অসমৰ ভূগোল
প্রশ্নোত্তৰঃ
1.
প্রঃ
অসমৰ মাটিকালি, জনসংখ্যা
আৰু জনসংখ্যার ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।
উত্তৰঃ- অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ
আগুৰি
আছে। অর্থাৎ ইয়াৰ মাটিকালি ৭৮,৪৩৮ বর্গকিলোমিটাৰ।২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ
মুঠ জনসংখ্যাৰ ২.৬ শতাংশ লোক অসমত বাস কৰি আছে। অসমৰ মুঠ জনসংখ্যা ৩১২.০৫ লাখ আৰু
ইয়াৰ ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা। প্রতি ১০০০ পুৰুষৰ
বিপৰীতে ৯৫৮ জনী মহিলা আছে। ভাৰতৰ ১৯০১ চনৰ লোকপিয়লৰ তথ্য
মতে অসমৰ জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গকিলোমিটাৰত ৪২ জন সময় আগবাঢ়ি যোৱাৰ লগে
লগে জনসংখ্যা বৃদ্ধি হয় আৰু লগে লগে ইয়াৰ জনসংখ্যা ঘনত্বও বৃদ্ধি পাই থাকে।১৯৪১
চনত অসমৰ জনসংখ্যা ঘনত্ব বাটি প্রতিবর্গ কিলোমিটাৰত ৮৫ জন হয়। ১৯৫১ চনত এই
জনসংখ্যা ঘনত্ব ১০২ জনলৈ বৃদ্ধি পায়। ইয়াৰ পিছত ১৯৯১
চনৰ লোকপিয়লৰ তথ্য অনুসৰি প্রতিবর্গ কিলোমিটাৰত ২৮৬ জন, ২০০১ চনত। ৩৪০ জন আৰু ২০১১ চনত
৩৯৮ জনলৈ বৃদ্ধি পাইছে।
2.
প্রঃ
অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছেচমুকৈ উল্লেখ কৰা।
উত্তৰঃ- ২০১১ চনৰ লোকপিয়ল মতে, অসমৰ ৭৩ শতাংশ লোক শিক্ষিত।
ইয়াৰ পুৰুষৰ শিক্ষিতৰ হাৰ প্রায় ৭৮ শতাংশ। আৰু মহিলাৰ শিক্ষিতৰ হাৰ ৬৭ শতাংশ আকৌ
গাওঁ আৰু নগৰৰ জনসংখ্যাৰ শিক্ষিতৰ হাৰ যথাক্রমে ৭০ শতাংশ আৰু ৭৮ শতাংশ।
3.
প্রঃ
২০১১ চনৰ তথ্যমতে অসমত কেইখন প্রথমশ্রেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?
উত্তৰঃ- ২০১১ চনৰ তথ্যমতে অসমত ৭ খন
প্রথম শ্ৰেণীৰ চহৰ আৰু ৬ খন দ্বিতীয় শ্রেণীৰ চহৰ আছে।প্রথম শ্রেণীৰ চহৰ ৭ খন হ’ল ও গুৱাহটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া ।দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল ও ধুবুৰী, ডিফু, উত্ত লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা।।
4.
প্রঃ ১৯০১
চনৰ পৰা ১৯১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।।
উত্তৰঃ- ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো দ্রুত গতিত
জনসংখ্যা বৃদ্ধি পাই আছে। ১৯০১ চনত অসমৰ মুঠ জনসংখ্যা আছিল ৩,২৮৯, ৬৮০ জন। এই সংখ্যা বাঢ়ি গৈ
১৯৪১ চনত হয় ৬,৬৯৪,৭৯০ জন। ইয়াৰ পৰা দেখা যায় যে
চাৰিটা দহকত অসমৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে। ১৯১১ চনৰ পৰা অসমৰ
জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমে ১৯২১-১৯৩১ দহকত হয়গৈ ১৯.২০ শতাংশ, ১৯৩১-১৯৪১ দহকত হয় ২০.৪০, ১৯৪১-১৯৫১ দহকত ১৯.৯৩ শতাংশ
হাৰে বৃদ্ধি হৈ ১৯৫১ চনত অসমৰ জনসংখ্যা হয়গৈ ৮,০২৮,৮৬৫ জন।
আকৌ ১৯৫১-১৯৬১ ৰ দহকত ৩৪.৯৮ শতাংশ হাৰত আৰু ১৯৬১-১৯৭১ ৰ দহকত ৩৪.৯৫
শতাংশ হাৰত জনসংখ্যা বৃদ্ধি হৈ ২০১১ চনত অসমৰ মুঠ জনসংখ্যা হ্য ৩১,২০৫,৫৭৬ জন।
5.
প্রঃ ভৌগোলিক
অঞ্চলভেদে উপযুক্ত মানচিত্র সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালোচনা কৰা।
উত্তৰঃ- ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণৰ তাৰতম্য
দেখা যায়। সাধাৰণতে যিবোৰ অঞ্চলৰ। প্রাকৃতিক পৰিবেশ অনুকূল নহয় বা যাতায়ত
ব্যৱস্থা উন্নত নহয়, তেনে
অঞ্চলবোৰত জনসংখ্যা সেৰেঙা । আনহাতে যিবোৰ অঞ্চলৰ প্রাকৃতিক পৰিবেশ অনুকূল আৰু
যাতায়ত। ব্যৱস্থা অর্থনৈতিক অৱস্থা উন্নত সেইবোৰ অঞ্চলত জনবসতি ঘন। অসমৰ মুঠ
জনসংখ্যা প্রায় ৮৫ শতাংশ লোক ব্রহ্মপুত্র উপত্যকাত বসবাস কৰে।২০০১ চনৰ লোকপিয়ল
মতে, ব্রহ্মপুত্র
উপত্যকাৰ জনসংখ্যা ঘনত্ব আছিল প্রতিবর্গ কিলোমিটাৰত ১২২০ জন। আৰু ২০১১ চনত হয়গৈ
১৫০২ জন।ব্রহ্মপুত্র উপত্যকাতে আকৌ জনসংখ্যাৰ বিতৰণৰ পার্থক্য দেখা যায়।
ব্রহ্মপুত্র উপত্যকাৰ উজনি অঞ্চলতকৈ মধ্য অঞ্চল আৰু মধ্য অঞ্চলতকৈ নামনি অঞ্চলত
জনসংখ্যা ঘনত্ব অধিক " বৰাক উপত্যকাতো সৰু-বৰ মালভূমি অঞ্চল, যাতায়তৰ সুবিধা, অর্থনৈতিক অৱস্থা আদিৰ বাবে
জনবসতি ঘন। ২০১১ চনৰ তথ্যমতে, ইয়াৰ জনসংখ্যাৰ ঘনত্ব আছিল প্রতিবর্গ
কিলোমিটাৰত ৫৪৫ জন।ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাবি আংলং আৰু
ডিমা-হাছাওজিলা দখনৰ ভূ-প্রাকৃতিক অৱস্থা এতকূল হোৱা বাবে ইয়াৰ জনসংখ্যা কম। ২০০১
চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ঘনত্ব হৈছে প্রতিবর্গ কিলোমিটাৰত ৬৮ জন। এইদৰে ভৌগোলিক অঞ্চলভেদে অসমৰ
জনসংখ্যাৰ বিতৰণত তাৰতম্য আছে।
6.
প্রঃ
অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ উদাহৰণসূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ- অসমৰ জনসংখ্যাৰ ভিন্নতাৰ
কাৰণসমূহহ'ল ?
v
(ক) প্রাকৃতিক পৰিবেশৰ ভিন্নতাঃ- অসমৰ প্রাকৃতিক পৰিবেশৰ ভিন্নতা
আছে। ইয়াৰ কোনো অঞ্চলৰ ভূমি সাৰুৱা, কোনো অঞ্চলৰ ভূমিকম সাৰুৱা উদাহৰণ
স্বৰূপে ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে উপত্যকা দুটাত
জনসংখ্যা ঘনত্ব অধিক ইয়াৰ বিপৰীতে কার্বি আংলং আৰু ডিমা-হাছাও পার্বত্য জিলা
দুখনত যাতায়তৰ সুবিধাৰ অভাৱৰ লগতে সাৰুৱা মাটিৰ অভাৱৰ বাবে জনসংখ্যা ঘনত্ব সেৰেঙা।
v
(খ) যাতায়ত ব্যৱস্থাৰ ভিন্নতাঃ অসমৰ সকলো অঞ্চলত যাতায়ত
ব্যৱস্থা সুচল নহয়।যিবোৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা সুচল সেইবোৰ অঞ্চলত জনসখ্যাৰ
ঘনত্ব। অধিক। উদাহৰণস্বৰূপে ব্রহ্মপুত্র উপত্যকাৰ নগাওঁ, বৰপেটা, গোৱালপাৰা আদি জিলাসমূহত 'জনবসতিৰ ঘনত্ব অধিক। কিন্তু
পার্বত্য জিলা দুখনত যাতায়তৰ সুচল ব্যৱস্থা নথকাৰ কাৰণে জনবসতিৰ ঘনত্ব কম।
v (গ) কৃষিঃ অসমৰ সৰহভাগ লোক কৃষিৰ ওপৰত
নিৰ্ভৰশীল। যিবোৰ অঞ্চলত কৃষিভূমিৰ বাবে সাৰুৱা ভূমিৰ পৰিমাণ বেছি সেইবোৰ অঞ্চলৰ
জনবসতিৰ ঘনত্ব অধিক। উদাহৰ ণস্বৰূপে ব্রহ্মপুত্র উপত্যকা অঞ্চল। ২০১১ চনৰ লোক গণনা
মতে, ব্রহ্মপুত্র
উপত্যকাৰ জনসংখ্যা ঘনত্ব প্রতিবর্গ কিলোমিটাৰত ১৫০২ জন।
v
(ঘ) নগৰৰ ওপৰত ভিত্তি কৰিঃ- নগৰবোৰত সাধাৰণতে গাওঁ
অঞ্চলতকৈ যাতায়ত, শিক্ষা, বেপাৰবাণিজ্য আদিৰ ক্ষেত্ৰত
অধিক সুবিধা থকা বাবে গাওঁ অঞ্চলতকৈ নগৰ অঞ্চলবোৰত জনসংখ্যা ঘনত্ব অধিক।
7.
প্রঃ
২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম
জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাৰ নাম
উল্লেখ কৰা।।
উত্তৰঃ- ২০১১ চনৰ তথ্য মতে, অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা
জিলাখন হ’ল নগাওঁ।
ইয়াৰ মুঠ জনসংখ্যা হ’ল ২৮,২৬, ০০৬ জন। আটাইতকৈ বেছি জনসংখ্যা
ঘনত্ব থকা জিলাখন হ’ল কামৰূপ
(মেট্ৰ') জিলা। ইয়াৰ জনসংখ্যা ঘনত্ব প্রতিবর্গ কিলোমিটাৰত ২০১০ জন।আটাইতকৈ কম জনসংখ্যা থকা জিলাখন
হ’ল ডিমা
হাছাও আৰু আটাইতকৈ কম জনসংখ্যা ঘনত্ব থকা জিলাখনো হ’ল ডিমা-হাছাও ইয়াৰ জনসংখ্যা
ঘনত্ব প্রতিবর্গ কিলোমিটাৰত ৪৪ জন।
8.
প্রঃ
অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ- অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ
প্ৰধানকৈ দুটাঃ-
জনসংখ্যাৰ প্রাকৃতিক
বৃদ্ধি আৰু জনপ্রব্রজন।
(ক) জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিঃ জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি
জন্ম আৰু মৃত্যৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যৰ হাৰ ভাৰতৰ
গড় হাৰৰ মাজত পার্থক্য নাই। অসমৰ মৃত্যৰ হাৰৰ তুলত জন্মৰ হাৰৰ আধিক্যৰ বাবে অসমৰ
জনসখ্যা বৃদ্ধি পাই আছে।
(খ) জনপ্ৰব্ৰজনঃ- অসমৰ জনসংখ্যা বৃদ্ধিৰ আন এক মূল কাৰণ হৈছে বাহিৰৰ পৰা
অসমলৈ ঘটা জনপ্রব্রজন ১৮২৬ চনৰ পৰা অসমলৈ সময়ে সময়ে কম-বেছি। পৰিমাণে আজিলৈকে
বাহিৰৰ পৰা বিশেষকৈ ভাৰতৰ আন। আন প্রদেশৰ পৰা বেহা-বেপাৰ আৰু কর্ম সংস্থাপনৰ
উদ্দ্যেশ্যে প্রব্রজন ঘটাৰ উপৰিও বাংলাদেশৰ পৰাও অসমলৈ সময়ে সময়ে জনপ্রব্রজন ঘটি
অসমৰ জনসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে।।
9.
প্রঃ
অসমলৈ প্রাচীন কালৰ ৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে
উল্লেখ কৰা।
H.S.L.C. 2018
উত্তৰঃ- অসমলৈ প্রাচীন কালৰ পৰা
বৰ্তমানলৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাধিক্রমে এনে ধৰণৰ – অষ্টিক জনগোষ্ঠী, মংগোলীয় জনগোষ্ঠী, ককেছীয় জনগোষ্ঠী, আর্যমূলৰ ইছলাম ধৰ্মীয় লোক, আহোমসকল, চাহজনজাতিৰ লোক আৰু বাংলাদেশৰ
পৰা অহা লোক।
10. প্রঃ অসমৰ আহোমসকলৰ জনগোষ্ঠীৰ
পৰিচয় দাঙি ধৰা।।
উত্তৰঃ- অসমলৈ প্ৰব্ৰজন কৰা এক জনগোষ্ঠী হ'ল। আহোমসকল আহোমসকল মূলতঃ মংগোলীয়
জনগোষ্ঠীৰ লোক ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ
পৰা পাটকাই পর্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। তেওঁলোকে প্রথমতে উজনি অসমত থিতাপি লৈ
আহোম ৰাজ্য স্থাপন কৰে পিছলৈ সিহঁতে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ অধীনলৈ নি
শাসন কৰিবলৈ লয়।আহোমসকলে অসমত ১২২৮ খ্রীষ্টাব্দৰ পৰা ১৮২৬ খ্রীষ্টাব্দলৈ প্রায়
ছয় শ বছৰ ৰাজত্ব কৰে।
11. প্রঃ পৰিবহন ব্যৱস্থাই অসমৰ
অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।।
উত্তৰঃ- পৰিবহন ব্যৱস্থা অর্থনৈতিক উন্নয়নৰ এক অপৰিহার্য
উপাদান বুলি গণ্য কৰা হয় কাৰণ পৰিবহণ ব্যৱস্থাৰ যোগেদি বিভিন্ন অঞ্চলৰ মানুহৰ
মাজত যোগাযোগ স্থাপন হোৱাৰ উপৰিও সম্পদ, কাৰিকৰী জ্ঞান, সভ্যতা-সংস্কৃতি আদিৰ
আদান-প্রদান হয়।অসমৰ
পৰিবহ্ন ব্যৱস্থা চাৰি ভাগত ভাগ কৰিব পাৰি যেনেঃ- স্থল পৰিবহন, জল পৰিবহণ, ৰেল পৰিবহণ আৰ। বায়ু পৰিবহণ।
অসমত মুঠ পথৰ দৈঘ্য ২৪৫৮, ৯৩ কিলোমিটাৰ।
বৰ্তমান অসমৰ প্ৰতিখন জিলাত ৰেল পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। ৰেল পৰিবহণে অসমৰ
ব্যৱসায়-বাণিজ্যত এক বিশেষ অৰিহণা যোগাই অসমৰ অর্থনৈতিক উন্নয়নত যথেষ্ট সহায়
কৰিছে।অসমৰ জল
পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ পৰিবহন ব্যৱস্থা। অসমৰ, প্ৰধানকৈ ব্ৰহ্মপুত্র নদীত
জলপৰিবহণ ব্যৱস্থাৰ সুচল ব্যৱস্থা আছে যদিও বৰাক নৈ আৰু অন্যান্য উপনৈ বোৰেদিও
কিছু পৰিমাণে জল। পৰিবহণৰ সুবিধা আছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্রহ্মপুত্র
নদীয়েদি ৮৯১ কিলোমিটাৰ জলপথৰ ব্যৱস্থা আছে। এই জলপৰিবহণে ব্যৱসায়-বাণিজ্যৰ বাবে
বয়বস্তু অনা-নিয়া কৰাত সহায় কৰি অর্থনীতিত এক বিশেষ অৰিহণা যোগাইছে।অসমত বিমান পৰিবহন ব্যৱস্থাও
কিছু উন্নত হৈছে। অসমৰ গোপীনাথ বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় বিমান বলৈ উন্নীত
হৈছে। এই বিমান বন্দৰৰ যোগেদি গোটেই বিশ্বৰ লগত যোগাযোগ সম্ভৱ হৈছে। অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ
দুৱাৰমুখ এই দুৱাৰমুখৰ জৰিয়তে ভাৰতবৰ্ষৰ লগত উত্তৰ-পূৱৰ ৰাজ্যসমূহ সংযোগ স্থাপন
হৈছে। সেয়ে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগত উত্তৰ-পূৱ ভাৰতৰ অর্থনৈতিক উন্নয়ন
ওতঃপ্রোতভাৱে জড়িত হৈ আছে।
12. প্রঃ অসমৰ জলপৰিবহণৰ বিষয়ে এটি
চমু টোকা লিখা।।
উত্তৰঃ- অসমৰ জলপৰিবহণ ব্যৱস্থা
মূলতঃ আভ্যন্তৰীণ। অসম এখন নদী মাতৃক দেশ। অসমৰ জলসম্পদ বুলিলে প্রধানকৈ
ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখনৰ লগতে এই নদী দুখনৰ বহু উপনৈসমূহক সামৰি লয়।
শদিয়াৰ পৰা ধুবুৰীলৈ ব্রহ্মপুত্র নদীৰ ৮৯১ কিলোমিটাৰ জলপথ আছে। বৰাক নদীৰ জলপথৰ
দৈর্ঘ্য মুঠ ১২১ কিলোমিটাৰ। ১৯৮৮ চনত দেশখনৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে
ব্রহ্মপুত্র জলপথ স্বীকৃত হৈছে। এই জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ অর্থনৈতিক
উন্নয়নত অৰিহণা যোগাই আহিছে। আনহাতে বৰাক নদীৰ পখিপুৰৰ পৰা ভাংগালৈ মুঠ ১২১ কিলোমিটাৰ
নব্য জলপথছোৱাক চৰকাৰে ২০১৩ চনত ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে এই
জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত অতি কম খৰচতে আৰু কম সময়তে নাগালেণ্ড, মিজোৰাম, মণিপুৰ,ত্রিপুৰা, অৰুণাচল প্রদেশ অর্থনৈতকি
উন্নয়নত অৰিহণা যোগাইছে। অসমৰ ব্ৰহ্মপুত্র নদীত কেইবাটাও
বন্দৰ থকাৰ উপৰিও ৩০ টাতকৈ বেছি ফেৰীঘাট আছে। বর্তমানলৈ ব্রহ্মপুত্র। আৰু বৰাক নদী
আৰু ইয়াৰ উপনৈসমুহত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬খন ফেৰী
চলাচল কৰি আছে। ইয়াৰ উপৰি ব্যক্তিগত মালিকাধীন ভালেমান ফেৰী সেৱা আৰু ভুটভুটী নাও
সেৱা অসমৰ নদীসমূহেদি চলি আছে।
13. প্রঃ অসমৰ পৰিবহণ ব্যৱস্থাৰ
উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ- অসমৰ পৰিবহণ ব্যৱস্থাৰ
উন্নয়নৰ অৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ তলত উল্লেখ কৰা হ’লঃ-
ü
(ক) পাহাৰ, মালভূমি, সমভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ
অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট
অসুবিধাৰ সৃষ্টি হৈছে।
ü
(খ) অসম
ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূ-খণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে বাবে পৰিবহণৰ
ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
ü
(গ)
বাট-পথ নির্মাণৰ বাবে অসমৰ মাটিৰ গুণাগুণ। সিমান উন্নত নহয়। তাৰোপৰি বাৰিষা কালত
প্ৰচুৰ বৰষুণ হোৱা বাবে বাট-পথ সহজে নষ্ট হয়। ফলস্বৰূপে অসমৰ পৰিবহণ ব্যৱস্থাই
দুর্যোগৰ সন্মুখীন হৈ আছে।।
ü
(ঘ)
ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন। কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছপৰি আছে
ইয়াৰ প্রধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণ ব্যৱস্থ ওদ্যোগিক বিকাশ ত্বৰান্বিত
হলে সমান্তৰালভাৱে অসমৰ পৰিবহণ ব্যৱস্থাও উন্নত হ'ল হেঁতেন।
ü
(ঙ) অসমত
পর্যটন উদ্যোগৰ বিকাশৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই পর্যটন
উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাৱে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাও
উন্নত হব।
14. প্রঃ সম্পদ বলিলে কি বুজায়? অসমৰ প্রধান প্রাকৃতিক
সম্পদৰবাৰ কি কি? H.S.L.C.2018
উত্তৰঃ- যিবোৰ বস্তু বা সামগ্ৰীৰ উপযোগিতা আছে আৰু মানুহৰ অভাৱ পূৰণ
কৰিব পাৰে তাকে সম্পদ বোলে।অসমৰ প্ৰধান সম্পদবোৰ চাৰি ভাগত ভাগ
কৰিব পাৰি যেনেঃ
ü (ক) ভূমি সম্পদ
ü (খ) খনিজ সম্পদ
ü (গ) বনজ সম্পদ আৰু
ü
(ঘ) জল সম্পদ।
15. প্রঃ অসমৰ প্রধান তৈলক্ষেত্ৰবোৰ
উল্লেখ কৰা।
উত্তৰঃ- অসমৰ প্রধান তৈলক্ষেত্ৰবোৰ
হলঃ ডিগবে, নাহৰকটীয়া, মৰাণ, হুগ্রীজান, ৰুদ্ৰসাগৰ, লাকোৱা,গেলেকী, বহেলা আৰু আমগুৰি।
16. প্রঃ অসমৰ জলসম্পদৰ বিষয়ে
চমুকৈ লিখা।।
উত্তৰঃ- অসম জলসম্পদত চহকী ব্রহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহে দেশৰ
প্রায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰু-ডাঙৰ পিতনি আৰু জলাৰ
উপৰিও প্রায় তিনি হাজাৰৰো অধিক আর্দ্রভূমি আছে এইবোৰত প্ৰধানকৈ নানা প্রকাৰৰ মাছ
আৰু ভিন ভিন প্রজাতিৰ জলজ উদ্ভিদ আছে। সমভূমি অঞ্চলত ভূপৃষ্ঠৰ পৰা প্রায় ৫ মিটাৰ
গভীৰতাৰ ভিতৰত ভূ-তল জলস্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা
আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ হয়।
17. প্রঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ
অৱক্ষয়ৰ কাৰণবোৰ কি কি?
উত্তৰঃ- অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ হ’লঃ-
ü (ক) জনসংখ্যা বৃদ্ধি
ü (খ) বনাঞ্চল, জলাশয় আদিৰ পৰা কৃষিভূমিৰ
সৃষ্টি,
ü (গ) মানুহে ঘৰবাৰী সজোৱাৰ বাবে
বনাঞ্চলৰ কাষৰীয়া অঞ্চলৰ ব্যৱহাৰ।
ü (ঘ) পৰিবহণ উদ্যোগ আৰু
শক্তিখণ্ডৰ বাবে অত্যধিক হাৰত বনজ সম্পদৰ ব্যৱহাৰ আৰু
ü
(ঙ) নগৰীকৰণ।
18. প্রঃ বর্ধিত জনসংখ্যাই
প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?
উত্তৰঃ- অসমত জনসংখ্যা দ্রুতগতিত
বৃদ্ধি হৈ আছে ফলস্বৰূপে প্রাকৃতিক পৰিবেশৰ ওপৰত জনসংখ্যাৰ হেঁচা বাঢ়ি আছে।
বর্ধিত জনসংখ্যাৰ প্রয়োজন পূৰণ কৰিবলৈ কোনো কোনো ঠাইত হাবি-জঙ্গল ছাফা কৰি আকৌ
কোনো কোনো ঠাইত জলাশয় পুতি মানুহেবসতি স্থাপন কৰিছে। সাৰুৱা আৰু পলসুৱা কৃষি
ভূমিও মানুহৰ বসতি হিচাপে ব্যৱহাৰ কৰাৰ ফলত কৃষি ভূমিৰ সংকটে দেখা দিছে। এইদৰে
জনবসতি সম্প্রসাৰণ হোৱাৰ ফলত বনাঞ্চল। আর্দ্রভূমি, জলাশয়, কৃষিভূমি আদি মূল্যবান সম্পদবোৰ
ক্রমে হ্রাস পাই আছে।বনাঞ্চল হ্রস হোৱাৰ ফলত ভূমি স্থলন, ভূমিক্ষয় আদিৰ পৰিমাণ বৃদ্ধি
পাইছে। আনহাতে বর্ধিত জনসংখ্যাৰ বাবে অধিক খাদ্য শস্য উৎপাদনত গুৰুত্ব দিয়া বাবে
অৰণ্যভূমি কমি আহিছে। আকৌ অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত ৰাসায়নিক সাৰ প্রয়োগ,কীটনাশক দ্রব্য আদিৰ প্ৰয়োগ কৰিবলৈ
লোৱাত মাটিৰ গুণাগুণ হ্রস পাইছে।এনেদৰে বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদ ওপৰত বিৰূপ প্ৰভাৱ
পেলাইছে।
19. প্রঃ অসমৰ বৃহৎ জনসংখ্যা
ৰাজ্যখনৰ বোজা (সমস্যা)নে
সম্পদ ? আলোচনা কৰা।
উত্তৰঃ- অসমত প্রাকতিক কাৰণ আৰু বহিৰাগত প্ৰব্ৰজনৰ বাবে
দ্রুতগতিত ইয়াৰ জনসংখ্যা বৃদ্ধি পাই আছে। এই বৃহৎ জনসংখ্যাই ৰাজ্যখনৰ এক বোজা স্বৰূপ
হৈ পৰিছে। জনসংখ্যা বৃদ্ধিৰ ফলত কষিভূমিৰ ওপৰত হেঁচা পৰিছে। খাদ্য শস্যৰ নাটনিয়ে
দেখা দিয়াত মানুহে হাবি-জঙ্গল ছাফা কৰি অৰণ্য ধবংস কৰিছে। মটৰ গাড়ী, ৰাস্তা-ঘাট আদিত জনসমাগম বৃদ্ধি
পাইছে। বর্ধিত জনসংখ্যাৰ অভাৱ। পূৰণ কৰিবলৈ ৰাজ্যখনত নতুন নতুন উদ্যোগ -কাৰখানা
স্থাপন হৈ আছে। উদ্যোগৰ পৰা নিৰ্গত ধোঁৱা, ছাই, পেলনীয়া বর্জ পদার্থই ৰাজ্যখনৰ
বায়, পানী, মাটি আদি প্ৰদূষিত কৰি আছে। সেই
অনুপাতে পৰিবেশ
সংৰক্ষণ। কৰাৰ কাৰণে কোনো ধৰণৰ গঠনমূলক আঁচনি কার্যকৰী হৈ উঠা নাই। গতিকে ক’ব পাৰি অসমৰ বর্ধিত জনসংখ্যা।
ৰাজ্যখনৰ বাবে এক বোজা স্বৰূপ হৈ পৰিছে।
অসমৰ ভূগোল সমাজ বিজ্ঞান দশমশ্ৰেণীৰ |
20. প্রঃ অসমত মানৱ সম্পদ গঢ়িবলৈ
কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ?
উত্তৰঃ- মানৱ সম্পদ হৈছে দেশ এখনৰ শ্রেষ্ঠ সম্পদ। মানৱ
সম্পদৰ উপযুক্ত বিকাশৰ ওপৰত দেশ এখনৰ প্রগতি নিৰ্ভৰ কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি
অসমৰ জনসংখ্যা প্রায় ৩১ নিযুত। কিন্তু অসমৰ মানৱ সম্পদ প্রকৃতাৰ্থত সম্পদ হোৱা
বুলি ক'ব নোৱাৰি।
কাৰণ দেশ এখনৰ জনগণ সম্পদত পৰিণত হ'বলৈ তলত দিয়া বিষয় কেইটাত
বিশেষ গুৰুত্ব দিব লাগিব –
(ক) মানৱ
সম্পদ গঢ়িবলৈ দেশৰ জনসাধাৰণক উপযুক্ত শিক্ষা দীক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব।
কিন্তু আজিৰ বিজ্ঞানৰ চৰম যুগতো অসমত শিক্ষিতৰ হাৰ শতাংশৰ ঘৰ পোৱাহি নাই। আজিও
অসমৰ ২৭ শতাংশ লোক সম্পূর্ণ নিৰক্ষৰ।।
(খ) মানুহক
সম্পদ হিচাপে গড় দিবলৈ হ'লে
প্রতিজন লোক শিক্ষিত হোৱাৰ লগে লগে উপযুক্ত কর্মসংস্থাপন দিব লাগিব। কিন্তু আজি
অসমত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে।বহুত শিক্ষিত যুৱকযুৱতী উপযুক্ত উচ্চ
শিক্ষাৰে শিক্ষিত হৈয়ো কর্মহীন হৈ ঘৰতে বহি আছে।
(গ)
বর্তমানৰ শিক্ষা পদ্ধতি ত্রুটিপূর্ণ। আমাৰ শিক্ষা পদ্ধতি তাত্ত্বিকহে; কাৰিকৰী শিক্ষা দিশটো আজিও
উপেক্ষিত হৈ আছে। ফলত ছাত্ৰ-ছাত্ৰীসকল কর্মমুখী শিক্ষাৰ পৰা বঞ্চিত হৈ নিবনুৱা হৈ
বহি আছে। গতিকে উপযুক্ত মানৱ সম্পদ গঠন কৰিবলৈ ৰাজ্যখনৰ শিক্ষা বিষয়। আৰু শিক্ষা
পদ্ধতি সলনি কৰি কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ বাবে অধিক কাৰিকৰী
শিক্ষানুষ্ঠান গঢ়ি তুলিব লাগিব।
(ঘ) মানৱ
সম্পদ গঢ়িবলৈ সকলো মানুহক কমায় কৰিব লাগিব। দেশৰ প্রাকৃতিক সম্পদৰ উপযুক্ত
ব্যবতা কৰিব লাগিব তাৰ বাবে দেশত শিল্প-উদ্যোগ গঢ়ি তলিস লাগিব।
(ঙ)
নিবনুৱাসকলে কর্মত প্রবৃত হব পৰাকৈ সিহঁতক মূলধনৰ যোগান ধৰিব লাগিব।
21. প্রঃ অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ
ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ- অসম এখন কৃষি প্রধান ৰাজ্য। ইয়াৰ ৭৫ শতাংশ লোক
কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিয়েই হৈছে অসমৰ অর্থনীতিৰ মূল চালিকা শক্তি। অসমৰ অর্থনৈতিক
উন্নতিত। কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে।অসমৰ কৃষিখণ্ডৰ জৰীপৰ মতে, ২০১০-২০১১ বৰ্ষত ২৮.১১ লাখ
হেক্টৰ মাটিত খেতি কৰা হৈছিল। অর্থাৎ অসমৰ মুঠ ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল।
অসমত প্রধানকৈ তিনিপ্রকাৰৰ খেতি কৰা হয় সেইবোৰ হ'লঃ- শালিধান, আহুধান আৰু বড়ো ধান। ধানৰ
উপৰিও ঘেঁছ গোমধানৰ লগতে নানা ধৰণৰ মাহ জাতীয় শস্যৰ খেতি কৰা হয়। ২০১১ বৰ্ষত মুঠ
০.৭৬ লাখ মেট্রিক টন শস্য উৎপাদন কৰা হৈছিল। অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষি খণ্ডৰ
পৰাই লাভ কৰা হয়।
22. প্রঃ অসমৰ কৃষি জলবায়বীয়
অঞ্চল কেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
উত্তৰঃ- অসমৰ মুঠ কৃষি জলবায়বীয় অঞ্চল ৬ টা যেনেঃ-
(ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সমভূমি অঞ্চলঃ এই অঞ্চলটোত দৰং জিলাৰ সৈতে
মুঠ পাঁচখন জিলাত মুঠ ৫৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হয়। ইয়াৰ ৩.৩৬ লাখ হেক্টৰ মাটিত বছৰত এটাতকৈ
অধিক শস্যৰ খেতি কৰা হয়।।
(খ) নামনি ব্রহ্মপুত্র অঞ্চলঃ- এই অঞ্চলটো কামৰূপকে ধৰি নামনি
অসমৰ দহখন জিলাকসামৰি লৈছে। ইয়াৰ মুঠ ৯.৩০ লাখ হেক্টৰ মাটিত খেতি কৰা হয়।
(গ) মধ্য ব্রহ্মপুত্র সমভূমি অঞ্চলঃ- মধ্য ব্রহ্মপুত্র উপত্যকা
অঞ্চলত ৩.২৮ লাখ হেক্টৰ ভুমিত খেতি কৰা হয়। ইয়াৰ ০.৮৬ লাখ হেক্টৰ ভূমিত এটাতকৈ
অধিক শস্যৰ খেতি কৰা হয়।
(ঘ) উজনি ব্রহ্মপুত্র অঞ্চলঃ এই অঞ্চলটোত মুঠ। ৬.২০ লাখ
হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.৯৮ লাখ হেক্টৰ ভূমিত এটাতকৈ অধিক শস্যৰ খেতি
কৰা হয়।
(ঙ) বৰাক উপত্যকা অঞ্চলঃ- বৰাক উপত্যকা | অঞ্চলটোৱে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাক
সামৰি লৈছে। এই অঞ্চলত মুঠ ২.৪ লাখ হেক্টৰ ভূমিত
খেতি কৰা হয়। ইয়াৰ ১.০২ লাখ হেক্টৰ ভূমিত এটাতকৈ অধিক
শস্যৰ খেতি কৰা হয়।
(চ) পার্বত্য অঞ্চলঃ- কাৰ্বি আংলং আৰু ডিমা-হাছাও জিলা দুখনক সামৰি পার্বত্য
অঞ্চলটোত মুঠ ১.৫৪ লাখ। হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০১ লাখ হেক্টৰ। ভুমিত
এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
23. প্রঃ অসমত কি কি ধানৰ খেতি কৰা
হয় ? এইকেইটাৰ
বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- অসমত প্ৰধানকৈ তিনি প্রকাৰ ধানৰ খেতি কৰা হয়। তলত এইবোৰৰ
বিষয়ে চমুকৈ আলোচনা কৰা হ'লঃ-
ü
(ক)শালি ধানঃ অসমত শালি ধানৰ খেতি অধিক বিস্তৃত পৰিমাণে কৰা হয়। অসমৰ
মুঠ ধান খেতিৰ প্রায় ৭০ শতাংশ ভূমিত শালি ধানৰ খেতি কৰা হয়। ব্রহ্মপুত্র আৰু
বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা ভূমিত শালিধানৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। শালি
ধান খেতি ৰোপন পদ্ধতিৰে জুলাই, আগষ্ট মাহত আৰম্ভ হয় আৰু নৱেম্বৰ আৰু
ডিচেম্বৰ মাহত চপোৱা হয়।
ü
(খ)আহু ধানঃ আহু ধানৰ খেতি বিশেষকৈ নামনি অসমৰ সাৰুৱা সমভূমি অঞ্চলত কৰা
হয়। আহু খেতি ৰোপন আৰু সিঁচন দুয়ো পদ্ধতিৰে কৰা হয়। এই খেতি শীত কালত আৰম্ভ কৰি
জুন, জুলাই
মাহত চপোৱা হয়।
ü
(গ)বড়ো ধানঃ বড়ো ধান কম-বেছি পৰিমাণে। অসমৰ সকলোবোৰ জিলাত কৰা হয়। বড়ো
ধানৰ খেতি সাধাৰনতে দ সেমেকা ভূমিত কৰা হয়। এই খেতি শীতকালত আৰম্ভ কৰি জুন, জুলাইমাহৰ বানপানী অহাৰ আগে আগে
চপোৱা হয়।
24. প্রঃ ধান কিয় অসমৰ প্ৰধান শস্য
হিচাপে পৰিগণিত
উত্তৰঃ- অসম হৈছে কৃষি প্রধান ৰাজ্য আৰু
ধানেই হৈছে। অসমৰ প্ৰধান শস্য। ৰাজ্যৰ আটাইকেইটা কৃষি বায়বীয় অঞ্চলত ধান খেতি
কৰা হয়। ২০১১-১২ চনৰ তথ্য অনুসৰি অসমত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰা
হৈছিল আৰু ইয়াৰ সৰ্বমুঠ উৎপাদন আছিল ৫০.৪৫ লাখ মেট্রিকটন।অসমত তিনিপ্ৰকাৰৰ ধানৰ
খেতি কৰা হয়। যেনে – আহু ধান, শালি ধান আৰু বড়ো ধান। ইয়াৰ
ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাৱে কৰা হয়। অসমৰ মুঠ ধানখেতি। কৰা মাটিৰ প্রায় ৭০
শতাংশত শালি ধানৰ খেতি কৰা হয়। আহু ধানৰ খেতি বিশেষকৈ নামনি
অসমৰ সাৰুৱা। সমভূমি অঞ্চলত কৰা হয়। আহু খেতি ৰোপন আৰু সিচন দুয়ো পদ্ধতিৰে কৰা হয়।
এই খেতি শীত কালত আৰম্ভ কৰি জুন, জুলাই মাহত চপোৱা হয়।বড়ো ধান কম-বেছি পৰিমাণে অসমৰ
সকলোবোৰ জিলাত কৰা হয়। বড়ো ধানৰ খেতি সাধাৰণতে দ সেমেকা ভূমিত কৰা হয়। এই খেতি শীতকালত
আৰম্ভ কৰি জুন, | জুলাই মাহৰ বানপানী অহাৰ আগে আগে চপোৱা হয়।
25. প্রঃ অসমত কিকি মাহজাতীয় শস্যৰ
খেতি কৰা হয়
?
উত্তৰঃ- ধান খেতিৰ পিছতে অসমত প্ৰচুৰ পৰিমাণে মাহ।
জাতীয় শস্যৰ খেতি কৰা হয়। মাহজাতীয় শস্যৰ ভিতৰত মাটি মাহ, মগুমাহ, মচুৰ মাহ, ৰহৰ মাহ, বুট মাহ, আদিৰ খেতি কৰা হয়।
26. প্রঃ অসমৰ ঝুম খেতিৰ বিষয়ে
চমুকৈ লিখা।।
উত্তৰঃ- পত-পাহাৰৰ নামিনত বি অঞ্চলৰ গছ বন ছাফা কৰি
পৰম্পৰাগত পদ্ধতিৰে যি খেতি কৰা হয় তাকে ‘ঝুম খেতি বোলা হয়। অসমৰ কাৰ্বি
আংলং আৰু ডিমা| হাচাও
পার্বত্য জিলা দুখনত প্ৰধানকৈ ঝুম খেতি কৰা হয়। কাৰ্বি আংলং জিলাৰ মুঠ ৬৬
শতাংশ অঞ্চল আৰু ডিমা
হাচাও জিলাৰ ৮৫ শতাংশ অঞ্চলত ঝুম খেতি কৰা হয়। একেডৰা মাটিত কেইবাবছৰ খেতি কৰাৰ
পিছত মাটিৰ উৰ্ব্বতা হ্রাস পালে আন এডোখৰ ঠাই নির্বাচন কৰি তাত ঝুম খেতি নতুনকৈ
আৰম্ভ কৰা হয়।
27. প্রঃ ১৯১৪ চনৰ অসমৰ ঔদ্যোগিক
আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কিকি?
উত্তৰঃ- অসমৰ ঔদ্যোগিক উন্নয়নৰ বাবে অসম চৰকাৰে ২০০৮ চনত ঘোষণা কৰা উদ্যোগ নীতি পর্যালোচনা কৰি।২০১৪ চনত অসম
ঔদ্যোগিক নীতি আৰু বিনিয়োগ নীতি ঘোষণা কৰে। এই উদ্যোগ আৰু বিনিয়োগ নীতিৰ প্রধান
লক্ষ্যবোৰ হ'লঃ-
(ক) ৰাজ্যখনত পণ্য উৎপাদনকাৰী
খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা
উৎপাদন বৃদ্ধি কৰা। "
(খ) ৰাজ্যখনত বিশেষকৈ গ্রামাঞ্চলত
জনমুৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা।
(গ) ৰাজ্যখনৰ অতি ক্ষুদ্র
ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।
(ঘ) বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি
কৰা।
28. প্ৰঃ সেৱাখণ্ডৰ উদ্যোগ বুলিলে
কি বুজায় ? উদাহৰণ
দি বুজাই লিখা।
উত্তৰঃ- মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত আৰু - কল্যাণ
সাধনৰ বাবে জড়িত উদ্যোগসমূহক ‘সেৱা খণ্ডৰ – উদ্যোগ’ বুলি কোৱা হয়। এই উদ্যোগসমূহৰ
মূল উদ্দেশ্য হ’লঃ মানৱ
সম্পদৰ পূর্ণ বিকাশ কৰা আৰু কল্যাণ সাধন কৰা যাতে জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়।
উদাহৰণ স্বৰূপে
- বাণিজ্য, যোগাযোগ
আৰু পৰিবহণ পর্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সে সকলো ধৰণৰ
ব্যৱসায়, লোক
প্রশাসন আদি।
প্রঃ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি ?
উত্তৰঃ- অসমৰ প্ৰধান কষিভিত্তিক উদ্যোগবোৰ হ'লঃ
(ক) বন উদ্যোগ,
(খ) চাহ উদ্যোগ,
(গ) ৰেচম উদ্যোগ আৰু
(ঘ) খাদ্য প্রস্তুতকৰণ উদ্যোগ,
(ঙ) কাগজ উদ্যোগ আদি।
29. প্রঃ অসমৰ চাহ উদ্যোগৰ বিষয়ে
চমুকৈ লিখা।
উত্তৰঃ- অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক
উদ্যোগটো হ’ল চাহ
উদ্যোগ। অসমৰ চাহ বিশ্ববিখ্যাত। ভাৰতত উৎপাদিত চাহৰ আধাতকৈ অধিক অংশ অসমত উৎপন্ন হয়।
২০১২ চনৰ তথ্য মতে, অসমত মুঠ
৭৬৫ খন চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে।অসমতে ২০০৯ চনত ৫০০ হেজাৰ
টন আৰু ২০১২ চনত প্রায় ৫৯০ হেজাৰ টন চাহউৎপাদন কৰিছিল। অসম চাহউদ্যোগত দৈনিক গড়ে
৬.৮৬ লাখ লোক নিয়োজিত হৈ আছে। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্রায় ৮৮ হেজাৰ
হেক্টৰ মাটিত চাহ খেতি কৰি প্রায় ১০৭ হেজাৰ টন চাহউৎপাদন কৰিছে।
30. প্রঃ অসমৰ মীন উদ্যোগৰ বর্তমান
অৱস্থা কেনেকুৱা?
উত্তৰঃ- অসম হৈছেনদী মাতৃক দেশ। অসমত
ব্ৰহ্মপুত্র আৰু বৰাক নদী দুখন আৰু ইয়াৰ অসংখ্যা সৰু-বৰ উপনৈ আছে। যোৱা দহ বছৰৰ
ভিতৰত অসমত মাছৰ পোনা উৎপাদন প্রায় ২.৫ গুণ বৃদ্ধি পাইছে যদিও মাছৰ উৎপাদন। কেৱল
১.৫ গুণহেবদ্ধি পাইছে। সেয়ে দেখা যায় অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা
উৎপাদনত বিশেষ অৰিহণা যোগাব পৰা নাই। ৰাজ্যৰ ঘৰুৱা উৎপাদন খণ্ডলৈ মীন উদ্যোগৰ অৰিহণা
হৈছে ২ শতাংশ। অসমৰ মীন উদ্যোগে ঘৰুৱা চাহিদাও পূৰণ কৰাত ব্যৰ্থ হৈছে। প্রতি বছৰ
অসমৰ ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ অসমে ০.২০ লাখ টন মাছ বাহিৰৰ পৰা আমদানি কৰিব লগা
হয়।
31. প্রঃ অসমৰকৃষি উন্নয়নৰ
সমস্যাবোৰৰ উল্লেখ কৰা।
উত্তৰঃ- অসম প্রধানতঃ কৃষি প্রধান
ৰাজ্য যদিও কৃষি উন্নয়নৰ ক্ষেত্ৰত অসমে বহুত সমস্যাৰ সন্মুখীন হৈ আছে যেনেঃ Infant
who has learned of the
Ø
(ক) অসমত
এতিয়াও পুৰণিকলীয়া পৰম্পৰাগত কৃষি পদ্ধতিত খেতি কৰা হয়। ফলত বিশেষ উন্নয়ন হোৱা
নাই।
Ø
(খ) অসমৰ
খেতিয়কসকলৰ খেতি মাটি সৰু সৰু খণ্ডত বিভক্ত হোৱা বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি
আৰু কৌশল প্রয়োগ কৰিবলৈ অসুবিধা হয ফলত উৎপাদন বৃদ্ধি পোৱা নাই।
Ø
(গ) অসমত
জলসিঞ্চন পদ্ধতি উন্নত নহয়। ফলত কৃষকে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগা হোৱাৰ বাবে উৎপাদন আশানুৰূপ হোৱা নাই।
Ø
(ঘ)
বানপানী,গৰাখহনীয়া
আদিৰ বাবে অসমৰ খেতিপথাৰ
প্ৰতিবছৰে উচ্ছন্ন হয় ফলত শস্য উৎপাদন ব্যহত হয়।
Ø
(ঙ) শস্যৰ
সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতিও উন্নত নহয়। বিশেষকৈ খাদ্য শস্য
সংৰক্ষণৰ সুবিধা অতি সীমিত।
Ø
(চ) অসমত
কৃষকসকলে উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ
ৰেহাইহাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ।
Ø (ছ) অসমত কৃষিখণ্ড
আৰুকৃষিভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই। "
32. প্রঃ অসমৰ ঔদ্যোগিক বিকাশ
এতিয়াও কিয় মন্থৰ হৈ আছেতাৰ কাৰণসমূহলিখা ।
উত্তৰঃ- অসমত যথেষ্ঠ কেঁচা মাল থকা
সত্বেও অসম ঔদ্যোগিক ক্ষেত্ৰত পিছপৰি আছে ইয়াৰ কাৰণসমূহ হলঃ
(ক)
ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ
সুসংহত পৰিকল্পনাৰ অভাৱ।।
(খ)
প্রচুৰ সম্ভাৱনা থকা সত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।
(গ)
অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা।
(ঘ) উদ্যোগিক বিকাশৰ বাবে পর্যাপ্ত মূলধনৰ অভাৱ।।
(ঙ)
উদ্যোগ স্থাপনৰ বাবে সৰল আৰুশিথিল উদ্যোগ নীতিৰ অভাৱ।
(চ)
ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ।
33. প্রঃ অসমৰ পৰ্যটন উদ্যোগৰ
সমস্যাৰোৰ উল্লেখ কৰা
উত্তৰঃ- অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাৰবোৰ
হ’লঃ
(ক) অসমৰ
ভূ-প্রকৃতি সকলো ঠাইতে সমান নহয়। সেয়ে ইয়াৰ পৰিবহন ব্যৱস্থাও সিমান উন্নত নহয়।
যাতায়ত ব্যৱস্থা উন্নত নোহোৱা বাবে পর্যটন উদ্যোগে অনুন্নত হৈয়ে আছে।
(খ)
পর্যটন উদ্যোগ সম্বন্ধে অসমৰ জনসাধাৰণৰ বিস্তৃত জ্ঞানৰ অভাৱ।।
(গ) অসমৰ
পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই।
(ঘ)
বিদেশী পর্যটকসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ অসমত সর্বাধুনিক ব্যৱস্থাৰ অভাৱ।।
(ঙ) অসমত
সন্ত্রাসবাদীয়ে মাজে মাজে আতংকৰ সৃষ্টি কৰাত বিদেশী পর্যটকসকল অসমলৈ আহিবলৈ ভয়
পায়।
34. প্রঃঅসমৰঅর্থনৈতিক উন্নয়ন
সম্ভাৱনাবোৰ কি কি?
উত্তৰঃ- অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ
তলত
উল্লেখ কৰা হ'ল –
Ø
(ক) কৃষি
ক্ষেত্ৰত আধুনিক পদ্ধতি প্রয়োগ কৰি উৎপাদন বদ্ধি কৰি অসমৰ অৰ্থনীতিৰ উন্নয়ন সাধন
কৰিব পাৰি।
Ø
(খ) অসমত
থকা প্রাকৃতিক সম্পদবোৰ উপযুক্তভাৱে সাৱহাৰ কৰি কৃষিভিত্তিক উদ্যোগৰ উন্নতি সাধন
কৰি অসমৰ অর্থনীতি টনকিয়াল কৰিব পাৰি।
Ø
(গ) অসমত
তাত্ত্বিক শিক্ষা প্রদানৰ ওপৰত জোৰ দিয়াৰ লগে লগে কাৰিকৰী শিক্ষাৰ বিকাশ আৰু
সহজলভ্য কৰি মানৱ সম্পদ উন্নয়ন ঘটাই অসমৰ অর্থনৈতিক দিশ উন্নত কৰিব পাৰি।।
Ø
(ঘ) যোগাযোগ
আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন। কৰি অসমৰ অর্থনীতিক উন্নত কৰিব পাৰি।।
Ø
(ঙ) পর্যটন
উদ্যোগৰ বাবে অসম উপযুক্ত ঠাই সেয়ে পর্যটন উদ্যোগৰ বিকাশ সাধন কৰিও অসমৰ অর্থনীতি
সবল কৰিব পাৰি।
অতি চমু উত্তৰৰ প্ৰশ্নঃ
1.
প্রঃ চাহ
জনজাতিৰ লোকসকল কোন গোষ্ঠীৰ লোক?
উত্তৰঃ- অষ্ট্রিক গোষ্ঠীৰ।
2.
প্রঃ
ৰেলৰ কোনটো মণ্ডল অসমৰ ৰেল পৰিবহণৰ দায়িত্বত আছে?
উত্তৰঃ- উত্তৰ-পূৱ সীমান্ত ৰেল মণ্ডল।
3.
প্রঃ
অসমলৈ আগমন ঘটা প্রথম জনগোষ্ঠীটোৰ নাম কি?
উত্তৰঃ- অষ্ট্রিক গোষ্ঠী।
4.
প্রঃঅসমৰ
জলপৰিবহণ নিয়ন্ত্রণকৰা সংস্থাটোৰ নাম
উত্তৰঃ- আভ্যন্তৰীণ জলপৰিবহণ
সঞ্চালকালয়।।
5.
প্রঃ
অসমৰ আন্তর্জাতিক বিমান বন্দৰখনৰ নাম কি?
উত্তৰঃ- অসমৰ আন্তর্জাতিক বিমান বন্দৰটোৰ
নাম লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ।
6.
প্রঃ
ভাৰতৰ প্ৰথম তৈলক্ষেত্ৰখনৰ নাম কি?
উত্তৰঃ- ডিগবৈ।
7.
প্রঃ
অসমত গঢ়ি উঠা এটি কৃষি ভিত্তিক উদ্যোগৰ নাম লিখা।
উত্তৰঃ- ৰেচম উদ্যোগ।
8.
প্রঃ
সেৱা খণ্ডৰ এটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ- পর্যটন উদ্যোগ।
9.
প্রঃ
অসমৰ কোনঠাইত ছফটৱেৰ পার্ক নির্মাণকৰা হৈছে?
উত্তৰঃ- বৰঝাৰত।
10. প্রঃ অসমৰ দ্বিতীয় শ্রেণীৰ
নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰ কোনখন?
উত্তৰঃ- ধুবুৰী।।
11. প্রঃ জনসংখ্যাৰ ফালৰ পৰা কোনটো
অসমৰ দ্বিতীয় জনজাতি হিচাপে পৰিগণিত হৈছে?
উত্তৰঃ- মিচিং জনজাতি।
12. প্রঃ জনসংখ্যাৰ ফালৰ পৰা
কোনটোঅসমৰ প্ৰথম বৃহৎ জনজাতি হিচাপে পৰিগণিত হৈছে?
উত্তৰঃ- বড়ো জনজাতি
###########
Related Question Answer
- অর্থনৈতিক উন্নয়ন সমাজ বিজ্ঞান দশমশ্ৰেণীৰ
- মুদ্রা আৰু বেংক ব্যৱস্থা সমাজ বিজ্ঞান দশমশ্ৰেণীৰ
English
Glimpses of India
II. Coorg Answer
III. Tea from Assam
0 Comments