ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
অতি চমু উত্তৰৰ প্ৰশ্নঃ
1.      প্রঃপদ্মপুৰাণগ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ-  সুকবি নাৰায়ণ দেৱে।
2.      প্রঃদৰংৰাজবংশাৱলীকিতাপখনৰচকজন কোন?
উত্তৰঃ-  সূর্যখৰী দৈৱজ্ঞ।।
3.      প্রঃ অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম বুৰঞ্জী পুথিখনৰ নাম কি?
উত্তৰঃ-  স্বর্গ নাৰায়ণ মহাৰাজৰ আখ্যান।
4.      প্রঃ ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উত্তৰঃ-  বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
5.      প্রঃ মহাপুৰুষ মাধৱদেৱে ব্ৰজাৱলী উপভাষাত কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ-  ১৫৭ টা।
6.      প্রঃ সুকুমাৰ বৰকাইথে কাৰ আজ্ঞামতে হস্তীবিদ্যার্ণৱপুথিখন ৰচনা কৰিছিল?
উত্তৰঃ-  স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞা মতে।
7.      প্রঃ মিচিংসকলে বিহুক কি বোলে?
উত্তৰঃ-  আলি-আই-গাং।।
8.       অসমৰ বড়ো লোকসকলেবিহুককি বুলি কয়?
উত্তৰঃ-  বৈছাগী।
9.      প্রঃ আজান ফকিৰৰ আচল নাম কি আছিল?
উত্তৰঃ-  ছাহ মিৰাণ।
10.  প্রঃ সিন্ধু সভ্যতাৰ পূৱসীমা গাংগেয় উপত্যকা কোন সীমালৈ বিস্তৃত আছিল?
উত্তৰঃ-  সিন্ধু সভ্যতাৰ পূৱ সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈকে বিস্তৃত আছিল।
11.  প্রঃ সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ-  খ্রীষ্টপূর্ব চতুর্থ শতিকাত।।
12.  প্রঃ ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ-  ১৫০০ খ্রীষ্টপূর্বৰ পৰা ১০০০ খ্রীষ্টপূর্ব ভিতৰত।
13.  প্রঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকাসত্যমের জয়তে' বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ-  মুণ্ডক উপনিষদৰ পৰা। |
14.  প্রঃ প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি?
উত্তৰঃ-  কৌটিল্যৰ অর্থশাস্ত্র।
15.  প্রঃ বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছে?
উত্তৰঃ- জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদনামৰ গ্ৰন্থৰদ্বাৰা।
16.  প্রঃ ভাৰতৰ ভাস্কর্য চিত্রকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল ?
উত্তৰঃ-  গান্ধাৰ শৈলীত।
17.  প্রঃ ভৰত মুনিৰ নাট্যশাস্ত্রকেতিয়া ৰচিত হৈছিল?  
উত্তৰঃ-  খ্রীষ্টপূর্ব ২০০ ৰ পৰা ২০০ খ্রীষ্টাব্দৰ ভিতৰত।
18.  প্রঃ ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰঃ-  ,০০০ টা।।
19.  প্রঃ হেৰাকা আন্দোলনকি?
উত্তৰঃ-  হেৰাকা আন্দোলনল স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে কৰা এক আন্দোলন।
20.  প্রঃ নাগালেণ্ডৰ হৰ্ণবিল উৎসৱকি জীৱৰ নামত উৎসর্গিত?
উত্তৰঃ-  ধনেশ পক্ষীৰ নামত।
21.  প্রঃচ পছৰ কূটকোন ৰাজ্যৰ পৰম্পৰাগত। উৎসৱ ?
উত্তৰঃ-  মিজোৰামৰ।।
22.  প্রঃ মিজোশব্দৰ অর্থ কি?
উত্তৰঃ-  মিজোশব্দৰ অৰ্থ পাহাৰৰ বাসিন্দা।
23.  প্রঃ উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত?
উত্তৰঃ-  মেঘালয় ৰাজ্যত।
24.  প্রঃ মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ-  মণিপৰীনত্য মূলত চৈতন্য মহাপ্রভুৰ শৈশৱ আৰ। কষ্ণলীলা বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে।
25.  প্রঃ অসমৰ প্রাচীন নাম কি আছিল?
উত্তৰঃ-  অসমৰ প্রাচীন নাম আছিল যথাক্রমে প্রাগজ্যোতিষপুৰ আৰু কামৰূপ।  
26.  প্রঃ কি বড়োমুলীয় শব্দৰ পৰা অসমনামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ-  আ-চামঅথবাহা-চোমশব্দৰ সংস্কৃতকৰণৰ জৰিয়তেঅসমনামটো হোৱা বুলি অনুমান কৰা হয়।
27.  প্রঃ চর্যাপদমানে কি?
উত্তৰঃ- খ্রীষ্টিয় দশম শতিকাৰ পৰা চর্তুদশ শতিকাৰ ভিতৰত ৰচিত অসমৰ লিখিত সাহিত্যকচর্যাপদবুলি কোৱা হয়।  
28.  প্রঃ চর্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ-  খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ ভিতৰত চৰ্যাপদসমূহ ৰচিত হৈছিল
29.  প্রঃ মাধবকন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ-  বৰাহী ৰজা মহামাণিক্যৰ ।
30.  প্রঃ অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উত্তৰঃ-  ভট্টদেৱে।।
31.  প্রঃ জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ-  চুফী সাধক আজান পীৰ নামে খ্যাত ছাহমিৰাণে।
32.  প্রঃ আজান পীৰ কোন আছিল?
উত্তৰঃ-  এজন চুফী সাধক।
33.  প্রঃ-আজান পীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।।
34.  প্রঃ দ-পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উত্তৰঃ-  খ্রীষ্টিয় ষষ্ঠ শতিকাত।
35.   প্রঃ চাংৰুং ফুকন কি দায়িত্বত ন্যাস্ত আছিল ?
উত্তৰঃ-  চাংৰুং ফুকন আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রসাদ, ঘৰ-দুৱাৰ আদি নির্মাণ কার্যৰ জোখ-মাখ আদি চোৱা-চিতা কৰাৰ দায়িত্বত আছিল।
36.  প্রঃ লোকগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীকপদ্মশ্রী' উপাধি প্রদান কৰা হৈছিল?
উত্তৰঃ-  প্রতিমা পাণ্ডে বৰুৱাক।
37.  প্রঃ অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
উত্তৰঃ-  অৰুণোদয়।
38.  প্রঃ কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰঃ-  চিলাৰায়ে।
39.  প্রঃ উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক জনগোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি ?
উত্তৰঃ-  মেঘালয়ৰ খাচীসকল।                
40.  প্রঃ ৰচয়িতাসকলৰ নাম লিখা
(ক) অর্থশাস্ত্র। (খ) হস্তিবিদ্যাৰ্ণৱ (গ) কীৰ্ত্তন। (ঘ) নামঘোষা। (ঙ) চোৰ ধৰাপিম্পৰা গুচোৱা(চ) কালিয় দমন (ছ) ৰামবিজয়। (জ) কথাগীতা (ঝ) ৰাজৰঙ্গিনী (ঞ) ভাৰত সম্ভেদ।
উত্তৰঃ-   গ্ৰন্হ            ৰচিয়তাৰ নাম
   (ক)অর্থশাস্ত্রঃ-             কৌটিল্য।
   (খ)হস্তিবিদ্যার্ণৱঃ-       সুকুমাৰ বৰকাইথ।
   (গ) কীৰ্ত্তন-          শ্ৰীমন্ত শংকৰদেৱ
   (ঘ) নামঘোষাঃ-        মাধৱদেৱ
   (ঙ)চোৰ ধৰা পিম্পৰা গুচোৱাঃ মাধৱদেৱ।
   (চ) কালিয় দমনঃ-        শ্ৰীমন্ত শংকৰদেৱ
   (ছ) ৰামবিজয়ঃ-          শ্ৰীমন্ত শংকৰদেৱ
   (জ)কথাগীতাঃ-           ভট্টদেৱ
   (ঝ) ৰাজতৰঙ্গিনীঃ-        কলহন
(ঞ) ভাৰত সম্ভেদঃ-      জৱাহৰলাল নেহৰু।
চমু উত্তৰৰ প্ৰশ্নঃ
1.      প্রঃ খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰনাম লিখা?
উত্তৰঃ-  খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ'লঃ- পর্তুগীজ আৰু ওলন্দাজসকল।
2.      প্রঃ সিন্ধু উপত্যকাত আৱিস্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূর্তিৰ নাম লিখা।
উত্তৰঃ-  গৌতম বুদ্ধ আৰু মহাবীৰ।
3.      প্রঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।।
উত্তৰঃ-  অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হলঃ  
(ক) তেওঁলাকে ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা, কপাহৰ পৰা সুতা তৈয়াৰ কৰি কাপোৰ বোৱা আদি কৌশলৰ সূচনা কৰিছিল।
(খ) তেওঁলোকে ধর্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ ব্যৱহাৰ আৰু হাতী পোহমনা কৌশল উদ্ভাৱন কৰিছিল।
4.      প্রঃ ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভকিমা গ্ৰহণ কৰিছে?  
উত্তৰঃ-  ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।কাৰণ ভাৰতৰ কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত ব্যবস্থা, যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণ আৰু মানৰ ভিন্নতাৰ বাবে কোনো অঞ্চল আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু কোনো অঞ্চলৰ অৱস্থা কম স্বচ্ছল।
5.      প্রঃ. বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ-  বেদৰ চাৰিখন সংহিতাৰ নাম হ'লঃ- ঋকবেদ,যজুর্বেদ, সাম বেদ আৰু অথর্ব বেদ।
6.      প্রঃ অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয়। উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰঃ-  অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে থকা কথাষাৰ হ, ‘কোনেও একমাত্র নিজৰ ধৰ্মটোক প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।
7.      প্রঃ সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ- সাংস্কৃতিক বহুত্ববাদ হল কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱ
8.      প্রঃ ভাৰতৰপ্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
H.S.L.C.2018
উত্তৰঃ-  প্রাচীন যুগৰ ভাৰতৰ দুগৰাকী চিকিৎসা বিজ্ঞানীৰ নাম হলঃ- আর্যভট্ট আৰু ব্ৰহ্মগুপ্ত।
9.      প্রঃ প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ-  প্রাচীন যুগৰ ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম হলঃ- চৰক সংহিতা আৰু সুশ্রুত সংহিতা।
10.  প্রঃ ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ-  ভাৰতৰ চিত্ৰকলাক দুটা প্রধান ভাগত ভাগ কৰিব পাৰি যেনেঃ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্র।  
11.  প্রঃ চিত্ৰকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশাহৰ নাম লিখা।
উত্তৰঃ-  চিত্রকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশাহ আছিলঃ সম্রাট আকবৰ আৰু সম্রাট জাহাঙ্গীৰ।
12.  প্রঃ ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাচিপতীয়া পুথিৰ নাম লিখা। H.S.L.C, 2018  
উত্তৰঃ-  ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ'লঃ- হস্তীবিদ্যার্ণৱ আৰু চিত্ৰ ভাগৱত।।
13.  প্রঃ হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰঃ-  হস্তীবিদ্যার্ণৱ গ্ৰন্থখনৰ দুগৰাকী চিত্ৰকৰৰ নাম  হলঃ দিলবৰ আৰু দোচাই।
14.  প্রঃ ঝুম খেতি মানে কি?
উত্তৰঃ-  পাহাৰৰ সুচল ঢালত হাবি-জঙ্গল ছাফা কৰি পৰম্পৰাগত পদ্ধতিত খেতি কৰাকেঝুম খেতি বোলে।
15.  প্রঃ জেং বিহু মানে কি?
উত্তৰঃ-  উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ পতা বিহুকজেং বিহুবোলে।
16.  প্রঃ ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰঃ-  ওজাপালিৰ দুটা ভাগৰ নাম হ'ল ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।
17.  প্রঃ প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰঃ-  প্রাচীন ভাৰতৰ দুগৰাকী দার্শনিকৰ নাম হ'লঃ- কপিল আৰু জৈমিনি।
18.  প্রঃ আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ- আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জী পুথিৰ নাম হলঃ দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
19.  প্রঃ বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ-  বিহুৰ সমধর্মী হিচাপে নামনি অসমৰ দৰং জিলাত। দেউল, পুৰণি কামৰূপত ভঠেলি, পুৰণি গোৱালপাৰা জিলাত বাঁসপূজা উৎসৱ পালন কৰা হয়।
20.  প্রঃ দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।।
উত্তৰঃ-  দৰঙৰ দুবিধ লোকনৃত্য হলঃ বচুলীয়া আৰু দেওধনী নৃত্য।
21.  প্রঃ ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰঃ-  ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা হ'লঃ- নর্ডিক গোষ্ঠী, নিগ্রো গোষ্ঠী,প্রটঅষ্ট্ৰয়ড গোষ্ঠী আৰু মস্তিস্কী গোষ্ঠী।
22.  প্রঃ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ- ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টি কৰা তিনিটা কাৰক হ'ল হিন্দুধর্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যবাদে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস আৰু বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা।
23.  প্রঃ প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ-  প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ চাৰি ভাগত ভগোৱা হৈছে যেনেঃ- মছজিদ, মঞ্জিল (ৰাজপ্রসাদ), মাকোৱাৰা (মৃতকৰ সৌধ), আৰু মিনাৰ (গম্বুজ)।
24.  প্রঃ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকাবুলিলে কি বুজা?
উত্তৰঃ-  সাংস্কৃতিক একতাৰ জালিকাবুলিলে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি, উপজাতিয়ে তেওঁলোকৰ স্বকীয় কৃষ্টি| সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সতে সহবর্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়। অর্থাৎ ভাৰতবৰ্ষ এনে এখন দেশ য'ত অতি পুৰণি কালৰ পৰাই বিভিন্ন সংস্কৃতিয়ে এখন জালিকাৰ দৰে আৱৰি আছে।
25.  প্রঃ UNESCO ৰদ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে - তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা H.S.L.C.2018
উত্তৰঃ-  UNESCO ৰদ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হল সাঁচীৰ ভূপ, অজন্তা গুহাসমূহ আৰু তাজমহল।।
26.  প্রঃ ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নিৰ্মাণ কৰা হৈছিল
উত্তৰঃ-  ভাৰতৰ ভাস্কর্য শিল্পত একেবাৰে সহজ-সৰল, পোন, অসমানুপাতিক মূর্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্রিভংগ, চতুর্ভংগ আৰ্হিৰ, সমানুপাতিক পোছাক অলংকাৰেৰে, নিখুঁত অলংকাৰেৰে সু-সজ্জিত, মনৰ শান্তি , সুখ, ক্রোধ আদি অনুভূতি প্রকাশ কৰিব পৰাকৈ মুখাবয়ৱত তথা অংগ-প্রত্যঙ্গত সুক্ষ্ম কলা-কৌশল প্রয়োগ আদিৰে নির্মিত অজস্র মূর্তি নির্মাণ কৰা হৈছিল।
27.  প্ৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰঃ-  ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হলঃ- গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা
28.  প্ৰঃ দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।  
উত্তৰঃ-  দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন  ঠাই হলঃ-  মহাৰাষ্ট্র, তামিলনাড়ু আৰু মধ্যপ্রদেশ।
29.  প্ৰঃ মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ- মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থ হল তুতিনামা, জাহাঙ্গীৰ নাম আৰু দাস্তান-ই-আমিৰ।
30.  প্রঃ চিত্ৰকলাৰ ষড়াংগ মানে কি?
উত্তৰঃ-  খ্রীষ্টপূর্ব প্রথম শতিকাত চিত্র অংকনৰ বাবে কেইবাটাও নিয়ম আছিল। যেনেঃ- আকৃতি, জোখমাখ, আবেগ অনুভূতি প্রকাশক কৌশল, কলাত্মক উপস্থাপন, সাদশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম। এই নিয়ম কেইটাকচিত্ৰকলাৰ ষড়াংগবুলি কোৱা হৈছিল।
31.  প্রঃ ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।।
উত্তৰঃ-  যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য মহর্ষি পতঞ্জলিয়েযোগসূত্রনামৰ গ্ৰন্থ প্রনয়ণ কৰি এই বিদ্যাক এক সুহংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক পদ্ধতি হিচাপে গঢ় দিছিল। ইয়াক আজিকালি জীৱন যাপনৰ সম্পূর্ণ পদ্ধতি বুলি বহুতো লোকে ক'ব খোজে
32.  প্রঃ ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-  ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন ঘাইকৈ মঠমন্দিৰ, ঔপ আদি ধর্মীয় উপাসনা গৃহসমূহত দেখা যায়। চুলতানী আৰু বাদশাহী যুগত মুখ্যত চাৰি প্ৰকাৰৰ স্থাপত্য দেখিবলৈ পোৱা যায়। যেনেঃ মছজিদ, মঞ্জিল, মাকোৱাৰা আৰু মিনাৰ উভয় যুগৰ এই স্থাপত্য ঐতিহ্যসমূহ লক্ষ্য কৰিলে দেখা যায় যে এইবোৰৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপোষকতাত সম্ভৱ হৈছিল। প্রাচীন কালত শিলেৰে নির্মিত মঠ-মন্দিৰসমূহৰ নিৰ্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্রাবিড়, বিন্ধ্য আৰু কৃষ্ণ নদীৰ মাজ ভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলী এই তিনি ভাগত ভাগ কৰিব পাৰি।উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ অর্ধবৃত্তকাৰ আৰু দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ। ৱেচৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্রাবিড় শৈলীৰ মিশ্রণ ঘটা দেখা যায়। প্রতিটো শৈলীতে অনেক স্থূল আৰু সুক্ষ্ম কলা-কৌশল বিদ্যমান।।
33.  প্রঃ ৰঙালী বিহুৰ সাত দিনক কি কি নামেৰে জনা যায়?
উত্তৰঃ- ৰঙালী বিহুৰ সাত দিনক ক্রমান্বয়ে গৰু বিহু, মানুহ বিহু, গোঁহাই বিহু, কুটুম বিহু, চেনহেী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।
34.  প্রঃ কামৰূপী লোকগীত আৰু গোৱাল পৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰঃ-  কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু আধ্যাত্মিক আৰু দার্শনিক ভাৱধাৰা সংপৃক্ত গীতবোৰত জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভঙ্গুৰতা, ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশক্তি আদি বিষয় প্রকাশ পাইছে।।  
35.  প্রঃ অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ-  অসমৰ প্রাচীন নামপ্রাগজ্যোতিষপুৰ আৰুকামৰূপ বুলি উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম হ'লঃ- মহাভাৰত, কালিকা পুৰাণ আৰু যযাগিনীতন্ত্র।।
দীঘল উত্তৰৰ প্ৰশ্নঃ
1.      প্রঃ ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।।
উত্তৰঃ-  ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হলঃ-সাংস্কৃতিক বহুত্ববাদআৰু বৈচিত্ৰৰ মাজত ঐক্য সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি-উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সতে সহবর্তিত আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়।ভাৰতীয় সংস্কৃতি বিবিধতাৰ মাজত ঐক্যব্যাক্যাংশৰ দ্বাৰা ভাৰতলৈ সময়ে সময়ে প্রব্রজন ঘটা বিভিন্ন জাতি উপজাতি, গোষ্ঠী, ভাষা-ভাষী লোকৰ বাৰে মিহলি সংস্কৃতিৰ মিলনক বুজায়। অতি প্রাচীন কালৰ পৰাই ভাৰত হৈছে ঋষি-মুনিসকলৰ দ্বাৰা প্ৰভাৱিত দেশ।ইয়াত ৰচিত হোৱা চাৰিবেদ, পুৰাণ আদিয়ে যুগে যুগে মানুহক সত্য, দয়া, পৰোপকাৰ, মানৱ প্রেম আদিৰ বাণী বিলাই আহিছে যিয়ে সময়ে সময়ে ভাৰতলৈ অহা নানান জাতি, উপজাতিৰ লোকসকলক আকোৱালি লোৱাত উদাৰতাৰ পৰিচয় দাঙি ধৰিছে আকৌ ভাৰতৰ স্বাধীনতা যুদ্ধৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলনা আবুল কালাম আজাদ আদি নেতাই ভাৰতত জাতীয় ঐক্য গঢ়াত ইন্ধন যোগাইছিল।
2.      প্রঃভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহববাক্যশাৰীৰ ভাবার্থ আলোচনা কৰা।
উত্তৰঃ-  ভাৰত হৈছে ঋষি-মুনি, পণ্ডিত, দার্শনিকসকলৰ দেশ। অতি প্রাচীন কালৰ পৰাই ইয়াত বিভিন্ন জাতিৰ লোকে সমিলমিলত বসবাস কৰি থকাৰ প্ৰমাণ ইতিহাসত বিদ্যমান। ভাৰতীয় সভ্যতা-সংস্কৃতি গঢ়াত এক যুগজয়ী ভূমিকা গ্রহণ কৰিছে প্রাচীন ভাৰতত সংস্কৃত ভাষাত ৰচিত গ্রন্থৰাজিয়ে ব্যাসদেৱে ৰচিত মহাভাৰত, বাল্মিীকিয়ে ৰচিত ৰামায়ণৰ লগতে বেদ আৰু উপনিষদ বিশ্ববিখ্যাত গ্রন্থ। এই সকলোবোৰ গ্ৰন্থই এক আধ্যাত্মিক শৃঙ্খলাবদ্ধ জীৱন পদ্ধতিৰ শিক্ষা দিয়ে। ইয়াতে ৰচিত হৈছিল কৌটিল্যৰ অর্থশাস্ত্ৰৰ দৰে ৰাজীনতি বিষয়ক গ্রন্থ, ‘চৰক সংহিতা', ‘সুশ্রুত সংহিতাআদি বহুতো গ্রস্থ এই গ্রন্থবোৰৰ মূল শিকনিসমূহ হ'ল সত্যৰ প্রতি আগ্রহ, আত্মাৰ নিৰ্বাণ, পৰোপকাৰ, দয়া, ক্ষমা, ভাতৃত্ববোধ, নিৰাসক্ত কর্ম জীৱন, আদি এই শিকনিবোৰে প্রাচীন কালৰ পৰাই ভাৰতীয় মানুহৰ জীৱন প্রণালীক প্ৰভাৱিত কৰি ৰাখিছেঅর্থাৎ ভাৰতৰ সংস্কৃতি বুলিলে বেদ, উপনিষদৰ শিকনিসমূহৰ ভিত্তিত গঢ়ি উঠা সংস্কৃতিক বুজায়। সেয়ে ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিক ভাৰতীয় সংস্কৃতিৰ আত্মা বুলি কব পাৰি
3.      প্রঃ ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰঃ-  ভাৰত হৈছে ঋষি-মুনি আৰু মহাপুৰুষৰ দেশ। ধর্মীয় দিশত ভাৰতত বিভিন্নতা দেখা যায় যদিও ভাৰতৰ সকলো ধৰ্মৰ মূল শিকনিসমূহ হৈছে সৰল জীৱন যাপনৰ জৰিয়তে আত্মাৰ নির্বাণ। এই ভাৰতবর্ষ হৈছে হিন্দু ধর্ম, বৌদ্ধ ধর্ম, জৈন ধর্ম, শিখ ধর্ম, বৈষ্ণৱ ধৰ্ম আদি ধৰ্মৰ জন্মস্থান। ইয়াৰ উপৰিও সময়ে সময়ে চেমিটিক ধর্ম অর্থাৎ ইছলাম ধৰ্ম, পাছী ধর্ম, খৃষ্টান ধর্ম, ইহুদি ধর্মৰ লোকে স্থায়ীভাৱে প্ৰব্ৰজন কৰি বসবাস কৰি আছে।অৱশ্যে ভাৰতত জন্ম গ্রহণ কৰা হিন্দু ধৰ্মৰ উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধর্ম ব্যৱস্থাত বহু দেৱ-দেৱীৰ লগতে এক পৰমেশ্বৰৰ ধাৰণা বিদ্যমান আছিল পৰৱৰ্তীকালত ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। উদাহৰণ স্বৰূপে খ্রীষ্টপূর্ব তৃতীয় শতিকাত সম্রাট অশোকে বৌদ্ধ ধর্ম গ্রহণ কৰি এই ধৰ্মক ৰাজধৰ্মত পৰিণত কৰে আৰু দেশে বিদেশে বৌদ্ধ ধর্মৰ উদাৰ নীতি প্ৰচাৰত পৃষ্ঠপোষকতাৰ ভূমিকা গ্রহণ কৰে।সেইদৰে মোগল যুগত ইছলাম ধৰ্মই বিশেষ প্রতিপত্তি লাভ কৰেইয়াৰ পিছতে ভাৰতলৈ খ্রীষ্টান ধৰ্মৰ আগমন হয়। অর্থাৎ ভাৰতবৰ্ষ বুলিলে এনে এখন দেশক বুজা যায় যিখন দেশ সকল ধৰ্মৰ এক উদাৰ আৰু গৌৰৱময় মিলনভূমি।
4.      প্রঃ উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিস্থিতিয়ে অঞ্চলটোত এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টিত ইন্ধন যোগাইছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূখণ্ডক মাজ ভাগত লৈ উত্তৰ, পূৱ আৰু দক্ষিণ দিশত অন্য ৰাজ্য কেইখনে আগুৰি আছেএনে পৰিস্থিতিত যাতায়ত আৰু যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে সুবিধাজনক কেন্দ্রীয় স্থল হিচাপে ব্যৱহৃত হৈ আছে। ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত এখন উন্নত সভ্যতা গঢ়ি উঠিছিল।খ্রীষ্টিয় চতুর্থ শতিকাত বর্মন বংশৰ প্ৰতিষ্ঠাৰ পৰাতে প্রাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে। বিভিন্ন যুগত শক্তিশালী ৰাজবংশসমূহৰ শাসন কালত দাঁতিকাষৰীয় অঞ্চলসমূহৰ স্থানীয় শাসকসকলে অসমৰ প্রতি আনুগত্য প্রকাশ কৰিছিল। আহোম ৰাজবংশৰ শাসন কালত অসম আৰু দাঁতি কাষৰীয়া ৰাজ্য কেইখনৰ মাজত স্থাপিত হোৱা ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে ইতিহাসত তথ্য পোৱা যায়। ৰাজ পৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পর্কও সৃপিত হৈছিল। বিপদৰ সময়ত সামৰিক সাহাৰ্যৰ আদান-প্রদান হৈছিল। পাহাৰ আৰু ভৈয়ামৰ মাজত উপন্ন হোৱা শস্যৰ আদান-প্রদান হৈছিল। এইদৰে অসমৰ বিভিন্ন অঞ্চলৰ। বাসিন্দাসকলৰ মাজত ঐক্যবোধৰ সৃষ্টি হৈছিল।দেখা যায় ভৌগোলিক অৱস্থান, ৰাজনৈতিক পৰিস্থিতি আৰু কিছু পৰিমাণে ধর্মীয় বাতাবৰণে ভাৰতৰ উত্তৰ-পূৱ অঞ্চলক এক সুকীয়া পৰিচয় প্রদান কৰিছে।
5.      প্রঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধর্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা। ।
উত্তৰঃ-  উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত আর্য ভাষা, আৰু হিন্দু ধৰ্মৰ প্ৰচলন অতি প্রাচীন কালৰ পৰাই আছিল। সেইদৰে মণিপুৰ আৰু ত্ৰিপুৰাতত হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল অৱশ্যে পহাৰীয়া জনজাতিসমকলৰ মাজত কিছু ধর্মীয় বৈষম্য লক্ষ্য কৰা যায়। মণিপুৰৰ মেইটেই সম্প্রদায়ৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধর্মালম্বী ত্ৰিপুৰাৰ অধিকাংশ লোকে হিন্দু ধর্মালম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৱৰ প্রকৃতি উপাসক খাচী, গাৰো, জয়ন্তীয়া লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্রীষ্টান ধৰ্মত দীক্ষিত হয়। মিজোৰামত সংখ্যা গৰিষ্ঠ খ্রীষ্টান ধর্মীয় লোকৰ লগতে কিছু সংখ্যক হিন্দু আৰু বৌদ্ধ ধর্মীয় লোক আছে।এনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধর্মীয় বৈচিত্রতা লক্ষণীয় বিষয়।
6.      প্রঃ অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে এই প্রসংঙ্গটো চমুকৈ আলোচনা কৰা।
উত্তৰঃ-  ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যবোৰৰ তুলনাত অসমত সাংস্কৃতিক বিচিত্রতা, সংমিশ্রণ আৰু বিৱৰ্তন অধিক হোৱা পৰিলক্ষিত হয়। ব্ৰহ্মপুত্ৰ উপত্যকা সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চীন দেশলৈ যাব পৰা পথ থকাৰ উপৰিও চীন দেশৰ পৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসমলৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীজৰে পৰা বিভিন্ন নৃ-গাষ্ঠীৰ লোক কেতিয়াবা স্বাভাৱিক প্ৰব্ৰজনকাৰীৰ ৰূপত, কেতিয়াবা আক্রমণকাৰীৰ ৰূপত, কেতিয়াবা ব্যাৱসায়ী ৰূপত অসমলৈ আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠীকেইটাৰ আটাইকেইটা গোষ্ঠী অসমতো দেখা যায়। এই নৃগোষ্ঠীবোৰৰ ভিতৰত আৰ্য আৰু অনার্য অন্যতম আর্য আৰু অনাৰ্যৰ বিভিন্ন ঠাল-ঠেঙুলি অসমত কালৰ। সোঁতত সংমিশ্ৰিত হৈএক সমন্বয় সাধন কৰিছে।সেয়ে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে বুলি কোৱাৰ যুক্তিযুক্ততা আছে।
7.      প্রঃ অসমৰ চিত্ৰকালৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ-  সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি চিত্রসমূহৰ অনুৰূপ চিত্ৰকলাৰ এক পৰম্পৰা আৰম্ভ হয়। ই ৰজাঘৰীয় আৰু সত্রীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। এনে কেইখনমান সচিত্র পুথি হল ও আনন্দ লহৰী, হস্তীবিদ্যার্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচীপতীয়া পুথি।স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্রাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ অঁকা হৈছিল। প্রথমতে চিত্ৰৰ পটভূতিত একোটা নির্দিষ্ট ৰং বোলাই লৈ তাৰ ওপৰত চিত্ৰসমূহ আঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূর্তি যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি চিত্র সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সঙ্গতি ৰাখি আঁকা হৈছিল। সাধাৰণতে সেই চিত্ৰবোৰত ৰঙা, নীলা, হালধীয়া আৰু কলা ৰঙৰ পয়োভৰ দেখা যায়। মানুহ আৰু জীৱজন্তুৰ চিত্ৰবোৰত মুখাবয়ৱৰ নিখুঁত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সুক্ষ্ম কৌশলৰ দক্ষতাৰ অভাৱ দেখা যায়। হস্তীবিদ্যার্ণৱ পুথিখনত বিভিন্ন আকাৰৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে এই চিত্রসমূহ অংকন কৰিছিল।
8.      প্রঃ অসমৰ ধৰ্মীয় বিবিধতা আৰু সংবৃতিৰ বিষয়ে লিখা।
উত্তৰঃ-   অসমৰ অধিকাংশ লোক হিন্দু ধর্মালম্বী যদিও ইয়াত অন্যান্য ধর্ম যেনেঃ- ইছলাম, বৌদ্ধ, জৈন, খ্রীষ্টান আদি ধৰ্মৰ লোকো আছে। হিন্দু ধর্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়।অসমৰ বিভিন্ন ঠাইত প্রবল প্ৰভাৱী শক্তিপীঠ আছে।সেইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ বিখ্যাত। ত্রয়োদশ শতিকাত অসমত ইছলাম ধৰ্মৰ প্ৰৱেশ ঘটে হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মীলোকসকলৰ এক পবিত্র স্থান হিচাপে গণ্য কৰা হয় স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত ছাহ মিৰণে ৰচনা কৰা জিকিৰ আৰু জাৰি অসমীয়া লোকৰ উমৈহতীয়া সম্পদ।মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায়। কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ মর্মে অসমলৈ অহা শিখ সৈন্যদলৰ কিছুসংখ্যক সৈন্য অসমত ৰৈ যায়। তেওঁলোকৰ বংশধৰ সকলে এতিয়া নিজ ধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনৰ অংগ হৈ পৰিছে।অসমৰ পূৱ অংশত বসবাস কৰা টাই, ফাকে, তুৰুং, আতিন, খামটি আৰু শ্যাম সকল বৌদ্ধধর্মী। মধ্যযুগত আহোম ৰজাসকলে গ্রহণ কৰা উদাৰ ধর্ম নীতিৰ বাবে বিভিন্ন ধৰ্মৰ লোকক উপাসনাস্থল নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।
9.      প্রঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱর্তন কিয় অধিকতৰ হৈছে?
উত্তৰঃ-  ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যবোৰৰ তুলনাত অসমত সাংস্কৃতিক বিচিত্রতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হোৱা পৰিলক্ষিত হয়। ব্রহ্মপুত্র উপত্যকাৰ সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী এক উন্নত প্রচীন সভ্যতাৰ অধিকাৰী। উত্তৰপূর্বাঞ্চলৰ পৰা চীন দেশলৈ যাব পৰা পথ থকাৰ উপৰিও চীন দেশৰ পৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসমলৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্রাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীজৰে পৰা বিভিন্ন নৃ-গোষ্ঠীৰ লোক কেতিয়াবা স্বাভাৱিক প্ৰব্ৰজনকাৰীৰ ৰূপত, কেতিয়াবা আক্রমণকাৰীৰ ৰূপত, কেতিয়াবা ব্যবসায়ী ৰূপত অসমলৈ আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠীকেইটাৰ আটাইকৈইটা গোষ্ঠী অসমতো দেখা যায়। এই নৃ-গাোষ্ঠবোৰৰ ভিতৰত আৰ্য আৰু অনার্য অন্যতম আর্য আৰু অনার্য গোষ্ঠীৰ বিভিন্ন ঠাল - ঠেঙুলি অসমত কালৰ সোঁতত সংমিশ্ৰিত হৈ এক সমন্বয় সাধন কৰিছে।সেয়ে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে বুলি কোৱা যুক্তিসংগত।
10.  প্রঃ লোক সংস্কৃতি অধ্যয়নৰ বাবেদৰাচলতে সমগ্র সমাজখনেই এখন কিতাপৰ দৰেঃ এই প্রসঙ্গত তোমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰঃ-  লোক সংস্কৃতি বুলিলে স্বাভাৱিকতে কোনো এক অঞ্চল বা লোকগোষ্ঠীৰ মাজত গঢ়ি উঠা ৰীতি-নীতি, প্রথা, জীৱন ধাৰণ পদ্ধতি আদিক বুজায়। অর্থাৎ লোক সংস্কৃতি সমাজৰ বস্তু ই সমাজ এখনৰ লগত সাঙোৰ খাই থাকেইয়াক আচুতীয়াকৈ বা আলগ কৰি থব নোৱাৰি ।বিশাল সমাজ বা সম্প্রদায় বা লোকগোষ্ঠীৰ মাজত লোক সংস্কৃতি সিৰ্চৰতি হৈ থাকে। এটা জাতি অথবা সমাজ এখনৰ সংস্কৃতি ইয়াৰ লোকসকলৰ সামাজিক জীৱন প্রণালীৰ জৰিয়তে প্রতিফলিত হয়সমাজ এখনৰ সদস্য সকলে সমাজৰ লোক সংস্কৃতিৰ বিষয় বা দিশবোৰ কোনো প্রশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে আহৰণ কৰে।সেয়ে কোৱা হয় লোকসংস্কৃতি অধ্যয়নৰ বাবে সমগ্র সমাজখনেই। এখন কিতাপৰ দৰে।
চমুটোকা লিখা
1.      প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প- প্রাচীন কালতেই
ভাৰতত ভাস্কর্য শিল্পই উৎকর্ষ লাভ কৰিছিল। ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন সিন্ধু সভ্যতাৰ সময়ৰ পৰাই পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, ৰূপ, তাম, সোণ আদিৰ মূর্তি নির্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্য সংযযাজিত হৈছিল। এই মূর্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন আৰু অসমানুপাতিক মূর্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্রিভংগ, চর্তভংগ আৰ্হিৰ, সমানুপাতিক পোছাক অলংকৰণেৰে সুসজ্জিত মূর্তি পোৱা যায়। মনৰ শান্তি, সুখ, ক্রোধ আদি অনুভূতি প্রকাশ কৰিব পৰাকৈ মুখাবয়ৱত তথা অংগ-প্রত্যংগত সুক্ষ কলা-কৌশলৰ প্ৰয়োগ কৰি নির্মিত অজস্র মূর্তি ভাৰতৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱদেৱী, যক্ষ -যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি এইভাস্কর্যসমূহৰ ভিতৰত দেখা যায়। অশোক স্তম্ভসমূহৰ শীর্ষত থকা জন্তুৰ মূর্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্রিক ভাৱে ভাৰতীয় সংস্কৃতিতে এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে দেশী বিদেশী বিভিন্ন ৰাজবংশই এই মূর্তি নির্মাণ কৰা শিল্পক পৃষ্ঠপোষকতা কৰিছিল। বিভিন্ন পার্থক্য আৰু বৈশিষ্টৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্প কলাক গান্ধার শিল্প কলা, মথৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা " নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰা হৈছে। খ্রীষ্টিয় প্রথম শতিকাৰ পৰা খ্রীষ্টিয় সপ্তম শতিকালৈকে জীৱন্ত হৈ থকা গান্ধাৰ শিল্প কলাত গ্রীক ৰোমান ভাস্কর্য শিল্পৰ কৌশল প্রয়োগ কৰি বহু বুদ্ধ মূর্তি নির্মাণ কৰা হৈছিল মথুৰা শিল্পকলা আৰম্ভণিতে স্বকীয়ভাৱে বিকশিত হৈছিল যদিও পিছলৈ ই গান্ধাৰ শিল্প কলাৰ দ্বাৰা প্ৰভাৱিত  হৈছিল। এই শিল্পকলাই গুপ্ত যুগত চৰম উল্কর্য লাভ কৰিছিল। অমৰাৱতী শিল্পকলা তৃতীয় শতিকাৰ পৰা ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল। ঘাইকৈ সাত বাহন ৰজাসকল এই শিল্পকলাৰ পৃষ্ঠপোষক আছিল। কিন্তু মধ্য যগত ভাৰতীয় ভাস্কর্য শিল্পকলাৰ অৱনতি ঘটে।
2.      ২। ভাৰতীয় চিত্রকলাঃ- প্রাচীন ভাৰতীয় চিত্রকলাসমূহক
দুটা ভাগত ভাগ কৰিব পাৰিঃ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্র। ক্ষুদ্রাকাৰ চিত্ৰসমূহ অলংকৃত কৰিবলৈ আৰু সচিত্র বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা চিত্র শৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা, আৰমামলাই, চিত্তনাৱাচল আদি গুহাৰ দেৱালসমূহত আঁকা হৈছিল। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱাল চিত্রসমূহ বিশ্ব বিখ্যাত দশম শতিকাৰ পৰা অসম, ৰাজস্থান, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্রাকৃতি চিত্র অংকন কৰা হৈছিল। খ্রীষ্টিয় প্রথম শতিকাত চিত্র অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি,জোখমাখ, আবেগ অনুভূতি প্রকাশক কৌশল, কলাত্মক উপস্থাপন সাদৃশ্য জ্ঞান, তুলিকা ব্যৱহাৰৰ কিছু নীতিনিয়ম আছিল। এই বোৰকষড়াংগৰ চৰ্চা বুলি কোৱা। হৈছিলবিশেষকৈ দেৱাল চিত্ৰসমূহত এইবোৰৰ প্রয়োগ। হৈছিল। এলান্ধ, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদিৰে ৰঙ তৈয়াৰ কৰা হৈছিল। চুলতানী যুগত পাৰস দেশীয় কলা ৰীতিৰে আৰম্ভ কৰা চিত্রশিল্পৰ চৰ্চাৰ প্রমাণ সম্প্রতি উদ্ঘাটন হৈছে। মোগল বাদশাহসকলৰ জীৱন ভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকন কৰা হৈছিল। পাদশাহনামা, জাহাংগীৰ নামা, দাস্তান-ই-আমিৰ, খামদী আদি গ্রন্থ সচিত্ৰকৈ আঁকা হৈছিল। মোগল যুগৰ চিত্ৰসমূহত সম্রাটসকলৰ ছবি দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছ, গছ লতিকা, জন্তু আদি বিষয়ক লৈ আঁকা হৈছিল।
3.      ৩৷ ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্যঃ- সংগীত
আৰু নৃত্য কলাতো ভাৰত অতীজৰে পৰা আগবঢ়া। ভাৰতৰ ধ্রুপদী সংগীতৰ পৰম্পৰা গুৰু-শিষ্য অনুক্রমে বর্তমানলৈ সবল ৰূপত বর্তি আছে। সংগীতৰ লগতে বিভিন্ন প্রকাৰৰ বাঁহী, পেঁপা, চেন্নাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, খোল, চাৰংগী, চন্তুৰ, জলতৰঙ্গ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতোৰা, বিভিন্ন প্রকাৰৰ বীণ আদি বাদ্য। যন্ত্র ধ্রুপদী সংগীত আৰু লোকগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল। বর্তমানেও এই বাদ্যযন্ত্রসমূহৰ বহুল প্রচলন আছে। সংগীতৰ দৰেনৃত্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক সমৃদ্ধ পৰম্পৰা আছে। দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰিও চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে যথাঃ কথাকলি, মোহিনী, আট্টম, ভৰতনাট্যম, কুচিপুড়ী, অডিছি, কথক, সত্ৰীয়া আৰু মণিপুৰী
4.      ৪। অসমৰ ভাস্কর্য শিল্পঃ- অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ
দেৱালত খোদিত কৰি দ্বিমাত্রিক অথবা পুর্ণাংগ ৰূপত নির্মিত ত্রিমাত্রিক মূর্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূর্তি নির্মাণ কৰা হৈছিল। এই মূর্তিসমূহৰ ভিতৰত দেৱী মূর্তি, শিৱ, বিষ্ণু, গণেশ, সূর্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদিৰ মূর্তি পৰিলক্ষিত হয়।ভাস্কর্য শিল্পৰ নিদর্শন আৱিষ্কাৰ হোৱা ঠাই কিছুমান হলঃ তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূর্য পাহাৰ,গংগা,নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্রেশ্বৰ, মঙ্গলদৈ আদি।কলা নিপুনতাৰ দিশৰ পৰা দ-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা আৰু যমুনাৰ মূর্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগিমাত লয়লাসপূর্ণ ৰূপত অংকিত হৈছে। তোৰণখনত অন্য ভাস্কর্যও দেখা যায়। এই ভাস্কর্য গুপ্ত যুগৰ প্ৰভাৱত নির্মাণ। কৰা হৈছিল বুলি ঠাৱৰ কৰা হৈছে। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্রিক উদ্দেশ্যত নির্মিত হৈছিল বুলি অনুমান কৰা হয়। নৃত্যৰতা আৰু প্রেম প্রকাশক ভংগিমাৰে পুৰুষ-নাৰী, বিভিন্ন জীৱ-জন্তু, ভৈৰৱ, সূর্য, বিষ্ণু মূর্তি আদি ইয়াত দেখিবলৈ পোৱা যায়।। |
5.      অসমৰ স্থাপত্যশিল্পঃ- বর্তমান অসমত দেখিবলৈ পোৱা
স্থাপত্য শিল্পৰ সৰহভাগেই মধ্যযুগত আহোম ৰাজবংশ আৰু কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল। আহোমসকলৰ দ্বাৰা নির্মিত ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ, গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে। আহোম যুগত নির্মিত মন্দিৰবোৰ ল কামাখ্যা মন্দিৰ, উগ্রতৰা মন্দিৰ, শিৱদ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, নৱগ্রহ মন্দিৰ, উমানন্দ মন্দিৰ ইত্যাদি। মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায় গর্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ আৰু কিছুমান। কর্দেশিৰিয়াকৈ দীঘলীয়া। শিৱসাগৰৰ শিৱদ, বিষ্ণুদলত এনে শিখৰ দেখিবলৈ পোৱা যায়এইসময়ত স্থাপত্যবৰ ইটাৰে সজা অথবা শিলেৰে নির্মিত হৈছিল। তলাতল ঘৰটোৰ নির্মাণকার্য স্বৰ্গদেউ ৰুদ্ৰ সিংহই আৰম্ভ কৰিছিল আৰু ৰাজেশ্বৰ সিংহই ইয়াৰ নির্মাণ কার্য সমাপ্ত কৰে। ইটা-শিল গাঠিবলৈ অসমত নিজা পদ্ধতিৰে শল মাছ, কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰা হৈছিল। আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রসাদ, ঘৰ-দুৱাৰ আদি নির্মাণ কৰিবলৈ চাংৰং ফুকন নামৰ বিষয়া আছিল।
6.      ৬। অসমৰ বৈষ্ণৱী সাহিত্যঃ- অসমত নৱ বৈষ্ণৱ ধর্ম
(একশৰণ নাম ধর্ম)ৰ প্রৱর্তক শ্ৰীমন্ত শংকৰদেৱ, মাধদেৱ আৰু অন্যান্য কিছু কবিয়ে ৰচনা কৰা সাহিত্যকবৈষ্ণৱী সাহিত্যবুলি কোৱা হয়। বৈষ্ণৱী সাহিত্য ৰচনাৰ মূল উদ্দেশ্য আছিল সর্বসাধাৰণ মানুহক বৈষ্ণৱ ধৰ্মৰ আদর্শ সহজ সৰলভাৱে হৃদয়াঙ্গম কৰোৱা কৃষ্ণ মহাত্ম আৰু কৃষ্ণলীলা আদিয়ে হৈছে বৈষ্ণৱ সাহিত্যৰ মূল বিষয়। বৈষ্ণৱ সাহিত্যৰ শুভ উদ্বোধন হয় মহাপুৰুষ শংকৰদেৱে ৰচনা কৰাচিহ্নযাত্রানামৰ নাটকৰ জৰিয়তে বৈষ্ণৱী সাহিত্যৰ মূল উৎস গ্রন্থবোৰ আছিল মহাভাৰত, ৰামায়ণ আৰু পূৰাণ শাস্ত্রসমূহ  বৈষ্ণৱী সাহিত্য ৰাজিৰ ভিতৰত শংকৰদেৱৰ কীর্তনঘোষাআৰু মাধৱদেৱৰ নামঘোষা সর্বশ্রেষ্ট শংকৰদেৱৰ অন্যান্য ৰচনাৰাজিৰ ভিতৰত। পত্নীপ্রসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয আদি অন্যতম মাধৱদেৱৰ ৰচনাৰাজিৰ ভিতৰত চোৰ ধৰা, পিম্পৰা গুচোৱা আদি অন্যতম। শংকৰ-মাধৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি কবি-সাহিত্যিকে বৈষ্ণৱী সাহিত্য চর্চা অব্যাহত ৰাখিছিল।
7.      | অসমৰ লোক সংগীতঃ- অসম লোকগীতত চহকী।
অসমৰ লোকগীতসমূহ সহজ-সৰল গাৱলীয়া জীৱনৰ জীৱন্ত দলিল স্বৰূপ অসমীয়া লোকগীতসমূহক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি। যেনেঃ- কেঁচুৱা টোপনি নিওৱা গীত, নিচুকণি গীত, বিয়া নাম, আই নাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, গৰখীয়া গীত আদি। এইবোৰৰ ভিতৰত বিয়া নাম,কামৰূপী গীত আৰু গোৱালপৰীয়া গীতৰ জনপ্রিয়তা সার্বজনীন বিয়া নামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাধৰীয়া আৰু কইনাধৰীয়াই পৰম্পৰে পৰস্পৰক জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক পৃথক সুৰেৰে গোৱা হয়।কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকৰী গীতসমূহ ঘাইকৈ ঈশ্বৰ চিন্তাৰ গুৰুত্ব, মানৱ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভঙ্গুতা, দেৱ-দেৱীৰ প্রশক্তি আদি বিষয়ক।
8.      | অসমৰ ধর্মীয় সংহতিঃ-অসমৰ অধিকাংশ লোক হিন্দু
ধর্মালম্বী যদিও ইয়াত অন্যান্য ধর্ম যেনে ইছলাম, বৌদ্ধ, জৈন, খৃষ্টান আদি ধৰ্মৰ লোকো আছে হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্রভাৱী শক্তিপীঠ আছে। সেইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ বিখ্যাত। ত্রয়োদশ শতিকাত অসমত ইছলাম ধৰ্মৰ প্রবেশ ঘটে। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মীলোকসকলৰ এক পৱিত্র স্থান হিচাপে গণ্য কৰা হয়। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত ছাহ মিৰণে ৰচনা কৰা জিকিৰ আৰু জাৰি অসমীয়া লোকৰ উমৈহতীয়া সম্পদ মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ মর্মে অসমলৈ অহা শিখ সৈন্যদলৰ কিছুসংখ্যক সৈন্য অসমত ৰৈ যায়। তেওঁলোকৰ বংশধৰ সকলে এতিয়া নিজ ধর্ম বর্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনৰ অংগ হৈ পৰিছে। অসমৰ পূৱ অংশত বসবাস কৰা টাই, ফাকে, তুং, আতিন, খামটি আৰু শ্যাম সকল বৌদ্ধধর্মী। মধ্যযুগত আহোম ৰজাসকলে গ্ৰহণ কৰা উদাৰ ধর্মনীতিৰ বাবে বিভিন্ন ধৰ্মৰ লোকক উপাসনাস্থল নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।
9.      ৯। অসমৰ বুৰঞ্জী সাহিত্যঃ- অসমৰ মধ্য যুগত ৰচিত
এক অন্যতম সাহিত্য হৈছে বুৰঞ্জী সাহিত্য আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমত বুৰঞ্জী সাহিত্য ৰচনা কৰাৰ পৰম্পৰা সৃষ্টি হয়। বুৰঞ্জী সাহিত্যত দেশৰ প্রধান ৰাজনৈতিক ঘটনা, ৰজা আৰু ৰাজপৰিয়ালৰ বৰ্ণনা, ৰাজ্য বিস্তাৰৰ কাহিনী, শাসন ব্যৱস্থাৰ বিৱৰণ আদিলিপিবদ্ধ কৰি ৰখা হৈছিল। পোনতে বুৰঞ্জী সাহিত্যসমূহ আহোমসকলৰ টাই ভাষাত ৰচনা কৰা হৈছিল যদিও ঘোড়শ শতিকাৰ আদি ভাগৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হয়। ১৫২৬ চনত ৰচনা কৰা স্বৰ্গনাৰায়ণ মহাৰজাৰ আখ্যান অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন বুৰঞ্জী। বুৰঞ্জীমূলক সাহিত্যসমূহৰ ভিতৰত কামৰূপৰ বুৰঞ্জী,তুংখুঙীয়া বুৰঞ্জী দেওধাই অসম বুৰঞ্জী, অসমৰ পদ্য বুৰঞ্জী, কাশীৰাম তামুলী ফুকনৰ অসম বুৰঞ্জী আদি উল্লেখযোগ্য আহোম যুগত অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ ঘটনা প্ৰৱাহৰ ওপৰতে কিছুমান বুৰঞ্জীৰচনা কৰা হৈছিল। যেনেঃ-বাদশাহ বুৰঞ্জী,কছাৰী বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী আদি উল্লেখযোগ্য।
10.  ১০।বিহু উৎসৱঃ- বিহু হ'ল অসমৰ জাতীয় উৎসৱ
প্রেম, শান্তি, ভাতৃত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্রতীক। বিহু মুঠতে তিনিটা, যথাঃ বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু।বহাগ বিহু চত মাহৰ শেষৰ দিনাখন আৰম্ভ হয় আৰু ই বহাগ মাহৰ সাত তাৰিখলৈ চলি থাকে। ৰঙালি বিহুৰ সাত দিনক ক্রমান্বয়ে গৰু বিহু, মানুহ বিহু, গোঁহাই বিহু, কুটুম বিহু, চেনহেী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। এই বিহুৰ আৰম্ভণী দিনটো গৰু বিহু এই বিহুটোৱে জীৱনৰ যৌৱন কালটোক প্রতিনিধিত্ব কৰে বাবে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয়।কাতি বিহু আহিন মাহৰ শেষ দিনাখন আৰম্ভ হয়। এই সময়ত মানুহৰ শস্য- ভঁৰাল উদং হৈ থাকে আৰু খাদ্যৰ আকাল হয় বাবে ইয়াক কঙালি বিহু বুলিও কোৱা হয়। এই বিহুত চোতালতে কল পুলি আৰু তুলসী ৰুই চাকি-বন্তি জ্বলাই সন্ধিয়া ঘৰে ঘৰে নাম পদ গাই মাহ-প্ৰসাদ খোৱা হয়। সন্ধিয়া পথাৰত বন্তি জ্বলাই লখিমী দেৱীৰ শুভ আগমন আহ্বান কৰা হয়।মাঘ বিহু পুহ মাহৰ শেষ দিনাখন আৰম্ভ হয় ই সাত দিন চলে। এই সময়ত কৃষকৰ শস্য-ভঁৰাল ধনে-ধানে পৰিপূৰ্ণ হৈ থাকে।গতিকে খাদ্যৰ কোনো অভাৱ নহয়। আৰু প্ৰতি ঘৰত পিঠা-পনা, লাড়, খৈ, মুৰি, চিৰা আদি বনোৱা হয় আৰু আত্বীয়-কুটুম্বক মাতি খাবলৈ দিয়া হয়। সেয়ে এই বিহুক ভোগালী বিহু বুলিও কোৱা হয়।বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া সমাজৰ স্বকীয় কলাকৃষ্টি সুন্দৰ ভাবে মূর্ত হৈ উঠে। ইপ্রেম, ভাতৃত্ববোধ, মৰম, চেনেহ শাস্তিআৰু একতাৰ প্রতীক। অসমীয়াসকলে এইবিহুক লৈ বিশ্বদৰবাৰত গৌৰৱ কৰে।