পৃথিৱীৰ ভূগোল
প্রশ্নোত্তৰঃ
1.      প্রঃ পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- পৃথিৱীৰ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশক স্থিলমণ্ডলবোলে। আনহাতে ভূপৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদি পানীৰে আগুৰি থকা বৃহৎ অংশকে জিলমণ্ডলবোলে।পৃথিৱীৰ বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দটা সুকীয়াভাৱে নাথাকি দুয়োটা অংশই ইটোৱে-সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। এই ক্ষেত্ৰত কাস্পিয়ান সাগৰ, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইটা সাগৰ, মহাসাগৰ ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্রথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অষ্ট্রেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশেৰে গঠিত।
 আনহাতে মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচোটা মহাসাগৰৰ প্রশান্ত মহাসাগৰ এছিয়া মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত। আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত।
উল্লেখ্য যে ভূ-পৃষ্ঠৰ ২৯ শতাংশ স্থলভাগ আৰু বাকী ৭১ শতাংশ জলমণ্ডল। মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ সর্ববৃহৎ আৰু মহাসাগৰসমূহৰ ভিতৰত প্রশান্ত মহাসাগৰ সৰ্ববৃহৎ।
2.      প্রঃ মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
উত্তৰঃ- মহাদেশীয় বিস্থাপন সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা।স্থলমণ্ডলটোকপেঞ্জিয়াআৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোকপাছালাছাবোলা হয়। কিছুকাল।অতিক্রম কৰাৰ পিছত প্রায় সোমাজেৰে পূৱা-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াকটেথিছ। সাগৰবোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোকগণ্ডোৱানালেণ্ডবোলা হয়।আজিৰ পৰা প্রায় ২৫০ নিযুত বছৰ পূর্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিযুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈউত্তৰ আমেৰিকা, গ্রীণলেণ্ড ' আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু ' এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবর্ষ, আৰব অঞ্চল, মালয়েছিয়া, অষ্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।
3.      প্রঃ মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- মহাসাগৰৰ তলিভাগ তেনেই অসমান স্থলমণ্ডলত যিদৰে পহাৰ-পর্বত, মালভূমি, সমভূমি আদি আছে ঠিক তেনেদৰে সাগৰ-মহাসাগৰৰ তলিভাগো শৈলশিৰা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে অসমান কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ। বিশেষকৈস্থলমণ্ডল আৰুজলমণ্ডলৰ সংযোগস্থলৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীৰতা বৃদ্ধি পায়।সাধাৰণতে উপকূলৰ পৰা সাগৰ-মহাসাগৰৰ মাজভাগলৈ যথাক্রমে মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সামুদ্রিক শৈলসিৰা, দ্বীপ আদি আছে। উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ গভীৰতা প্রায় ২০০০ মিটাৰ পর্যন্ত। ইয়াক মহীসোপান বুলি কোৱা হয়।।
4.      প্রঃ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।।
উত্তৰঃ- পৃথিৱীৰ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশক স্থলমণ্ডলবোলে। আনহাতে ভূপৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদি পানীৰে আগুৰি থকা বৃহৎ অংশকেজলমণ্ডলবোলে।পৃথিৱীৰ বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে নাথাকি দুয়োটা অংশই ইটোৱে-সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। এই ক্ষেত্ৰত কাস্পিয়ান সাগৰ, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইটা সাগৰ, মহাসাগৰ ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্রথম অংশটো এছিয়া,  ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিতদ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অষ্ট্রেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশেৰে গঠিত।আনহাতে মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা। পৃথিৱীৰ পাঁচোটা মহাসাগৰৰ প্রশান্ত মহাসাগৰ এছিয়া মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত। অৱস্থিত।আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত।উল্লেখ্য যে ভূ-পৃষ্ঠৰ ২৯ শতাংশ স্থলভাগ আৰু বাকী " ৭১ শতাংশ জলমণ্ডল। মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ সর্ববৃহৎ আৰু মহাসাগৰসমূহৰ ভিতৰত প্রশান্ত মহাসাগৰ সৰ্ববৃহৎ।
5.      প্রঃ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- পৃথিৱীৰ স্থলভাগৰ ৬৭ শতাংশই উত্তৰ গোলার্ধত। সৰ্বমুঠ ৭ খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্রিকা দক্ষিণাংশ, ওছেনিয়া আৰু এন্টার্কটিকাক বাদ দি বাকী অংশই উত্তৰ গোলার্ধত অৱস্থিত। মন কৰিবলগীয়া যে উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ সম্পূর্ণভাৱে উত্তৰ গোলার্ধৰ অন্তর্গত। আনহাতে, পূৱা-পশ্চিমাকৈ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা পশ্চিম গোলার্ধত আৰু বাকী বেছি অংশই পূৱ গোলার্ধত অৱস্থিত। যদিও মহাদেশবোৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা নির্ধাৰণ কৰা হৈছেতথাপি মহাদেশবোৰৰ মাজৰ সীমা মূলতঃ প্রাকৃতিক উপাদান যেনে নদ-নদী, সাগৰ-মহাসাগৰ আদিয়ে নির্ধাৰণ কৰিছে।
6.      প্রঃ এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।।
উত্তৰঃ-এছিয়া মহাদেশক ভূ-প্রাকৃতিক গঠন অনুসৰি আঠোটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ
(১) উত্তৰৰ বিশাল সমভূমি অঞ্চল।
(২) মধ্য এছিয়াৰ পার্বত্য আৰু মালভূমি অঞ্চল।
(৩) পশ্চিম এছিয়াৰ মালভূমি অঞ্চল।
(৪) দক্ষিণ এছিয়াৰ মালভূমি অঞ্চল।।
(৫) পূৱ এছিয়াৰ পার্বত্য অঞ্চল।
(৬) বৃহৎ নদী উপত্যকা অঞ্চল।
(৭) উপকূল অঞ্চল।
(৮) সাগৰীয় দ্বীপসমূহ।
তলত প্ৰতিটো ভাগৰে বৈশিষ্ট্যসমূহ চমুকৈ উল্লেখ কৰা হ'ল -
(১) উত্তৰৰ বিশাল সমভূমি অঞ্চলঃ এই অঞ্চলৰ অধিকাংশ নিম্নভূমি থকাৰ উপৰিও কিছুমান পর্বত-পাহাৰ, মালভূমি আৰু নদী উপত্যকা আছে।
(২) মধ্য এছিয়াৰ পার্বত্য আৰু মালভূমি অঞ্চলঃ এই অঞ্চলটোত সৰু-বৰ ভংগিল পর্বতশ্রেণী আৰু মালভূমি আছে। পৃথিৱীৰ সর্বোচ্চপামিৰ মালভূমি এই অঞ্চলতে অবস্থিত।
(৩) পশ্চিম এছিয়াৰ মালভূমি অঞ্চলঃ এই অঞ্চলটো ইৰাণ, আফগানিস্থান আৰু তুকতি বিস্তৃত হৈ আছে। এই অঞ্চলত থকা মালভূমিবোৰ হৈছে - ইৰাণ আলভূমি, কর্দিস্থান মালভূমি, আর্মেনিয়া মালভূমি আৰু এনাতলীয় মালভূমি।।
(8) দক্ষিণ এছিয়াৰ মালভূমি অঞ্চলঃ এই অঞ্চলটো প্রায়ে বালিময় মৰুভূমি। আৰব মালভূমিটো এই অঞ্চলৰ অন্তর্গত।
(৫) পূৱ এছিয়াৰ পার্বত্য অঞ্চলঃ এই অঞ্চলটো প্রশান্ত মহাসাগৰৰ উপকূলীয় অঞ্চলত বিস্তৃত হৈ আছে। প্রশান্ত মহাসাগৰত থকা কিউৰাইল, জাপান, টাইৱান, আদি। দ্বীপপুঞ্জৰ পর্বতসমূহ এই পার্বত্য অঞ্চলতে আছে।।
(৬)বৃহৎ নদী উপত্যকা অঞ্চলঃ এই উপত্যকা অঞ্চলটো মহাদেশখনৰ বৃহৎ নদী আৰু উপনৈসমূহৰ দ্বাৰা সৃষ্টি হৈছে। এই অঞ্চলবোৰ অতি সাৰুৱা আৰু কৃষি প্রধান।
(৭) উপকূল অঞ্চলঃ এছিয়া মহাদেশৰ উপকূল অঞ্চলটো ভগ্ন প্রকৃতিৰ আৰু কিছুমান উপকূল অঞ্চল পর্বতেৰে ভৰা। সাৰুৱা উপকূল অঞ্চলবোৰত। জনবসতিও ঘন।।
(৮) সাগৰীয় দ্বীপসমূহঃ এছিয়া মহাদেশৰ সাগৰীয় দ্বীপসমূহ মহাদেশখনৰ পূৱত আৰু দক্ষিণত অৱস্থিত। এই অঞ্চলসমূহত কিউৰাইল, জাপান, ৰিউকিউ আদি বহুতো দ্বীপপুঞ্জ আছে।
প্রঃ কাৰণ দৰ্শাই উত্তৰ লিখাঃ
1.      (ক) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয়?
উত্তৰঃ- পৃথিৱীৰ স্থলভাগৰ বৃহৎ অংশ অর্থাৎ প্রায়। ৬৭ শতাংশ উত্তৰ গোলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই উত্তৰ গোলার্ধত বাস কৰে।
2.      (খ) এচিয়া মহাদেশৰ জলবায়ু বৈচিত্রময় কিয়?
উত্তৰঃ- এছিয়া মহাদেশৰ জলবায়ুৰ ভিন্নতা অধিক হোৱাৰ কাৰণ হ'ল ইয়াৰ বিশালতা। ই ১০° দক্ষিণ অক্ষ ৰেখাৰ পৰা সুমেৰু বৃত্তলৈকে বিস্তৃত হৈ আছে। আমি জানো যে বিষুৱ ৰেখাৰ পৰা যিমানে দূৰলৈ বা মেৰু অঞ্চললৈ যোৱা হয় সিমানে উত্তাপৰ পৰিমাণ কমি থাকে। ইয়াৰ কৰাণ হল- বিযুৱ ৰেখাৰ পৰা মেৰুলৈ সূৰ্যৰ পোহৰ ক্রমান্বয়ে কমকৈ পৰে। সেয়ে এছিয়া মহাদেশত বিষুৱীয় জলবায়ুৰ পৰা আৰম্ভ কৰি মেৰুদেশীয় জলবায়ু বিৰাজমান। ইয়াৰ ওপৰিও মহাদেশখনৰ অৱস্থান, আকাৰ, উচ্চ পর্বতমালা, মালভূমিবোৰৰ অৱস্থিতি, সাগৰৰ প্ৰভাৱ, মৌচুমী বতাহৰ লগতে অন্যান্য বতাহৰ প্ৰভাৱৰ ফলত এছিয়া মহাদেশত জলবায়ুৰ ভিন্নতা বিদ্যমান।
3.      (গ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?
উত্তৰঃ- এন্টার্কটিকা মহাদেশ দক্ষিণ গোলার্ধত অৱস্থিত। এইখন মহাদেশ বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে। ইয়াৰ উপৰি ইয়াত বছৰৰ ছয়মাহ দিন আৰু ছয়মাহ ৰাতি হৈ থাকে বাবে ইয়াত মানুহৰ স্থায়ী বসতি সম্ভৱ নহয়।।
প্রঃ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ
1.      (ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহেসৃষ্টিকৰিছে?H.S.L.C.2018
উত্তৰঃ- ইউৰাইল পর্বতমালাই।
2.      (খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু কত অৱস্থিত?
উত্তৰঃ- এণ্ডিজ পর্বতমালা। ই দক্ষিণ আমেৰিকাত অৱস্থিত।
3.      (গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম কি?
উত্তৰঃ- মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ হ'ল এছিয়া আৰু ক্ষুদ্রতম মহাদেশ হল ওচেনিয়া।
4.      (ঘ) পৃথিৱীৰ কোনখন দেশ দুখন মহাদেশলৈ বিস্তুত?
উত্তৰঃ- ৰাছিয়া।
5.      (ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম কি?
উত্তৰঃ- মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশ। হল চীন আৰু ক্ষুদ্রতম দেশ হল ভেটিকান চিটি।
6.      (চ) উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বতশ্রেণীটোৰ নাম কি? এই পর্বতমালাৰ দৈৰ্ঘ কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত ?
উত্তৰঃ-উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বতমালা হল ৰকি পর্বতমালা। ইয়াৰ দৈর্ঘ হল ৮০০০ কিলোমিটাৰ। ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত।
7.      (ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই কত অৱস্থিত ?H.S.L.C.2018
উত্তৰঃ- পৃথিৱীৰ বৃহত্তম মৰুভূমি হল চাহাৰা। ই আফ্রিকা মহাদেশত অৱস্থিত।।
8.      (জ) এচিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রৱাহিত আৰু পূৱ দিশলৈ প্ৰৱাহিত নদীৰ নাম লিখা।
উত্তৰঃ- এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত দুখন নদী হল ওবি আৰু লেনা আৰু দক্ষিণ দিশলৈ প্ৰৱাহিত দুখন নদী হল আমুৰ আৰু হোৱাংহো
9.      (ঝ) অষ্ট্রেলিয়াৰ একোখনকৈ পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
উত্তৰঃ- অষ্ট্রেলিয়াৰ এখন পর্বতশ্রেণী হল সুবি, এখন নদীৰ নাম হ'ল ডার্লিং আৰু এখন মৰুভূমিৰ নাম 'ল টানামী।
10.  (ঞ) ইউৰোপ মহাদেশৰ অন্তগত তথা ভমাথা সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখ।
উত্তৰঃ- ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূ-মধ্য  সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰনাম হলঃ ক্রি ছিছিলি আৰু মাল্টা।।
প্রঃ চমুটোকা লিখাঃ
1.      (ক) পেঞ্জিয়া
উত্তৰঃ- মহাদেশীয় বিস্থাপন সূত্র অনুসৰি আদিতে অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোকপেঞ্জিয়াআৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পাছালাছাবোলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত প্রায় সোমাজেৰে পূৱা-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল।ইয়াকটেথিছ সাগৰবোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোকগণ্ডোৱানালেণ্ডবোলা হয়।
2.      (খ) উত্তৰ মহাসাগৰ।
উত্তৰঃ- উত্তৰ মহাসাগৰ হল পৃথিৱীৰ ক্ষুদ্রতম। মহাসাগৰ। ইয়াৰ মাটিকালি ১৪ নিযুত বর্গ কিলোমিটাৰ। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্রায় এক পঞ্চমাংশ উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ গঢ় গভীৰতা ৫০০ মিটাৰ। উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়ত ইডাঠ বৰফেৰে ঢাক খাই থাকে।
3.      (গ) ওছেনিয়া মহাদেশ।
উত্তৰঃ- অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণপশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। ই সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পুৱে ১৮০ দ্রাঘিমাংশৰ পৰা পশ্চিমে ১১৩° পূৱ দ্রাঘিমাংশলৈ বিস্তৃত। বর্তমান ওছেনিয়া মহাদেশ বুলি ক'লে মূল দেশ অষ্ট্রেলিয়াকে ধৰি ইয়াৰ আশে-পাশে থকা সৰু সৰু দ্বীপবোৰক সামৰি লয়।।
4.      (ঘ) এছিয়া মহাদেশৰ নদ-নদী।
উত্তৰঃ- এছিয়া মহাদেশত অসংখ্য নদ-নদী আছে। সেই নদ-নদীসমূহক প্রধানকৈ ৪ টা ভাগত ভাগ কৰিব পাৰি যথা -
(১) উত্তৰ মহাসাগৰলৈ বৈ যোৱা নদী।
(২) প্রশান্ত মহাসাগৰলৈ বৈ যোৱা নদী।
(৩) ভাৰত মহাসাগৰলৈ বৈ যোৱা নদী।
(৪) অন্তর্বাহী নদী।
উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়া মহাদেশৰ নদীসমূহ হল -ওৰি, য়েনিছি আৰু লেনা।
প্রশান্ত মহাসাগৰলৈ বৈ যোৱা নদীসমূহ হল -আমুৰ, হোৱাংহো ইয়াংছিকিয়াং, ছিকিয়াং, মেকং আৰু মেনাম।
ভাৰত মহাসাগৰলৈ বৈ যোৱা নদীসমূহ হৈছে ছালউইন, ইৰাৱতী, ব্রহ্মপুত্র, গংগা, সিন্ধু, নর্মদা, তাপ্তী, মহানদী, ইউফ্রেটিছ আৰু টাইগ্রিছ।
এছিয়া মহাদেশৰ অন্তবাহী নদীসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হল -ছিৰদৰিয়া, আমুদৰিয়া, তাৰিম, হেলমাণ্ড, জর্দান, উৰাল আদি।
5.      (ঙ) আফ্রিকা মহাদেশৰ হ্রদসমূহ।
উত্তৰঃ- আফ্রিকা মহাদেশ বহুত নদ-নদী আৰু হ্রদেৰে ভৰা। ইয়াৰ অন্তৰ্গত হ্রদসমূহৰ ভিতৰত ভিক্টোৰিয়া, এলবার্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেবৰা, মালাবি, বাচ্চা , টুকানা, কিভু, এব্বে, কোচ্চৌ আদি উল্লেখযোগ্য।
6.      (চ) ইউৰোপ মহাদেশৰ নদ-নদী
উত্তৰঃ- ইউৰোপ মহাদেশৰ ভূ-প্রাকৃতিক গঠন অতি জটিল আৰু বৈচিত্রময়। মহাদেশখন বহুতো নদ-নদী, হ্রদ আদিৰে ভৰা। এইমহাদেশৰ নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রো, ফ্রান্সৰ ৰোণ আৰু চেইন; জার্মানীৰ ৰাইন আৰু এন্বে; পোলেণ্ডৰ ওডাৰ আৰু ভিলা; অষ্ট্রিয়া, হাঙ্গেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ; ইটালীৰ থেমচ; ৰাছিয়াৰ ডন, ভল্লা আৰু ইউৰাল আদি উল্লেখযোগ্য।
7.      (ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল।
উত্তৰঃ- উত্তৰ আমেৰিকা মহাদেশৰ পশ্চিম অংশত উপকুলবর্তী, কাসেকড়, ছিয়ে নেভাডা আৰু কষ্টৰেঞ্জ পর্বতশ্রেণী, আৰু পূৱ অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পর্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে আপেলেছিয়ান উচ্চভূমি গঠিত।এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰুবুজি পর্বতশ্রেণী আছে।
8.      (জ) উত্তৰ আমেৰিকা মহাদেশৰ হদসমূহ।
উত্তৰঃ- উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ হ'লঃ- পেৰিয়ৰ, হুন, মিচিগান, এৰি, ওন্টেৰিও, গ্রেট বিয়াৰ,গ্রেট শ্লেভ, ইউনিপেগ আৰু গ্রেট ছল্ট। প্রঃ
পার্থক্য লিখা ।
9.      (ক) মহীসোপান আৰু মহীঢাল ।
উত্তৰঃ- সাগৰৰ উপকূলৰ চাৰিওকাষে থকা ইয়াৰ অগভীৰ অংশকে মহীসোপান বোলে। ইয়াৰ গভীৰতা। প্রায় ২০০০ মিটাৰ।মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢালবোলে। ইয়াৰ গভীৰতা প্রায় ২০০ মিটাৰ।
10.  (খ) এভাষ্টেশৃংগ আৰু গডউইন অষ্টিনশৃংগ
উত্তৰঃ- এভাৰেষ্ট শৃংগ হল পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ। ই হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত। ইয়াৰ উচ্চতা হল ৮৮৪৮ মিটাৰ।গডউইন অষ্টিন হল পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ ই আৰাকোমা পর্বতমালাৰ অন্তৰ্গত ইয়াৰ উচ্চতা হ'ল ৮৬১১ মিটাৰ
11.  (গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ
উত্তৰঃ- ওছেনিয়া মহাদেশ হল পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। ইয়াৰ মাটিকালি হ'ল ৮.১ নিযুত বর্গকিলোমিটাৰ। ই পৃথিৱীৰ মুঠ স্থলভাগৰ ৫.৪ শতাংশ ঠাই আগুৰি আছে। ইয়াৰ বর্তমান জনসংখ্যা ৩৮ নিযুত।এন্টার্কটিকা মহাদেশ হল পৃথিৱীৰ পঞ্চম বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ১৩.২ নিযুত বর্গকিলোমিটাৰ। ই পৃথিৱীৰ মুঠ স্থলভাগৰ ৮.৮ শতাংশ ঠাই আগুৰি আছে। ইয়াত কোনো স্থায়ী জনবসতি নাই।
12.  (ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি
উত্তৰঃ- গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত।আনহাতে আটাকাম মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পর্বতমালাৰ একেবাৰে বৃষ্টিহীন অংশত অৱস্থিত। গোবি মৰুভূমিৰ উষ্ণতা আটাকামা মরুভূমিৰ তুলনাত বেছি।
প্রঃ শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
1.       (ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনটো?
(১) প্রশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগাৰ।
(৩) আটলান্টিক মহাসগৰ
(8) দক্ষিণ মহাসাগৰ
উত্তৰঃ- (৩) আটলান্টি মহাসাগৰ।।
2.      (খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন ?
(১) উত্তৰ আমেৰিকা মহাদেশ
(২) ইউৰোপ মহাদেশ
(৩) এন্টার্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ
উত্তৰঃ- (8) ওছেনিয়া মহাদেশ।
3.      (গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?
(১) আটলান্টিক মহাসাগৰ
(২) উত্তৰ মহাসাগাৰ
(৩) প্রশান্ত মহাসগৰ
(৪) ভাৰত মহাসাগৰ
 উত্তৰঃ- (১) আটলান্টিক মহাসাগৰ।
4.      (ঘ) এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?
(১) ভূমধ্য সাগৰ
(২) লোহিত সাগৰ
(৩) কাস্পিয়ান সাগৰ
(৪) আৰব সাগৰ
উত্তৰঃ-  (২) লোহিত সাগৰ।।
5.      (ঙ) এছিয়া আৰু ইউৰোপমহাদেশ প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?H.S.L.C.2018
(১) ইউৰাল পর্বতমালা
(২) ককেচাচ পর্বত।
(৩) কাস্পিয়ান সাগৰ
(৪) ভন্ন নদী
উত্তৰঃ-  (১) ইউৰাল পর্বতমালা।
6.      (চ) ইকুৱেড়ৰ কোনখন মহাদেশত অৱস্থিত?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্রিকা
(৪) এছিয়া
উত্তৰঃ-  (১) উত্তৰ আমেৰিকা।
7.      (ছ) ব্রাজিলৰ ৰাজধানী কি?
(১) ৰিও ডি জেনেইৰো
(২) চাও পাওলো
(৩) ব্রাচিলিয়া
(৪)  লিমা।
উত্তৰঃ-  (৩) ব্রাচিলিয়া।।
অতি চমু উত্তৰৰ প্রশ্নঃ
1.      প্রঃ এছিয়াৰ উষ্ণতম ঠাইখনৰ নাম কি?
উত্তৰঃ-  জেক্কোৱাবাদ (পাকিস্থান)।
2.      প্রঃ এছিয়াৰ শীতলতম ঠাইখনৰ নাম কি?
উত্তৰঃ-  ভাখুয়ানস্ক (ৰাছিয়া)।।
3.      প্রঃ পৃথিৱীৰ সর্ববৃহৎ দক্ষিণবাহী নৈ কোনখন ?
উত্তৰঃ-  ডানিয়ুব।
4.      প্রঃ আয়তনৰ ফালৰ পৰা এছিয়াৰ ক্ষুদ্রতম ৰাষ্ট্র কোনখন ?
উত্তৰঃ-  মালদ্বীপ।
5.      প্রঃ আলটিনটাঘ পর্বতশ্রেণী কোন দেশত অৱস্থিত?
উত্তৰঃ-  চীনত।।
6.      প্রঃ গো-মাংস ৰপ্তানিৰ ক্ষেত্ৰত পৃথিৱীৰ কোনখন দেশ বিখ্যাত?
উত্তৰঃ-  আর্জেন্টিনা।