অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
1.      প্রঃ কোন আহোম ৰজাৰ ৰাজত্বকালত মায়ামৰা সত্ৰৰ চতুর্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাকাণ্ড সংঘটিত কৰিছিল?
উত্তৰঃ- চুমফা ভঙা ৰজাৰ ৰাজত্বকালত। ।
2.      প্রঃ গেইটৰ মতে খাচী পাহাৰত মুঠতে কিমানখন ক্ষুদ্র ক্ষুদ্র ৰাজ্য আছিল?
উত্তৰঃ-  ২৫ খন।
3.      প্রঃ শ্বিলঙৰ স্থানীয় খাচী নাম কি আছিল?
উত্তৰঃ-  য়েডু।
4.      প্রঃ লুছাই বা লুছেইসকলক বর্তমান কি নামেৰে জনা যায় ?
উত্তৰঃ- উঃ মিজো।।
5.      প্রঃ বিভিন্ন নগা জনগোষ্ঠীৰ লোকৰ মাজত মুঠতে কিমানটা ভাষাৰ প্রচলন আছে?
উত্তৰঃ-  ৪৭ টা।।
6.      প্রঃ ইংৰাজসকলে কোনটো ভূ-খণ্ডকউত্তৰ-পৰ সীমান্ত ভূ-ভাগনামেৰে চিনাক্ত কৰিছিল ?
উত্তৰঃ-  পশ্চিমৰ ভূটান সীমান্তৰ পৰা পুৱে খামূটিচিংফৌসকলৰ সমভুমি খণ্ডক।
7.      প্রঃ খৰিকাটানাকি আছিল?
উত্তৰঃ-  খৰিকাটানাআছিল মানসকলে তেওঁলোকৰ ৰাজত্বকালত কামৰূপৰ জনসাধাৰণৰ পৰা আদায় কৰা এবিধ কৰ।।
8.      প্রঃ ইংৰাজসকলে কোন চনত অসমত টিকট শুল্ক প্ৰৱৰ্তন কৰিছিল ?
উত্তৰঃ-  ১৮৫৮ চনত।
9.      প্রঃ লাখেৰাজ ভূমি কেই ভাগত বিভক্ত কৰা হৈছিল?
উত্তৰঃ-  তিনি ভাগত।।
10.  প্রঃ কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?
উত্তৰঃ-  ১৮৪৩ চনত।
11.  প্রঃ শিৱসাগৰৰ প্রিন্সিপাল এছিছটেন্ট কেপ্তেইন হলৰয়দে কোন তাৰিখে চাৰিং ৰজা কন্দপেশ্বৰ সিংহক গ্রেপ্তাৰ কৰিছিল?
উত্তৰঃ-  ১৮৫৭ চনৰ চেপ্তেম্বৰ মাহত।
12.  প্রঃ মণিৰামক গ্রেপ্তাৰ কৰি আলিপুৰ জেইলত আবদ্ধ কৰি ৰখাৰপিছত কোন জাহাজেৰে অসমলৈ আহিছিল ?
উত্তৰঃ-   কোলাডাইন।
13.  প্রঃ ১৮৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ-   ওকিয়াং নংবাহ।
14.  প্রঃ টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰি ফাঁচি দি মাৰিছিল?
উত্তৰঃ-   ইংৰাজসকলে।
15.  প্রঃ জে. ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰঃ-   ১৮৯১ চনত।।
16.  প্রঃ কোনজন আহোম ৰজাৰ ৰাজত্ব কালত ময়ামাৰা সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাকাণ্ড সংঘটিত হৈছিল?
উত্তৰঃ-   লক্ষ্মী সিংহ।।
17.  প্রঃ ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ-   ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰা হৈছিল।
18.  প্রঃ কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ-   ১৮৫৩ চনত।
19.  প্রঃ কেঞাসকল কোন আছিল?
উত্তৰঃ-   মাৰোৱাৰীসকলক কেঞাসকলবুলি কোৱা হৈছিল।
20.  প্রঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ-   মণিৰাম দেৱানে।।
21.  প্রঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰঃ-   কর্পেশ্বৰ সিংহক।
22.  প্রঃ মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰঃ-   মধুমল্লিক নামৰ বাঙালী মুক্তিয়াৰে।
23.  প্রঃ মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল?H.S.L.C.2018
উত্তৰঃ-   পিয়লি বৰুৱা।।
24.  প্রঃ কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰঃ-  কেপ্তেইন হলৰইড চাহাবে।
25.  প্রঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ- অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দটা কাৰণ হলঃ-
*      (ক) অসমৰ ১৮৫৭ চনৰ বিদ্রোহত বিদ্রোহীসক গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।।
*      (খ) বিদ্রোহীসকলৰ অস্ত্রশস্ত্ৰৰ অভাৱ আছিল।
26.  প্রঃ কোন কোন চনত টিকট কৰ আৰু আয় কৰ প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰঃ- ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।
27.  প্রঃ ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দূৰৱস্থাৰ দুটা কাৰণ লিখা।H.S.L.C.2018
উত্তৰঃ- ব্রিটিছৰ দিনত কৃষকৰ দূৰৱস্থাৰ দুটা কাৰণ হ'লঃ-
*      (ক) ব্রিটিছ চৰকাৰে কৃষিৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
*      (খ) ব্রিটিছ চৰকাৰে কৃষকৰ ওপৰত অত্যধিক কৰ ধার্য কৰিছিল।
28.  প্রঃ লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ- লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।
29.  প্রঃফুলগুৰিৰ ধাৱাকেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৬১ চনৰ ১৮ অক্টোবৰত।
30.       প্রঃ ৰঙিয়াৰকৃবিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত।
31.  প্রঃ লচিমা কত অৱস্থিত ?
উত্তৰঃ- লচিমা পুৰণি কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত এখন গাওঁ।।
32.  প্রঃ পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৯৪ চনৰ ২১ জানুৱাৰীত।।
33.  প্রঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- ওকিয়াং নংবাহে।।
34.  প্রঃ ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ-সম্বোধন কছাৰীয়ে।
35.  প্রঃ লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ-  ১৮৯৪ চনৰ ২১ জানুৱাৰীত।
36.  প্রঃ ট্রিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল?
উত্তৰঃ- ব্রিটিছ চৰকাৰে।
37.  প্রঃ জে. ডাব্লউ, কুইন্টক কোন চনত হত্যা কৰিছিল?
উত্তৰঃ- ১৮৯১ চনত।
দীঘল উত্তৰৰ প্ৰশ্নঃ
38.  প্রঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ-  অসমত ইৰাজ শাসনৰ বিৰুদ্ধে ১৮৫৭ চনতবিদ্ৰোহৰ সূত্রপাত হয়। এই বিদ্ৰোহৰ কাৰণ কোটাও। যেনেঃ-
 (ক)ৰাজনৈতিক কাৰণঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰিণামস্বৰূপে অসমখন ইংৰাজৰ অধীনলৈ যায়। যদিও অসমৰ বৰমূৰীয়াসকলে অসমৰ স্বাধীনতা হেৰুৱাৱ বিচৰা নাছিল। স্বাধীনতা হেৰুৱাত অসমীয়া মানুহৰ চেতনা আৰু মৰ্যদা বেয়াকৈ আঘাতপ্রাপ্ত হৈছিল। মণিৰাম দেৱানৰ লগতে আন কিছুমান বৰমূৰীয়াই আহোম কোঁৱৰ কর্পেশ্বৰ সিংহক সিংহাসনত বহুৱাব বিচাৰিছিল। সেয়ে ভিতৰি ভিতৰি উমি উমি জ্বলি থকা ইংৰাজবিদ্বেষী ভাৱটো ১৮৫৭ চনত হঠাৎ বহিঃপ্রকাশ ঘটি বিদ্ৰোহৰ ৰূপ লৈছিল।
(খ)অর্থনৈতিক কাৰণঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ আন এক কাৰণ হৈছে অর্থনৈতিক কাৰণ। ইংৰাজসকলে ৰাজহ বৃদ্ধিৰ কাৰণে প্ৰজাৰ ওপৰত জধে-মধে কৰকাটল ধার্য কৰিছিল। মাটিৰ খাজনা বৃদ্ধি কৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰা প্ৰজাৰ ওপৰত অত্যাচাৰ আৰু কঠোৰ পদক্ষেপ। লোৱাত প্রজাসাধাৰণ ইংৰাজৰ বিৰুদ্ধে থিয় দিছিল।।
(গ)সামাজিক কাৰণঃ ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগে ইংৰাজ শাসনকার্যত সহায় হোৱাকৈ বংগদেশৰ পৰা শিক্ষিত বঙালীসকলক আমদানি কৰি বিভিন্ন চৰকাৰী পদত মকৰল কৰিছিল। ফলত অসমীয়া লোকসকলৰ মৰ্যদা হানি হৈছিল। ইংৰাজসকলে মণিৰাম দেৱানকো তেওঁৰ বিষয়ভাৱ কাঢ়ি নি ইংৰাজ বিদ্বেষী কৰি তুলিছিল। ফলত ১৮৫৭ চনত বিদ্রোহে গা কৰি উঠিছিল।
(ঘ)পৰম্পৰাগত সামাজিক প্রথাত আঘাতঃ ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে অসমত দাস প্রথা প্রচলিত আছিল। অসমৰ ব্রাহ্মণ, পুৰোহিত আৰু অভিজাত লোকসকলে চাকৰ, লগুৱা, বন্দি-বেটী আদি ৰাখিব পাৰিছিল। কিন্তু ইংৰাজসকলে এই প্রথাটো উঠাই দিয়াত উচ্চ শ্ৰেণীৰ অসমীয়া লোকসকল ইংৰাজবিদ্বেষী হৈবিদ্ৰোহৰ সূচনা কৰিছিল।
(ঙ)ব্রাহ্মণ, গোঁহাই আৰু সত্ৰাধিকাৰসকলৰ অসন্তুষ্টিঃ ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে অসমৰ ব্রাহ্মণ, গোঁহাই আৰু সত্ৰাধিকাৰসকলে বিনা খাজনাত লাখেৰাজ ভূমি লাভ কৰিছিল। কিন্তু ইংৰাজসকলৰ ভূমিনীতিয়ে ব্রাহ্মণ আৰু সত্ৰাধিকাৰসকলৰ।
লাখেৰাজ ভূমি কাঢ়ি ললে। ফলত সিহঁতে ১৮৫৭ চনত মণিৰাম দেৱানৰ লগ লাগি ব্রিটিছ শাসনৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল।
এইবোৰ কাৰণত অসমত ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।
39.  প্রঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰভূমিকা সম্পর্কে আলোচনা কৰা।H.S.L.C.2018 "
উত্তৰঃ-   মণিৰাম দেৱান অসমৰ এজন প্রভাবশালী ব্যক্তি আছিল। তেওঁৰ পিতৃ ৰামদেউ আহোম স্বৰ্গদেউ কমলেশ্বৰ। সিংহৰ দোলাকাষৰী বৰুৱা আছিল।মানৰ আক্ৰমণৰ সময়ত মণিৰাম দেৱান পৰিয়ালৰ সৈতে কলিকতাত আছিল। তাতে তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত শিক্ষা লাভ কৰিছিল। মানসকলে অসমত অবর্ণনীয় অত্যাচাৰ আৰম্ভ কৰাত মণিৰাম দেৱান অসমৰ পৰা মানক খেদিবলৈ কেপ্তেইন ডেভিডস্কটৰ লগত পদ-প্রদর্শক হিচাপে অসমলৈ আহিছিল।ইংৰাজসকলে অসমৰ পৰা মানসকলক খেদি পঠাই অসমৰশাসনভাৰ গ্ৰহণ কৰাৰ পিছতমণিৰাম দেৱান চিৰস্তাদাৰ। পদ লাভ কৰিছিল।১৮৩৩ চনত ইংৰাজে পুৰন্দৰ সিংহক উজনি অসমৰ কৰতলীয়া ৰজা পতাত মণিৰাম দেৱানৰজাৰ ঘাই মন্ত্রী হৈছিল। মণিৰাম দেৱানৰ এই উন্নতি ইংৰাজে সহ্য কৰিব পৰা নাছিল। ইতিমধ্যে জেনকিন্স চাহাব অসমৰ কমিচনাৰ হৈ আহি মণিৰামৰ দায়িত্বত থকা মৌজা কেইখনমান বাজেয়াপ্ত কৰে। এই কার্যৰ বাবে মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ভিতৰি ভিতৰি ক্ষুন্ন হৈ থাকে। ১৮৪৫ চনতমণিৰামে দেৱান পদ ইস্তফা দিয়ে। মণিৰামে অসমত চাহবাগিছা স্থাপন কৰাৰ বাবে প্রয়োজন হোৱা আবাদী মাটি সংগ্রহ কৰাতো ইংৰাজসকলে বাধা দিয়ে। ইত্যাদি কাৰণত মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ক্ষোভিত হৈ অসমৰ পৰা ইংৰাজসকলক খেদিঅসমত পুনৰ ৰাজতন্ত্র ঘূৰাই আনিবলৈ দৃঢ়সংকল্প লয়।
ইতিমধ্যে ১৮৫৭ চনৰ চি পাহী বিদ্রোহ সমগ্র ভাৰততে আৰম্ভ হৈছিল। মণিৰাম দেৱান সেইসময়ত কলিকতাত আছিল। তেওঁ কলিকতাত থাকোতে দিল্লী, লক্ষ্মৌ, কানপুৰ আদি ঠাইত হোৱা বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্রহণৰ খবৰে মণিৰাম দেৱানক উৎসাহিত কৰিছিল। তেওঁ তেতিয়া উপলব্ধি কৰিছিল যে আবেদন-নিবেদনৰ দ্বাৰা কৰিব নোৱাৰা কাম বিদ্ৰোহৰ দ্বাৰা কৰিব পাৰি।
মণিৰাম দেৱানে কলিকতাৰ পৰা চাৰিং ৰজা কপেশ্বৰ সিংহ, তেওঁৰ সহযোগী পিয়লি বৰুৱা আৰু যোৰহাটত থকা আন আন বিশ্বাসী লোকলৈ গোপনে ইংৰাজৰ বিৰুদ্ধে সশস্ত্র বিদ্ৰোহৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দি পত্ৰ প্ৰেৰণ কৰে। ইফালে যোৰহাট আৰু গোলাঘাটত থকা ইংৰাজ বিৰোধী সৈনিক সকলে গোপনে চাৰিং ৰজা কন্দপেশ্বৰৰ সৈতে গোপনে মিলিত হৈ বিদ্রোহ পৰিকল্পনা সম্পর্কে আলোচনা কৰি কলিকতাৰ পৰা মণিৰাম দেৱান আহি পোৱাৰ লগে লগেই বিদ্রোহ আৰম্ভ কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰে।
দুর্ভাগ্যবশতঃ মণিৰাম দেৱানে কলিকতাৰ পৰা প্ৰেৰণ কৰা কেইখনমান পত্ৰ ইংৰাজসকলৰ হাতত পৰাত ইংৰাজসকল সন্ত্রস্ত হৈ কলিকতাত থকা মণিৰাম দেৱানক তাতেই গ্রেপ্তাৰ কৰি আলিপুৰ জেইলত আবদ্ধ কৰি ৰাখে। অসমতো কন্দপেশ্বৰ সিংহৰ লগতে দুতিৰাম বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, পিয়লি ফুকন, মধুৰাম কোচ, শেখ ফৰমুদ আলি আদি নেতাকে গ্রেপ্তাৰ কৰে। কিছুদিন পিছত তেওঁককোলাডাইননামৰ জাহাজেৰে অসমলৈ আনি যোৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লী বৰুৱাক ফাঁচী দি হত্যা কৰে।
এনেদৰে মণিৰাম দেৱানে ১৮৫৭-৫৮ চনৰ বিদ্রোহত দুঃসাহসী ভূমিকা গ্রহণ কৰিছিল।
40.  প্রঃ কি কি কাৰণত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল আলোচনা কৰা।।
উত্তৰঃ-  ১৮৫৭-৫৮ চনৰ বিদ্রোহ ভাৰতৰ অন্যান্য ঠাইৰ লগতে অসমতো ব্যর্থ হৈছিল। ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ'ল -
(ক) ১৮৫৭-৫৮ চনৰ বিদ্রোহ বা চিপাহী বিদ্রোহ ব্যর্থ হোৱাৰ প্ৰধান কাৰণ আছিল - এই বিদ্রোহ সর্বাত্মক বিদ্রোহ নাছিল। ইয়াত কিছুসংখ্যক চিপাহীয়ে যোগদান কৰিছিল যদিও সাধাৰণ নাগৰিকসকলে এই বিদ্রোহত পূর্ণ সহাৰি দিয়া নাছিল। অসমত গোখা ৰেজিমেন্টৰ সৈনিকসকলে বিদ্রোহত যোগদান নকৰি চৰকাৰক সহায় কৰি বিদ্রোহীসকলৰ সাংগঠনিক দিশ দুর্বল কৰি তুলিছিল।
(খ) মণিৰাম দেৱানৰ বিদ্রোহী তৎপৰতা নেতাসকলৰ মাজতে আবদ্ধ আছিল। তেওঁ জনসাধাৰণৰ। লগত যোগাযোগ কৰি সিহঁতৰ সঁহাৰি আৰু আনুগত্য লাভ কৰাত সময় আৰু সুবিধা পোৱা নাছিল।
(গ) এই বিদ্রোহ মাথো শিৱসাগৰ আৰু যাোৰহাটতে সীমাবদ্ধ আছিল।নগাওঁ, কামৰূপ, গুৱাহাটী আদি অঞ্চলত এই বিদ্ৰোহৰ কোনো প্রভাৱ পৰা নাছিল।
(ঘ) নেতাসকলৰ সময়ৰ জ্ঞান নাছিল। সময়মতে কাৰ্যসূচী গ্রহণ কৰাত নেতাসকল ব্যর্থ হৈছিল। ফলত চৰকাৰে ক্ষীপ্র গতিত বিদ্রোহ দমন কৰাত সফল হৈছিল।
(ঙ) বিদ্রোহীসকলৰ বিশেষ সমূহীয়া উদ্দেশ্য নাছিল।। প্ৰায়বোৰ নেতাই ব্যক্তিগত স্বার্থক আগস্থান দি বিদ্রোহত অংশ গ্রহণ কৰিছিল। ফলত এই বিদ্রোহ বিফল হৈছিল।
41.  প্রঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ-  ইংৰাজ ৰাজত্বৰ বিৰুদ্ধে ১৮৫৭ চনত। সংঘটিত হোৱা বিদ্রোহ যদিও ব্যর্থ হৈছিল তথাপি অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ গুৰুত্ব আছে।
প্ৰথমতে, অসম প্রথম বাৰৰ বাবে সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত জড়িত হৈ পৰিছিল।
দ্বিতীয়তে, এই বিদ্রোহ যদিও ব্যর্থ হৈছিল তথাপি সর্বসাধাৰণ লোকে ইংৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছিল। ইয়াৰ পিছত ১৮৬১ চনৰ পৰা অসমত সংঘটিত হোৱা কৃষক বিদ্রোহেই তাৰ প্রমাণ।
তৃতীয়তে, বিভিন্ন বর্ণ আৰু ধৰ্মৰ লোকে একগোট হৈ বিদ্রোহত যোগ দিয়াত জাতীয়তাবাদৰ বিকাশ আৰম্ভ হৈছিল।
চতুর্থতে, মণিৰাম দেৱান, পিয়লি বৰুৱা আদি ব্যক্তি ফাঁচীয়েও ভৱিষ্যতত দেশৰ বাবে আত্মোৎসর্গ কৰাৰ মানসিকতা অসম বাসীৰ মনত জাগি উঠিছিল।
42.  প্রঃ ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ-   ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগে অসমৰ অর্থনৈতিক নীতিৰো পৰিৱৰ্তন হয়।চৰকাৰে বিভন্ন কৰ-কাটল, ধার্য কৰাত কৃষকৰ অৱস্থা শোচনীয় হৈ পৰে। ফলত ৰাইজ বিক্ষোব্ধ হৈ বিদ্রোহ কৰিবলৈ লয়। কৃষক ৰাইজে চৰকাৰৰ বিৰুদ্ধে কৰা বিদ্রোহবোৰৰ ভিতৰত প্রথম বিদ্রোহটোৱেই আছিল ফুলগুৰিৰ ধাৱা। ফুলগুৰি আছিল নগাঁৱৰ পৰা কিছু নিলগত তিৱা জনগোষ্ঠীৰ বসতিপূর্ণ এখন গাওঁ। সিহঁতে আফু খেতি কৰি জীৱন নির্বাহ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে আফু খেতি বন্ধ কৰি দিয়ে যদিও চৰকাৰে কানিৰ প্রচলন বন্ধ কৰা নাছিল। ফলত তিৱা জনগোষ্ঠীৰ লোকসকল বিক্ষুব্ধ হৈ ১৮৬১ চনৰ ১৫ অক্টোবৰত একেৰাহে পাচ দিন ধৰি ফুলগুৰিত মিলিত হৈ ৰাইজ মেল পাতে। সেই সময়ত নগাঁৱৰ উপাযুক্ত আছিল লেফটেনেন্ট হার্বার্ট। তেওঁ ৰাইজৰ প্রতিবাদৰ প্রতি সঁহাৰি নজনাই ৰাইজ মেলৰ বিৰুদ্ধে সহকাৰী উপায়ুক্ত ছিংগাৰক ফুলগুৰিলৈকে পঠাই। " দিয়ে। ছিংগাৰে তেওঁৰ লগত যোৱা পুলিচ বাহিনাক ৰাইজৰ হাতৰ পৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে।লাঠীৰ বাবে টনা-আজোৰা চলি থকা সময়ত বাবু কৈৱৰ্ত নামৰ এজন লোকে ছিংগাৰৰ মূৰত লাঠীৰে কোৱাইমাটিত বগৰাই দিয়ে। লগে লগে ছিংগাৰৰ মত হয়। ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়ত পলাই পত্রং দিয়ে।এই ঘটনাৰ পিছত বহুতো কৃষক লেফটেনেন্ট ছিংগাৰক হত্যাৰ অপৰাধত গ্রেপ্তাৰ হয়। বিচাৰত লক্ষণ ডেকা, চংবৰ লালুং আৰু ৰংবং ডেকাক মৃত্যুদণ্ডে দণ্ডিত কৰে। কিছু অভিযুক্তক কলিয়াপানী (আন্দামান নিকোবৰ দ্বীপপুঞ্জ) লৈ নির্বাসন দিয়ে।
43.  প্রঃ ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ- ১৮৯২ চনত সেই সময়ৰ অসমৰ চীফ কমিচনাৰ উইলিয়াম আৰস্কাইন ৱাৰ্ডে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমিৰ নতুন শ্রেণী বিভাজন কৰি ভূমি ৰাজহ ৩৫ শতাংশ বৃদ্ধি কৰে।এই খাজনা বৃদ্ধি প্রতিবাদ কৰি কৃষকসকলে সমবেত হৈ চৰকাৰৰ ওচৰত লিখিত আবেদন দাখিল কৰিছিল। কিন্তু কৃষকৰ তীব্র প্রতিবাদ সত্বেও চৰকাৰে খাজনা বৃদ্ধিৰ প্রস্তাৱ কাৰ্যকৰী কৰি খাজনা আদায় কৰিবলৈ লোৱাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। এই বিদ্রোহ অসমৰ বিভিন্ন ঠাইত গা কৰি উঠিছিল।
এই বিদ্রোহ প্রথমতে উত্তৰ কামৰূপত দেখা দিয়ে।এই অঞ্চলৰ শ শ কৃষকে ৰাইজমেলত মিলিত হৈ বর্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ হৈছিল।১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু ইয়াৰ আশে-পাশে কেবাশ কৃষকে ৰঙিয়া আৰু তামোলপুৰত মিলিত হৈ তামোল- পুৰৰ ইংৰাজ বিষয়া ৰাধানাথ বৰুৱাক লাঞ্ছনা কৰিছিল। কৃষকসকলে ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰিছিল। ইয়াৰ উপৰিও মাৰোৱাৰী, সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল।১৮৯৪ চনত নলবাৰীত হাজাৰ হাজাৰ কৃষক সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে। ৰাইজমেলক বাধা প্রদান কৰিবলৈ চৰকাৰ পূৰ্বৰে পৰা সাজু হৈ আছিল। ফলত দুয়ো পক্ষৰ মাজত সংঘর্ষ হয়। সংঘর্ষত কেইবাজনো কৃষকৰ মৃত্যু হয়।নলবাৰী জিলাৰ বৰমাত এক শক্তিশালী প্রতিবাদী ৰাইজমেল অনুষ্ঠিত হৈছিল।এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনীও গঢ়ি তোলা হৈছিল। ৰাইজে নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল।নলবাৰী অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন হৈছিল পানীগাওঁৰ চাপৰিত। ইয়াত সৰ্থেবাৰী, পাটাছাৰকুছি, ধর্মপুৰ, বজালী আদি নানান ঠাইৰ কৃষক সমবেত হৈছিল।পানীগাওঁৰ ৰাইজমেলত পুষ্পৰাম কলিতাই মুখ্য ভূমিকা গ্রহণ কৰিছিল। চৰকাৰে এই আটাইবোৰ কৃষক বিদ্রোহকঠোৰভাৱে দমন কৰিছিল।বহুতো কৃষক হত্যা কৰিছিল। কিছুমানক কাৰাদণ্ড বিহিছিল।।
44.  প্রঃ ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক | বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।।
উত্তৰঃ- ১৮৯৪ চনত এক শক্তিশালী কৃষক বিদ্রোহ | সংঘটিত হৈছিল দৰং জিলাৰ পথৰুঘাট নামে ঠাইত। অন্যান্য কৃষক বিদ্ৰোহৰ দৰে চৰকাৰৰ বৰ্দ্ধিত হাৰত খাজনা ধার্য আৰু চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে এই বিদ্রোহ হৈছিল।এই বিদ্রোহত কৃষকসকল ১৮৯৪ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দৰং জিলাৰ পথৰুঘাটত মিলিত হৈছিল। সেই সময়ত দৰং জিলাৰ মহকুমাধিপতি আছিল জে. এণ্ডাৰ্চন। তেওঁ কৃষকসকলক মোকাবিলা কৰাৰ উদ্দেশ্যে সামৰিক বাহিণী প্ৰেৰণ কৰে। ফলত দুয়োপক্ষৰ মাজত তয়াময়া সংঘৰ্যৰ সৃষ্টি হয়। অৱশেষত হাজাৰ হাজৰ কৃষকৰাইজৰ ওপৰত জিলাধিপতিয়ে গুলিবর্ষণ কৰিবলৈ আদেশ দিয়ে। ১৪০ জন কৃষকৰ থিতাতে মৃত্যু হয় আৰু ৭৫০ জন আহত আৰু ঘূণীয়া হয়। পাথৰুঘাটৰ কৃষক বিদ্রোহ বিষয়েনৰোত্তম দাসেৰচিতদলি পুৰাণনামৰ পুথিত বিস্তাৰিত বর্ণনা পোৱা যায়।
45.  প্রঃ ১৮৫০ চনৰ ব্রিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ-  ১৮৩৫ চনত ইংৰাজসকলে জয়ন্তীয়া পাহাৰ ইংৰাজ সাম্রাজ্যৰ অধীন কৰে। এই কার্যত জয়ন্তীয়াসকল অসন্তুষ্ট হয়। ইয়াৰ উপৰিও ইংৰাজ চৰকাৰে ১৮৬১ চনত জয়ন্তীয়াসকলৰ ওপৰত ঘৰমুৰি কৰআৰুআয়কৰ প্রৱর্তন কৰে। এই কৰ ধাৰ্যকৰণৰ বিৰুদ্ধে জয়ন্তীয়াসকলে বিদ্ৰোহৰ পাতনি মেলে। জয়ন্তীয়াসকলৰ এই বিদ্রোহ নেতৃত্ব দিছিল ওকিয়াং নংবাহ নামৰ এজন জয়ন্তীয়া মুখিয়ালে।১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে জোৱাইনামে ঠাইত থকা বৃটিছৰ চাউনীত আক্রমণ কৰে। বিদ্রোহীসকল আৰু চৰকাৰৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো বিদ্রোহী মৃত্যু মূখত পৰে।বিদ্রোহীহঁতেও কেইবাজনো পুলিচক হত্যা কৰে।চৰকাৰী আক্ৰমণত বিদ্রোহীসকলৰ প্রতাপ লাহে।লাহে কমি আহিল।বিদ্রোহী নেতা ওকিয়াং নংবাহ বৃটিছ সেনাৰ হাতত ধৰা পৰে। চৰকাৰে তেওঁক অপৰাধী সাব্যস্ত কৰি ফাঁচী দিয়ে। ইমানতে জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে।
46.   প্রঃ ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত | ব্রিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰঃ- মণিপুৰ ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিল।ই ভালেমান বছৰৰ পূৰ্বৰ পৰাই ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বর্তি আছিল মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হয়।এই গৃহকন্দলত অসমৰ চীপ কমিচনাৰে অনাহকত হস্তক্ষেপ কৰে। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্রই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে ৰজা হয় ।সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও ইংৰাজসকলে কুলচন্দ্রকহেমণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে।কিন্তু তলে তলে চলি থকা ব্রিটিছবিৰোধী বিদ্রোহ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্রিটিছসকলে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলেকিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰা কথাটো সহজ নাছিল। সেয়ে অসমৰ চীফ কমিচনাৰ জে. ডবিউ. কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ অহাত মণিপুৰীসকলে সিহঁতৰ আটাইকেইজনকে হত্যা কৰে।এই ঘটনাৰ প্রতিশোধ লবলৈ ব্রিটিছে এটা শক্তিশালী সৈন্যদল মণিপুৰলৈ পঠায়। ইংৰাজবাহিনীয়ে বিদ্রোহী নেতা টিকেন্দ্রজিতক ধৰিবলৈ সমর্থ হয়।ব্রিটিছ বিষয়াক হত্যা কৰা আৰু ব্রিটিছ শাসনৰ বিৰুদ্ধে বিদ্রোহ কৰা অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়।ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়া হয়।চূড়চন্দ্র নামৰ এজন নাবালক কোঁৱৰক মণিপুৰৰ ৰজা হিচাপে ঘোষণা কৰা হয়।ৰজাজন নাবালক হােৱা বাবে ব্রিটিছ চৰকাৰৰ প্রতিনিধি এজনক মণিপুৰৰ প্রশাসনিক দায়িত্ব অর্পন কৰা হয়।বিদ্ৰোহৰ ক্ষতিপুৰণ হিচাপে ইংৰাজে মণিপুৰৰ পৰা আঢ়ৈ লাখ টকা পোৱাৰ উপৰিও বছৰি ৫০,০০০ টকা পৰিশোধ কৰি থাকিব লগা হয়। এনেদৰে মণিপুৰত ইংৰাজৰ প্ৰভূত্ব স্থাপিত হয়।
চম টোকা লিখাঃ
* (১) অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা
* (২) মণিৰাম দেৱান।
* (৩) ফুলগুৰি ধাৱা।
* (৪) লচিমা কৃষক বিদ্রোহ।

(১) অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাঃ- ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজসকলে অসমখন ব্রহ্মদেশৰ ৰজাৰ পৰা লাভ কৰে।ইংৰাজসকলে।অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগে অসমৰ ৰাজহ ব্যৱস্থাৰ পৰিৱর্তন সাধন কৰিবলৈ লয়।সিহঁতে সময়ে সময়ে কৃষকৰ ওপৰত নানান ধৰণৰ কৰ আৰোপ কৰি
চৰকাৰৰ ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।
ইংৰাজসকলে পোনপ্ৰথমতে অসমত শস্য বা সামগ্ৰীৰ পৰিৱর্তে টকাৰে কৰ বা ৰাজহ সংগ্ৰহ কৰাৰ প্ৰথা প্ৰ কৰে।সিহঁতে বিভিন্ন ধৰণৰ কৃষি আনকি গৰু, মহৰচ পথাৰৰ ওপৰতত কৰ ধার্য কৰিবলৈ লয়।পিছলৈ তামোল পাণৰ ওপৰতো কৰ ধার্য কৰিবলৈয়ো সিদ্ধান্ত গ্রহণ কৰে।আফু খেতি কৰা বন্ধ কৰি দিয়ে।অতিৰিক্ত কৰৰ ৰে প্রজা সাধাৰণৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল।ফল নানা ঠাইত কৃষক বিদ্রোহৰো সূচনা হৈছিল।
(২) মণিৰাম দেৱানঃ মণিৰাম দেৱান অসমৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ পিতৃ ৰামদেট।আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দোলাকাষৰী বৰুৱা আছিল।মানৰ আক্ৰমণৰ সময়ত মণিৰাম দেৱান পৰিয়ালৰ সৈতে কলিকতাত আছিল।তাতে তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত শিক্ষা লাভ কৰিছিল।মানসকলে অসমত অবর্ণনীয় অত্যাচাৰ আৰম্ভ কৰাত মণিৰাম দেৱান অসমৰ পৰা মানক খেদিবলৈ কেপ্তেইন ডেভিড স্কটৰ লগত পদ-প্রদর্শকচিাপে অসমলৈ আহিছিল।ইংৰাজসকলে অসমৰ পৰা মানসকলক খেদি পঠাই।অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত মণিৰাম দেৱান।চিৰস্তাদাৰ পদ লাভ কৰিছিল।১৮৩৩ চনত ইংৰাজে পুৰন্দৰ সিংহক উজনি অসমৰ কৰতলীয়া ৰজা পতাত মণিৰাম দেৱান ৰজাৰ ঘাই মন্ত্রী হৈছিল।মণিৰাম দেৱানৰ এইউন্নতি ইংৰাজে সহ্য কৰিব পৰা নাছিল।ইতিমধ্যে জেনকিন্স চাহাব অসমৰ কমিচনাৰ হৈ আহি মণিৰামৰ দায়িত্বত থকা মৌজা।কেইখনমান বাজেয়াপ্ত কৰে।এইকাৰ্যৰবাবে মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ভিতৰি ভিতৰি ক্ষুন্ন হৈ থাকে।১৮৪৫ চনত মণিৰাম দেৱান পদ ইস্তফা দিয়ে।মণিৰামে অসমত চাহ বাগিছা স্থাপন কৰাৰ বাবে প্রয়োজন হোৱা আবাদামা সংগ্রহকৰাতো ইংৰাজসকলে বাধা দিয়ে।এইবোৰ কাৰণ মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ক্ষোভিত হৈ অসমৰ পৰ। ইংৰাজসকলক খেদিঅসমত পুনৰ ৰাজতন্ত্র ঘূৰাই আনিবলে দৃঢ়সংকল্প লয়।।ইতিমধ্যে ১৮৫৭ চনৰ চি পাহী বিদ্রোহ সময় ভাৰততে আৰম্ভ হৈছিল।মণিৰাম দেৱান সেইসময়ত কলিকতাত আছিল।মণিৰাম দেৱানে কলিকতাৰ পৰা চাৰিং ৰত কন্দপেশ্বৰ সিংহ, তেওঁৰ সহযোগী পিয়লি বৰুৱা আৰু যোৰহাটত থকা আন আন বিশ্বাসী লোকলৈ গোপনে ইংৰাজৰ বিৰুদ্ধে সশস্ত্র বিদ্ৰোহৰ বাবে সাজু হৈ থা৷ নির্দেশ দি পত্ৰ প্ৰেৰণ কৰে।দুর্ভাগ্যবশতঃ মণিৰাম দেৱানে কলিকতাৰ পৰা প্ৰেৰণ কৰা কেইখনমান পত্র ইংৰাজসকলৰ হাতত পৰাত ইংৰাজসকল সন্ত্রস্ত হৈ কলিকতাত থকা মণিৰাম দেৱানক তাতেই গ্রেপ্তাৰ কৰি আলিপৰ জেইলত আবদ্ধ কৰি ৰাখে।কিছুদিন পিছত তেওঁককোলাডাইননামৰ জাহাজেৰে অসমলৈ আনি যোৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লীবৰুৱাক ফাঁচী দিহত্যা কৰে।  

(৩)ফুলগুৰি ধাৱাঃ ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগে অসমৰ অর্থনৈতিক নীতিৰৰ পৰিৱৰ্তন হয়। চৰকাৰে বিভিন্ন কৰ-কাটল, নিষেধাজ্ঞা জাৰি কৰাত কৃষকৰ অৱস্থা শোচনীয় হৈ পৰে।ফলত ৰাইজ বিক্ষোব্ধ হৈ বিদ্রোহ কৰিবলৈ লয় কৃষক ৰাইজে চৰকাৰৰ বিৰুদ্ধে কৰা বিদ্রোহবোৰৰ ভিতৰত প্রথম। বিদ্রোহটোৱেই আছিল ফুলগুৰিৰ ধাৱাফুলগুৰি আছিল নগাঁৱৰ পৰা কিছু নিলগত তিৱা জনগোষ্ঠীৰ বসতিপূর্ণ এখন গাওঁ।সিহঁতে আফু খেতি কৰি জীৱন নির্বাহ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে আফু খেতি বন্ধ কৰি দিয়ে যদিও চৰকাৰে কানিৰ প্ৰচলন বন্ধ কৰা নাছিল।ফলত তিৱা। জনগোষ্ঠীৰ লোকসকল বিক্ষুব্ধ হৈ ১৮৬১ চনৰ ১৫ অক্টোবৰত একেৰাহে পাঁচ দিন ধৰি ফুলগুৰিত মিলিত হৈ ৰাইজ মেল পাতে।সেই সময়ত নগাঁৱৰ উপাযুক্ত আছিল লেফটেনেন্ট হাবার্ট। তেওঁ ৰাইজৰ প্রতিবাদৰ প্রতি সঁহাৰি নজনাই ৰাইজ মেলৰ বিৰুদ্ধে সহকাৰী উপায়ুক্ত ছিংগাৰক ফুলগুৰিলৈকে পঠাই দিয়ে। ছিংগাৰে তেওঁৰ লগত যোৱা পুলিচ বাহিনীকৰাইজৰ হাতৰ পৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে।লাঠীৰ বাবে টনা-আজোৰা চলি থকা সময়ত বাবু কৈৱৰ্ত নামৰ এজন লোকে ছিংগাৰৰ মূৰত লাঠীৰে কোৱাই মাটিত বগৰাই দিয়ে।লগে লগে ছিংগাৰৰ মৃত্যু হয়। ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়ত পলাই পত্রং দিয়ে।
এই ঘটনাৰ পিছত বহুতো কৃষক লেফটেনেন্ট ছিংগাৰক হত্যাৰ অপৰাধত গ্রেপ্তাৰ হয়। বিচাৰত লক্ষণ ডেকা, চংবৰ লালুং আৰু ৰংবং ডেকা মৃত্যুদণ্ডেৰে দণ্ডিত হয়। কিছু অভিযুক্তক কলিয়াপানী (আন্দামান নিকোবৰ দ্বীপপুঞ্জ) লৈ নির্বাসন দিয়ে।

(4) লচিমাৰ কৃষক বিদ্রোহঃ- ১৮৯২ চনত সেই সময়ৰ অসমৰ চীফ কমিচনাৰ উইলিয়াম আৰস্কাইন ৱার্ডে ব্রহ্মপুত্র উপত্যকাৰ ভূমিৰ নতুন শ্রেণী বিভাজন কৰি ভূমি ৰাজহ ৩৫ শতাংশ বৃদ্ধি কৰে।এই খাজনা বৃদ্ধি প্রতিবাদ কৰি কৃষকসকলে সমবেত হৈ চৰকাৰৰ ওচৰত লিখিত আবেদন দাখিল কৰে। কিন্তু কৃষকৰ তীব্র প্রতিবাদ সত্বেও চৰকাৰে খাজনা বৃদ্ধিৰ প্ৰস্তাৱ কার্যকৰী কৰি খাজনা আদায় কৰিবলৈ লোৱাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। এইবিদ্রোহঅ সমৰ লছিমা, চৌখুটি, পানীগাওঁ, সৰ্থেবাৰী পাটাছাৰকুছি আদি ঠাইত গা কৰি উঠিছিল।এই বিদ্রোহ প্ৰথমতে উত্তৰ কামৰূপত দেখা দিয়ে।এই অঞ্চলৰ শ শ কৃষকে ৰাইজমেলত মিলিত হৈ বর্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ হৈছিল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু ইয়াৰ আশে-পাশে কেবাশ কৃষকে ৰঙিয়া আৰু তামোলপুৰত মিলিত হৈ তামোল- পুৰৰ ইংৰাজ বিষয়া ৰাধানাথ বৰুৱাক লাঞ্ছনা কৰিছিল।কৃষকসকলে ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰিছিল। ইয়াৰ উপৰিও মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল।১৮৯৪ চনত নলবাৰীত হাজাৰ হাজাৰ কৃষকসমবেত হৈচৰকাৰৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে। ৰাইজমেলক বাধা প্রদান কৰিবলৈ চৰকাৰ পূৰ্বৰে পৰা সাজু হৈ আছিল ফলত দুয়ো পক্ষৰ মাজত সংঘর্ষ হয়।সংঘৰ্ষত কেইবাজনো কৃষকৰ মৃত্যু হয়।নলবাৰী জিলাৰ বৰমাতো এক শক্তিশালী প্রতিবাদী ৰাইজমেল অনুষ্ঠিত হৈছিল। এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনীও গঢ়ি তোলা হৈছিল। ৰাইজে নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল নলবাৰী অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন হৈছিল পানীগাওঁৰ চাপৰিত।ইয়াত সৰ্থেবাৰী, পাটাছাৰ কুছি, ধর্মপুৰ, বজালী আদি নানান ঠাইৰ কৃষক সমবেত হৈছিল।পানীগাওঁৰ ৰাইজমেলত পুষ্পৰাম কলিতাই মুখ্য ভূমিকা গ্রহণ কৰিছিল। চৰকাৰে এই আটাইবোৰ কৃষক বিদ্রোহকঠোৰভাৱে দমন কৰিছিল।বহুতো কৃষকক হত্যা কৰিছিল।কিছুমানক কাৰাদণ্ড বিহিছিল।