পৰিবেশ
আৰু পৰিবেশৰ সমস্যা
প্রশ্নোত্তৰঃ
1.
প্রঃ
প্রখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে পৰিবেশ কি?
উত্তৰঃ- পিটাৰ হেগেটৰ মতে, “স্থল, জল, বায়ু, আৰু জীৱৰ মাজৰ পাৰস্পৰিক
সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বোলে।”
2.
প্রঃ
স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান ভাগ কার্বন-ডাই অক্সাইড গেছ থাকে?
উত্তৰঃ- ০.০৩৫ শতাংশ।
3.
প্রঃ
এছিড বৰষুণ কিদৰে সৃষ্টি হয়
উত্তৰঃ- বায়ুমণ্ডলত মাত্রাধিক ছালফাৰ-ডাই-অক্সাইড আৰু
নাইট্রজেন-ডাই-অক্সাইড সঞ্চিত হ'লে এছিড বৰষুণৰ সৃষ্টি হয়।
4.
প্রঃ
ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণৰ সংজ্ঞা কি?
উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ মতে, ‘মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া
যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা নষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি
কৰে।
5.
প্রঃ পৰিবেশ বুলিলে কি বুজায়
নিজৰ ভাষাত লিখা।
উত্তৰঃ- পৰিবেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাক
বুজায়। ইজীৱিয় আৰু অজীৱিয় সকলো ধৰণৰ উপাদানক সামৰি লয়।।
6.
প্রঃ
পৰিবেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
উত্তৰঃ- পৰিবেশৰ উপাদানসমূহক প্রধানকৈ দুটা ভাগত ভাগ কৰা
হৈছে। যেনেঃ জৈৱ উপাদান আৰু অজৈৱ উপাদান।জৈৱ উপাদান হ’ল ও উদ্ভিদ আৰু প্রাণীসমূহ।অজৈৱ উপাদান হ’লঃ বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি।
7.
প্রঃ
স্থলমগুল বুলিলে কি বুজায় লিখা।।
উত্তৰঃ- শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ
স্থলভাগকে স্থলমণ্ডল’ বোলা
হয়। ইভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে। স্থলভাগত পাহাৰ-পর্বত, মালভূমি, নদ-নদী, উপত্যকা আদি আছে।
8.
প্রঃ
জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ- জলমণ্ডলৰ ভিতৰত সাগৰ, মহাসাগৰ, নদ-নদী, হ্রদ আদি জলাশয়বোৰ পৰে।
ভূপৃষ্ঠৰ প্রায় ৭১ ভাগ জলমণ্ডলে আগুৰি আছে।
9.
প্রঃ
বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰঃ- বায়ুমণ্ডল অক্সিজেন,নাষ্ট্রজেন, হাইড্রজেন, কার্বনডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত।
10. প্রঃ জীৱমণ্ডলৰ বিস্তৃতি
সম্বন্ধে লিখা।
উত্তৰঃ- জীৱ মণ্ডলে পৃথিৱীৰ জীৱ অর্থাৎ উদ্ভিদ আৰু
প্রাণী থকা অংশবোৰক সামৰি লয় জীৱমণ্ডলত আজিলৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ
প্রজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ এটা মাত্র প্রজাতি।পৃথিৱীত জীৱ থকা
অংশবোৰ হৈছে স্থলভাগ, সাগৰ, মহাসাগৰ আৰু বায়ুমণ্ডল।
11. প্রঃ পৃথিৱীৰ পৰিবেশৰ প্ৰধান
মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ
লিখা।
উত্তৰঃ- পৃথিৱীৰ পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটা পৰস্পৰে
পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ইহঁতৰ মাজত সদায় আন্তঃক্রিয়া চলি আছে আৰু এই
আন্তঃক্রিয়াই পৰিবেশ গঢ়ি তুলিছে। মণ্ডল চাৰিটাৰ পাৰস্পৰিক ক্রিয়াৰ এক জটিল
জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিবেশ নিৰুপিত হৈছে। এই পৰিবেশ পৰিৱৰ্তনশীল।
12. প্রঃ পৰিবেশৰ পৰিৱৰ্তনৰ প্ৰধান
কাৰকৰোৰ উল্লেখ কৰা।।
উত্তৰঃ- পৰিবেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে জনসংখ্যা
বৃদ্ধি, উদ্যোগীকৰণ,নগৰীকৰণ, যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ
সংবর্ধন আদি।।
13. প্রঃ পৰিবেশৰ সমস্যা মানে কি
ব্যাখ্যা কৰা।।
উত্তৰঃ- পৰিবেশৰ সমস্যা বুলিলে প্রকৃতিৰ বিভিন্ন।
উপাদানসমূহৰ মাজত স্বাভাৱিক ভাৰসাম্য অধোগামী হোৱা অৱস্থাক বুজায়। পৰিবেশৰ সমস্যা
সৃষ্টিত প্ৰধানকৈ জগৰীয়া মানৱ কুল। কাৰণ মানুহে নিজৰ সুখ-স্বাচ্ছন্দ্য বৃদ্ধিৰ
বাবে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহঅবিবেচকভাৱে ব্যৱহাৰ আৰু উপভোগ কৰাৰ ফলত পৰিবেশৰ
ওপৰত হেঁচা পৰিছে। উদাহৰণ স্বৰূপে মানুহে নিজৰ বাস ভূমি নির্মাণ আৰু খাদ্য শস্য
উৎপাদনৰ বাবে অৰণ্যভূমি চাফা কৰি খেতি কৰিবলৈ লৈছে । ফলত মৰুভূমিৰ পৰিমাণ বৃদ্ধি
পাইছে। কল-কাৰখানা বৃদ্ধি পোৱাত সেইবোৰৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত
কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। এনেদৰে পৰিবেশৰ সমস্যা প্রতিদিনে বৃদ্ধি
পাই আছে।
14. প্রঃ ভৌগোলিক দিশৰ পৰা পৰিবেশৰ
সমস্যাক কি কি ভাগত ভাগ কৰিব পাৰি লিখা।
উত্তৰঃ- ভৌগোলিক দিশৰ পৰা পৰিবেশৰ
সমস্যাকতিনিটা " ভাগত ভাগ কৰিব পাৰি। যেনেঃ স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা।
15. প্রঃ পৰিবেশৰ স্থানীয় সমস্যা
কি? উদাহৰণ দি লিখা।
উত্তৰঃ- যি সমস্যা এক নির্দিষ্ট ক্ষুদ্র অঞ্চলত আবদ্ধ হৈ
থাকে, তাকে
স্থানীয় সমস্যা বোলে। যেনেঃ চহৰত খোৱাপানীৰ সমস্যা, যানবাহনৰ সমস্যা, কোনো উদ্যোগ প্রতিষ্ঠানৰ পৰা
নিৰ্গত ধোঁৱাই অঞ্চলটোত সৃষ্টি কৰা সমস্যা।
16. প্রঃ পৰিবেশৰ আঞ্চলিক সমস্যাৰ
দুটা উদাহৰণ দিয়া।
উত্তৰঃ- যিবোৰ সমস্যা কোনো এক বিশাল অঞ্চল জুৰি দেখা
দিয়ে তাকে আঞ্চলিক সমস্যা বোলে। যেনেঃ অসমত বানপানীৰ সমস্যা, ব্রহ্মপুত্র উপত্যকাত
গঢ়াখহনীয়াৰ সমস্যা, মেঘালয়ত
ভূমিস্খলনৰ সমস্যা ইত্যাদি।
17. প্রঃ কোনবোৰ সমস্যাক গোলকীয়
পৰিবেশৰ সমস্যা বুলি কোৱা হয় লিখা।
উত্তৰঃ- যিবিলাক সমস্যাই সমগ্র বিশ্বজুৰি দেখা দিয়ে বা
সমগ্র বিশ্বক প্ৰভাৱিত কৰে, তেনে
সমস্যাক গোলকীয় সমস্যা বোলে। যেনেঃ গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা, মাটিৰ উৰ্বৰতা হ্রাস ইত্যাদি।
18. প্রঃ পৰিবেশৰ প্ৰধান সমস্যাসমূহ
উল্লেখ কৰা।
উত্তৰঃ- পৰিবেশৰ প্রধান সমস্যাসমূহ হ'লঃ-
(ক) নানা ধৰণৰ প্ৰদূষণ
(খ) ভূমিস্খলন
(গ) ভূমিক্ষয়
(ঘ) মৰুকৰণ।
(ঙ) গোলকীয় উত্তাপ বৃদ্ধি
(চ) সাগৰৰ পৃষ্ঠ উত্থান।
(ছ) বানপানী আদি।
19. প্রঃ প্ৰদুষণৰ অৰ্থ লিখা।
উত্তৰঃ- অনিষ্টকাৰী দ্রব্যই পৰিবেশ বিনষ্ট কৰা
প্রক্রিয়াকে সহজ কথাত প্ৰদূষণ বুলি কোৱা হয়। প্রধানকৈ মানুহে সৃষ্টি কৰা দ্রব্য
অধিক মাত্ৰাত পৰিবেশত সংযোজিত হলে জীৱ জগতৰ প্রতি ক্ষতিকাৰক হৈ পৰে। পৰিবেশৰ ক্ষতি
সাধন কৰা দ্রব্যক প্ৰদূষক (Pollutant) বুলি কোৱা হয়। ধূলিবালি, ধোঁৱা, ছাই, দুর্গন্ধ, সীহ, ছালফাৰ ডাই-অক্সাইড, কার্বন মন’ক্সাইড আদি কিছুমান প্ৰদূষকৰ
উদাহৰণ।
20. প্রঃ পানী প্ৰদূষণ কি আৰু
কেনেকৈ হয় লিখা।।
উত্তৰঃ- পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদার্থকণা, অনুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ
স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্রক্রিয়াকে ‘পানী প্ৰদূষণ’ বুলি কোৱা হয়। সাধাৰণতে পানীৰ
উৎসত মানুহৰ বসতি,উদ্যোগ, কষি আদি থাকিলে তাৰ পৰা নিৰ্গত
অপদ্রব্য পানীয় মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষণে জীৱ জগতৰ বিস্তৰ ক্ষতি
কৰে, নানা
ধৰণৰ বেমাৰ-আজাৰৰ বীজাণৰ জন্ম দিয়ে।
21. প্রঃ মাটি প্ৰদষণৰ বিষয়ে এটি
চমু টোকা লিখা।
উত্তৰঃ- মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, আৱৰ্জনা, তেজক্রিয় পদার্থ, এছিড বৰষুণ আদি মিহলি হৈ মাটিৰ
স্বাভাৱিক গুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াক মাটি প্ৰদষণ’ বোলে। ভূমি হল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস। "
কিন্তু আজি
এই ভূমিকো মানুহে নিজৰ নিজৰ ক্ষুদ্র স্বার্থৰক্ষার্থে ভৱিষ্যতৰ প্ৰতি আওকান
কৰি প্ৰদূষিত কৰি আছে।সাধাৰণতে ভূমিত প্রয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ আৰু ৰবৰ বা প্লাষ্টিক
জাতীয় সামগ্রী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই
বাঢ়িছে যে সেইবোৰৰ অৱশেষ আশ্রয় হৈছে ভূমি-যিয়ে
ভূমিৰ সাৰুৱা গুণনিঃশেষ কৰাত সক্রিয় ভূমিকা গ্রহণ কৰে।
22. প্রঃ বায়ু কেনেকৈ প্ৰদূষিত হয়
লিখা।
উত্তৰঃ- বায়ুৰ লগত বিভিন্ন ধৰণৰ বিষাক্ত গেছ, ধোঁৱা, ছাই আদি মিহলি হৈ ইয়াৰ
স্বাভাৱিক গুণ বিনষ্ট হোৱা প্রক্রিয়াক বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু
প্ৰদূষণকাৰী প্রাকৃতিক কাৰকসমূহৰ ভিতৰত আগ্নেয়গিৰি উৰ্গীৰণেই প্রধান। উৰ্গীৰণৰ সময়ত নির্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদার্থই বায়ু
প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বর্ধিত ব্যৱহাৰ, আণৱিক _ বিস্ফোৰণ, আদিৰ বাবে বায়ুমণ্ডলত ধোঁৱা, ছাই, কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাই
বায়ু প্ৰদূষিত কৰে।
23. প্রঃ মৰুভূমিকাক বোলে ?
মৰুকৰণৰ
সংজ্ঞা দিয়া।।
উত্তৰঃ- পৃথিৱীৰ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু
বাষ্পীভৱন বেছি যাৰ ফলত সেই অঞ্চল শুকান হৈ মাটিৰ জীপাল অতিমাত্রাই হ্রাস কৰে, তেনে অঞ্চলকে মৰুভূমি বোলে। মৰুকৰণ হৈছে এনে এক প্রক্রিয়া
যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপানক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে।মৰুকৰণ শব্দটোৱে
প্ৰকৃততে মৰুভূমিৰ কাষৰীয়।এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়।।
24. প্রঃ মকৰণৰ কাৰণ দশোৱা।
উত্তৰঃ- সাধাৰণতে নানা ধৰণৰ প্রাকৃতিক
আৰু মানৱসৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক ইন্ধন যোগাই আছে।প্রাকৃতিক কাৰকবোৰৰ ভিতৰত
খৰাংবতৰ আৰু গোলকীয় উত্তাপেই প্রধান। বৃষ্টিপাতৰ
অভাৱত মৰুভূমিত প্ৰায়েই খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হাস
কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলায় ইয়ে মৰুকৰণ প্রক্রিয়াক
ত্বৰান্বিত কৰে। অৱশ্যে
মানুহৰ কার্যকলাপেই মৰুকৰণৰ বাবে অধিক জগৰীয়া। মানুহৰ
কার্যকলাপৰ ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, হাবি-বননিৰ অবাধ ধ্বংস কার্য
আদিয়েই প্রধান।
25. প্রঃ মৰুকৰণৰ সমস্যাৰ সমাধান
সম্ভৱনে ?
উত্তৰঃ- মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ।
অৱশ্যে ইয়াৰ। বাবে এক দীর্ঘম্যাদী আঁচনিৰ প্রয়োজন হাবি,বননিৰ পৰিমাণ বৃদ্ধি কৰি, বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্রণ
কৰি, মৰুময়
অঞ্চলত বৃক্ষ ৰোপণৰ আঁচনি গ্ৰহণ কৰি, কৃষি ভূমিৰ ওপৰত হেঁচা হ্রাস
কৰি মৰুকৰণৰ সমস্যা সমাধান কৰিব পাৰি।
26. প্রঃ গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। H.S.L.C.
2018
উত্তৰঃ- প্রাকৃতিক তথা মানুহৰ অবিবেচকী
ক্রিয়াকলাপৰ ফলত সম্প্রতি বায়ুমণ্ডলৰ লগতে ভূপষ্ঠত যি উত্তাপ বৃদ্ধি পাইছে তাক গোলকীয়
উত্তাপ বৃদ্ধি বোলে।গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হ’ল কলকাৰখানা, মটৰ গাড়ী আদিৰ পৰা নিৰ্গত
ধোঁৱা, ছাই, কার্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প আদি। এইবোৰে
বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুৰ স্বাভাৱিক গুণ বিনষ্ট কৰি গোলকীয় উত্তাপ বৃদ্ধি
কৰি আছে।
27. প্রঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে
কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
উত্তৰঃ- গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু
ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। সেইবোৰৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল। বৰফস্তুপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, ভৌগোলিক বিৱৰ্তনৰ পৰিৱৰ্তন, মৰুকৰণ, আদি প্রধান বৈজ্ঞানিকসকলে।
সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্রী ছেলছিয়াছ বৃদ্ধি পালে
উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফস্তুপবোৰ গলি যাব। ফলস্বৰূপে সাগৰপৃষ্ঠ
ওপৰলৈ উঠি আহিব।
28. প্রঃ গোলকীয় উত্তাপ বৃদ্ধি ৰোধ
কৰাৰ উপায় কি? H.S.L.C.2018
উত্তৰঃ- গোলকীয় উত্তাপ বৃদ্ধি ৰোধ
কৰাৰ বাবে বিশ্বব্যাপী জনসচেতনতাৰ প্রয়োজন। মানুহে গোলীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ
যিমান সম্ভৱ অতি সোনকালে নিয়ন্ত্রণলৈ আনিব লাগিব।বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে
অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। যান-বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।
কলকাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। আণৱিক বিস্ফোৰণ বন্ধ কৰিব লাগিব। অৱশ্যে গোলকীয়
উত্তাপ বৃদ্ধি ৰোধ
কৰিবৰ কাৰণে বিশ্বৰ ৰাষ্ট্রসমূহে একত্ৰিত হৈ উমৈহতীয়া প্রচেষ্টা গ্ৰহণ কৰিব
লাগিব।
29. প্রঃ তোমাৰ নিজৰ ঠাইখনত পৰিবেশৰ
কিবা সমস্যা আছেনে? যদি আছে
তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা।
উত্তৰঃ- আমাৰ অঞ্চলত পৰিবেশৰ সমস্যা আছে। এই সমস্যাৰ
ভিতৰত বর্তমান প্রকটভাৱে দেখা দিয়া সমস্যা দুটা। সেয়া হৈছে – বানপানী আৰু মাটিৰ উৰ্বৰতা হ্ৰাস বানপানীৰ সমস্যা সৃষ্টিৰ মূল কাৰণ হৈছে অপৰিকল্পিত আৰু অবৈজ্ঞানিক নদীবান্ধ
বাৰিষা কালত সামান্য বৰষুণতে আমাৰ অঞ্চলটো পানীৰে উপচি পৰে
লগতে ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহেদি বৈ অহা পানী উপচি পৰি অবৈজ্ঞানিকভাৱে তৈয়াৰ কৰা মথাউৰি ভাঙি-ছিঙি আমাৰ গাওঁ
অঞ্চললৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।আজিকালি ভূমিৰ ওপৰত কৃষকৰ হেঁচা
অত্যধিক বৃদ্ধি পাইছে। ফলত একেডৰা মাটিত উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ কাৰণে খেতিয়কসকলে
খেতিত নানান ধৰণৰ কৃত্রিম ৰাসায়নিক সাৰৰ প্রয়োগ কৰে। লগতে কীট-পতঙ্গ আক্ৰমণৰ পৰা
শস্যক সুৰক্ষা দিবলৈ নানান কীটনাশক দ্রব্য প্রয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা গুণ নিঃশেষ হৈ গৈছে
উৎপাদনৰ পৰিমাণ যথেষ্ট হ্রাস পাইছে। এইসমস্যাবোৰ সমাধানৰ বাবে ৰাইজৰ
সহযোগিতাৰ লগতে চৰকাৰে আঁচনি গ্ৰহণ কৰি নদী নিয়ন্ত্রণ কৰিব লাগিব। খেতিয়কসকলে
মাটিৰ উৰ্বৰতা ঘূৰাই আনিবলৈ হলে খেতিত ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱর্তে পচন | সাৰ বা জৈৱ সাৰ প্ৰয়োগ কৰা
আৰম্ভ কৰিব লাগিব।কীটনাশক
দ্ৰব্যৰ ব্যৱহাৰ হ্ৰাস কৰি যিমান সম্ভৱ প্রাকৃতিক বা জৈৱ ব্যৱস্থা গ্ৰহণ কৰিব
লাগিব। ০ ০ ০
0 Comments