অৰুণিমা সিনহা-ড° জয়শ্রী
গোস্বামী মহন্ত
ভাৱ বিষয়ক প্রশ্নোত্তৰ
প্রশ্ন ১। চমু উত্তৰ দিয়া
(ক)অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰঃ- ভলীবল খেলত ।
(খ)অৰুণিমা সিনহাৰ ঘৰ ক’ত?
উত্তৰঃ- উত্তৰ প্ৰদেশত ।
(গ) হস্পিতালত থাকোতে অরুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল ?
উত্তৰঃ- হিমালয় শৃংগলৈ উঠাৰ সপোনে ।
(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উত্তৰঃ- এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ
ধৰিছিল, এভাৰেষ্ট
শৃংগ আৰোহণৰ প্রশিক্ষণ ল'বৰ বাবে।
(ঙ)মাউন্ট
এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল ?
উত্তৰঃ- ২০১৩ চনৰ ২১মে’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা
কাল আছিল ।
প্রশ্ন ২। অৰুণিমা সিনহাই ৰে'লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ
মুখামুখি হবলগীয়া। হৈছিল? এই
দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?
উত্তৰঃ- অৰুণিমা সিনহাই ৰে’লযাত্রাৰ সময়ত ৰে'লৰ ডবাৰ ভিতৰত এদল ডকাইতৰ
মখামুখি হ’বলগীয়া
হৈছিল। ডকাইতৰ দলে ডবাটোৰ আন যাত্রীসকলৰ পৰা ভয় দেখৱাই, ডাবি দি টকা-পইচা, সোণৰ আ-অলংকাৰ আদি লুট কৰিছিল।
যাত্রীসকলেও প্রাণৰ ভয়ত সিহঁতক বিনা বাক্যে এই সকলো ডকাইতৰ হাতত অৰ্পণ কৰিছিল।
কিন্তু সেই ডবাটোতে যাত্রীৰূপে যোৱা অৰুণিমা সিনহাই ডকাইতৰ ডাবি ধমকনি আৰু দেখুৱা ভীষণ
ভয়কে কেৰেপ নকৰি সিহঁতে বাৰে বাৰে খোজা সত্ত্বেও নিজৰ গলৰ চেইনডাল নিদিলে। তেওঁ
মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বস্তা
দলিওৱাদি ট্ৰেইনৰ বাহিৰলৈ দলিয়াই দিলে। সেই সময় আন এখন ট্রেইন কাষৰ লাইনেৰে আহি
আছিল আৰু সেই ট্রেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ'ল। ৰে’ল যাত্ৰাৰ সময়ত এই দুর্ঘটনাৰ
তেওঁ মুখামুখি হৈছিল। এই দুর্ঘটনাত তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন
ভৰিও চিৰদিনৰ কাৰণে ঘূণীয়া হ'ল।
প্রশ্ন ৩। অৰুণিমাৰ সপোন পূৰণ
কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায়। কৰিছিল?
উত্তৰঃ- কৰুণভাৱে আঘাতপ্রাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোতে
অৰুণিমা সিনহাৰ মনত হিমালয়ৰ শংগলৈ উঠাৰ সপোন জাগি উঠিছিল। তেওঁ দুর্ঘটনাত এখন ভৰি
চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্রিম ভৰি ল'বলগীয়া হৈছে আৰু আনখন ভৰিত লোৰ
ৰড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। তথাপি এনে অৱস্থাতো
অৰুণিমাই নিজৰ সপোন পূৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী
বাচেন্দ্রি পালৰ ওচৰ পালেগৈ। বাচেন্দ্রি পালে তেওঁৰ সকলো কথা সহমর্মিতাৰে শুনিলে।
ছোৱালীজনীৰ দুচকুৰ সপোন, প্রত্যাহান
আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে
এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন তাইৰ সপোন পূৰণ কৰিব পাৰিব। তেওঁৰ আকাংক্ষা দেখি
বহুজনে এনে কৃত্রিম ভৰিৰে এই দুৰুহ কাম নকৰিবলৈ পৰামর্শ দিছিল যদিও তেওঁ দমি নগ'ল। তেওঁ দুচকুত হেজাৰ সপোন লৈ
বাচেন্দ্রি পালৰ পৰামর্শক্রমে উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগদান
কৰিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী
বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। প্রায় এবছৰকাল একেলেথাৰিয়ে।
বাচেন্দ্রি পালৰ তত্ত্বাৱধানত উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অৰুণিমাই
অনুশীলনত আত্মসমর্পণ কৰিছিল।
প্রশ্ন ৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই
কেনেদৰে অনুশীলন কৰিছিল ? '
উত্তৰঃ- এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই
হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ।
অৰুণিমাৰ মনোবল, সাহস আৰু
আত্মপ্রত্যয়ৰ কথা জানি এখন ভৰিত কৃত্রিমভাৱে লগোৱা আৰু আনখন লোৰ ৰড় লগোৱা ভৰিৰে
এই মানুহজনীক বাচেন্দ্রি পালে সহায় কৰিবলৈ গাতল’লে। তেওঁৰ পৰামর্শমতেই অৰুণিমাই
উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচনপত যোগদান কৰিলেগৈ। তাত বাচেন্দ্রি
পালৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে।শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু
অধ্যাৱসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুর্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ ৰূপান্তৰিত
কৰিবলৈ উঠি-পৰি লাগিছিল। তেওঁ প্রায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ
চেষ্টা অব্যাহত ৰাখি অনুশীলন আত্মসমর্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন
স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনি
ঘণ্টাও লাগিছিল। তথাপি আশা এৰা দিয়া নাছিল অৰুণিমাই ।
প্রশ্ন ৫। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ
অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে?
উত্তৰঃ- লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল
২১,৭৯৮ফুট।
অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হোৱা ভৰি
দুখনৰ অৱস্থা দেখি নিজৰ প্রাণ বচাবলৈ উভতি যাবলৈ পৰামর্শ দিছিল যদিও অৰুণিমাই কোনো
কথা নামানি চেষ্টা অব্যাহত ৰাখিলে। বহু কষ্টৰ মূৰত অৱশেষত অৰুণিমাই লাডাখত থকা
মাউন্ট চামছে কাংৰিৰ ২১,১০৮ ফুট
উচ্চতালৈহে মাত্র আৰোহণ কৰিবলৈ সক্ষম হ’ল। সেই সময়ত বতৰ অত্যন্তভাৱে
প্রতিকূল অৱস্থাত আছিল। বতৰৰ এনে প্রতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউন্ট
চামছেৰ কাংৰিৰ অভিযান অৰুণিমাই সম্পূর্ণ কৰিব নোৱাৰিলে।
প্রশ্ন ৬। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বর্ণনা দিয়া।।
উত্তৰঃ-
এভাৰেষ্ট অভিযানৰ আগতে লাডাখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যর্থ হলেও
অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপোন ভাগি যোৱা নাছিল। এইবাৰ নতুন উদ্যম আৰু মনোবলেৰে
মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা। মাউন্ট এভাৰেষ্টৰ শংগত
থিয় হৈ ফটো তোলাৰ, ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল
অভিজ্ঞতাৰ বিষয়ে। জনোৱাৰ অভিপ্রায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী
আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা
হৈছিল লগত নিয়া অক্সিজেনো প্রায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে
অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনো মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ
যাব পাৰে। তেতিয়া মৃত্যু নিশ্চিত। পিছে কোনো সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ
থাকিল ।বাটত যাওঁতে তেওঁ আঁই দুটাৰ পৰা নিগৰি অহা তেজবোৰ ৰুমালেৰে মচি গৈ
থাকোঁতে বহুতে অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা
নাছিল। প্রচণ্ড পৰিশ্ৰম, অদম্য মনোবল
আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। যাত্রা কৰা দিনৰ অন্তত নিশা প্রায় ৮ বজাত
অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্ট শুংগত পদার্পণ কৰিবলৈ সমৰ্থ
হ'ল। তেওঁৰ
অক্সিজেন শেষ হ’বলগীয়া
হৈছিল। লগত যোৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো
আৰু ভিডিঅ’ ল’বলৈ অনুৰোধ কৰিলে। সপোন পূৰ হোৱাৰ
আনন্দত তেওঁ সেই শিখৰত প্রায় ডেৰঘণ্টা সময় আছিল। তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে ।
প্রশ্ন ৭। “একোগৰাকী
ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি। আন সহস্ৰজনৰ বাবে আশা আৰু
প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।”
—কথাষাৰৰ
যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰঃ- ভিন ভিন সময় আৰু ভিন ভিন
পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ
বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে; এই কথা অসীম সাহস, ধৈর্য, কষ্ট সহিষ্ণু, প্রত্যাহান আৰু আত্মপ্রত্যয়ৰ
প্রতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্রমাণিত কৰিছে। | ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু
অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পর্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম
অর্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যোগাইছে যে নাৰীয়ে সকলো খেলতে
চেষ্টা কৰিলে একোটা আদর্শ হৈ পৰিব। পাৰে। পিছত এটা ৰে’লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত
পৰি দুৰ্ঘটনাত এইগৰাকী প্রতিভাবান নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে
হেৰুৱাবলগীয়া হয়। আনখন ভৰিতো লোৰ ৰড লগোৱা হৈছিল। এখন ভৰিত কৃত্রিম ভৰি লগোৱা
আনখনো বাৰুকৈয়ে ঘুণীয়া হোৱা অৱস্থাতে অৰুণিমা সিনহাই এক অবিশ্বাস্য সপোন দেখিছিল– হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ
জয় কৰাৰ। বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগোৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই
অৰুণিমাৰ মন দমার নোৱাৰিলে। আনকি এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট
অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়ো অৰুণিমাক টলাব। নোৱাৰিলে। অৱশেষত
তেওঁৰ সাহস, আত্মপ্রত্যয়
আৰু মনােবল দেখি বাচেন্দ্রি পালে। অনুশীলনত সহযোগ কৰিলে— প্রশিক্ষণ দিলে আৰু অৱশেষত
এভাৰেষ্ট যাত্ৰাত হোৱা নানান কষ্ট, অসুবিধা, দুয়োখন ভৰিৰে তেজ নিগৰি ওলোৱা অৱস্থাতে
বাৱন্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি রিজয় নিচান উৰুৱাত
গোটেই বিশ্ববাসী আচৰিত হোৱাৰ লগতে অসীম প্রেৰণা লাভ কৰিলে। পংগু হৈয়ো যে মনোবল, সাহস,আত্মপ্রত্যয়, কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে
পৃথিৱীত কৰিব নোৱাৰা কোনো কাম নাথাকে এই কথা অৰুণিমাই প্রমাণ কৰিলে—— যিদৰে বিশেষ সক্ষম ব্যক্তি
হৈয়ো স্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে।
অৰুণিমা সিনহা, ষ্টিফেন
হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্রতিভাৰে যুগে যুগে সকলোকে এনেদৰে প্রেৰণা দি
আহিছে ।
প্রশ্ন ৮।ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত
কৰিছিল?
উত্তৰঃ- পংগু অৱস্থাতো অৰুণিমা সিনহাৰ এভাৰেষ্ট জয় কৰাৰ আকাংক্ষা
তীব্রতৰ হৈ উঠা কালছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত
প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙেও অৰুণিমাক অনুপ্রাণিত কৰিছিল। কৰ্কট ৰোগত
আক্রান্ত। যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি
নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল।
যুৱৰাজে দেখুৱাই দিছিল—মনৰ বল
আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্রতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু
জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ’ব নোৱাৰে। ক্রিকেটাৰ যুৱৰাজ সিঙৰ এই
কথাই অৰুণিমাক ভীষণভাৱে অনুপ্রাণিত কৰিছিল।
প্রশ্ন ৯। চমু টোকা লিখা ?
বাচেন্দ্রি পাল,টেনজিং নৰগে,ষ্টিফেন হকিং
উত্তৰঃ-
- বাচেন্দ্রি পালঃ- ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে তাৰিখে বাচেন্দ্রি পালৰ জন্ম হৈছিল। এওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউন্ট এভাৰেষ্ট বিজয়িনী। ১৯৮৪ চনত এওঁ মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল। বর্তমান এওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত পর্বত আৰোহণ অনুশীলন কেম্পৰ এগৰাকী। প্রশিক্ষক তথা নির্দেশক।
- টেনজিং নৰগেঃ- এইজন ভাৰতীয় নেপালী লোকৰ জন্ম হয় ১৯১৪ চনৰ ২৯ মে’ তাৰিখে। তেওঁ সাধাৰণতে চেপা টেনজিং নামেৰেই জনাজাত আছিল। ইংৰাজ পর্বতাৰোহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে। তেৱেই প্রথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতো আদৰ। সন্মান পায়। ১৯৮৬ চনৰ ৯ মে’ তাৰিখে দার্জিলিঙত টেনজিং নৰগেৰ দেহাৱসান ঘটে ।
- ষ্টিফেন হকিং- ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলণ্ডেত জন্মগ্রহণ কৰা ষ্টিফেন হকিং এগৰাকী বিশেষ সক্ষম পৃথিৱী বিখ্যাত বিজ্ঞানী। অতি মেধাশক্তিসম্পন্ন পদার্থ বিজ্ঞানীজনে গোটেই জীৱন ধৰি এটা অসহনীয় পংগু জীৱন কটাবলগীয়া হৈছিল যদিও তেনেকৈয়ে তেওঁ গৱেষণাৰ কামত অহৰহ ব্যস্ত আছিল। চকা লগোৱা আসনতেই পৃথিৱীৰ বিভিন্ন ঠাইলৈও গৈ তেওঁ বিজ্ঞানভিত্তিক আলোচনা আদিত যোগদান কৰিছিল। তেওঁ কৃষ্ণ গহ্বৰৰ ওপৰত গৱেষণা কৰিছিল। ২০১৮ চনৰ ২৪ মার্চ তাৰিখে এইজনা বিজ্ঞানীৰ দেহাৱসান ঘটে।
ভাষা বিষয়ক প্রশ্নোত্তৰ
প্রশ্ন ১০। সন্ধি ভাঙা
সংশয়,পর্বতাৰোহণ,হিমালয়,প্রত্যাহ্বান,বিপদাপন্ন
উত্তৰঃ-
- সংশয় = সম + শয়ল ।
- পর্বতাৰোহণ = পর্বত + আৰোহণ ।
- হিমালয় = হিম + আলয় ।
- প্রত্যাহ্বান = প্রতি + আহ্বান ।
- বিপদাপন্ন = বিপদ + আপন্ন ।
প্রশ্ন১১। উপসর্গ ভাঙি দেখুওৱা
অনুৰাগ,অনুভৱ,অভিনয়,প্রতিফল
উত্তৰঃ-
- অনুৰাগ = অনু + ৰাগ ।
- অনুভৱ = অনু + ভৱ ।
- অভিনয় = অভি + নয় ।
- প্রতিফল = প্রতি + ফল।
অতিৰিক্ত প্রশ্নোত্তৰ
১। চমু প্রশ্নৰ উত্তৰ দিয়া
(i)
অৰুণিমা
সিনহা’ প্রবন্ধটিৰ
লেখক কোন?
উত্তৰঃ- অৰুণিমা
সিনহা’ প্রবন্ধটিৰ
লেখক ড° জয়শ্রী
গোস্বামী মহন্ত ।
(ii) ড’ জয়শ্রী
গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা। উত্তৰঃ- ড’ জয়শ্রী
গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম হল‘চাণক্য ।
(iii) ড° জয়শ্রী
গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ ড° জয়শ্রী
গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম হল ‘অন্য এক
ৰত্নাকৰ ।
(iv) ড° জয়শ্রী
গোস্বামী মহন্তৰ এখনি শিশু গ্রন্থৰ নাম লিখা। উত্তৰঃ- ড° জয়শ্রী
গোস্বামী মহন্তৰ এখনি শিশু গ্রন্থৰ নাম হল ‘বিশ্বৰ শ্ৰেষ্ঠ সাধ ।
(v) ড’ জয়শ্রী
গোস্বামী মহন্তৰ এখনি প্রবন্ধ সংকলনৰ নাম লিখা।
উত্তৰঃ- ড’ জয়শ্রী
গোস্বামী মহন্তৰ এখনি প্রবন্ধ সংকলনৰ নাম হল ‘অসম
আন্দোলন ও যুগমীয়া চিন্তাৰ প্রতিফলন।
(vi) ড° জয়শ্রী
গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে?
উত্তৰঃ- ড° জয়শ্রী
গোস্বামী মহন্তই ‘এদিনৰ
সংবাদ’ বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে ।
(vii) কোন চনত ভাৰত চৰকাৰে ড° জয়শ্রী গোস্বামী মহন্তক
পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছিল ?
উত্তৰঃ- ২০১৮ চনত ভাৰত চৰকাৰে ড° জয়শ্রী গোস্বামী মহন্তক
পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছিল ।
(viii) অৰুণিমা সিনহা দুর্ঘটনাত পতিত হোৱা ৰেলগাড়ীখন ক’ৰ পৰা ক'লৈ গৈ আছিল?
উত্তৰঃ- লক্ষৌৰ পৰা দিল্লীলৈ গৈ আছিল ।
(ix) ৰে’লযাত্ৰাত
ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল?
উত্তৰঃ- অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডাল ।
(x) “এয়া মায়ে মোক মৰমেৰে দিয়া
আশীর্বাদ।”—অৰুণিমাই
কিহৰ কথা কৈছে?
উত্তৰঃ- অৰুণিমাই গলত পিন্ধি থকা সোণৰ চেইনডালৰ কথা কৈছে।
(xi) অৰুণিমাই ইতিমধ্যে কিহত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম আর্জি থৈছে?
উত্তৰঃ- ভলীবল খেলত ।
(xii) কোন চনত অৰুণিমাৰ ৰে’লযাত্ৰাত দুর্ঘটনাটো ঘটিছিল? উত্তৰঃ- ২০১১ চনত ।
(xiii) ৰে'ল
গাড়ীখনত একেটা ডুবাত থকা আন যাত্রীয়ে কি দিবলৈ অৰুণিমাক ইংগিত দি আছিল?
উত্তৰঃ- ডকাইতক চেইনডাল দিবলৈ।
(xiv) ডকাইতে বাৰে বাৰে ধমক দি চেইনডাল সিহঁতক দিবলৈ কোৱাৰ পিছত অৰুণিমাক
সিহঁতে কি কৰিলে?
উত্তৰঃ- দুজন ডকাইতে অণিমাক দাঙি নি চলন্ত গাড়ীৰ পৰা দুৱাৰ মুখেৰে
বাহিৰৰ। এন্ধাৰলৈ দলিয়াই দিলে।
(xv) অৰুণিমা কিমান সময় ৰে'ল আলিৰ কাষত আঘাতপ্রাপ্ত হৈ পৰি
আচিন?
উত্তৰঃ- প্রায় সাতঘণ্টা।
(xvi) আঘাতপ্রাপ্ত হৈ ৰে'ল আলিৰ কাষত অৰুণিমা পৰি থাকোতে
তেওঁৰ কামেৰে কিমানখন ৰেলগাড়ী পাৰ হৈছিল?
উত্তৰঃ- উনচল্লিশখন ।
(xvii) অৰুণিমাক প্রথমে কোন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল ?
উত্তৰঃ- বেৰিলী হস্পিতালত ।
(xviii) দৰ্ঘটনাটোত অৰুণিমাই চিৰদিনৰ কাৰণে কি হেৰুৱালে ? উত্তৰঃ- এখন ভৰি ।
(xix) হস্পিতালৰ বিছনাত পৰি থাকোতে অৰুণিমাৰ মনত কি সপোন তীব্র হ’বলৈ ধৰিছিল?
উত্তৰঃ- হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন ।
(xx) বাচেন্দ্রি পাল কোন?
উত্তৰঃ- ভাৰতৰ প্ৰথমগৰাকী মহিলা এভাৰেষ্ট বিজয়ী।
(xxi) হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ অৰুণিমা কাৰ ওচৰ পালেগৈ ?
উত্তৰঃ- এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ ওচৰ।
(xxii) নতুন ভৰিখন লগাবলৈ অৰুণিমাক কিমান টকাৰ প্ৰয়োজন হৈছিল ?
উত্তৰঃ- প্রায় যাঠি-সত্তৰ হেজাৰ টকাৰ ।
(xxiii) অৰুণিমাই অনুশীলন কৰিবৰ কাৰণে ক'ত যোগদান কৰিছিল ?
উত্তৰঃ- উত্তৰ কাশীত থকা ‘ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত।
(xxiv) অনুশীলন কেম্পটো কোনে চলাইছিল ?
উত্তৰঃ- টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে।।
(xxv) কাৰ তত্ত্বাৱধানত অৰুণিমাই অনুশীলন চলাইছিল ?
উত্তৰঃ- এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত।
(xxvi) পর্বতাৰোহণত প্রাণ বচাবলৈ অৰুণিমাক উভতি যাবলৈ কোনে পৰামর্শ দিছিল?
উত্তৰঃ- অভিযানত সহায় কৰা শ্বেৰপাজনে ।
(xxvii) মাউন্ট চামছেৰ কাংৰি শিখৰ ক'ত আছিল ?
উত্তৰঃ- লাড়াখত
(xxviii) চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা কিমান?
উত্তৰঃ- ২১,৭৯৮ ফুট ।
(xxix) অৰুণিমাই মাউন্ট চামছেৰ কাংৰিৰ কিমান উচ্চতালৈ উঠিবলৈ সক্ষম হৈছিল ?
উত্তৰঃ- ২১,১০৮ ফুট
উচ্চতালৈ।
(xxx) অৰুণিমাই চামছেৰ কাংৰিৰ সম্পূর্ণ উচ্চতালৈ কিহৰ কাৰণে উঠিব নোৱাৰিলে
?
উত্তৰঃ- অত্যন্ত প্রতিকূল বতৰৰ কাৰণে ।
(xxxi) যুৱৰাজ সিং কোন?
উত্তৰঃ- এগৰাকী প্রখ্যাত ক্রিকেটাৰ ।
(xxxii) কোনজন প্রখ্যাত ক্রিকেটাৰৰ পৰা অৰুণিমাই প্ৰেৰণা পাইছিল ?
উত্তৰঃ- প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙৰ পৰা ।
(xxxiii) ক্রিকেটাৰ যুৱৰাজ সিঙে কি ৰোগত ভূগিছিল?
উত্তৰঃ- কৰ্কট ৰোগত ।
(xxxiv) কষ্টকৰ সময়ছোৱাত আগবাঢ়ি যোৱাত অৰুণিমাক কোনে সহায় কৰিছিল?
উত্তৰঃ- তেওঁৰ ভাতৃ আৰু বাচেন্দ্রি পালে ।
(xxxv) অভিযানৰ সময়ত বাটত অৰুণিমাই কাৰ মৃতদেহ দেখা পাইছিল?
উত্তৰঃ- বহুতো অভিযাত্রীৰ মৃতদেহ ।
(xxxvi) অভিযানৰ বাবে অৰুণিমাহঁতে ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ?
উত্তৰঃ- কাঠমাণ্ডুৰ পৰা ।
(xxxvii) মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান?
উত্তৰঃ- ৮৮৪৮ মিটাৰ ।
(xxxviii) কিমানদিনৰ মূৰত অৰুণিমাই মাউন্ট এভাৰেষ্টশৃংগত উপস্থিত
হৈছিলগৈ?
উত্তৰঃ- যাত্ৰা আৰম্ভ কৰাৰ পৰা বাৱন্ন দিনৰ অন্ত নিশা ৮ বজাত।
(xxxix) অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ তাৰিখটো কি আছিল ? উত্তৰঃ- ২০১৩ চনৰ ২১ মে ।
(XL) এভাৰেষ্ট শৃংগত আৰোহণ কৰি তাত অৰুণিমা কিমান সময় আছিল ?
উত্তৰঃ- প্রায় ডেৰঘণ্টা সময় ।
(XLI) ভাৰত চৰকাৰে অৰুণিমাক কিমান চনত পদ্মশ্রী সম্মানেৰে সন্মানিত
কৰিছিল?
উত্তৰঃ- ২০১৫ চনত।
(XLII) ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰুণিমাই ২০১৫ চনত আৰু কি সন্মান লাভ কৰিছিল?
উত্তৰঃ- টেনজিং নৰগে সন্মান ।
(XLIII) অৰুণিমাই “এমেজিং
ইণ্ডিয়ান এৱাৰ্ড”কাৰ পৰা
লাভ কৰিছিল ?
উত্তৰঃ- ভূতপূর্ব ৰাষ্ট্রপতি ড° এ.পি.জে. আব্দুল কালামৰ পৰা । (XLIV) অৰুণিমাই লিখা কিতাপখন কোনে
উন্মোচন কৰিছিল ? উত্তৰঃ-
ভৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে।
(XLV) কোনেশব্দভেদী শৰ মাৰিবলৈ শিকিবলৈ গোটেই নিশা ঘিটমিটীয়া এন্ধাৰৰ
মাজত অৰণ্যৰ ভিতৰলৈ গৈ কাড় মাৰিবলৈ অভ্যাস কৰিছিল?
উত্তৰঃ- অর্জুনে ।
(XLV) কোন বিশেষভাৱে সক্ষম বিজ্ঞানীয়ে সমগ্র বিশ্ববাসীৰ হৃদয় জয় কৰিব
পাৰিছিল?
উত্তৰঃ- বিশ্ববিখ্যাত বিজ্ঞানী স্টিফেন হকিঙে।
প্রশ্ন ২। ৰেলৈ যাত্ৰাত ডকাইতে চেইনডাল দিবলৈ বাৰে বাৰে অৰুণিমা
সিনহাক ধমক দিয়াত তেওঁ ডকাইতক কি বুলি কৈছিল?
উত্তৰঃ- ‘মই দিব নোৱাৰোঁ
মোৰ ডিঙিৰ চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া
আশীর্বাদ। ইয়াৰ মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল ) মই কোনোমতে তোমালোকক
দিব নোৱাৰো বুলি অৰুণিমা সিনহাই দঢ়তাৰে কৈছিল।
প্রশ্ন ৩। ডকাইতে অৰুণিমাক
পিন্ধি থকা চেইনডাল বাৰে বাৰে দিবলৈ কোৱাতো নিদিয়াত ডকাইতহঁতে কি কৰিলে ?
উত্তৰঃ- ডকাইতহঁতে বাৰে বাৰে চেইনডাল দিবলৈ কোৱাত অৰুণিমাই
নিদিয়াত সিহঁতৰ ভীষণ খং উঠিল। মুহুর্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো
তলকিব পৰাৰ আগতেই অৰুণিমাক ডাং কোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে
বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে ।
প্রশ্ন ৪। ডকাইতে অৰুণিমাক দাঙি নি চলন্ত ৰে'লৰ পৰা দুৱাৰেৰে বাহিৰৰ
আন্ধাৰলৈ দলিয়াই দিয়াত অৰুণিমাৰ কি হৈছিল ?
উতৰঃ- ডকাইত দুজনে অৰুণিমাক চলন্ত ৰে'লৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই
- দিয়াৰ সময়ত ওচৰেৰে আন এখন ৰেলগাড়ী আহি আছিল । অৰুণিমাৰ শৰীৰটো সেই গাড়ীখনত
খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল। অৰুণিমাই প্রাণপণে চিঞৰিলে।
যদিও ৰে'লৰ
ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল। প্রায় সাতঘণ্টা সময়। তেওঁ
ৰে'লৰ আলিৰ
কাষত পৰি ৰ'ল। নিশাৰ
এন্ধাৰত তেওঁক কোনেও দেখা নাপালে । দেখিলে যদিও ভয়তে কোনো আগবাঢ়ি নাহিল। তেওঁ
তাত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে ঊনচল্লিছখন ৰেলগাড়ী পাৰ হৈ গৈছিল। এই দুর্ঘটনাত
তেওঁ এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱালে আৰু বাকীখনতো ডাক্তৰে লোৰ ৰড লগাই দি পিছত খোজ
কঢ়াৰ সবিধা কৰি দিছিল। তেওঁক প্রথমে বেৰিলী হস্পিতালত আৰু পিছত দিলীৰ ‘অল ইণ্ডিয়া। ইনষ্টিটিউট অব
মেডিকেল ছায়েন্স'ত
চিকিৎসা কৰা হৈছিল।
প্রশ্ন ৫। অৰুণিমা দুর্ঘটনাত পতিত হৈ ৰেল আলিৰ কাষত পৰি থকাত
মানুহে কোনেধৰণৰ মন্তব্য কৰিছিল?
উত্তৰঃ- ৰেল পথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত অৰুণিমা পৰি থকা
দেখি। কোনো কোনোৱে ক'লে টিকেট
নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকেট বিচৰাত ৰেলগাড়ীৰ পৰা জাপ মাৰি
দিছিল, কোনোৱে
আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰেল আলিলৈ গৈছিল বুলি মন্তব্য
কৰিছিল।।
প্রশ্ন ৬। অৰুণিমাৰ আকাংক্ষা দেখি বহুজনে তেওঁক কি পৰামর্শ দিছিল?
উত্তৰঃ- অৰুণিমাৰ আকাংক্ষা দেখি বহুজনে এইবুলি পৰামর্শ দিছিল যে
তেওঁৰ কৃত্রিম ভৰি, আনখন
থাকিও নথকাৰ দৰে,–এই
অৱস্থাৰে পর্বতাৰোহণত যিবিলাক অতি কৌশল। আৰু পৰিশ্ৰম, তাত সাফল্য লাভ কৰা তেওঁৰ বাবে
সম্ভৱ নহ'বগৈ। তাতোকৈ
সাধাৰণভাৱে জীৱনটো পাৰ কৰক, এনেবিলাক
কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন কৰিব নালাগে।
প্রশ্ন ৭। অৰুণিমা সিনহাই নিজৰ পংগু অৱস্থাৰেও এভাৰেষ্ট জয় কৰাৰ
পিছত। সকলোৰে প্রতি কি কৈছিল?
উত্তৰঃ- “মই মাত্র
এজনী অৰুণিমা নহয়, মোৰ দৰে
হাজাৰ-বিজাৰ অৰুণিমা আছে, আপোনালোকে
সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা
যোগালে সঁচা অথতি দেশৰ কাম কৰা হ'ব,”— এনেদৰে অৰুণিমাই সকলোৰে প্রতি
কৈছিল।
***********
1 Comments
Dhor jaru dhor bhair answer khini lage
ReplyDelete