প্ৰশস্তি
ৰঘুনাথ চৌধাৰী
১। অতি চমু উত্তৰ দিয়াঃ
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ
নাম লিখা
উতৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল – সাদৰী
আৰু কেতেকী।
(গ)
প্রকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে
উত্তৰঃ নৱ কিশলয় দলে চামৰধুলাই প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে
(ঘ)
মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেমৰ পৰিমল যচা বুলি কবিয়ে কৈছে।
(ঙ) জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে
উত্তৰঃ জল-স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
(চ) মহামহিমৰ গান কিহে গায় বুলি
কবিয়ে কৈছে?
উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।
২। কবিতাটোত কবিয়ে প্রকৃতিক কি
বস্তু টানি আনিছে
লিখা।
উত্তৰঃ কবিতাটোৰ মাজেৰে কবিয়ে আকাশ,অন্তৰীক্ষা, গছ-গছনি, পুল, কিশলয়, কীচক, বাঁহী, চৰাই এই সকলোবোৰ প্ৰকৃতিৰ বস্তু টানি আনিছে।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?
উত্তৰঃ প্রশক্তি শব্দটোৰ অৰ্থ
হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিতাটোৰ মাজেৰে কবিয়ে প্রকৃতিৰ সৌন্দর্য
বর্ণনাৰ মাজেৰে সুন্দৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত কবিয়ে ঈশ্বৰ
ভক্তিৰ স্বৰূপ বিচাৰি পাইছে আৰু সেইবাবে প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশক্তি কৰিছে।
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ
মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰঃ কবিতাটোত চৌধাৰী ‘প্রশক্তি’ কবিতাটো এটি প্রকৃতিবিষয়ক
কবিতা। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। সূৰ্যৰ পোহৰত জিলিকি উঠা গছ বনে প্রকৃতিখনক নৰূপেৰে সজাই তুলিছে। চাৰিওফালে ফুলি উঠা ফুলবোৰে প্রাণ ভৰি নাচিছে। চৰাই-চিৰিকটিৰ গানে যেন চৌদিশে দেৱতাৰহে সন্ধান দিছে। প্রকৃতিৰ সকলো বস্তুৱে যেন তেওঁৰ সন্মুখত অলৌকিকভাৱে দেখা দিছে। প্রকৃতিৰ এই সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে অদৃষ্টৰ অস্তিত্ব দেখিবলৈ পাইছে। কবিয়ে অনুভৱ কৰিছে যে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰভক্তি সোমাই আছে। আৰু তেওঁৰ বাবে এই ঈশ্বৰে হৈছে সুন্দৰ। কবিয়ে সকলো ভক্তকে তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এনেদৰে প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে।
৫। প্রশস্তি’ কবিতাটোৰ মূলভাব লিখা ?
উত্তৰঃ ‘বিহগী কবি’ৰূপে পৰিচিত ৰঘুনাথ চৌধাৰী
অসমীয়া কাব্যজগতৰ এটি উজ্জ্বল নক্ষত্র। প্রকৃতিৰ লগত সংগতি ৰাখি প্ৰকৃতিৰ
উপাদানসমূহক নিজৰ মাজত ধাৰণ কৰি তেওঁ কবিতাসমূহ ৰচনা কৰিছিল। তেখেতৰ প্রকৃতিবিষয়ক
কবিতাসমূহৰ ভিতৰত ‘প্রশস্তি’ এটা উৎকৃষ্ট কবিতা। ‘প্রশক্তি’ মূলতঃ এটা প্রকৃতিবিষয়ক কবিতা।
প্রকৃতিৰ সকলো উপাদান একত্ৰিত কৰি সেই উপাদানবোৰৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰ আৰাধনা
কৰিছে। প্রশস্তি’ৰ অৰ্থ
হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা।সূৰ্যৰ ৰঙীন পোহৰে গোটেই প্রকৃতিখনক দশোদিশে উজ্বলাই তুলিছে।
নতুন কুঁহিপাতে প্রকৃতিক আদৰি আনিছে। ইয়াকে দেখি ফুলেও আনন্দত নাচি উঠিছে। মন্দিৰৰ বা পূজাৰ বাবে উপেক্ষিত ৰবাব ফুলে প্রেম পৰিণয় যাচিছে। চৰাইবোৰে
সুললিত কণ্ঠেৰে সুমধুৰ ৰাগ জুৰিছে। যিয়ে জল-স্থল, অন্তৰীক্ষ সকলোতে দেৱতাৰ সন্ধান
দিছে। কবিতাটোৰ মাজেৰে কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট
বিচাৰিবলৈ আহ্বান জনাইছে। কীচক, বাঁহীয়ে বতাহত স্ৰষ্টাৰ গান গাইছে।
কবিয়ে ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।।
‘প্রশস্তি’ অর্থাৎ আৰাধনা বা গুণানুকীৰ্তন
কৰা। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক
আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে।।
৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
.. উঠা যত মুক্তি পথযাত্রী।'—কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে
বুজাই লিখা।
উত্তৰঃ কবিয়ে গোটেই কবিতাটোৰ
মাজত নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্রকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ
স্বৰূপ সোমাই আছে। কবিয়ে অমৃতৰ সন্তান ঋতুৰাজক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ
বিচাৰিবলৈ আহ্বান জনাইছিল। যাতে ভগৱানক আৰাধনা কৰি সকলো ঈশ্বৰৰ লগত বিলীন হৈ যাব
পাৰে। সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকালৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা
কৈছে।
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান
জনাইছে বুজাই লিখা।
উত্তৰঃ কবিয়ে প্রকৃতিৰ
সৌন্দৰ্যৰ মাজেৰে সুখ অনুভৱ কৰিবলৈ দিছে। কবিয়ে কবিতাটোত প্ৰকৃতিৰ যি মনোমাোহা ৰূপ দাঙি ধৰিছে, সেই ৰূপৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই থকা বুলি কৈছে। প্রকৃতিৰ অংগ কীচক বাঁহীয়ে বতাহত স্ৰষ্টাৰ গান গাই সকলোকে মুগ্ধ কৰি তুলিছে আৰু সেইবাবে প্ৰকৃতিৰ আৰাধনাৰ মাজত ডুবি
থকা ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কৈছে।।
৮। ব্যাখ্যা কৰা ।
(ক) উঠে তৰু শিৰে শিৰে বন বিহংগৰ
ছন্দভৰা সুমধুৰ তান, জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
উত্তৰঃ প্রস্তুত পদ্যাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকাৰ
অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত কবিতা ‘প্রশক্তি’ৰ পৰা লোৱা হৈছে।
উক্ত পংক্তিত কবিয়ে বন বিহংগৰ সুমধুৰ সুললিত গানে মাটি, পানী, আকাশ সকলোতে যেন দেৱতাৰ সন্ধান দিছে- সেই কথাষাৰ কৈছে। প্রশক্তি মূলতঃ এটা প্রকৃতিবিষয়ক কবিতা।
কবিতাটোৰ মাজেৰে কবিয়ে প্রকৃতিৰ আৰাধনা কৰিছে। নন কুহিপাতে প্রকৃতিক ন-সাজেৰে আদৰি
আনিছে আৰু তাকে দেখি বনৰ সকলো বস্তুৱে নৰূপেৰে সাজি উঠিছে। বনৰ চৰাইবোৰৰ সুললিত, সুমধুৰ গানে, গছ-গছনিৰ শিৰে। শিৰে আনন্দৰ লহৰ
সৃষ্টি কৰিছে আৰু এই বন বিহংগৰ। ছন্দ সুমধুৰ গীতে জল, স্থল, অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ
সন্ধান দিছে। সকলো দিশে যেন উৎসৱমুখৰ পৰিবেশ গঢ়ি উঠিছে।
(খ) কৰি দীৰ্ণ ধৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহাকালৰাত্রি ।
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র।
উঠা যত মুক্তি পথযাত্রী।।
উত্তৰঃ প্রস্তুত পদ্যাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ
দ্বাৰা ৰচিত কবিতা ‘প্রশস্তি’ৰ পৰা লোৱা হৈছে।
কবিয়ে অমৃত সন্তানৰূপী মানুহক কালৰাত্ৰিৰ শেষত। মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে।
কবিয়ে গোটেই কবিতাটোৰ মাজেৰে অদৃষ্টৰ সন্ধান উ পাইছে। পুঞ্জীভূত হৈ থকা ক্লেদসমূহ বিদাৰিত হৈছে। লাহে লাহে আন্ধাৰ ৰাতি নাইকিয়া হৈ আহিছে। অমৃতৰ ত পুত্ৰস্বৰূপ পুৰোহিত তথা পথযাত্রী সকলোকে মুক্তি পথ বিচাৰিবলৈ আহ্বান জনাইছে। কাৰণ ঈশ্বৰৰ মাজতে মানুহৰ মুক্তিৰ
পথ সঞ্চিত হৈ থাকে আৰু সেয়েহে কবিয়ে। কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ
কৈছে।।
(গ) মোহন কীচক বেণু অনাহত ছন্দে।
গায় মহামহিমৰ গান, মোহ তন্দ্রালস তেজি উঠা
ভক্তবৃন্দ।
সুন্দৰৰ কৰা ৰূপ ধ্যান।
উত্তৰঃ প্রস্তুত পদ্যাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা'ৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ
দ্বাৰা ৰচিত কবিতা ‘প্রশস্তি’ৰ পৰা লোৱা হৈছে।
কবিয়ে ভক্তবৃন্দক ত্যাগ কৰি সুন্দৰৰ ৰুপ ধ্যান কৰিবলৈ কৈছে।‘প্রশক্তি’ কবিতাটোত কবিয়ে প্রক বর্ণনাৰ
মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ফুল ইত্যাদি সকলোৱে অতি আনন্দেৰে ন-সাজেৰে প্ৰকৃতিক আদৰি
আনিবলৈ সাজু হৈছে। প্ৰকৃতিৰ অংগ স্বৰুপ বাঁহীয়ে বতাহত মহামহিমৰ গান গাই সকলোকে মোহাচ্ছন্ন কৰিছে। আৰু সেয়ে কবিয়ে ভক্তবৃন্দক কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্রকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব লাভ কৰিছে।কবিতাটোত সুন্দৰ বুলি ঈশ্বৰক বুজাইছে আৰু এই ঈশ্বৰৰে অপূৰ্ব ৰূপ
ধ্যান কৰিবলৈ ভক্তবৃন্দক আহ্বান জনাইছে।
১। অর্থ লিখা ?
- কিশলয়ঃ কুঁহিপাত ।
- চিত্তহাৰীঃ মন-প্রাণ হৰি নিয়া।
- অন্তৰীক্ষঃ আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজ দেখা যায়।
- তন্দ্রালসঃ শ্রান্ত ক্লান্ত।
২। বাক্য ৰচনা কৰা ?
- দশোদিশঃ দীপান্বিতাৰ বন্তি পোহৰে দশাোদিশ পোহৰাই তুলিছে।
- উপেক্ষিতঃ গোলাপৰ মাজত কাঁইট সদায় উপেক্ষিত।
- জৰাজীর্ণঃ গাঁওখনত যি এখন বিদ্যালয় আছে, তাৰে জৰাজীৰ্ণ অৱস্থা দেখি ৰীতাই মনত কষ্ট পাইছিল।
- অমৃতঃ ৰামৰ অমৃত তুল্য স্বভাৱটিৰ বাবে সি সকলোৰে অতি প্রিয়।
- মোহঃ তাই বৰ মোহ লগাকৈ কথা কয়।
৩। সমার্থক শব্দ লিখা ?
- তৰুঃ গছ, বৃক্ষ।
- মুক্তিঃ মোক্ষ।
- সুমধুৰঃ শুৱলা
- অভিযানঃ অন্বেষণ।
- ধ্যানীঃ যোগী।
0 Comments