অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ
প্রশ্নোত্তৰঃ
1.      প্রঃ অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ-  জর্জ ছিজহম।
2.      প্রঃ চিৰবিৰাজমান সম্পদ কাক বোলে?  
উত্তৰঃ-  যিবোৰ প্রাকৃতিক সম্পদ সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্য তেনে সম্পদকেচিৰবিৰাজমানসম্পদ বোলে। |
3.      প্রঃ স্থানিক সম্পদ কাক বোলে?  
উত্তৰঃ-  প্রাকৃতিক সম্পদৰ যিবোৰ কিছুমান বিশেষ বিশেষ স্থানতহে পোৱা যায় তেনে সম্পদক স্থানিক সম্পদ বোলে।।
4.      প্রঃঅসমৰ কেইবিধমানবিলুপ্তপ্রায় উক্তিৰনাম লিখা।
উত্তৰঃ-  অসমৰ কেইবিধমান বিলুপ্তপ্রায় উদ্ভিদ হলঃ- সর্পগন্ধা, ছালমুগৰা, কালমেঘ, চিতা, জাইফল, শতমূল,শুকলতি আদি।।  
5.      প্ৰঃ অসমৰ কেইবিধমান বিলুপ্তপ্রায় প্রাণীৰ নাম লিখা।
উত্তৰঃ-  অসমৰ কেইবিধমান বিলুপ্তপ্রায় প্রাণী হলঃ-  সোণালী বান্দৰ, হলৌ বান্দৰ,নল গাহৰি, দেও হাঁহ, ধনেশ পক্ষী, শিহু, বৰটোকোলা আদি।  
6.      প্রঃ অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোল প্রধান শাখাৰবোৰ উল্লেখ কৰা।
উত্তৰঃ-  ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কার্যকলাপ, স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অর্থনৈতিক ভূগোল (Economic Geography) বোলে। অর্থনৈতিক ভূগোল প্রধান বিষয়বস্তু হল- ই পৃথিৱীত থকা প্রাকৃতিক সম্পদ, সম্পদৰ প্রাচুর্য, উৎপাদন, মানদণ্ড, বিতৰণ আদিৰ বিষয়ে অধ্যয়ন কৰে। লগতে পৃথিৱীৰ কোনখন দেশ কি সম্পদত চহকী, দেশ এখন কৃষি প্রধান নে উদ্যোগ প্রধান আদি দিশ অধ্যয়ন কৰে। অর্থনৈতিক ভূগোল প্রধান শাখাবোৰ হ'ল-
(ক) কষি ভূগোল,
(খ) সম্পদ ভূগাোল,
(গ) ঔদ্যোগিক ভূগোল,
(ঘ) পৰিবহন ভূগোল,
(ঙ) বজাৰ ভূগোল,
(চ) পর্যটন ভূগোল আদি।
7.      প্রঃ অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ-  অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত।
(ক) অর্থনৈতিক কার্যটো কত অৱস্থিত?
(খ) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰ কি কি?
(গ) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?
(ঘ) অর্থনৈতিক কার্যটো যত আছে তাতে কিয় হৈছে?
(ঙ) অর্থনৈতিক কার্যটো য'ত আছে তাৰ পৰিৱর্তে আন এঠাইত হলে বেছি ভাল হ'লহেঁতেন নে?
 উপৰি উক্ত প্রথম তিনিটাৰ লগত পৰম্পৰাগত অর্থনৈতিক ভূগোল জড়িত। কিন্তু পাছৰ দুটাই আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে। আধুনিক অর্থনৈতিক ভূগালৰ পিতৃ স্বৰূপ জর্জ ছিজহম ৰ মতে এখন ঠাইৰ অর্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য আন দুজন অর্থনৈতিক ভূগোলবিদ জন্স আৰু ডার্কেনৱাল্ডৰ মতে অর্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি। আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া এনে প্রশ্নবোৰৰ উত্তৰ উদ্ভাৱনত সহায় কৰে। অর্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কার্যবোৰ আৰু পৰিবেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পর্ক অধ্যয়ন কৰে।।
8.      প্রঃ মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
উত্তৰঃ-  পাৰিবেশিক অৱস্থাৰ লগত মানুহৰ উৎপাদনক্ষম কার্যবোৰৰ সম্পর্ক স্থাপন কৰি জীৱন নির্বাহৰ বাবে। প্রয়োজনীয় অর্থ সংগ্রহ কৰাই হৈছে অর্থনৈতিক বৃত্তি। মানুহৰ অর্থনৈতিক বৃত্তিবোৰ মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে যেনেঃ
*      (ক) প্রাথমিক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্রকতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে যেনেঃ- কৃষি কাৰ্য, বনজ সম্পদ আৰহৰণ, খনিজ সম্পদ আহৰণ মাছ ধৰা ইত্যাদি।
*      (খ) দ্বিতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰে তাকে দ্বিতীয়বৃত্তিবোলে। যেনেঃ যিকোনো নির্মাণ কার্য, পুণৰ নিৰ্মাণ কার্য, শিল্পোৎপাদন প্রক্রিয়া।
*      (গ) তৃতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকেতৃতীয়ক বৃত্তি বোলে। যেনেঃ- যাতায়ত, পৰিবহন, বজাৰ, পর্যটন, পাইকাৰী বিক্রী, খচৰা বিক্ৰী আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
*      (ঘ) চতুর্থক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয়কবৃত্তিসমূহঅধিক সুচল তথা ফলপ্রসূকৰি তোলাত সহায় কৰে তাকেচতুর্থক বৃত্তি বোলে। যেনেঃ বেংক বা অন্য বিত্তীয় অনুষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষাগৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।।
9.      প্রঃ অথনৈতিক ভূগোল প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কার্যকলাপ স্থান আৰুসময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অর্থনৈতিক ভূগোল’ (Economic Geography) বোলে।তলত অর্থনৈতকি ভূগোলৰ বিভিন্ন শাখাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'লঃ-
ü (ক)কৃষি ভূগোলঃ- কৃষি ভূগোলত কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
ü (খ) ঔদ্যোগিক ভূগোলঃ- ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ওদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগৰ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানিৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
ü  (গ) সম্পদ ভূগোলঃ সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদ। সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
ü  (ঘ) পৰিবহণ ভূগোলঃ পৰিবহন ভূগোলত পৰিব ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্প বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়ত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন, কৃষিৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ ভূমিকা আদি অধ্যয়ন কৰা হয়।
ü  (ঙ) বজাৰ ভূগোলঃ বজাৰ ভূগোলত বজাৰ পাৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰসমূহ বজাৰৰ প্ৰকাৰ, বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।
ü  (চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোলঃ- পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা,বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদানভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।
ü  (ছ) পর্যটন ভূগোলঃ- পর্যটন ভূগোলত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
10.  প্রঃ সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোল এটি গুরুত্বপূর্ণ শাখা বোলা হয় ?  
উত্তৰঃ-  সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়। কাৰণ - সম্পদ বুলিলে সাধাৰণতে প্রকৃতিত মুক্তভাৱে পোৱা সকলা বস্তুকে বুজায়কিন্তু প্রকৃতিৰ মুক্ত সম্পদবোৰ তেতিয়াই অর্থনৈতিক সম্পদত পৰিণত হয় যেতিয়া মানুহে এইবোৰ নিজৰ প্রয়োজন অনুসাৰে গঢ় দিয়ে। পৃথিৱীত পোৱা সকলোবোৰ সম্পদেই মানুহৰ বাবে প্রয়োজনীয়। কিয়নো এই সম্পদবোৰে মানুহৰ মৌলিক প্রয়োজনসমূহ পূৰণ কৰে। আন কথাত ক'বলৈ গ'লে, প্রকৃতিত পোৱা কেঁচা সামগ্রী বা সম্পদসমূহ ব্যৱহাৰ কৰি মানুহে মানুহৰ প্রয়োজনীয় বস্তু-সামগ্রী সৃষ্টি কৰে। প্ৰকৃতিৰ সম্পদ অবিহনে মানুহে কোনো বস্তুই সৃষ্টি কৰিব নোৱাৰে। অর্থাৎ প্ৰকৃতিৰ সম্পদবোৰেই মানুহৰ অর্থনৈতিক সম্পদৰ আধাৰ স্বৰূপ। সেয়ে সম্পদ ভূগোলক অর্থনৈতিক ভূগোল এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়।
11.  প্রঃ সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
12.  উঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাসম্পন্ন সকলো বিলাক বস্তুকেই সম্পদবুলি কোৱা হয়। উদাহৰণ স্বৰূপে পৃথিৱীত পোৱা বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদার্থ, সূৰ্যৰ তাপ ইত্যাদি একো একোটা সম্পদ। সম্পদৰ প্রধান বৈশিষ্ট্য তিনিটা, যথাঃ
(ক)উপযোগিতাঃ কোনো বস্তুসম্পদহ'বলৈ হলে
তাৰ উপযোগিতা থাকিব লাগিব। অর্থাৎ ইমানুহৰ অভাৱ পূৰণ কৰাৰ লগতে ইমানুহৰ কল্যাণ সাধন কৰিব লাগিব।
(খ)কার্যকাৰিতাঃ যিটো কামৰ বাবে কোনো এবিধ সম্পদ ব্যৱহাৰ কৰা হয়, সেই কামটোত সম্পদটো কার্যকৰী হ'ব লাগিব।  
(গ)পৰিৱৰ্তন শীলতাঃ সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এক সামগ্রী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্রী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে।কোনা এবিধ সামগ্রী সম্পদ হবলৈ হ'লে উপৰি উক্ত বৈশিষ্ট্যকেইটা থাকিব লাগিব।
13.  প্রঃ সম্পদ পৰিৱৰ্তনশীল’? ব্যাখ্যা কৰা।।
উত্তৰঃ-  পৃথিৱীত পোৱা সকলোবোৰ বস্তুয়েই সম্পদ বুলি কোৱা হয় যদিও সম্পদ হবলৈ তিনিটা বৈশিষ্ট্য থাকিব লাগিব, যেনে উপকাৰিতা, কার্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা। এই তিনিটা প্রধান বৈশিষ্ট্যৰ ভিতৰত পৰিৱর্তনশীলতাও এটা অর্থাৎ সম্পদ বিভিন্ন সময়ত বিভিন্ন ৰূপ লয় বা মানুহে নিজৰ প্রয়োজন অনুসৰি ভিন ভিন সময়ত ভিন ভিন ৰূপ দিব পাৰে। উদাহৰণ স্বৰূপে- মানুহে যেতিয়ালৈকে শক্তি উৎপাদনৰ ক্ষেত্ৰত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল, তেতিয়ালৈকে এইবোৰ সামগ্রীক সম্পদ বুলি বিবেচনা কৰা নাছিল। কিন্তু প্রযুক্তি বিদ্যাৰ উন্নয়নৰ লগে লগে মানুহেকয়লা, খনিজ তেল বা। অন্যান্য প্রাকৃতিক বস্তুক বিভিন্ন ৰূপ দি কামত খটুৱাইছে। অর্থাৎ সিবোৰৰ ৰূপৰ পৰিৱৰ্তন হৈ সম্পদত পৰিণত হৈছে। সেয়ে সম্পদক পৰিৱৰ্তনশীল বুলি গণ্য কৰা হয়।
14.  প্রঃ সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ-  মানুহৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰণ কৰিব পৰা বস্তুকেইসম্পদ বুলি কোৱা হয়। অর্থাৎ যিবোৰ বস্তুয়ে মানুহৰ প্রয়োজন পূৰণ কৰিব পাৰে সেইবাৰ বস্তুয়েই সম্পদ। পৃথিৱীত পোৱা প্রায় সকলোবোৰ বস্তু যেনে - বায়ু, পানী, মাটি, গছ-গছনি, সূৰ্যৰ ৰশ্মি ইত্যাদি সম্পদ। মানুহে প্ৰকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মৌলিক প্রয়োজনসমূহ পূৰণ কৰে। মানুহে মাথো প্রয়োজন অনুসৰি সম্পদবোৰৰ ৰূপৰ বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বুদ্ধি হোৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা মানুহে নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, যান-বাহন আদি প্ৰকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। অর্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰকৃতিত পোৱা।
সম্পদবোৰেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ আধাৰ বা মূল সামগ্রী হিচাপে ব্যৱহাৰ হৈ আছে।
15.  প্রঃ সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ-  সম্পদ আৰু মানুহৰ মাজত এক অভিন্ন সম্পর্ক আছে। কাৰণ মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহৰ দ্বাৰাই দৈনন্দিন জীৱনৰ মৌলিক প্রয়োজনসমূহপূৰণ কৰে। অর্থাৎ মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহ উদঘাটন বা উৎপাদন কৰি নিজ নিজ প্রয়োজন অনুসৰি গঢ় দি উপভোগ কৰি আছে। সম্পদ নোহোৱাকৈ মানুহৰ জীৱন ধাৰণ কৰা অসম্ভৱ। উদাহৰণ স্বৰূপে মানুহৰ প্রয়োজনীয় ঘৰ-দুৱাৰ, প্রকৃতিত পোৱা গছ-গছনি, শিল, বালি, ধাতু আদিৰ দ্বাৰাই তৈয়াৰ কৰি লৈছে। সেয়ে সম্পদৰ লগত মানুহৰ ওতঃপ্রোত সম্পর্ক আছে।।
16.  প্রঃ সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰঃ-  সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত এক নিবিড় সম্পর্ক আছে। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে বহুতো নিষ্ক্রিয় পদার্থ বা সম্পদ বুলি গণ্য নকৰা বস্তু বা সামগ্রী মূল্যৱান সম্পদত পৰিণত হৈছে। উদাহৰণ স্বৰূপে কয়লা বা খনিজ তেল এটা সময়ত সম্পদ বুলি গণ্য হোৱা নাছিল কাৰণ মানুহে এইবোৰৰ ব্যৱহাৰ জনা নাছিল। কিন্তু বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহে কয়লা আৰু খনিজ তেল শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্থ হৈছে। ফলস্বৰূপে এইবোৰ মূল্যবান সম্পদ বুলি পৰিগণিত হৈছে। ঠিক সেইদৰে এসময়ত পশ্চিমবংগৰ দামোদৰ নদী এক ভয়ানক সমস্যা বুলিহে বিবেচিত হৈছিল। কিন্তু বিজ্ঞান-প্রযুক্তিৰ সহায়ত যেতিয়া এই নদীখনৰ ওপৰত বান্ধ দি বিদ্যুৎ উৎপাদন কৰিবলৈ লোৱা হ'ল তেতিয়াৰ পৰা ই মূল্যৱান সম্পদ হৈ পৰিল।গতিকে দেখা যায় সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত এক ভাল সম্পর্ক আছে।।
17.  প্রঃ উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।
উত্তৰঃ-  পৃথিৱীত নানান ধৰণৰ সম্পদ পোৱা যায়। এইবোৰক আমি তলত দিয়া ধৰণে বিভাজন কৰিব পাৰি যথা
(১)উৎপত্তিৰ প্রক্রিয়া অনুসৰিঃ উৎপত্তিৰ প্রক্রিয়া অনুসৰি সম্পদক তিনিটা শ্রেণীত ভাগ কৰিব পাৰি, যেনে –
(ক) প্রাকৃতিক সম্পদ
(খ) মানবসৃষ্ট সম্পদ আৰু
(গ) মানৱ সম্পদ।
(২)গঠন অনুসৰিঃ গঠন অনুসৰি সম্পদক প্রধানকৈ
দুটা ভাগত ভাগ কৰিব পাৰি, যেনে-
(ক) জৈৱিক সম্পদ আৰু
(খ) অজৈৱিক সম্পদ।
(৩)উপলভ্যতা বা স্থায়ীত্ব অনুসৰিঃ উপলভ্যতা বা স্থায়ীত্ব অনুসৰি সম্পাদক দুটা ভাগত ভাগ কৰা হৈছে, যেনেঃ-
(ক) নবীকৰণ যো-গ্য সম্পদ আৰু
(খ) অনবীকৰণযোগ্য সম্পদ।  
(8) মালিকীস্বত্ব অনুসৰিঃ মালিকীস্বত্ব অনুসৰি। সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে –
(ক) ব্যক্তিগত সম্পদ
(খ) জাতীয় সম্পদ আৰু
(গ) আন্তর্জাতিক সম্পদ।  
18.  প্রঃ প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা।
উত্তৰঃ-  যিবোৰ সম্পদ প্ৰকৃতিত সৃষ্টি হৈপ্ৰকৃতিত সিঁচৰতি হৈ থাকে, তেনেবোৰ সম্পদকেপ্রাকৃতিক সম্পদ (Natural Resource) বোলে। যেনে -বায়, পানী, সূৰ্যৰ ৰশ্মি, কয়লা, খনিজ তেল ইত্যাদি। প্রাকৃতিক সম্পদসমূহ  গোটা, জুলীয়া, গেছীয় আদি ৰূপত পোৱা যায়। গঠন অনুযায়ী প্রাকৃতিক সম্পদবোৰক জৈৱিক আৰু অজৈৱিকএই দুটা ভাগত ভাগ কৰিব পাৰি। আকৌ উপলভ্যতা বা স্থায়ীত্ব অনুসৰি প্রাকৃতিক সম্পদক নবীকৰণযোগ্য আৰু অনবীকণযোগ্য এই দুটা ভাগত ভাগ কৰিব পাৰি। প্রাকৃতিক সম্পদেই মানুহৰ বাবে প্রয়োজনীয় সকলো বস্তু বা সামগ্ৰীৰ কেঁচা মাল বা উৎস।
19.             প্রঃ মানৱষ্টসম্পদ কি? উদাহৰণসহইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ-  প্রাকৃতিক সম্পদক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ। কৰি মানুহেনিজৰ জ্ঞান আৰু কৌশল খটুৱাই যিবোৰ সম্পদ সৃষ্টি কৰে সেইবোৰ সম্পদকেমানৱ সৃষ্ট সম্পদবোলে। উদাহৰণ স্বৰূপে গছ-গছনি প্রাকৃতিক সম্পদ। প্ৰকৃতিৰ গছগছনিসমূহক কেঁচ্চা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি মানুহে ইয়াৰ সহায়ত ঘৰ-দুৱাৰ, নানা ধৰণৰ আচবাব পত্র তৈয়াৰ কৰে। এই ঘৰ-দুৱাৰ, আচবাব-পত্ৰ আদিয়েই মানৱ-সৃষ্ট সম্পদ। প্রাকৃতিক সম্পদ তেতিয়াই প্রয়োজনীয় মূল্যবান সম্পদত পৰিণত হয়, যেতিয়া মানুহে এইবোৰ নিজৰ প্ৰয়োজন অনুসৰি গঢ় দিয়ে অর্থাৎ মানৱ-সৃষ্ট সম্পদত পৰিণত কৰে। মানৱসৃষ্ট সম্পদৰ ব্যৱহাৰ অসীম। মানৱ-সৃষ্ট সম্পদৰ দ্বাৰাহে। মানৱ সমাজৰ প্রকৃত কল্যাণ আৰু উন্নয়ন সম্ভব হয়। .
20.  প্রঃ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত পার্থক্য কি কি?উদাহৰণসহ চমুকৈ আলোচনা কৰা। H.S.L.C.2018  
উত্তৰঃ-  উপলভ্যতা বা স্থায়ীত্ব অনুসৰি প্ৰাকৃতিক সম্পদকদুই শ্রেণীত ভাগ কৰা হৈছে, যেনে -নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ দুয়ো বিধসম্পদৰ মাজত পার্থক্য
(১) অনবীকৰণযোগ্য সম্পদৰবাৰ হৈছে এনেকক প্রাকৃতিক সম্পদ যিবোৰ সম্পদৰ পৰিমাণ প্রাকৃতিকভাবে সীমতি। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভৰায় ক্রমে নিঃশেষ হৈ যায়। যেনে কয়লা, খনিজ তেল, সোণ ৰূপ ইত্যাদি। আনহাতে নৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গলেও পুনৰীয় সৃষ্টি কৰিব পাৰি বা উৎপাদন কৰিব পাৰি। যেনে - গছ, গছনি, ধান, মাহ, সৰিয়হ, জীৱ-জন্তু, চৰাই-চিৰিকতি ইত্যাদিনৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোতে বহু সময়ত মানুহৰ ক্রিয়া কৌশল, পৰিশ্ৰম, সংৰক্ষণ আদিৰ প্রয়োজন হয়।
21.  প্রঃ সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?
উত্তৰঃ-  সম্পদ সংৰক্ষণ কৰা বুলিলে সাধাৰণতে প্রকৃতিত পোৱা সম্পদসমূহ কোনো ধৰণৰ বিনাশ বা ধ্বংসনকৰাকৈ দীর্ঘদিন ধৰি সদব্যৱহাৰ কৰি থকাকে বুজায়। উদাহৰণ স্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলে ইয়াক কোনো ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। বর্তমান পৃথিৱীত জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে সম্পদৰ চাহিদাও বহুল পৰিমাণে বৃদ্ধি পাইছে ফলত জনসংখ্যা অনুপাতে সম্পদৰ নাটনিয়ে দেখা দিছে এনে অৱস্থাত সম্পদৰ সংৰক্ষণ অৱশ্যম্ভাৱী হৈ পৰিছে।মানুহেসম্পদ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। কাৰণ মানুহে প্ৰকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মৌলিক প্রয়োজনসমূহ পূৰণ কৰে। মানুহে মাথো নিজৰ প্রয়োজন অনুসৰি সম্পদবোৰৰ ৰূপৰ বা আকাৰৰ পৰিৱর্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কলকাৰখানা, যান-বাহন আদি প্ৰকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে অর্থাৎ সম্পদ প্রয়োজন আছে আৰু প্ৰকৃতিত পোৱা সম্পদববাৰেইমানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ আধাৰ বা মূল সামগ্রী হিচাপে ব্যৱহাৰ হৈ আছে।
22.  প্রঃ সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ-  সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি আছে তলত সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ আলোচনা কৰা হ'ল -
(১) বিকল্প সম্পদৰ সন্ধান সম্পদ সংৰক্ষণৰ এক পদ্ধতি। কোনো এক সম্পদ ব্যৱহাৰ কৰি থাকোতে একে সময়তে বিকল্প সম্পদ সম্পর্কে অনুসন্ধান চলাই উদঘাটনৰ ব্যৱস্থা কৰিলে সম্পদ সংৰক্ষণ হব।
(২) পুনৰাৱৰ্তন প্রক্রিয়াৰ জৰিয়তে সীমিত পৰিমাণে। থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰৰ পৰিমাণ হ্রাস কৰিব পাৰি আৰু এনেদৰে সম্পদ সংৰক্ষণ কৰিব পাৰি।
(৩) জনসাধাৰণক সম্পদৰ প্রয়োজনীয়তা সম্পর্কে আৰু ইয়াৰ সীমিত পৰিমাণৰ বিষয়ে জ্ঞান প্রদান কৰি, সামাজিক সচেতনতা বৃদ্ধি কৰি কিছু পৰিমাণে সম্পদ সংৰক্ষণ কৰিব পাৰি।
(৪) বর্জিত দ্রব্যৰ পৰিমাণ হ্রস কৰিও সম্পদৰ সংৰক্ষণ। কৰ্বি পাৰি।।
23.  প্রঃ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ-  সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্রীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তর্গতআন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা (IUCN) বিশেষভাৱে উল্লেখযোগ্য ১৯৪৮ চনত UNESCO ৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সেলৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিবেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বত WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র (World Conservation Monitoring Centre) স্থাপিত হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিবেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তৰ্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থাগঠন কৰা হৈছে। ভাৰতবৰ্ষত সম্পদ সংৰক্ষণৰ বাবে চৰকাৰীভাৱেপৰিবেশবন আৰু জলবায়ু পৰিৱৰ্তননামেৰে এটি মন্ত্রণালয়। গঠন কৰা হৈছে। - ভাৰত বৰ্ষত বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিবেশকেন্দ্র’, 'গ্রীণপিচ ইণ্ডিয়া’, ‘ৱাইল্ড লাইফ ট্রাষ্ট অব ইণ্ডিয়াআদিৰ দৰে বহু সংগঠনে পৰিবেশ সুৰক্ষাৰ বাবে অজস্র কাম কৰি আছে।অসমতোঅসম বিজ্ঞান সমিতি’, ‘আৰণ্যকআদি কেইবাটাও বেচৰকাৰী সংগঠনে পৰিবেশ সুৰক্ষা, জৈৱ বৈচিত্র সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে।
24.  প্রঃ চমটেকা লিখা ?
(ক) সম্পদ
(খ) মানৱ সম্পদ ।
(গ) সম্পত্তি
(ঘ) নবীকৰণযোগ্য সম্পদ।
(ঙ) ব্যক্তিগত সম্পত্তি
(চ) জাতীয় সম্পদ
(ছ) জীৱীয় সম্পদ
(জ) সম্পদ সংৰক্ষণ
(ঝ) সম্পদৰ পুনৰাৱৰ্তন
(ঞ) IUCN
উত্তৰঃ-  (ক) সম্পদঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা | ক্ষমতাসম্পন্ন সকলো বিলাক বস্তুকেই সম্পদবুলি কোৱা। হয়। উদাহৰণ স্বৰূপে পৃথিৱীত পোৱা বায়ু, পানী, গছগছনি, মাটি, খনিজ পদার্থ.সূৰ্যৰ তাপ ইত্যাদি। সম্পদৰ প্রধান বৈশিষ্ট্য তিনিটা, যথা-(ক) উপকাৰিতা, (খ) কার্যকাৰিতা, আৰু(গ) পৰিৱৰ্তনশীলতা। অর্থাৎ কোনো বস্তুসম্পদহ'বলৈ হ'লে এই তিনিটা বৈশিষ্ট্য থাকিব লাগিব।
    (খ) মানৱ সম্পদঃ- সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনে - প্রাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানৱ সম্পদ বুলিলে এখন দেশৰ জনসাধাৰণ বা লোকসকলক বুজায়। মানুহক  সম্পদ বোলাৰ কাৰণ হল মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহক নিজৰ জ্ঞান, বুদ্ধি, প্রযুক্তি আদিৰ সহায়ত নিজৰ প্রয়োজন অনুসাৰে গঢ় দি মানৱ কল্যাণমূলক কামত ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে মানুহে বাঁহৰ পৰা কাগজ তৈয়াৰ। কৰে, কপাহৰ পৰা কপাহী কাপোৰ, খনিজাত সম্পদৰ পৰা নানা ধৰণৰ বস্তু-সামগ্রী তৈয়াৰ কৰে। এখন দেশৰ মানুহ। কিমান কৌশলী, জ্ঞানী আৰু প্রযুক্তি বিদ্যাত আগবঢ়া তাৰ ওপৰত দেশখনৰ মানৱ সম্পদৰ মানদণ্ড নির্ভৰ কৰে।।
     (গ) সম্পত্তিঃ বাহ্যিক দৃষ্টিত সম্পদ আৰু সম্পত্তি একে যেন ধাৰণা হলেও দুয়োবিধৰ মাজত পার্থক্য আছে।সাধাৰণ অৰ্থত সম্পদ বুলিলে প্রকৃতিত পোৱা স্বয়ম্ভ বস্তুক বুজোৱা হয়। সম্পদৰ বিনিময় মূল্য নাই। যেনে- বায়ু, পানী, হ্রদ, নদনদী, সূৰ্যৰ ৰশ্মি ইত্যাদি। আনহাতে মানুহে যেতিয়া প্রাকৃতিক সম্পদসমূহব্যৱহাৰ কৰি নিজ প্রয়োজন। আৰুচাহিদা অনুসৰি বস্তু তৈয়াৰ কৰে বা গঢ় দিয়ে সেইবোৰ বস্তুকে সম্পত্তি বোলে। অর্থাৎ মানৱ সৃষ্ট বস্তুই সম্পত্তি উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, চকী মেজ, কল-কাৰখানা, গাড়ী-মটৰ, জাহাজ ইত্যাদি সম্পত্তিৰ বিনিময় মূল্য আছে  
(ঘ) নৱীকৰণযোগ্য সম্পদঃ উপলভ্যতা বা স্থায়ীত্ব অনুসৰি প্ৰাকৃতিক সম্পদক দুই শ্রেণীত ভাগ কৰা হৈছে, যেনে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ। অনবীকৰণযোগ্য সম্পদবোৰ হৈছে এনেকুৱা প্রাকৃতিক সম্পদ যিবোৰ সম্পদৰ পৰিমাণ প্রাকৃতিকভাৱে সীমিত। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্রমে নিঃশেষ হৈ যায়। আনহাতে নৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গলেও পুনৰায় সৃষ্টি কৰিব পাৰি বা উৎপাদন কৰিব পাৰি। যেনে - গছ-গছনি, ধান, মাহ, সৰিয়হ, জীৱজন্তু, চৰাই-চিৰিকতি ইত্যাদি।নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোতে বহু সময়ত মানুহৰ ক্রিয়া কৌশল, পৰিশ্ৰম, সংৰক্ষণ আদিৰ প্রয়োজন হয়।
(ঙ) ব্যক্তিগত সম্পত্তিঃ মালিকীস্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে- (ক) ব্যক্তিগত সম্পদ (খ) জাতীয় সম্পদ আৰু (গ) আন্তর্জাতিক সম্পদ। ইয়াৰ ব্যক্তিগত সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ মানুহৰ ব্যক্তিগত অধিকাৰ বা দখলত থাকে। যেনে -ঘৰ-দুৱাৰ, কল-কাৰখানা, গাড়ী-মটৰ, টকা-পইচা, ইত্যাদি। তেনেদৰে মানুহৰ ভাল গুণ যেনে - ভাল চৰিত্র, শিক্ষাদীক্ষা, প্রযুক্তি কৌশল, কর্মদক্ষতা আদিকো মানুহৰ ব্যক্তিগত সম্পত্তি বুলি ধৰা হয়।
(চ) জাতীয় সম্পত্তিঃ- মালিকীস্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে – (ক) ব্যক্তিগত সম্পদ (খ) জাতীয় সম্পদ আৰু (গ) আন্তর্জাতিক সম্পদ। জাতীয় সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ সম্পত্তিৰ মালিক এখন ৰাষ্ট্ৰীয় চৰকাৰ। দেশ এখনৰ ৰাস্তাঘাট, ভূমি, নদ-নদী, হাবি-অৰণ্য, জীৱ-জন্তু, শিক্ষানুষ্ঠান, খনিজ পদার্থ আদি হৈছে দেশ এখনৰ জাতীয় সম্পদ। জাতীয় সম্পদসমূহ এখন দেশৰ উমৈহতীযা সম্পদ আৰু ৰাষ্ট্ৰই দেশখনৰ উমৈহতীয়া কল্যাণৰ হকে সম্পদবোৰ ব্যৱহাৰ কৰে।
(ছ) জীৱীয় সম্পদঃ- গঠন অনুসৰি সম্পদক প্রধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি, যেনে - (ক) জৈৱিক (জীৱীয়) সম্পদ আৰু (খ) অজৈৱিক সম্পদ। সাধাৰণতে প্ৰকৃতিত পোৱা জীৱ থকা সকলোবিলাক সম্পদকে জৈৱিক বা জীৱীয় সম্পদ বুলি কোৱা হয়। জীৱীয় সম্পদবোৰ আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যেনে - (ক) প্রাণী আৰু (খ) উদ্ভিদ। জীৱ-জন্তু, গছ-গছনি আদি জীৱীয় সম্পদ। জীৱীয় সম্পদসমূহ সাধাৰণতে নৱীকৰণযোগ্য সম্পদ।
(জ) সম্পদ সংৰক্ষণঃ সম্পদ সংৰক্ষণ কৰা বুলিলে সাধাৰণতে প্ৰকৃতিত পোৱা সম্পদসমূহ কোনো ধৰণৰ বিনাশ বা ধ্বংস নকৰাকৈ দীর্ঘদিন ধৰি সদব্যৱহাৰ কৰাকে বুজায়। উদাহৰণ স্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলে।ইয়াক কোনো ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। বর্তমান পৃথিৱীত জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে। লগে সম্পদৰ চাহিদাও বহুল পৰিমাণে বৃদ্ধি পাইছে। ফলত। জনসংখ্যা অনুপাতে সম্পদৰ নাটনিয়ে দেখা দিছে। এনে অৱস্থাত সম্পদৰ সংৰক্ষণ অৱশ্যম্ভাৱী হৈ পৰিছে।
(ঝ) সম্পদৰ পুনৰাৱর্তনঃ সম্পদৰ পুনৰাৱর্তন
বুলিলে এটা সম্পদকে পুনঃ পুনঃ সদ্ব্যৱহাৰ কৰি থকাকে  বুজায়। বর্তমান বিশ্ব জনসংখ্যা বৃদ্ধি পোৱাত সম্পদৰ নাটনিয়ে দেখা দিছে। প্রকৃতিৰ সম্পদসমূহৰ যধে-মধে
ব্যৱহাৰ কৰি থাকিলে অচিৰেইবিশ্বৰ সম্পদসমূহ নিঃশেষ হৈ যাব। সম্পদ নিঃশেষ হৈ গ'লে মানৱ সভ্যতাও বর্তি নাথাকিব কাৰণ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিহে মানৱ সভ্যতা বর্তি আছে। সেয়ে মানৱ সভ্যতাজীয়াই ৰাখিবলৈ হলে পৃথিৱীৰ সম্পদসমূহআৰু ইয়াৰ উৎসসমূহও জীয়াই " ৰাখিব লাগিব। ইয়াৰ বাবে সম্পদৰ পুনৰাৱৰ্তন এটি সময়োপযোগী পদক্ষেপ। আমি যিমান পাৰো সিমানে সম্পদ এটিক পুনঃ পুনঃ ব্যৱহাৰ কৰি থকা উচিত।উদাহৰণ স্বৰূপে পুৰণি প্লাষ্টিকৰ বেগ, পলিথিনৰ মোনা, প্লাষ্টিকৰ বটল, কাগজ, লো আদি পুনৰাৱৰ্তনৰ দ্বাৰা কিছু পৰিমাণে হলেও সম্পদৰ সংৰক্ষণ কৰিব পাৰি। ইয়াৰ বাবে এক বৃহৎ আঁচনিৰ আৰু গণ সচেতনতা প্রয়োজন।
(ঞ) IUCN- সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে।এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা(International Union for Conservation of Nature) বিশেষভাবে উল্লেখযোগ্য। ১৯৪৮ চনত UNESCO ৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হান্সেলৰ প্রচেষ্টাত IUCN গঠিত হৈছিল। এই সংস্থাটোৰ মূল। উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিবেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা IUCN ৰ নেতৃত্বত WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র (World Conservation Monitoring Centre) স্থাপিত হৈছে।
25.  প্রঃ পার্থক্য লিখা ?
(ক)সম্পদ আৰু সম্পত্তি
(খ)অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী।
(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ।
(ঙ) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ
(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
(ছ) মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ।
(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন
উত্তৰঃ- (ক) সম্পদ আৰু সম্পত্তিঃ বাহ্যিক দৃষ্টিত সম্পদ আৰু সম্পত্তি একে যেন ধাৰণা হলেও দুয়োবিধৰ মাজত পার্থক্য আছে। যেনে -
(১) সাধাৰণ অৰ্থত সম্পদ বুলিলে প্ৰকৃতিত পোৱা
স্বয়ম্ভ বস্তুক বুজোৱা হয়। সম্পদৰ বিনিময় মূল্য নাই। যেনে-বায়ু, পানী, হ্রদ, নদ, নদী, সূৰ্যৰ ৰশ্মি। আনহাতে মানুহে যেতিয়া প্রাকৃতিক সম্পদসমূহব্যৱহাৰ কৰি নিজ প্রয়োজন আৰু চাহিদা অনুসৰি বস্তু তৈয়াৰ কৰে বা গঢ় দিয়ে সেইবোৰ বস্তুকে সম্পত্তি বোলে। অর্থাৎ মানৱসষ্ট বস্তুই সম্পত্তি। উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, চকী, মেজ, কল-কাৰখানা, গাড়ী-মটৰ ইত্যাদি। সম্পত্তিৰ বিনিময়। মূল্য আছে।
(২) সম্পদৰ দ্বাৰা মানৱ জাতিৰ কল্যাণ হয়। প্রকৃতিত পোৱা সকলোবোৰ সম্পদেই মানৱ সৃষ্ট সম্পদৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হয়। কিন্তু সম্পত্তিৰ দ্বাৰা মানৱ সমাজৰ কল্যাণৰ লগতে কেতিয়াবা অকল্যাণো হয়। যেনে- ভূমিত ব্যৱহাৰ কৰা কীটনাশক দ্ৰৱ্যৰ সেৱন কৰি মানুহৰ মৃত্যুও হ'ব পাৰে।।
(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলঃ- অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ মাজত পার্থক্য আছে যেনে -
(১)ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কার্যকলাপ স্থান আৰুসময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অর্থনৈতিক ভূগোল’ (Economic Geography) বোলেআনহাতে যিবোৰ বস্তুই মানুহৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম, যিবোৰ বস্তুৰ উপকাৰিতা, কার্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা গুণ আছে সেইবোৰকে সম্পদ বোলে।
(২) অর্থনৈতিক ভূগোল হৈছে ভূগোল বিজ্ঞানৰ এটি শাখা হে কিন্তু সম্পদ হল কেতবোৰ বস্তু বা সামগ্রী।
(৩) অর্থনৈতিক ভূগোলৰ বিষয়বস্তু বৰ বিশাল। ই সম্পদৰ উৎপাদন, বিতৰণ আদিনানা দিশ আলোচনা কৰে। কিন্তু সম্পদ হল অর্থনৈতিক ভূগোলৰ এটি বিষয় হে মাথোন।
26. (গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রীঃ- সম্পদ আৰু নিষ্ক্রিয়। সামগ্ৰীৰ মাজত থকা পার্থক্যসমূহ হল -
(১) মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাসম্পন্ন সকলো বিলাক বস্তুকেইসম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পৃথিৱীত পোৱা বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদার্থ, সূৰ্যৰ তাপ ইত্যাদি।আনহাতে যিবোৰ বস্তু বা সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবোৰ সামগ্রীকে নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বুলি কোৱা হয়।।
(২) সম্পদ মানুহৰ বাবে অতি উপকাৰী। আনহাতে নিষ্ক্রিয় সামগ্রী মানুহৰ বাবে উপকাৰী নহয় বা নিষ্ক্রিয়। সামগ্রী সময়ৰ গতিতহে সম্পদত পৰিণত হয়।।
(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদঃ- গঠন অনুসৰি
প্রাকৃতিক সম্পদসমূহক জৈৱিক বা জীৱীয় সম্পদ আৰু অজৈৱিক বা অজীৱীয় সম্পদ- এই দুটা ভাগত ভাগ কৰা হয়। এই দুয়ো প্ৰকাৰৰ সম্পদৰ মাজত পার্থক্য হল -
(১) জৈৱিক সম্পদৰ জীৱ থাকে। যেনে উদ্ভিদ প্রাণী, মাছ, গছ-গছনি ইত্যাদিআনহাতে অজৈৱিক সম্পদবোৰ নিৰ্জীৱ ইহঁতৰ জীৱ নাই বুলি ধৰা হয়। শিল, মাটি, পানী, খনিজ তেল ইত্যাদি।
(২) জৈৱিক বা জীৱীয় সম্পদবোৰৰ বৃদ্ধি বা বিকাশ হয়। কিন্তু অজীৱীয় সম্পদবোৰৰ বৃদ্ধি বা বিকাশ নহয়।
(৩) জৈৱিক সম্পদবোৰ নৱীকৰণযোগ্য সম্পদ। অর্থাৎ এইবোৰ সম্পদ ব্যৱহাৰ কৰি গ'লেও একেবাৰে নিঃশেষ নহয়। আনহাতে অজীৱীয় সম্পদ অনৱীকৰণযোগ্য। এইবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে এটা সময়ত নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে।।
(ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদঃ- উপলভ্যতাবা স্থায়ীত্ব অনুসৰি প্ৰাকৃতিক সম্পদকদুই শ্রেণীত। ভাগ কৰা হৈছে, যেনে-নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য। সম্পদ। দুয়োবিধ সম্পদৰ মাজত পার্থক্য হল
(১) অনবীকৰণযোগ্য সম্পদবোৰ হৈছে এনেকুৱা প্রাকৃতিক সম্পদ যিবোৰ সম্পদৰ পৰিমাণ প্রাকৃতিকভাৱে সীমিত। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰভৰাল ক্রমে নিঃশেষ হৈ যায়। যেনেঃ- কয়লা, খনিজ তেল, সোণ, ৰূপ ইত্যাদি। আনহাতে নৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গ'লেও পুনৰায় সৃষ্টি কৰিব পাৰি বা উৎপাদন কৰিব পাৰি। যেনে - গছগছনি, ধান, মাহ, সৰিয়হ, জীৱ-জন্তু, চৰাই-চিৰিকতি ইত্যাদি।নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোতে বহু সময়ত মানুহৰ। ক্রিয়া কৌশল, পৰিশ্ৰম, সংৰক্ষণ আদিৰ প্ৰয়োজন হয়।
(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদঃ- মালিকীস্বত্ব অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে- (ক) ব্যক্তিগত সম্পদ (খ) জাতীয় সম্পদ আৰু (গ) আন্তর্জাতিক সম্পদ ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদৰ মাজত পার্থক্য হল -
ব্যক্তিগত সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ মানুহৰ ব্যক্তিগত অধিকাৰ বা দখলত থাকে। যেনে -ঘৰ-দুৱাৰ, কল-কাৰখানা, গাড়ী-মটৰ, টকা-পইচা, ইত্যাদি। তেনেদৰে মানুহৰ ভাল গুণ যেনে - ভাল চৰিত্র, শিক্ষাদক্ষিা, প্রযুক্তি কৌশল, কর্মদক্ষতা আদিও ব্যক্তিগত সম্পত্তি। বুলি কোৱা হয়। আনহাতে জাতীয় সম্পত্তি বুলিলে সেইবোৰ সম্পত্তিক বুজায় যিবোৰ সম্পত্তিৰ মালিক এখন ৰাষ্ট্ৰীয় চৰকাৰ দেশ এখনৰ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, হবি-অৰণ্য, জীৱ-জন্তু, শিক্ষানুষ্ঠান, খনিজ পদার্থ আদি হৈছে জাতীয় সম্পদ। জাতীয় সম্পদসমূহ এখন দেশৰ উমৈহতীয়া সম্পদ আৰু এইবোৰ ৰাষ্টই দেশ বা জাতি এখনৰ উমৈহতীয়া কল্যাণৰ হকে ব্যৱহাৰ কৰে 
(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদঃ- মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ মাজত পার্থক্য আছে প্রাকৃতিক সম্পদক কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰি মানুহে নিজৰ জ্ঞান আৰু কৌশল খটুৱাই যিবোৰ সম্পদ সৃষ্টি কৰে সেইবোৰ সম্পদকে মানৱ-সৃষ্ট সম্পদ বোলে। উদাহৰণ স্বৰূপে গছ-গছনি প্রাকৃতিক সম্পদ। প্ৰকৃতিৰ গছ-গছনি সমূহক কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰি মানুহে ইয়াৰ সহায়ত ঘৰ-দুৱাৰ, নানা ধৰণৰ আচবাব পত্র তৈয়াৰ কৰে। এই ঘৰ-দুৱাৰ, আচবাব-পত্ৰ আদিয়েই মানৱ সৃষ্ট সম্পদ। প্রাকৃতিক সম্পদ তেতিয়াই প্রয়োজনীয় মূল্যৱান সম্পদত পৰিণতহ্য, যেতিয়া মানুহে এইবোৰ নিজৰ প্রয়োজন অনুসৰি গঢ় দিয়ে অর্থাৎ মানৱ সৃষ্ট সম্পদত পৰিণত কৰে। মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰ অসীম। মানৱ সৃষ্ট সম্পদৰ দ্বাৰা হে মানৱ সমাজৰ প্রকৃত কল্যাণ আৰু উন্নয়ন সম্ভৱ হয়। সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে যেনে প্রাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানৱ সম্পদ বুলিলে এখন দেশৰ জনসাধাৰণ বা লোকসকলক বুজায়। মানুহক সম্পদ বোলাৰ কাৰণ হ'ল মানুহে প্ৰকৃতিত পোৱা সম্পদসমূহক নিজৰ জ্ঞান, বুদ্ধি, প্রযুক্তি আদিৰ সহায়ত নিজৰ প্রয়োজন। অনুসাৰে গঢ় দি মানৱ কল্যাণমূলক কামত ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে মানুহে বাঁহৰ পৰা কাগজ তৈয়াৰ কৰে, কপাহৰ পৰা কপাহী কাপোৰ, খনিজাত সম্পদৰ পৰা নানা ধৰণৰ বস্তু-সামগ্রী তৈয়াৰ কৰে। এখন দেশৰ মানুহ কিমান কৌশলী, জ্ঞানী আৰু প্রযুক্তি বিদ্যাত আগবঢ়া তাৰ ওপৰত দেশখনৰ মানৱ সম্পদৰ মানদণ্ড নিৰ্ভৰ কৰে। | (জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজনঃ- সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজনৰ মাজত পার্থক্য আছে।
সম্পদৰ পুনৰাৱৰ্তন বুলিলে এটা সম্পদকে পুনঃ পুনঃ সদ্ব্যৱহাৰ কৰি থকাকে বুজায়। বর্তমান বিশ্ব জনসংখ্যা। বৃদ্ধি পোৱাত সম্পদৰ নাটনিয়ে দেখা দিছে। প্রকৃতিৰ সম্পদসমূহৰ জধে-মধে ব্যৱহাৰ কৰি থাকিলে অচিৰেই বিশ্বৰ সম্পদসমূহ নিঃশেষ হৈ যাব। সম্পদ নিঃশেষ হৈ গলে মানৱ সভ্যতাও বতি নাথাকিব। কাৰণ সম্পদৰ। ওপৰত নিৰ্ভৰ কৰিহে মানৱ সভ্যতা বর্তি আছে সেয়ে মানৱ সভ্যতা জীয়াই ৰাখিবলৈ হ'লে পৃথিৱীৰ সম্পদসহ আৰু ইয়াৰ উৎসসমহও জীয়াইৰাখিব লাগিব।ইয়াৰ বাবে সম্পদৰ পৰাৱৰ্তন এটি সময়োপযোগী পদক্ষেপ আমি  যিমান পাৰো সিমানে সম্পদ এটিক পুনঃ পুনঃ ব্যৱহাৰ কৰি থকা উচিত। উদাহৰণ স্বৰূপে পুৰণি প্লাষ্টিকৰ বেগ, পলিথিনৰ মোনা, প্লাষ্টিকৰ বটল, কাগজ, লো আদি পুনৰাৱর্তনৰ দ্বাৰা কিছু পৰিমাণে হলেও সম্পদৰ সংৰক্ষণ কৰিব পাৰি। ইয়াৰ বাবে এক বৃহৎ আচনিৰ আৰু গণ সচেতনতাৰ প্রয়োজন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে কোনো সম্পদৰ নতুন ৰূপ দি ব্যৱহাৰৰ অধিক উপযোগী কৰাকে অভিযোজনবুলি কোৱা হয়। অর্থাৎ ই সম্পদক নতুন ৰূপ বা আকাৰ দিয়ে আৰু সামগ্ৰীৰ কার্যক্ষমতা বঢ়ায়উদাহৰণ স্বৰূপে চুণশিল, বালি আৰু বোকা মিহলি কৰি তৈয়াৰ কৰা চিমেন্ট।
27.  প্রঃ শুদ্ধ উত্তৰটো বাছিউলিওৱাঃ
(ক) তলৰ কোনটো মানৱসৃষ্ট সম্পদ? H.S.L.C.2018 (১) নদ-নদী
(২) খনিজ তেল
(৩) জলসিঞ্চনৰ নলা
(৪) অৰণ্য।
উত্তৰঃ-  (৩) জলসিঞ্চনৰ নলা।
(খ) তলৰ কোনটো অজীৱীয় সম্পদ ?
     (১) বায়ু।
     (২) গছ-গছনি
     (৩) জীৱ-জন্তু।
  (৪) ভেঁকুৰ
উত্তৰঃ-  (১) বায়ু
(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ?
(১) বায়ু।
(২)পানী।
(৩) শস্য
(৪) কয়লা
উত্তৰঃ- (৩) কয়লা।
(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী ?
(১) এশিঙীয়া গড়
(২) নল গাহৰি
(৩) জিৰাফ
(৪) মিথুন
উত্তৰঃ- (৩) জিৰাফ
(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত? (১) UNESCO
(২) UNDP
(৩) WWF
(8) UNEP
উত্তৰঃ-  (১) UNESCO