অধ্যায়-২
মহাত্মা
গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম।
অতি চমু
উত্তৰৰ প্রশ্নঃ
1. প্রঃ টকিঅ'ত কোনে ইণ্ডয়ান ইণ্ডেপেনডেন্স
লীগ’ গঠন
কৰিছিল?
উত্তৰঃ- ৰাজ বিহাৰী বসু।।
2.
প্রঃ ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে প্রতিনিধিত্ব
কৰিছিল?
উত্তৰঃ-মহাত্মা গান্ধীয়ে।
3. প্রঃ গান্ধী-আউইন ' চুক্তি কেতিয়া সম্পাদিত হৈছিল?
H.S.L.C. 2018
উত্তৰঃ- ১৯৩১ চনৰ ৫ মার্চত।
4. প্রঃ কোন তাৰিখে বাল গংগাধৰ
তিলকৰ মৃত্যু, হৈছিল?
উত্তৰঃ- ১৯২০ চনৰ ১ আগষ্টত।
5. প্রঃ কোন তাৰিখে পোন প্ৰথমবাৰৰ
বাবে সৰ্বভাৰতীয় স্তৰত সর্বাত্মক হতাল পালনকৰা হৈছিল?
উত্তৰঃ- ১৯১৯ চনৰ ৬ এপ্রিলত।।
6. প্রঃ জালিৱানৱালাবাগত পুলিচৰ
নির্বিবাদ গুলি চালনাৰ ফলত কিমানজন লোকৰ থিতাতে মৃত্যু হৈছিল?
উত্তৰঃ- ৩৭৯ জন।।
7. প্রঃ কোন তাৰিখে গান্ধীয়ে লোণ
আইন ভংগ কৰিবলৈ দাণ্ডিলৈ যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰঃ- ১৯৩০ চনৰ ১২ মার্চত।
8. প্রঃ গান্ধীয়ে কিমানজন
অনুগামীক লগত লৈ ' দাণ্ডিলৈ
যাত্ৰা কৰিছিল?
উত্তৰঃ- ৭৮ জন।।
9. প্রঃ আজাদ হিন্দ ফৌজ জন্মদাতা
কোন?
উত্তৰঃ- কেপ্তেইন সোহান সিং।।
10.
প্রঃ কংগ্ৰেছৰ কোনখন অধিবেশনত পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা
হৈছিল?
উত্তৰঃ- লাহোৰ অধিবেশনত।।
11.
প্রঃ জালিৱানৱালাবাগ হত্যাকাণ্ড সংঘটিত কৰা সামৰিক বিষয়াজনৰ
নাম কি আছিল?
উত্তৰঃ- জেনেৰেল ডায়াৰ।।
12.
প্রঃ গান্ধীয়ে সবমতী আশ্ৰমখন কেতিয়া স্থাপন কৰিছিল?
উত্তৰঃ- ১৯১৫ চনত।।
13.
প্রঃ ম্যানমাৰৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰঃ- ব্রহ্মদেশ।
14.
প্রঃ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৬৯ চনৰ ২ অক্টোবৰত।
15.
প্রঃ সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত প্রথমতে প্রয়োগ
কৰিছিল?
উত্তৰঃ- দক্ষিণ আফ্রিকাত।
16.
প্রঃ ৰবীন্দ্রনাথ ঠাকুৰে কিয় নাইট’ উপাধি ত্যাগ কৰিছিল?
উত্তৰঃ- জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ
প্ৰতিবাদত। ৰবীন্দ্রনাথে নাইট’ উপাধি ত্যাগ কৰিছিল।
17.
প্রঃ কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল?
উত্তৰঃ- মহম্মদ চৌকত আলি আৰু মহম্মদ
আলিৰ নেতৃত্বত খিলাফত আন্দোলন আৰম্ভ হৈছিল।
18.
প্রঃ চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈচিল?
উত্তৰঃ- ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।
19.
প্রঃ কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?
উত্তৰঃ- ১৯১৯ চনত লাহোৰত লালা লাজপত
ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধীসমদলৰ ওপৰত পুলিচে নির্দয়ভাৱে লাঠি চালনা
কৰাৰ ফলত লালা ৰাজপত ৰায় বেয়াকৈ আহত হৈছিল। সেই আঘাততে তেওঁৰ মৃত্যু হয়।
20.
প্রঃ কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত
ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?
|
উত্তৰঃ- ১৯২৯ চনত লাহোৰত জৱাহৰলাল
নেহৰুৰ সভাপতিত্বত বহা কংগেছ অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ
দাবী উত্থাপন কৰা হৈছিল।
21.
প্রঃ গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ
আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?
উত্তৰঃ- ৩৮৫ কিলোমিটাৰ।।
22.
প্রঃ সীমান্ত গান্ধী নামে কাক জনা যায়?
উত্তৰঃ- খান আব্দুল গফুৰ খানক।
23.
প্রঃ লণ্ডণত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে
কংগ্ৰেছক এককভাৱে প্রতিনিধিত্ব কৰিছিল?
উত্তৰঃ- মহাত্মা গান্ধীয়ে।।
24.
প্রঃ ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্রিটিছ
প্রধানমন্ত্রীজনৰ নাম কি আছিল?
উত্তৰঃ- ৰামজে মেকডুনাল্ড।।
25.
প্রঃ কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?
উত্তৰঃ- ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত।
26.
প্রঃ আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ- কেপ্তেইন সোহান সিং।
27.
প্রঃ মোক তেজদিয়া, মই তোমালোকক স্বাধীনতা দিম’ – এই বিখ্যাত বাণীটো কোন ভাৰতীয়
নেতাৰ আছিল?
উত্তৰঃ- নেতাজী সুভাষ চন্দ্র বসুৰ।
28.
প্রঃ ভাৰত আৰু পাকিস্থানৰ মাজৰ সীমা ৰেখাক কি নামেৰে জনা
যায় ?
উত্তৰঃ- ৰেডক্লিফ ৰেখা।
চমু উত্তৰৰ প্ৰশ্নঃ
29.
প্রঃ সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ
ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে
সংক্ষিপ্ত ৰূপত লিখা।
উত্তৰঃ- ‘সত্যাগ্রহ শব্দটো সত্য আৰু
আগ্রহ' শব্দ
দুটা লগলাগি সৃষ্টি হৈছে। অর্থাৎ সত্যৰ প্রতি আগ্রহেইসত্যাগ্রহ।গান্ধীজীৰ মতে, সত্যাগ্রহ এক পক্ষীয় প্রতিবোধ
নহয়।ইয়াৰ তাৎপর্য হ’ল
জনসাধাৰণে গভীৰভাৱে ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰাক বুজায়। সত্যাগ্রহৰ
ভিত্তি হল অহিংসা। গান্ধীয়ে প্রথমে দক্ষিণ আফ্রিকাত থকা।সময়ছোৱাত ইয়াৰ প্ৰয়োগ
কৰিছিল।
ভাৰতৰ উত্তৰ বিহাৰৰ চম্পাৰণত ১৯১৭ চনত বিটিছ চৰকাৰ আৰু
ভূস্বামীসকলে খেতিয়কসকলক শোষণ কৰা আৰু খেতিয়কসকলকনীল খেতি কৰাত বাধ্য কৰা বিষয়ক
লৈ যি সংকটৰ সৃষ্টি হৈছিল তাত মহাত্মা গান্ধীয়ে পোনতে সত্যাগ্রহ আৰম্ভ কৰে আৰু
কৃতকার্য হয়।
দ্বিতীয়তে, ১৯১৯ চনত
ইংৰাজ চৰকাৰে কঠোৰ বাউলাট আইন প্রণয়ন কৰে।ৰাউলাট আইন মতে চৰকাৰে| যিকোনো মানুহক বিনা বিচাৰে
কাৰাগাৰত নিক্ষেপ কৰিব।পাৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি
কৰে। ফলস্বৰূপে গান্ধীজীয়ে ৰাউলাট আইনৰ বিৰুদ্ধে ১৯১৯ চনত সত্যাগ্রহ আৰম্ভ কৰে।
তৃতীয়তে, প্রথম
বিশ্ব যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদী নেতাসকলৰ প্রত্যাশিত আশা পূৰণ।নোহোৱাত
আর্থিক দূৰৱস্থাই দেখা দিয়ে। শ্ৰমিকসকল। কর্মহীন হৈ পৰে। সেইদৰে নগৰীয়া শিক্ষিত
ভাৰতীয়সকলো কর্মসংস্থাপনৰ সংকটত পৰে। এই সংকট। মীমাংসাৰ অৰ্থে গান্ধীয়ে বৃটিছসকলৰ
বিৰুদ্ধে ১৯২১ চনত অসহযোগ আন্দোলন আৰম্ভ কৰে। এই অসহযোগ। আন্দোলনত গান্ধীজীয়ে
তৃতীয়বাৰ সত্যাগ্রহক কৌশল হিচাপে ব্যৱহাৰ কৰে।
30.
প্রঃ ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
উত্তৰঃ-
প্রথম বিশ্ব যুদ্ধৰ পিছত তুৰস্কৰ ৰাষ্ট্ৰীয়
অখণ্ডতা ৰক্ষা কৰা হ'ব বুলি খলিফাসকলক
প্রতিশ্রুতি দিছিল। কিন্তু যুদ্ধৰ পিছত ইংৰাজ কতৃপক্ষই সেই প্রতিশ্রুতি ৰক্ষানকৰাত
বিশ্বৰ ইছলাম ধৰ্মীলোকসকলৰ মাজত বৃটিছসকলৰ বিৰুদ্ধে ব্যাপক উত্তেজনা সৃষ্টি হয়।
ভাৰতবৰ্ষৰ ইছলাম ধর্মীলোকসকলৰ মাজত ইয়াৰ প্রতিক্রিয়া পৰিলক্ষিত হয়। মৌলনা চৌকত
আলি, মহম্মদ
আলি জিন্না আদিৰ নেতৃত্বততুৰস্ক সমস্যাৰ প্ৰতিকাৰ কৰিবলৈ ভাৰতবৰ্ষত কেন্দ্রীয়
খিলাফট
সমিতি গঠন কৰা হয়। মহাত্মা গান্ধী, মতিলাল নেহৰু, মদনমোহন আদি নেতায়ো খিলাফৎ
সমিতিক পূর্ণ।সমর্থন আগবঢ়াইছিল। সমিতিখনে ১৯২০ চনৰ জানুৱাৰী মাহত দিল্লীত
অনুষ্ঠিত হোৱা সভাত গান্ধীৰ পৰামর্শ মতে।বৃটিছ ভাৰত চৰকাৰৰ সৈতে অসহযোগ
আন্দোলনৰ নীতি আৰু কাৰ্যসূচী গ্রহণ কৰে।
31.
প্রঃ ১৯২০-২২ চনত গান্ধীয়ে কিয় অসহযোগ | আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীয়েকিয় এইআন্দোলন বন্ধ
কৰিছিল? HSL.C.2018
উত্তৰঃ-
ইংৰাজ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইন, জালিৱানৱালাবাগ হত্যাকাণ্ড, তুৰস্ক সমস্যা আদিৰ প্রতিবাদ
স্বৰূপে ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়।
সেই বছৰতে চেপ্তেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশেষ অধিবেশনত খিলাফটৰ সমৰ্থনত
চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গতিকে গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছ
আৰু কেন্দ্রীয় খিলাফট সমিতিৰ যুটীয়া উদ্যোগত ভাৰতবৰ্ষত পোন প্রথমতে ব্রিটিছ বিৰোধী
গণ আন্দোলনৰ সূচনা হয়।
ভাৰতবৰ্ষৰ প্ৰায় সকলো শ্ৰেণীৰ লোকে এই অসহযোগ আন্দোলনৰ প্রতি
সহাঁৰি জনায়। মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, বল্লভ ভাই পেটেল, ৰাজেন্দ্র প্রসাদ আদি গণ্যমান্য
লোকে নিজ নিজ ব্যৱসায়এৰি এইআন্দোলনত জপিয়াইপৰে। সমাৰালভাৱে দেশৰ বিভিন্ন ঠাইত
আন্দোলন সফল কৰি তোলাৰ বাবে।কিছুমান শাখা সংগঠন কৰা হয়। ছাত্র-ছাত্রীসকলে বিদ্যালয়।
বর্জন কৰি পিকেটিং, মাদকদ্রব্য
নিবাৰণ, আদি
কার্যত অংশ। গ্রহণ কৰে।ইতিমধ্যে অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছেঅংশ গ্ৰহণৰ পৰা
বিৰত থাকে। ১৯২১ চনৰবৃটিছযুৱৰাজৰ ভাৰত ভ্রমণ কার্য দেশবাসীয়ে সম্পূর্ণভাৱে বৰ্জন
কৰে।ইংৰাজ
চৰকাৰে এই অসহযোগ আন্দোলন দমন কৰাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আক্রমণকাৰীসকলক
গ্রেপ্তাৰ কৰা হয়। প্রধান নেতাসকলক গ্রেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হয়। দেশৰ কোনো
কোনো অঞ্চলত খাজনা বন্ধ। আন্দোলন আৰম্ভ হয়। এইদৰে গান্ধীজীৰ নেতৃত্বত। অসহযোগ
আন্দোলন গোটেই দেশতে সিঁচৰতি হৈ পৰে। সমানে সমানে পুলিচৰ নির্যাতনো চলি থাকে।
১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত, পুলিচৰ নির্যাতন অতিষ্ঠ হৈ
উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিয়ে। সেই পুলিচ চকীটোত
জামাদাৰ আৰু দাৰোগাসহ প্রায় ২২ জন মান পুলিচ কর্মী অগ্নিদগ্ধ হৈমৃত্যু মুখত পৰে।
গান্ধীজীয়ে অসহযোগ আন্দোলনটো অহিংসা পন্থাৰে চলাটো বিচাৰিছিল। কিন্তু চৌৰীচৌৰাত
এই আন্দোলনে হিংসাত্মক ৰূপ পৰিগ্ৰহণ কৰাত মহাত্মা গান্ধীয়ে এই আন্দোলন স্থগিত ঘোষণা
কৰে।।
32.
প্রঃ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি
আছিল?
উত্তৰঃ-
১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ
লাহোৰ অধিবেশনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত দেশখনৰ বাবে পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ
গ্রহণ কৰা হয়। সেই মর্মে ১৯৩০ চনৰ মাচ মাহত। আনুষ্ঠানিকভাৱে আইন অমান্য আন্দোলন
আৰম্ভ হয়।আইন
অমান্য আন্দোলনৰ অংশ হিচাপে গান্ধীজীয়ে ব্রিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইৰয়
লর্ডআউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্র প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল ?
পূর্ণ স্বাধীনতাৰবাণীৰদ্বাৰা অনুপ্রাণিত হৈ দেশৰ হাজাৰ। হাজাৰ লোক
এই আন্দোলনত জপিয়াই পৰে।বহু ঠাইত চৰকাৰৰ অস্তিত্ব নোহোৱা হৈ পৰে। হতাল, পিকেটিং, সভা, শোভাযাত্রা, আদিস্বাধীনতা কর্মীসকলৰ প্রধান
কার্যসূচীআৰু কর্তব্যত পৰিণত হয়। হাজাৰ হাজাৰ লোক পুলিচী নির্যাতন। বলি হয়।
উত্তৰ-পশ্চিম সীমান্ত প্রদেশত আব্দুল গফুৰ খান। নেতৃত্বত লাল চোলা পৰিহিত স্বেচ্ছাসেৱী
দল গঢ়ি উঠে।জনসাধাৰণে কৰকাটল দিয়া বন্ধ কৰে। পেছোৱাৰত পুলিচে _ আন্দোলনকাৰীসকলৰ ওপৰত গুলি
চালনা কৰে।।
এইদৰে আইন অমান্য আন্দোলনে গোটেই দেশত তীব্ৰ ৰূপ ধাৰণ কৰে। এনে
অৱস্থাত ইংৰাজ চৰকাৰে আন্দোলনকাৰীসকলৰ চৰকাৰ বিৰোধী কার্যকলাপৰ বাবে ১৯৩০ চনৰ মে
মাহত জৱাহৰলাল নেহৰু আৰু গান্ধীজীক গ্রেপ্তাৰ কৰি ফাটেকত দিয়ে। চৰকাৰৰ এনে কার্যত
আন্দোলনে আকৌ তীব্র ৰূপ ধাৰণ কৰে। কিন্তু ১৯৩১ চনৰ মাৰ্চ মাহত হোৱা গান্ধী-আৰউইন
চুক্তি মতে গান্ধী আৰু নেহৰুক মুক্তি দিয়ে। কংগ্ৰেছে দ্বিতীয় ঘূৰণীয়া মেজ মেলত
অংশ গ্রহণ কৰাৰ বাবে সিদ্ধান্ত লয় আৰু আইন। অমান্য আন্দোলন প্রত্যাহাৰ কৰে।
33.
প্রঃ কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত
আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি
দিয়া।
উত্তৰঃ-
১৯৩৯ চনৰ শেষৰ ফালে
দ্বিতীয় বিশ্বযুদ্ধৰ দুন্দুভি আৰম্ভ হয়। জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে। ইংলণ্ড
আৰু ফ্রান্সে যুটীয়াভাৱে পোলেণ্ডৰ সমৰ্থনত জার্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
ইংলণ্ডে ভাৰতবর্ষকো বিশ্ব যুদ্ধতসাঙুৰি লোৱাত ভাৰতীয়সকলে বিশেষকৈ
কংগ্রেছী নেতাসকলে ইয়াৰ বিৰোধীতা কৰি বৃটিছ ভাৰত চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ
কৰে। এই আন্দোলনৰ প্ৰথম পর্যায়টো ‘একক সত্যাগ্রহ আৰু দ্বিতীয়
পর্যায়টো ‘প্রতিনিধিত্বমূলক
সত্যাগ্রহ ৰূপে পৰিচিত হয়। ইতিমধ্যে দ্বিতীয় বিশ্ব যুদ্ধৰ দাবানল গোটেই বিশ্বত
বিয়পি পৰাত বিশ্বৰৰাজনীতি অস্থিৰ হৈপৰিল।ৰোম-বার্লিন-টকিঅ’জোঁট তথা ফেচিষ্ট জোঁটৰ
বিৰুদ্ধে ইংলণ্ড, ফ্রান্স, ৰাছিয়া আৰু আমেৰিকাইমিত্র পক্ষ
গঠন কৰি বিশ্বযুদ্ধত জপিয়াই পৰে। এনে এক আন্তঃৰাষ্ট্ৰীয় বিপদজনক পৰিস্থিতিত
মিত্র পক্ষৰ বাবে বিশ্ব যুদ্ধত ভাৰতবৰ্ষৰ সহযোগ অপৰিহাৰ্য হৈ পৰিল।।
এনে পৰিস্থিতিত ব্রিটিছ
প্রধানমন্ত্রী উইনষ্টোন চার্চিলে ১৯৪২ চনত ব্রিটিছ মন্ত্রীসভাৰ সদস্য ছাৰ
ষ্ট্যফর্ড ক্রিপছক ভাৰতীয় নেতাসকলৰ লগত আলোচনা কৰি বিশ্ব যুদ্ধত ভাৰতীয়সকলৰ সহযোগিতা
আদায়ৰ বাবে ভাৰতলৈ পঠিয়াই দিয়ে। ক্রিপছে ভাৰতীয় নেতাসকলৰ বিবেচনাৰ বাবে তলত
দিয়া প্রস্তাৱসমূহ দাঙি ধৰেঃ-
ছাৰ ষ্ট্যফর্ড ক্রিপছে ১৯৪২ চনৰ মাৰ্চ মাহৰ ২৩ তাৰিখে ভাৰতবৰ্ষত
উপনীত হৈ প্রধান ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে উক্ত প্রস্তাৱৰ ওপৰত ভিত্তি কৰি
কেবালানি আলোচনাত মিলিত হয়। কিন্তু ক্রিপছৰ প্ৰস্তাৱত ভাৰতবৰ্ষৰ পূর্ণ স্বাধীনতাৰ
কোনো সম্ভেদ নথকাত ভাৰতীয় জাতীয় কংগ্ৰেছে এই প্রস্তাৱ নাকচ কৰে। অৱশেষত ক্রিপছ
মিছন ব্যর্থ হৈ ইংলণ্ডলৈ ওভতি যায়।।
আনহাতে ক্ৰিপছ মিছনৰ লগত ৰাজনৈতিক। আলোচনাত ব্যৰ্থ হৈ কংগ্ৰেছে
১৯৪২ চনৰ জুলাই মাহত চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰি বৃটিছক ভাৰত ত্যাগ
কৰি স্বদেশলৈ প্রত্যাগমনৰ নির্দেশ দিয়ে। এই প্রস্তাৱক পৰিশোধিত ৰূপত ৮/৯ আগষ্টত বোম্বে।
কংগ্ৰেছত ভাৰত ত্যাগ প্রস্তাৱৰূপে গ্রহণ কৰা হয় আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ
ইতিহাসত ইভাৰত ত্যাগ। আন্দোলন’ নামে স্মৰণীয় হৈ আছে।এই আন্দোলনত দেশৰ স্বাধীনতাকামী
বিপুল জনতাই ঐক্যবদ্ধভাৱে বৃটিছশাসন উচ্ছেদ কৰিবলৈ দৃঢ় সংকল্প লয়। সমগ্র দেশজুৰি
ভাৰত ত্যাগ আন্দোলনৰ বাণী সিচৰতি হৈ পৰিল। কিন্তু ইংৰাজ চৰকাৰে যুদ্ধকালীন অৱস্থাত
কোনো আন্দোলন সহ্য কৰা নহ'ব বুলি ঘোষণা
কৰি গান্ধী, নেহৰু, আজাদ আদি বহুতো নেতা গ্রেপ্তাৰ
কৰিলে। সমগ্র দেশ জুৰি গ্ৰেপ্তাৰ অভিযান চলিল। কংগ্ৰেছক বেআইনী বুলি ঘোষণা কৰিলে।১৯৪২ চনৰ চেপ্তেম্বৰ মাহৰ পিছৰ
পৰা ক্রমান্বয়ে। এই আন্দোলন ভাঁটা পৰিবলৈ ধৰে। ইয়াৰ প্ৰধান কাৰণ আছিল -ইংৰাজসকলৰ
কঠোৰ দমনমূলক নীতি, আন্দোলনকাৰীসকলৰ
সাংগঠনিক শিথিলতা আৰু প্রধান নেতাসকলৰ গ্ৰেপ্তাৰ।।
এই ভাৰত ত্যাগ আন্দোলনক ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক মাইলৰ
খুঁটি বুলি অভিহিত কৰিব পাৰি। কাৰণ — এই আন্দোলনৰ পৰিণতি স্বৰূপে
ভাৰতবৰ্ষত ব্রিটিছৰ শক্তি বহু পৰিমাণে টুটি আহিছিল। আন্দোলনকাৰী সকলৰ ওপৰত ইংৰাজ
চৰকাৰে চলোৱা নির্যাতনৰ বাবে ভাৰতীয়সকলৰ সহানুভূতি সম্পূৰ্ণৰূপে হেৰুৱাই
পেলাইছিল। এই আন্দোলনে ইংৰাজসকলক ভাৰতীয়সকলৰ শক্তি আৰু মনোবল প্রতিভাত কৰিলে।
পৰিণতি স্বৰূপে ইংৰাজসকলে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ত্যাগ কৰি ভাৰতক স্বাধীনতা
দিবলৈ বাধ্য হয়।
34.
প্রঃ ভাৰতৰ জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰঃ-
ভাৰতৰ স্বাধীনতা যুদ্ধত ভাৰতীয় জাতীয় সেনা
বাহিনীয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। কেপ্তেইন সোহান সিং আছিল জাতীয়
সেনা বাহিনীৰ জন্মদাতা।জাতীয় সেনা বাহিনীক ‘আজাদ হিন্দ ফৌজ’ বুলি কোৱা হয়। তেওঁ পূর্বতে
বৃটিছ-ভাৰত সেনাবাহিনী। এজন কেপ্তেইন আছিল। ১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানে বৃটিছ
শাসনাধীন মালয় আক্রমণ কৰি বটিছ।বাহিনীক পৰাভূত কৰে। তেতিয়া কেপ্তেইন
সোহান সিঙৰ সৈতে এটি ক্ষুদ্র সামৰিক দলে পলায়ন কৰে যদিও পিছত
তেওঁলোকে
জাপানী সৈনিকৰ ওচৰত আত্মসমর্পণ কৰে। এইজন সোহান সিঙে জাপানী সৈনিকসকলৰ পৰামর্শ মতে
যুদ্ধ-বন্ধী ভাৰতীয় সৈনিকসকলক লৈ এটি বৃটিছবিৰোধী সেনাবাহিনী গঠন কৰে। এইদৰে গঠিত
সেনাবাহিনীটোক ‘আজাদ
হিন্দ ফৌজ’ বুলি
নামাকৰণ কৰা হয়। এই ফৌজটোৰ প্ৰধান উদ্দেশ্য আছিল জাপানীসকলৰ সহযোগত ব্রিটিছক
ভাৰতৰ পৰা খেদি ভাৰতবৰ্ষক স্বাধীন কৰা। পৰৱৰ্তী সময়ত যুদ্ধ বন্দীসকলৰ উপৰিও সাধাৰণ
নাগৰিকেও
আজাদ হিন্দ ফৌজত যোগদান কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশীদাৰ হৈছিল।
ইতিপূর্বে প্রথম বিশ্ব যুদ্ধৰ সময়ত ভাৰতীয় বিপ্লৱী ৰাসবিহাৰী
বসুয়ে দেশৰ পৰা পলায়ন কৰি জাপানত ৰাজনৈতিক আশ্রয় লৈ আছিল। তেওঁৱেই ১৯৪২ চনৰ
মার্চ মাহৰ শেষত টকিঅ'ত
প্রবাসী ভাৰতীয়সকলৰ এখন ৰাজনৈতিক অভিৱৰ্তন পাতি তাতেই ‘ইণ্ডিয়ান। ইণ্ডিপেনডেঞ্চ লীগ’ নামৰ এটি সংগঠন গঢ়ি তুলিছিল।
তাৰ পিছত সেই বছৰৰে জুন মাহত তেওঁ বেংককত প্রাচ্য আৰু দক্ষিণ-পূর্ব এছিয়াৰ
বিভিন্ন দেশত বসবাস কৰা প্রবাসী ভাৰতীয় লােকসকলৰ এখন প্রতিনিধিত্বমূলক অভিৱৰ্তন
পাতিছিল। সেই অভিৱৰ্তনতেই ৰাজবিহাৰী বসুক ‘ইণ্ডিয়ান ইণ্ডিপেনডেঞ্চ লীগ
সভাপতি নির্বাচন কৰা হৈছিল। এই সংগঠনটোৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা
স্বাধীন কৰা। উক্ত অভিৱর্তনে এখন কার্যকৰী পৰিষদ গঠন কৰি ৰাজবিহাৰী বসুক সভাপতি
আৰু সোহন সিঙক প্ৰতিৰক্ষা মন্ত্রী আৰু আজাদ হিন্দ। ফৌজৰ সেনাধ্যক্ষ নিযুক্ত কৰিছিল।এই অভিৱৰ্তনতেই সুভাষচন্দ্র বসুক জার্মানীৰ পৰা জাপানলৈ মাতিপঠিওৱা হৈছিল। সেই মর্মে সুভাষ চন্দ্র। বসুয়ে ১৯৪৩ চনৰ আগষ্ট মাহত টকিঅত উপস্থিত হৈছিল। সুভাষ চন্দ্র বসুৰ জাপান আগমন আছিল।
ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অন্যতম বিৱর্তন বিন্দু। টকিঅত উপনীত হৈয়েই তেওঁ ৰাজ বিহাৰী বসুৰ ঠাইত ‘ইণ্ডিয়ান ইণ্ডিপেনডেঞ্চ লীগ’ৰ সভাপতি
পদত অধিষ্ঠিত হয়। লগতে তেওঁ আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষৰ দায়িত্ব গ্রহণ কৰে।তেওঁ দায়িত্বভাৰ লোৱাৰ পিছতেই ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে কার্য পৰিষদক ভাৰতৰ অস্থায়ী চৰকাৰ ৰূপে ঘোষণা কৰা হৈছিল। জাপানৰ প্রত্যক্ষ সহযোগত আৰু পৃষ্ঠপোষকতাত গঠিত হলেও আজাদ হিন্দ ফৌজৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ব্রিটিছৰ কৱলৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰা আৰু যিকোনো পৰিস্থিতিতেই জাপানক ভাৰতবৰ্ষত নিজৰ অধিকাৰ স্থাপন কৰাৰ পৰা বিৰত কৰা। সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই আজাদ হিন্দ ফৌজৰ সৈনিকসকলে দেশৰ স্বাধীনতাৰ কাৰণে চৰম ত্যাগ কৰিবলৈ দায়বদ্ধ আছিল। জাপানৰ পৃষ্ঠপোষকতাত আজাদ হিন্দ ফৌজ গঠিত হলেও সিহঁতে কিন্তু জাপান। ভেৰোণীয়া সৈনিক হিচাপে কাম কৰানাছিল আৰুজাপানৰ ৰাজনৈতিক অভিলাষ পূৰণৰ আহিলাতো পৰিণত হোৱা নাছিল। আজাদ হিন্দ ফৌজৰ কৰ্মকতাসকলে নিজৰ সংগঠনৰ স্বতন্ত্রতা অক্ষুন্ন ৰাখিছিল।

0 Comments