বিষয়ৰে তথ্য লাভ কৰিব পাৰি। মনোৰঞ্জনৰ কাৰণে নীতি শিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক-গায়িকাৰ মণপ্রাণ
পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্র
বিশ্ব ব্রহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে পাব পাৰি বুলি বিশেষ
উদাহৰণেৰে লেখিকাই উল্লেখ কৰিছে। ইণ্টাৰনেটক এই সুবিধাসমূহক মিঠা সুবিধা। বোলা
হৈছে।আনহাতে ইণ্টাৰনেটত কিছুমান মাৰাত্মক অসুবিধাও আছে। ইণ্টাৰনেট এনে
আকষণায় আৰু মোহনীয় বস্তু যে ইয়ে নতুন প্রজন্মক কিতাপৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি, খেল জগতৰ পৰা আনকি সমাজৰ পৰাও
বিচ্ছিন্ন কৰি ৰাখে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয়।
এইবোৰ নতুন প্রজন্ম তথা ছাত্র-ছাত্রী আৰু সমাজৰ ভয়ানক ক্ষতিসাধন কৰে। ইণ্টাৰনেটৰ
এনে ক্ষতিৰো একাধিক উদাহৰণ দি লেখিকাই প্রকৃত চিত্র দাঙি ধৰিছে। ইণ্টাৰনেটৰ এনে
অসুবিধা বা ক্ষতিবোৰকেই ইয়াত তিতা অসুবিধা বোলা হৈছে। ইণ্টাৰনেটৰ এই ভাল-বেয়া
তথা তিতা-মিঠা সকলো দিশ গল্পটোত বর্ণিত হৈছে কাৰণে গল্পটোক ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণ সার্থক হৈছে।
প্রশ্ন ৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে
প্রভাৱ পেলাব পাৰে— পাঠৰ
আধাৰত বুজাই লিখা।
উত্তৰঃ- ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অতি
বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। ছাত্র-ছাত্রীসকলে সাধাৰণতে ইণ্টাৰনেটত গেম খেলি বৰ আমোদ
পায়।। ইয়াৰ ফলত সিহঁতৰ পঢ়া-শুনাৰ প্রতি মনোযোগ একেবাৰে কমি আহে। পঢ়াত অতি চোকা
ছাত্ৰ-ছাত্ৰীয়ে দিনটো ইণ্টাৰনেটত গেম খেলাত ব্যস্ত হৈ থাকে। কেতিয়াবা ইয়াত
ব্যস্ত হৈ থাকি স্কুললৈ যাবলৈও অনিচ্ছা প্রকাশ কৰে, ফলত এইসকল চোকা
ছাত্র-ছাত্রীয়েও পৰীক্ষাত বেয়া ফল দেখুৱাবলগীয়া হয়।ইণ্টাৰনেটত ব্যস্ত থাকোতে পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰে।
পৰা ক্ৰমাৎ আঁতৰি আহে। আপোনজনকো মাত এষাৰ দিবলৈ, প্রয়োজনীয় সৌজন্যবোধ।
দেখুৱাবলৈ পাহৰি যায়। অনবৰত ইণ্টাৰনেট ব্যৱহাৰ কৰি থকাৰ কাৰণে শাৰীৰিক, মানসিক । যথেষ্ট ক্ষতি হোৱাৰ
লগতে কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে উটি-ভাঁহি ফুৰা হয়। এলাহভৱ ক্রমে বাঢ়ি আহে।
মূৰ বিষাবলৈ ধৰে আৰু চকুৰ অভাৱনীয় ক্ষতি সাধন হয়। কিতাপ, পত্র, আলোচনী- বাতৰি কাকত আদিৰ লগত
ছাত্র-ছাত্রীৰ সম্বন্ধই নাইকিয়া হৈ পৰে।
অতিৰিক্ত
প্রশ্ন
১। চমু প্রশ্নোত্তৰ
(১) ইণ্টাৰনেটৰ তিতা-মিঠা পাঠটোৰ ৰচক কোন?
উত্তৰঃ- ড° প্রণয়ী দত্ত
(২) ড° প্রণয়ী
দত্তই কি বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰিছিল ?
উত্তৰঃ- ‘মহাজাগতিক
ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ
এই বিষয়ত।
(৩) ড” প্রণয়ী দত্তই অধ্যাপক হিচাপে
গুৱাহাটী বিশ্ববিদ্যালয়ত কোন চনত যোগদান কৰিছিল ?
উত্তৰঃ- ১৯৭৭ চনত ।
(৪) ইণ্টাৰনেটৰ তিতা-মিঠা পাঠটিৰ কেন্দ্রীয় চৰিত্র কোন? উত্তৰঃ- কুঁৱলী নামৰ দশম
শ্রেণীৰ ছাত্ৰীগৰাকী।
(৫) কিহৰ সংযোজন ঘটি Internet'শব্দৰ সৃষ্টি হৈছে?
উত্তৰঃ- 'Interconnection of Networks' এই শব্দকেইটাৰ প্রথম অংশৰ সংযোজন
ঘটি 'Internet' শব্দৰ সৃষ্টি হৈছে।
(৬)
ইণ্টাৰনেটক (Internet) চমুকৈ কি বুলি কোৱা হয় ? উত্তৰঃ- Net (নেট) বুলি কোৱা হয়।
(৭) কিহৰ সমষ্টিয়েই ইণ্টাৰনেট হৈছে?
উত্তৰঃ- হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই
হৈছে ইণ্টাৰনেট ।
(৮) নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ কোনে প্রথম হৈ উত্তীর্ণ হৈছিল ?
উত্তৰঃ- কুঁৱলীয়ে ।
(৯)নৱম
শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ কুঁৱলী প্রথম হৈ উত্তীর্ণ হোৱাৰ কাৰ দেউতাকৰ পৰা কি
উপহাৰ পাইছিল?
উত্তৰঃ- এটি কম্পিউটাৰ ।
(১০) কুঁৱলীয়ে দেউতাকৰ পৰা কি কাৰণে কম্পিউটাৰ উপহাৰ পাইছিল ?
উত্তৰঃ- নৱম
শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ কাৰণে
(১১) কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি ছিল ?
উত্তৰঃ- শ্বেৰন।
(১২)কুঁৱলীৰ
বান্ধৱী শ্বেৰন ক’ত
পঢ়িবলৈ গৈছিল?
উত্তৰঃ- দেউতাকৰ চাকৰি সূত্রে মস্কোলৈ পঢ়িবলৈ গৈছিল ।
(১৩)কুঁৱলীয়ে
কালৈ ই-মেইলৰ শুভাৰম্ভ কৰিছিল?
উত্তৰঃ- তাইৰ মস্কোত পঢ়ি থকা বান্ধৱী শ্বেৰনলৈকে ।
(১৪) বান্ধৱী শ্বেৰনৰ পৰা কুঁৱলীয়ে ই-মেইল কৰি কি সঁহাৰি পাইছিল ?
উত্তৰঃ- মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটার্ছবার্গৰ বহুতো
ৰঙীন ফটোৰ সৈতে শ্বেৰনৰ অভিজ্ঞতা বর্ণনা ।
(১৫)
কুঁৱলীয়ে কিহৰ সোৱাদ ল’বলৈ
উদগ্রীৱ হৈ পৰিছিল? উত্তৰঃ-
ভিডিঅ’ কলিঙৰ সোৱাদ
ল’বলৈ ।
(১৬) কুঁৱলীৰ মনটো কিহে প্রফুল্লিত কৰি ৰাখিছিল ?
উত্তৰঃ- ইণ্টাৰনেটত নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ
পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাই কুঁৱলীৰ মনটো প্রফুল্লিত কৰি
ৰাখিছিল।
(১৭)নেটত
পোৱা কিছুমান বিসংগতি কোনে ধৰা পেলাইছিল? উত্তৰঃ- কুঁৱলীহঁতৰ
শিক্ষক-শিক্ষয়িত্ৰীয়ে ।
(১৮) ইণ্টাৰনেটত পোৱা উৰাবাতৰি সম্পর্কে কুঁৱলীহঁতক কোনে বুজাই
দিছিল ?
উত্তৰঃ- স্কুলৰ ময়ূৰী বাইদেৱে ।
(১৯) মনৰ পৰিৱৰ্তনৰ কথাবোৰ ক'বলৈ কুঁৱলী কাৰ ওচৰলৈ গৈছিল ?
উত্তৰঃ- শ্বাবানা বাইদেউৰ
ওচৰলৈ।
(২০)‘এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই
বিশ্ব ব্রহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে?’– কোনে কাক কৈছিল ?
উত্তৰঃ- শ্বাবানা বাইদেৱে কুঁৱলীক কৈছিল।
(২১) শ্বাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ ই-মেইল কৰিলে?
উত্তৰঃ- তাইৰ সকলো বন্ধু-বান্ধৱীলৈ ।
প্রশ্নঃ ২। কুঁৱলী কি সপোন দেখাত ব্যস্ত আছিল ?
উত্তৰঃ- কুঁৱলীয়ে নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ
হোৱাৰ কাৰণে। দেউতাকে এটা কম্পিউটাৰ উপহাৰ দিব বুলি কৈছিল। এই কথা শুনাৰ পৰাই
কুঁৱলীয়ে। ইণ্টাৰনেট সম্বন্ধে সম্যকভাৱে পঢ়া-শুনা কৰি ইয়াৰ ব্যৱহাৰৰ নিয়ম আৰু
কৌশলবোৰ শিকি ল'লে।
এতিয়া মাত্র ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাই পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি
তাৰে সপোন দেখাত তাই ব্যস্ত আছিল।
প্রশ্নঃ ৩। “যথা
সময়ত কুৱলীৰ সপোনে বাস্তৱ ৰূপ পালে।”- কুঁৱলীৰ কি সপোনে বাস্তৱ ৰূপ
পালে বুজাই লিখা
উত্তৰঃ- নৱম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ কুৱলী উত্তীর্ণ হোৱাৰ
কাৰ, তাইৰ
দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিয়াৰ কথা কোৱাত তাইৰ মনত বৰ ফূৰ্তি লাগিল। তাই
কম্পিউটাৰৰ ব্যৱহাৰ আৰু কৌশলসমূহ পঢ়ি-শুনি সম্যকভাৱে শিকি ল’লে। এতিয়া মাত্র দেউতাকে দিব খোজা
ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পান। কোঠালি কেতিয়া শুৱনি কৰেহি তাৰেই সপোন
দেখাত ব্যস্ত আছিল। তাৰ পিছত যেতিয়া দেউতাকে সঁচাকৈয়ে এটি কম্পিউটাৰ আনি তাইৰ
কোঠালিত থাপিলে তেতিয়া তাই। অনুভৱ কৰিলে তাইৰ সপোনে বাস্তৱ ৰূপ পালে ।
প্রশ্নঃ ৪। “তাইৰ মনটো যেন থৌকিবাথৌ হল।”কাৰ মন কিয় তেনেদৰে।
থৌকি-বার্থেী হ’ল বুজাই
লিখা।
উত্তৰঃ- কুঁৱলীয়ে দেউতাকৰ পৰা উপহাৰ হিচাপে কম্পিউটাৰটো পাই তাত
ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদগ্রীৱ হৈ পৰিল। তাইৰ ভাৱনা সাগৰত বহুতো নজনা কথা
আছে। কম্পিউটাৰটো একান্ত নিজৰ হিচাপে পোৱাৰ পিছত তাইৰ মনটো যেন থৌকি-বাথৌ হল।
কোনটো নজনা কথা আগতে কম্পিউটাৰক সুধিব। ঠিক যেন জোনাক নিশা আকাশ। তৰা গণি আইতাকৰ
কোলাত মূৰ থৈ শুনা সেই সাধু কথাটি— এজনী ৰাজকুমাৰীৰ যাদু থকা
আইনাখনৰ কথাহে— যিখন
আইনাই যিকোনো প্রশ্ন কৰিলেই নিমিষতে উত্তৰ দিয়ে। কম্পিউটাৰটো পাই কুঁৱলীৰো মনত কি
সোধো কি নোসোধো এনে থৌকি বাথৌ লাগিছিল।
প্রশ্নঃ ৫। যাদু থকা আইনাখন কাৰ আছিল আৰু ইয়ে কি কৰে বুলি কৈছে?
উত্তৰঃ- কুঁৱলীৰ আইতাকে তাইক কোৱা এটি সাধুকথাৰ এজনী ৰাজকুমাৰীৰ এই
যাদু থকা আইনাখন আছিল। যিকোনো প্রশ্ন কৰিলেই হেনো এই যাদু থকা আইনাখনৰ পৰা উত্তৰ পোৱা
গৈছিল।
প্রশ্নঃ ৬। ৱর্ল্ড ৱাইড ৱেব’ ধাৰণাটো কত অংকুৰিত হৈছিল ?
উত্তৰঃ- ১৯৮৯ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদার্থ কণিকাৰ
তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত
গৱেষণা কেন্দ্র চার্ণ (European Organisation of Nuclear Research) চমুকৈ CERN ত ‘ৱর্ল্ড ৱাইড ৱেবৰ ধাৰণাটোৰ বীজ
অংকুৰিত হৈছিল।
প্রশ্নঃ ৭। ৱেব বর্তমান অতি জনপ্রিয় হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ- ৱেব বর্তমান অতি জনপ্রিয় হোৱাৰ মূল কাৰণ হ'ল– WWW ত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ' আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে
ৱেবৰ পৰা আহৰণ কৰিব পাৰি।
প্রশ্নঃ ৮। কুঁৱলীয়ে পলকতে ইণ্টাৰনেটৰ পৰা কি আয়ত্ত কৰিলে?
উত্তৰঃ- ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ ৱেব পেজ (Web
Page), ৱেবছাইট
(website), হামপেজ (Home page), ব্রাউজাৰ (Browser)
আদিৰ
বিষয়ে কুঁৱলীয়ে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে ।
প্রশ্নঃ ৯। “সমগ্র
বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইন্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে।” কথাষাৰি বুজাই লিখা। |
উত্তৰঃ- পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা
পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক
ভাণ্ডাৰ হৈছে ৱেব। WWW ত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে
ৱেবৰ পৰা আহৰণ কৰিব পাৰি। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব
পেজ (Web Page), ৱেবছাইট (website), হমপেজ (Home
page), ব্রাউজাৰ
(Browser) আদিৰ। বিষয়েও ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিব পাৰি। মুঠতে কলা, বিজ্ঞান বা আন যিকোনো ক্ষেত্ৰৰে
যি কথা জানিব বিচৰা যায় কম্পিউটাৰত টাইপ কৰিলে- এই সকলো পোৱা যায়; ইণ্টাৰনেটৰ পৰা নিমিষতে সেই সকলো
পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰে। সেই কাৰণেই কোৱা হৈছে সমগ্র বিশ্ব
ব্রহ্মাণ্ডখনেই ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে।
প্রশ্নঃ১০। “এই
বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিলে।”— কিহৰ বিৱৰণে কুঁৱলীক বাৰুকৈয়ে
মোহিত কৰিলে? তাৰ পিছত
তাই কি কৰিলে ?
উত্তৰঃ- কুঁৱলীৰ বান্ধৱী শ্বেৰনে মাক-পিতাকৰ সৈতে ফুৰিবলৈ যোৱা
ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতা বর্ণনা কুঁৱলীলৈ ই-মেইল
কৰি পঠাইছিল। এইবোৰৰ বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিছিল। তাই অনুভৱ কৰিলে
ই-মেইলৰ যোগেদি দেখোন বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা
তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি। সেয়ে তাই শ্বেৰনৰ যোগেদি
পৃথিৱীৰ বিভিন্ন ঠাইত থকা শ্বেৰনৰ বন্ধু-বান্ধৱীসকললৈ ই-মেইল দিয়া আৰম্ভ কৰিলে।
প্রশ্নঃ ১১। কি কথাত কুঁৱলীৰ মাকৰ চিন্তাৰ পাৰাপাৰ নোহোৱা হৈছিল ?
উত্তৰঃ- পূজাৰ বন্ধত কুঁৱলীৰ মাক-দেউতাকে তাইৰ সৈতে দক্ষিণ ভাৰতলৈ
ফুৰিবলৈ যোৱা সিদ্ধান্ত কৰিলে যদিও কেনেকৈ যাব, ক'ত থাকিব, কি কি স্থান দর্শন কৰিব তাকে।
গুণ-গথা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নোহোৱা হৈছিল। কাৰণ টিকট কটা, হোটেল ঠিক। কৰা কোন কোন স্থানলৈ
যাব এইবোৰ ভাবিবলৈ দেউতাকৰ অফিচত এশ এটা কামৰ হেঁচাত একেবাৰেই সময় উলিয়াব নোৱাৰিব
বুলি দেউতাকে খোলাখুলিকৈ কৈছিল।
প্রশ্নঃ ১২। কুঁৱলীয়ে মাক-দেউতাকৰ সমস্যা সমাধানৰ পথ কেনেদৰে
প্রশস্ত কৰিছিল ? বুজাই
লিখা।
উত্তৰঃ- কুঁৱলীৰ পূজাৰ বন্ধত মাক-দেউতাকে তাইৰ সৈতে দক্ষিণ ভাৰতলৈ
ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰিলে যদিও দেউতাকৰ অফিচৰ এশ এটা কামৰ হেঁচাত টিকট কটা, হোটেল ঠিক কৰা, কি কি ঠাই দর্শন কৰিব এইবোৰ ঠিক
কৰাৰ একেবাৰেই সময় নোহোৱাত এক সমস্যাই দেখা দিছিল। এই সমস্যাৰ কাৰণে মাকৰো চিন্তাৰ
পাৰাপাৰ নাছিল। কুঁৱলীয়ে । কিন্তু ইণ্টাৰনেটৰ জৰিয়তে মাক-দেউতাকৰ এই সমস্যাৰ
সমাধানৰ পথ প্রশস্ত কৰিলে। ইণ্টাৰনেটতে কুঁৱলীয়ে টিকট কাটিলে, বিচাৰি বিচাৰি দামে-কামে মিলা
পছন্দ হোটেলো বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেলৰ কোঠালি
আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে। এনেদৰেই কুঁৱলীয়ে মাক-দেউতাকৰ সমস্যা সমাধানৰ পথ
প্রশস্ত কৰিছিল।
প্রশ্নঃ ১৩। “ভ্ৰমণৰ প্রস্তুতি পূর্ণ গতিত
আগবাঢ়ি থাকোতেই হঠাৎ এদিন ঘটিল নহয় । অঘটনটো—– এই অঘটনটো কি আছিল? অঘটনটো কেনেকৈ নিবাৰণ কৰিলে ?
উত্তৰঃ- ইণ্টাৰনেটেৰে ইতিমধ্যে ঠিক-ঠাক কৰা হোটেলৰ পৰা কিবা
চিঠি-পত্ৰ আহিছে নেকি বুজ ল’বলৈ কুঁৱলীয়ে কম্পিউটাৰটো অন কৰিলে।
পিছে কম্পিউটাৰটো কার্যক্ষম কৰিব নোৱাৰিলে, তাত ভাইৰাছ সোমাইছে এয়াই আছিল
অঘটনটো কুঁৱলীয়ে ততাতৈয়াকৈ বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞান বিভাগৰ গৱেষণা কৰি
থকা শ্বাবানা বাইদেউৰ ওচৰ পালেগৈ । বাইদেৱে এণ্টিভাইৰাছ ছফ্টৱেৰ এটা কুঁৱলীৰ
কম্পিউটাৰটোতে অন্তর্ভুক্ত কৰি এই অঘটনটো নিবাৰণ কৰিলে।।
প্রশ্নঃ ১৪। কুঁৱলীয়ে কম্পিউটাৰত কেনেদৰে ব্যস্ত হৈ পৰিছিল লিখা।
উত্তৰঃ- কুঁৱলীয়ে দেউতাকৰ পৰা উপহাৰ স্বৰূপে পোৱা কম্পিউটাৰটোত
ব্যস্ত হৈ থাকিবৰ ভাল পালে। কম্পিউটাৰত নেটৰ জৰিয়তে ধীৰে ধীৰে ৰঙীন জগতখনৰ ভিতৰলৈ
সোমাই পৰিল। তাই যেন কম্পিউটাৰটোৰ লগত আঠাহে লাগি ধৰিলে। স্কুললৈ সাজু হোৱাৰ
আগলৈকে আৰু স্কুলৰ পৰা আহিয়েই হাত-মুখ ধুই নাকে-মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট
খুলি লয়। মাজতে মাত্র স্কুলৰ পৰা কৰিবলৈ দিয়া ‘হমৱৰ্ক’খিনি কৰি লৈ পুনৰ ৰাতিৰ আহাৰ
গ্ৰহণ কৰাৰ আগলৈকে বা কেতিয়াবা তাৰ পিছতো তাই ইণ্টাৰনেটক লৈয়ে। ব্যস্ত হৈ থাকে।
মাকৰ হাক-বচনলৈ তাই কাণ-সাৰ নকৰা হ'ল । স্কুলতো বান্ধৱী এজনীৰ ম’বাইলত সংযোগ থকা ইণ্টাৰনেটৰ
সুবিধা বুজি সোৱাদ ল'বলৈ
চেষ্টা কৰে। বান্ধৱীৰ লগত ফেচবুক, ৱাটছএপ আদিও ব্যৱহাৰ কৰে। এনেদৰেই
কুঁৱলীয়ে কম্পিউটাৰত ব্যস্ত হৈ। পৰিছিল।।
প্রশ্নঃ১৫। পল কোন? পলৰ বিষয়ে বান্ধৱীজনীয়ে কি
কৈছিল ? উত্তৰঃ-
পল হ’ল
কুঁৱলীৰ এজনী বান্ধৱীৰ ভায়েক। বান্ধৱীজনীয়ে ভায়েক পলৰ কথা এনেদৰে কৈছিল—পলে হেনো ইমানকৈ ইণ্টাৰনেটত গেম
খেলিবলৈ আৰম্ভ কৰিছিল যে তাৰ পঢ়া-শুনাৰ প্রতি মনোযোগ একেবাৰে কমি আহিছিল। সুবিধা
পালেই স্কুল খতি কৰি। দিনৰ দিনটো ম'বাইলত গেম খেলাত ব্যস্ত হৈ আছিল
। পঢ়া-শুনাত সৰুতে বেচ নাম কৰা পলে হেনো ছমাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া
কৰিছিল ।
প্রশ্নঃ ১৬। বান্ধৱীৰ পৰা পলৰ বিষয়ে কথাখিনি জানি কুঁৱলীৰ কেনে
ধাৰণা হৈছিল ?
উত্তৰঃ- বান্ধৱীৰ পৰা পলৰ বিষয়ে কথাখিনি জানি অনবৰতে কম্পিউটাৰ, ম'বাইলত ব্যস্ত থকা কুঁৱলীৰো
ধাৰণা হ’ল তায়ো
যেন পৰিয়াল, আপোনজন, ওচৰ-চুবুৰীয়া মানুহ সকলোৰে পৰা
ক্ৰমাৎ আঁতৰি আহিছে। সিদিনা পৰিয়ালসহ অতুল মামাক আহোঁতেও তাই ভালদৰে মাত এষাৰ
দিবলৈকেও সময় নাপালে। ওচৰৰ বিয়া-বাৰু, কাজ-কর্মলৈও যাবলৈ সময় নাপায়।
ৰাস্তাই-ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্রতি সামান্য সৌজন্যবোধ
দেখুৱাবলৈকেও তাই পাহৰি গৈছে। কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনত তাই ব্যস্ত হৈ
পৰিছে। পঢ়া-শুনাৰ প্রতিও তাইৰ আগৰদৰে মনোযোগ নাইকিয়া হৈছে। ঘৰুৱা কাম-বন অথবা
অন্যান্য দায়িত্ব প্রতিও তাই আনমনা হৈ পৰিছে। এলাহভাৱ বেছি। হৈছে, অনবৰতে মূৰটো বিযাই থকা হৈছে।
বাহিৰা কিতাপ, বাতৰি
কাকত, আলোচনী
আদিৰ লগত তাইৰ একেবাৰে সম্বন্ধ নোহোৱা হৈছে এইবিলাক ধাৰণা মনলৈ অহাৰ লগে। লগে
কুঁৱলী বৰ হতাশ হৈ পৰিছিল; মনটো
একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছিল।
প্রশ্নঃ ১৭। শ্বাবানা বাইদেউৰ ঘৰৰ পৰা ঘূৰি আহোঁতে কুঁৱলীয়ে বাটে
বাটে কি ভাবি আহিছিল ?
উত্তৰঃ- ইণ্টাৰনেটৰ জৰিয়তে যে কিছুমান মিছা তথা উৰা বাতৰিও প্ৰচাৰ
হৈ থাকে আৰু সেইবোৰে ব্যক্তি আৰু সমাজৰ ভয়ংকৰ ক্ষতি সাধন কৰিব পাৰে এই কথা
যেতিয়া কুঁৱলীক শ্বাবানা বাইদেৱে বুজাই দিলে তেতিয়া শ্বাবানা বাইদেউৰ ঘৰৰ পৰা
ঘূৰি আহোঁতে বাটে বাটে ভাবি আহিল যে তেতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া-শুনা, খেলা-ধূলা তথা মাক-দেউতাকে
ন্যস্ত কৰা সকলো দায়িত্ব সামৰিহে গ্ৰহণ কৰিব। মাক-দেউতাকে। অনুমতি নিদিয়া কোনো
কার্য ইণ্টাৰনেটত তাই উপভোগ নকৰে। তাৰোপৰি ইণ্টাৰনেটৰ ব্যৱহাৰে যাতে সমনীয়া তথা
বয়োজ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ তিলমানো হ্ৰাস নকৰে তাৰ প্রতি সচেতন হবলৈও তাই
দৃঢ়প্রতিজ্ঞ হল। এই অনাবিল অভিজ্ঞতা তাই উপলব্ধি কৰি সকলো বন্ধু-বান্ধৱীক জনাবলৈ
উদগ্রীৱ হৈ পৰিছিল।
প্রশ্নঃ ১৮। কুঁৱলীয়ে সকলো বন্ধু-বান্ধৱীলৈ কি বুলি ই-মেইল কৰিছিল
?
উত্তৰঃ- শ্বাবানা বাইদেউৰ পৰা কুঁৱলীয়ে অত্যধিক ইণ্টাৰনেট, কম্পিউটাৰ, ম'বাইল ব্যৱহাৰে কৰা ভয়ংকৰ ক্ষতিবোৰৰ
কথা জানি তাই এইবোৰ ব্যৱহাৰত ভীষণ সচেতন হ’ব বুলি দৃঢ় সংকল্প লোৱাৰ লগতে
তাইৰ বন্ধু-বান্ধৱীলৈও ই-মেইল কৰি এইবোৰ কথা জনালে। তাই আশা কৰিলে ইণ্টাৰনেট
ব্যৱহাৰে কাৰো ক্ষতি নকৰক। তাইৰ চিনাকি-অচিনাকি সকলোৱে এহাতে ইণ্টাৰনেটৰ শেৱালি
সুকোমলেৰে মন-প্রাণ পুলকিত কৰক আৰু আনহাতে হয়াৰ কু-প্রভাৱৰ পৰা সকলো মুক্ত হৈ
থাকক-- কুৱলীয়ে এই আশা কৰিলে
********
3 Comments
Please give the lesson's grammar
ReplyDeleteসেয়ে টো
Deleteব্যাকৰণ কেইটা ও দি দিয়া।
ReplyDelete