অসমৰ জনগোষ্ঠীয় গাঁঠনি আৰু সংস্কৃতি
দশমশ্ৰেণী অসমৰ জনগোষ্ঠীয় গাঁঠনি || AssameseClass 10 || Answer
প্রশ্ন ১। অতি চমু উত্তৰ লিখা।
(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?
[HSLC'17]
উত্তৰঃ- আহোম আৰু মুছলমান গোষ্ঠীৰ লোকসকলে ত্রয়োদশ শতিকাত অসমত
প্রবেশ কৰে।
(খ)
প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল? [HSLC'18]
উত্তৰঃ- প্রাচীন কালৰে পৰা হিন্দৰ তান্ত্রিক ধর্ম আৰু বৌদ্ধ ধর্ম
প্রচালিত আছিল। আহোমসকলে অসমত দীর্ঘদিন ধৰি থকাৰ পাছত হিন্দধর্ম গ্রহণ কৰি নিজস্ব
কৃষ্টি-সংস্কৃতি প্রায় পৰিত্যাগ কৰে। সমগ্র অসম দেশখনেই যাদুবিদ্যা আৰু মন্ত্র
তথা ইন্দ্রজালিক বিদ্যা। কাৰণে প্রাচীন কালৰে পৰা প্রসিদ্ধ আছিল।
(গ) কিহে
অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উত্তৰঃ- ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কতিক বেছি কটকটীয়া
কৰিলে।
(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?
উত্তৰঃ- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষা
এনাজৰীয়ে মেঘালয়, নগালেণ্ড
আৰু অৰুণাচলকো বান্ধি ৰাখিছিল।
(ঙ) অসমৰ
মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰঃ- আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই-ফাকে, তাই-আইতন, তাই খামেয়াং ইত্যাদি।
প্রশ্ন ২। চমু উত্তৰ লিখা।
(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰঃ- ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, প্রভৃতিয়েই আছিল মূলতে অসমীয়া
জনগোষ্ঠীৰ ধাৰক আৰু বাহক। মংগোলীয় জনগোষ্ঠীৰ আগমনৰ আগতে এওঁলোকেই আছিল অসমৰ
স্থায়ী বাসিন্দা। •
(খ) কিমান
চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?
উত্তৰঃ- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙলা ভাষা
চলিছিল ।
(গ) চাহ
উদ্যোগৰ কৰ্মীসকল কোন ? তেওঁলোক
ক'ৰপৰা
অসমলৈ আহিছিল?
উত্তৰঃ- চাওতাল, কুৰ্মী, মোছহৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল আছিল অসমৰ চাহ
উদ্যোগৰ কৰ্মী। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ প্রভৃতি ভাৰতবৰ্ষৰ
বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল।
(গ)
পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্রস্তুত কৰা।
উত্তৰঃ- পৰাথা, পোলাও, কোর্মা, কোপ্তাৰ, কেক-বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি নানা মিঠাই
প্রচলনৰ কথা পাঠটিত আছে। লুচি-পুৰী, ভজা, চাম্বাৰ, ইডলি আদিও আছে।
প্রশ্ন ৩| অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি
কি?[HSLC'16]
উত্তৰঃ- অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে – অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন
আদি।
প্রশ্ন ৪। অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া
সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।' – কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি
অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা। বর্ণনা কৰা। [M.Q.2015,HSLC'17]
উত্তৰঃ- অসম ৰাজ্য বিভিন্ন জাতি-উপজাতি আৰু জনজাতিৰ মিলনভূমি।
সেইবাবেই অসমীয়া সংস্কৃতিও বৈচিত্র্যপূর্ণ। আদিতে অসম আর্য জনগোষ্ঠীৰ বসবাসৰ
প্রধান কেন্দ্র। আছিল। এই ঠাইত ঘাইকৈ কছাৰী, চটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। গতিকে
মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতি-গোষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ
বুলি কওঁতে এটা সময়ত অসমৰ অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীও পৰে।
অতীতৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ গাঁথনিলৈ লক্ষ্য কৰিলে দেখা যায় যে
আর্য, মঙ্গোলীয়, দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ
মাজত সাংস্কৃতিক আদান-প্রদান আৰু বিনিময় ঘটিছিল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ
কৃষ্টি-সংস্কৃতি পৰিহাৰ কৰি হিন্দুধর্ম আৰু নতুন সংস্কৃতি গ্রহণ কৰিলে। তেনেদৰে
চাহ জনজাতি আৰু মুছলমান সকলেও থলুৱা ৰীতি-নীতি গ্রহণ কৰি পূৰ্বৰ ৰীতি-নীতিৰ সৈতে সমিলমিলেৰে
অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগালে।এটা সময়ত আৰ্য সংস্কৃতিতকৈ অনার্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ
আছিল। এই দেশলৈ আহোম, মুছলমানকে
ধৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিল- কোনোবাই দেশ জয় কৰিবলৈ আহিল আৰু কোনোবাই
যুদ্ধবন্দী হিচাপে ৰ'ল। কোনোবাই
বেপাৰ-বাণিজ্য কৰিবলৈ আহিনিগাজীকৈ বহি ললে। কোনোবা আকৌ পূজা-পার্বণ অথবা তীর্থ
সংক্রান্তত অসমলৈ আহিল। বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজীকৈ বহিল।
| পুৰণি
কালত অসমৰ থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুটীয়া, কোচ, বড়ো, আদিয়ে নির্বিবাদে সকলোকে গ্রহণ
কৰিলে। সকলোৱে নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ললে। একে ভৌগোলিক
পৰিবেষ্টনীত থাকি ওচৰা-উচৰিকৈ। এটা সম্প্রদায় আনটো সম্প্রদায়ৰ দ্বাৰা
প্ৰভাৱান্বিত হ’ল। সেই
সময়ত বাহিৰৰ পৰা অহা। মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ
ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন
এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। এনেদৰে বাহিৰৰ থৰা বিভিন্ন
উদ্দেশ্য লৈ অহা লোকসকলে অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি থলুৱা সংস্কৃতি গ্রহণ কৰি
বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। এনেদৰে বৈচিত্র্যপূর্ণ জনগাঁথনিয়ে
বৈচিত্রাগণ অসমীয়া জাতি গঠনত অৰিহণা যোগালে। অসমীয়া সংস্কৃতিত আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয়
ব্রাহ্মণ-ক্ষত্রিয়সকলৰ সংস্কৃতিগত উপাদানৰ লগতে থাইলেণ্ড দিল্লী আৰু কনৌজৰ পৰা
অহা লোকসকলে মূল ঠাইৰ সৈতে সম্পর্ক ছিন্ন কৰি এই দেশৰ ভাষা-সংস্কৃতি গ্রহণ কৰি
বৃহত্তৰ অসমীয়া জাতি গঠনত সহায় কৰিলে। অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যই হৈছে
সমন্বয় আৰু এনে সমন্বয় ভাষা, সাহিত্য, স্থাপত্য, ভাস্কর্য, চিত্রকলা, সাজপাৰ, অলংকাৰ প্রভৃতি সকলো দিশতে
পৰিলক্ষিত হয়।
প্রশ্ন ৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা
কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ
কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰঃ- ইয়াত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ
কথা কোৱা হৈছে।
অসমত চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগে লগে এদল বৃত্তিয়াল শ্ৰেণীৰ
খাটি খোৱা মানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে। বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ
বিভিন্ন ৰাজ্যৰ পৰা অহা চাওতাল, কুর্মি, মুণ্ডা, মোছহৰ, ভূমিজ, ওৰা, তঁতী, লোহাৰ আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ
লোকসকল আহি অসমত নিগাজীকৈ বসতি কৰিবলৈ ধৰিলেহি ।কালক্ৰমত এইসকলেই নিজৰ
কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত-কথা গ্রহণ কৰি
থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ
গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। কিন্তু, দেশীয় চৰকাৰে তেওঁলোকৰ
শিক্ষা-দীক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাত তেওঁলোক অনগ্রসৰ হৈয়ে ৰ'ল। অসমৰ থলুৱা সংস্কৃতিৰ সৈতে
খাপ খোৱাত তেওঁলোকৰ। যথেষ্ট পলম হ’ল। বিশেষ এটা ঔদ্যোগিক
আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা। কাৰণেও এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি
পৰিল।
প্রশ্ন ৬।“এটা
সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্ক।
অৱকাশ নাই।”—ইয়াত
লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? নই। কৰাৰ কোনো যুক্তিতর্কৰ
অবকাশ নাই। বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।
উত্তৰঃ- অসমীয়া সংস্কৃতিৰ
সমন্বয় প্রক্রিয়াৰ বিষয়ে ক’বলৈ গৈ লেখকে উক্ত মন্তব্য কৰিছে।
অসমত ব্যৱসায় বাণিজ্য, ধর্ম
প্রচাৰ, দেশজয়, তীর্থভ্রমণ, পূজা-পার্বণ প্রভৃতি বিভিন্ন
উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে থাইলেণ্ড, চীন, পাকিস্তান, পাৰস্য, ইণ্ডোনেচিয়া প্রভৃতি বিভিন্ন
ঠাইৰ পৰাও মানহ অসমলৈ আহিছে। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে
উদাৰচিত্তে আঁকোৱালি
লৈছে। সকলোৱে আন্তৰিকতাৰে এই দেশৰ ভাষা-সংস্কৃতি গ্রহণ কৰি অসমকেই নিজৰ দেশ বুলি
গ্ৰহণ কৰি বহৎ অসমীয়া জাতি গঢ়ি তোলাত অৰিহণা যোগাইছে।ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিছে।
অসমত পূৰ্বতে বসবাস কৰা থলুৱা জনগোষ্ঠীৰ সৈতে পৰবৰ্তী কালত প্রব্রজিত হোৱা আহোম, মুছলমান উত্তৰ ভাৰতীয় ব্রাহ্মণ
আৰু ক্ষত্রিয়সকলে পূর্বৰ ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি। অসমীয়া ভাষা আৰু সংস্কৃতিক
আঁকোৱালি ল'লে।
গতিকে অসমীয়া জাতি যে এটা সংমিশ্রিত জাতি, সেই সম্পর্কে কোনোধৰণৰ
যুক্তিতর্ক অবকাশ থাকিব নোৱাৰে।অসমত জনজাতীয় ভাষা কোৱা লোকসকলে অসমীয়া ভাষা ভালদৰে বুজি পায়।
আৰু সলসলীয়াকৈ কব পাৰে। তেওঁলোকে নিজৰ ভাষাৰ লগতে অন্য মানুহৰ সৈতে। যোগাযোগৰ
কাৰণে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল, নগালেণ্ড, মেঘালয় প্রভূতি ৰাজ্যৰ
বাসিন্দাসকলৰো সামূহিক ভাষা অসমীয়া। অসমলৈ পৰবৰ্তী কালত প্রব্রজিত হোৱা সকলোবোৰ লোকেই
নিজ নিজ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি গ্রহণ কৰি অসম দেশকে
নিজৰ জন্মভূমি বুলি গণ্য কৰিবলৈ ধৰিলে। গতিকে অসমীয়া জাতি যে এটা সংমিশ্রিত, সংস্কৃতিসম্পন্ন জাতি, সেই সম্পর্কে কোনো দ্বিমত থাকিব
নোৱাৰে। যুগ যুগ ধৰি আদান-প্রদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ
মাধ্যমেদি অসমীয়া সংস্কৃতিয়ে বর্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে।
প্রশ্ন ৭। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।' – কিহৰ লগে লগে সংস্কৃতিৰ
ৰূপান্তৰ ঘটিছিল? এই
ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। [M.Q. HSLC5,18]
উত্তৰঃ- অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ পাৰস্য, চীন, পাকিস্তান, নেপাল, বাংলাদেশ, তিবৃত, প্রভৃতি বহিঃৰাষ্ট্রৰ পৰাও
বিভিন্ন সময়ত মানুহ আহিছিল আৰু ইয়াত নিগাজীকৈ বসতি স্থাপন কৰিছিল। ইতিহাসৰ
বিভিন্ন সময়ত অহা মঙ্গোলীয়, চীনতিবৃতীয়, তিবৃতবর্মীয়, দ্রাবিড়, অষ্ট্রিক প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ
লোকৰ আদান-প্রদান, বিনিময়।
আৰু সংস্কৃতি গ্ৰহণৰ যোগেদি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে। অসমৰ থলুৱা বাসিন্দাসকলে
বিভিন্ন সময়ত এই দেশলৈ অহা লোকসকলক আদৰি। ল’লে। এনেদৰে নতুনকৈ অহা লোকসকলে
একে ভৌগোলিক আবেষ্টনীত ওচৰা-উঁচৰিকৈ থকাৰ বাবে এটা জনগোষ্ঠী আন এটাৰ দ্বাৰা
প্ৰভাৱিত হ’ল। সেই
সময়ত বাহিৰৰ পৰা অহা। মানুহবোৰে মূল ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি ক্রমান্বয়ে এই
দেশৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন
জাতিৰ লগত জাহ। যোৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি
গ্ৰহণ কৰিলে আৰু লগতে পূর্বৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে।
গতিকে আহোম, মুছলমান, ব্রাহ্মণ, ক্ষত্রিয়, নেপালী, চাহ-জনজাতি, প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ
সন্মিলিত ৰূপত অসমীয়া ভাষা-সংস্কৃতিয়ে নতুন ৰূপ লাভ কৰিলে। এনেদৰেই বৃহত্তৰ অসমীয়া
জাতি গঠন প্রক্রিয়া সম্ভৱ হৈ উঠিল। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰো এনেদৰেই সম্ভৱ হৈ
উঠিল। এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা
সম্প্রদায়ে গ্রহণ কৰিলে। খোৱা বস্তু। আৰু ৰন্ধন প্রকৰণৰো সালসলনি হ'ল । সাজপাৰ, অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব,বাচনবর্তন সকলোতেই পৰিবর্তন
ঘটিল। এনেদৰেই অসমীয়া সংস্কৃতিয়ে সময়ৰ লগে লগে গ্রহণবর্জনৰ যোগেদি পৰিবর্তন লাভ
কৰি ন-ৰূপ লাভ কৰিলে। এয়া আছিল এক স্বতঃস্ফুত প্রক্রিয়া। অনুকৰণ, অনুসৰণৰ যোগেদি, আদান-প্রদান আৰু বিনিময়ৰ যোগেদি
হোৱা প্রক্রিয়া।
Class 10 Assamese question Answer 2019
প্রশ্ন ৮। তাৎপর্য ব্যাখ্যা কৰা-
(ক) দেখা
যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্ৰাৰে
লিখা ‘অসমৰ | জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া
হৈছে।। | ভাষিক
সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিৰ বান্ধোন অধিক কটকটীয়া কৰিলে। অসমত বাহিৰৰ
পৰা আহি বসবাস কৰা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্রহণ কৰাৰ লগতে অসমীয়া ভাষাক
নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। আহোমসকলে তাই ভাষা, মুছলমান সকলে আৰবী-ফার্চী ভাষা, ব্রাহ্মণ আৰু ক্ষত্রিয়সকলে
সংস্কৃত ভাষা ত্যাগ কৰি থলুৱা অসমীয়া ভাষা গ্রহণ কৰি উদাৰতাৰ পৰিচয় দিলে। অসমৰ
থলুৱা জনজাতিসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যোগাযোগ।
কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। আনহাতে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ প্রভৃতি ভাৰতৰ
বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলেও হিন্দী, ৰাজস্থানী, ভোজপুৰী, প্রভৃতি ভাষা বাদ দি অসমীয়া
ভাষা গ্রহণ কৰিছিল। অসমৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগ প্রধান ভাষাটো
আছিল অসমীয়া । গতিকে অসমীয়া ভাষাই। থলুৱা অসমৰ জনজাতি অজনজাতি সকলৰ লগতে
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকল আৰু ভাৰতৰ বাহিৰৰ পৰা আহি
ইয়াত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ মাজত যোগাযোগৰ একমাত্র মাধ্যম আছিল অসমীয়া
ভাষা। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্রণৰ মাজেদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক
ঐক্য আৰু সম্প্রীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।
(খ) এই গোটেইবোৰ
হ’ল
স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।।
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ, শিক্ষাবিদ আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু
সংস্কৃতি’ শীর্ষক
পাঠটোৰ পৰা তুলি দিয়া হৈছে।
অসমত এটা সময়ত সামাজিক বাধা-নিষেধৰ কাৰণে হিন্দু-মুছলমান উভয়
সম্প্রদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত
সামাজিকভাৱে খোৱা-বোৱা নচলিছিল। পৰৱৰ্তী কালত হোটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত আগতে
লুকটাককৈ চলা খোৱা বোৱাৰ ব্যৱস্থা লাহে লাহে মুকলিমূৰীয়াভাৱে হ’বলৈ ধৰিলে। পৰাথা, কোর্মা, পোলাও আদিৰ লগতে কেক, বিস্কুট, ৰুটি আদিৰ মুকলিকৈ প্রচলন হ’ল। বঙ্গদেশৰ ৰসগোল্লা, লালমোহন, চিঙ্গৰা আদি বিভিন্ন মিঠাইৰ
প্ৰচলন হ’ল। লাহে
লাহে লুচি পুৰীও সোমাই পৰিল। মাদ্রাজী ডোচা-চাম্বাৰ আৰু ইডলী হোটেলৰ যোগেদি
অসমীয়াই চিনি পোৱা হ'ল।
এনেদৰেই জাতকুলৰ পৰম্পৰাগত প্রাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত হিন্দু মুছলমান।
উভয় সম্প্রদায়ৰ লোক একেলগে বহি খাব পৰা হ'ল। ভ্রাতৃত্বৰ বান্ধোন কটকটীয়া
হ'ল।
সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ লাহে লাহে দূৰ হোৱাত মানুহৰ মনবোৰ ফৰকাল হ’ল। এনেদৰেই সময়ৰ পৰিবৰ্তনৰ লগে
লগে সংস্কৃতিৰ পৰিবতন সূচিত হল আৰু স্বতঃপ্রণোদিতভাৱে মানুহৰ মনৰ পৰা ধর্মীয় গোড়ামি
আৰু সাম্প্রদায়িক ভেদভাব নোহোৱা। হ’বলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ
সমন্বয় আৰু গতিশীলতাৰ কাৰণে এইটো আছিল এক স্বাভাৱিক প্রক্রিয়া। এনেদৰেই সময়ৰ
পৰিবৰ্তনৰ লগে লগে আধুনিক শিক্ষা, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ
সম্প্ৰসাৰণ, সাংস্কৃতিক
মূল্যবোধৰ পৰিবৰ্তন প্রভৃতি বিবিধ কাৰকে সাম্প্রদায়িক সম্প্রীতি, ঐক্য আৰু সংহতিৰ বান্ধোন
কটকটীয়া কৰি অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিছে।
(গ) এইয়া
আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য -সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰ
বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ
গাঁথনি আৰু সংস্কৃতি’ শীর্ষক
পাঠটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। এই দেশলৈ
বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ
ভাষা-সংস্কৃতি পৰিহাৰ কৰি অসমীয়া। সংস্কৃতি আৰু ভাষা নিজৰ বুলি আদৰি লৈছে। তেনে
কৰিবলৈ যাওঁতে তেওঁলোকে পুৰুষানুক্রমে লাভ কৰি অহা বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ অসমীয়া
সংস্কৃতিত। সোমাই পৰিছে। এনেদৰে আদান-প্রদান, বিনিময় আৰু গ্রহণ-বর্জনৰ
মাজেদি অসমীয়া সংস্কৃতিয়ে বর্ণাঢ্য আৰু
বৈচিত্র্যময় ৰূপ লাভ কৰিছে। অসমলৈ ব্যৱসায় সূত্রে অহা শিখ, পঞ্জাৱী, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী প্রভৃতি ভাৰতৰ
অন্যান্য প্রদেশৰ পৰা অহা লোকসকলেও মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল।
বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ বুলি ল'লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ
কৰিলে। গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।
প্রশ্ন ৯। সন্ধি ভাঙা-
সংস্কৃতি, জলাঞ্জলি, ভৌগোলিক
উত্তৰঃ-
- সংস্কৃতি = সম + কৃতি ।
- জলাঞ্জলি = জল + অঞ্জলি ।
- ভৌগোলিক = ভৌগোল + ইক ।
প্রশ্ন ১০। প্ৰ’ উপসর্গ লগলগাই তিনিটা শব্দ গঠন
কৰা।
উত্তৰঃ- ‘প্র’ উপসর্গটি আৰম্ভ, খ্যাতি, ভাল বেছি প্রভৃতি অর্থ বুজাবৰ
কাৰণে ব্যৱহৃত হয়। উদাহৰণ স্বৰূপে
প্রখৰ, প্রগতি, প্রচলন, প্রণাম, প্রবাহ, প্রশংসা, প্রভাৱ, প্রয়োগ, প্রমোদ, প্রস্থান, ইত্যাদি ।
প্রশ্ন ১১। বাক্য ৰচনা কৰা-
ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা ।
উত্তৰঃ-
- ভাষা-সংস্কৃতিঃ-ভাষা-সংস্কৃতিয়ে এটা জাতিৰ শ্রেষ্ঠত্ব সুচায়।।
- পূজা-পার্বণঃ- পূজা-পার্বণ হিন্দুধর্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে ।
- বেপাৰ-বাণিজ্যঃ- বেপাৰ-বাণিজ্যই অর্থনৈতিক উন্নতিৰ পৰিচায়ক ।
- সহজ-সৰলঃ- গাঁৱলীয়া মানুহ দৰাচলতে সহজ-সৰল ।
- দিয়া-লোৱাঃ- সমন্বয় প্রক্রিয়াৰ বাবে দিয়া-লোৱা অতি জৰুৰী।
- এৰা-ধৰাঃ- এৰা-ধৰাৰ মনোভাৱে সম্প্রীতিত ইন্ধন যোগায়।
Seba class 10 Assamese question answer
অতিৰিক্ত
প্রশ্নোত্তৰ প্রশ্ন
১। অতীতৰ কামৰূপৰ ভিতৰত কোন কোন জনগোষ্ঠী পৰে?
উত্তৰঃ- অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বর্তমান
অৰুণাচলৰ। অন্তর্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠীও পৰে।
প্রশ্ন ২।অসমৰ পুৰণি সাহিত্যৰ সমল কি কি ?
উত্তৰঃ- অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে– অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেহবিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন
ইত্যাদি।
প্রশ্ন ৩। জাহ যোৱাৰ ব্যৱস্থা কি? এই প্রক্রিয়া কেনেদৰে ঘটে? উত্তৰঃ- সেই সময়ত বাহিৰৰ পৰা অহা
মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ
ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন
এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।
প্রশ্ন ৪। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল?
উত্তৰঃ- বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল'লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ
কৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ
ৰূপান্তৰ ঘটিল।।
প্রশ্ন ৫। ভাষিক সংমিশ্রণে অসমীয়া জাতিক কেনেদৰে কটকটীয়া কৰিলে?
উত্তৰঃ- থলুৱা অসমীয়া ভাষাতো নানা ভাষাৰ শব্দমালাই ঠাই পালে।
ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।
প্রশ্ন ৬। অসম ৰাজ্যত ধর্মনিৰপেক্ষতাৰ নীতি কেতিয়াৰে পৰা চলি আহিছিল
?
উত্তৰঃ- ভাৰতীয় সংবিধানৰ স্বীকৃত ধর্ম-নিৰপেক্ষ নীতি– অঘোষিতভাৱে কোনোবা কালৰ পৰা অসম
ৰাজ্যত বৰ্তি আছিল।
প্রশ্ন ৭। অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে
অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে?
উত্তৰঃ- মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ
ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলোৱেই
এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান-প্রদান কৰে।
প্রশ্ন ৮। ভাষিক সংমিশ্রণৰ সুফল কেনেদৰে অসমে লাভ কৰিছে?
উত্তৰঃ- ভাষিক সংমিশ্রণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্রাহ্মণক্ষত্রিয়ই সংস্কৃতেৰে
আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। এইয়া
হৈছে জাহ যোৱাৰ নীতি।
প্রশ্ন ৯। অসমৰ স্বাধীনতা সূর্য কেতিয়া অস্ত গল?
উত্তৰঃ- ইয়াণ্ডাবু সন্ধিৰ পাছতেই অসমৰ স্বাধীনতা সূর্য অস্ত গ'ল।
প্রশ্ন ১০। চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন ঠাইৰ পৰা আহিছিল ?
উত্তৰঃ- চাহ বনুৱাসকল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিশেষকৈ, বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, আৰু উত্তৰপ্ৰদেশৰ পৰা আহিছিল।
প্রশ্ন ১১। চাহ জনজাতিসকল কেনেদৰে অসমীয়া জাতীয় সংস্কৃতিৰ সৈতে
মিলি গ'ল ?
উত্তৰঃ- চাহ-জনজাতিসকলৰ মাজত চাওতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি অসমৰ চাহ-উদ্যোগৰ
অপৰিহার্য কর্মীৰূপে এইসকল অসমত বৰ্তি থাকিল। কালক্ৰমত এইসকলেই নিজৰ
কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হলেও অসমীয়া মাত-কথা গ্রহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত
অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ আর্থিক জীৱনত অৰিহণা যোগালে।
প্রশ্ন ১২। ইছলামধর্মী লােকসকল মূলতঃ ক'ৰ পৰা প্ৰৱজিত হৈছিল ?
উত্তৰঃ- কুৰি শতিকাৰ চতুর্থ দশকত মৈমনসিংহ আৰু পূর্ববংগৰ পৰা
ভালেমান ইছলামধর্মী লোক চৰকাৰী পৃষ্ঠপোষকতাতে আহি অসমত বসতি স্থাপন কৰেহি। এওঁলোকে
নগাও, কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ
বিভিন্ন ঠাইত মাটি ভাঙি খেতি কাৰবলে। আৰম্ভ কৰে। চৰ অঞ্চল আৰু বাকৰি আবাদ কৰে।
প্রশ্ন ১৩। অসমৰ ন-অসমীয়া লোকসকল কোন?
উত্তৰঃ- মৈমনসিংহ আৰু পূর্ববঙ্গৰ পৰা অহা লোকসকলে নিজৰ মাতৃভাষা
জলাঞ্জলি দি অসমীয়া ভাষাকে গ্রহণ কৰি থলুৱা মানুহৰ লগত মিলি যোৱাৰ প্ৰয়াস কৰিলে।
এওঁলোকেই ন-অসমীয়া ৰূপে পৰিচিত হ’ল।।
প্রশ্ন ১৪। ব্যৱসায় সূত্রে কোনসকল লোক আহি অসমত বসতি বিস্তাৰ
কৰিছেহি ?
উত্তৰঃ অসমত যাতায়াত আৰু যোগাযোগৰ সুবিধা হোৱাত বেপাৰ-বাণিজ্যৰ
কাৰণে পঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি ভালেমান লোক আহি
অসমত বসতি স্থাপন কৰিলেহি।
প্রশ্ন ১৫। জাহ যোৱাৰ এটা প্রধান উপায় কি?
উত্তৰঃ- জাহ যোৱাৰ এটা প্রধান উপায় হৈছে ভাষা গ্রহণ। বাণিজ্য
সূত্রে বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকলে নিজৰ মূল ৰক্ষা কৰিও বহুতেই
অসমীয়া হৈ পৰিল।
প্রশ্ন ১৬। সংস্কৃতিগতভাৱে স্বকীয়তা কেনেদৰে বৰ্তাই ৰাখিব পাৰি?
উত্তৰঃ- যেতিয়া বাহিৰৰ পৰা অহাসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত
সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি এইদেশীয় সংস্কৃতি গ্ৰহণ কৰি
থাকিবলৈ ললে তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। একমাত্র নিজ নিজ ধর্ম
পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হ'ল।
প্রশ্ন ১৬। মুছলমানৰ যোগেদি অহা খাদ্যসম্ভাৰ কি কি ?
উত্তৰঃ-পৰাথা, পোলাও, কোর্মাকোপ্তা, কেক-বিস্কুট, রুটি ইত্যাদি খাদ্য সামাজিকভাৱে
হোটেলৰ যোগেদি পৰিবেশিত হল।
প্রশ্ন ১৭ বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্রবেশ কৰে ?
উত্তৰঃ- ৰসগোল্লা, লালমোহন, চিঙ্গা, আদি বংগদেশৰ যোগেদি অসমীয়া খাদ্যসম্ভাৰৰ।
অন্তর্গত হ’ল।
প্রশ্ন ১৮। কি কি মাদ্রাজী খাদ্যসম্ভাৰ অসমত প্রবেশ কৰে?।
উত্তৰঃ- মাদ্রাজী ড’চা, চাম্বাৰ আৰু ইডলি হোটেলৰ যোগেদি
অসমীয়া খাদ্য সম্ভাৰৰ অন্তর্ভুক্ত হল।
প্রশ্ন ১৯। কোনবোৰ প্রক্রিয়া স্বতঃপ্রণোদিতভাৱে সংঘটিত হয়?
উত্তৰঃ- কালক্ৰমত বিয়া-বাৰুত, হিন্দু-মুছলমান সকলো লোকে যোগ
দিয়া হ'ল। মৰা
জীয়াৰ খবৰ কৰা হ'ল। মৰাশ
সৎকাৰত ভাগ লোৱা হ’ল। সকলো
উৎসৱতে সকলোৱে যোগ দিয়া হ'ল। এই গোটেইবোৰ
হ’ল
স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া ।
প্রশ্ন ২০। অসমীয়া সংস্কৃতিৰ সার্থকতা কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ- জাতীয় সম্প্রীতি আৰু সংহতি ৰক্ষাৰ কাৰণে সুসংহত সংস্কৃতিক
বৈচিত্র্যময়। ৰূপত গঢ়ি তোলাৰ ওপৰতেই অসমীয়া সংস্কৃতিৰ সার্থকতা নির্ভৰ কৰিছে।
প্রশ্ন ২১। বৃটিছ অহাৰ লগে লগে কি কি দিশত পৰিবর্তন সূচিত হ’ল ?
নাইবা,
“ব্রিটিছ
আহিল–চাহ
উদ্যোগ প্রতিষ্ঠা হ’ল”— লিখকে চাহ উদ্যোগ প্রতিষ্ঠা। হোৱাৰ
লগত আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিছে বুজাই লিখা। [HSLC.'16]
উত্তৰঃ- বৃটিছসকল অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল, কোট-পেন্টো আহিল, কেক-বিস্কুটো আহিল, বিমান আৰু মটৰ পৰিবহনো চালু হ’ল। হোটেল প্রতিষ্ঠা হ'ল। বিভিন্ন খাদ্য-সামগ্ৰী
পৰিবেশন কৰিবলৈ ললে। বৃটিছসকল অহাৰ লগে লগে যাতায়াত ব্যৱস্থা সুচল হ’ল। জলপথ, স্থলপথ আৰু আকাশীপথেৰে ইঠাইৰ
সৈতে সিঠাইৰ যোগাযোগ স্থাপন হ’ল। চাহবাগিছা প্রতিষ্ঠা কৰি।
বৃটিছসকলে চাহ উদ্যোগৰ সম্প্ৰসাৰণ ঘটালে। লিড়, মাৰ্ঘেৰিটা প্রভৃতি ঠাইত কয়লাৰ
খনিৰ যোগেদি কয়লাৰ ব্যৱসায় আৰম্ভ কৰিলে। ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হ’ল। দুলিয়াজান, ডিগবৈ, নাহৰকটীয়া, মৰাণ, শিৱসাগৰ প্রভৃতি বিভিন্ন ঠাইত
খাৰুৱা তেলৰ পুং খন্দা হ’ল। অসমত
খাৰুৱা তেলৰ উদ্যোগ গঢ়ি উঠিল। ঊনবিংশ শতিকাৰ। চতুর্থ দশকত ইংৰাজী স্কুল প্রতিষ্ঠা
হ’ল। কুৰি
শতিকাৰ প্রথম দশকত কলেজ প্রতিষ্ঠা। হ’ল। গতিকে বৃটিছৰ আগমনে অসমৰ
শিক্ষা, যাতায়াত, কৃষি, যোগাযোগ, ব্যৱসায়বাণিজ্য প্রভৃতি
বিভিন্ন দিশত পৰিবৰ্তনৰ সূচনা কৰিলে।
class 10 Assamese book question answer Seba
প্রশ্ন ২২। এইবিলাকক এতিয়া আহঁফলা বিচাৰেৰে ভাগ কৰিব
নালাগে।তাৎপর্য লিখা।
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ অন্তৰ্গত
আব্দুছ ছাত্তাৰ বিৰচিত ‘অসমৰ জনগোষ্ঠীৰ
গাঁথনি আৰু সংস্কৃতি’ শীর্ষক
পাঠটিৰ পৰা তুলি দিয়া হৈছে।
অসমত এসময়ত জাতকুলৰ বিচাৰ অতি প্রবল আছিল। সমাজৰ কিছুমান ধর্মীয়
বাধ্যবাধকতাৰ বাবে হিন্দু মুছলমানৰ মাজত সামাজিকভাৱে খোৱা-বোৱা নচলিছিল। কিন্তু, বৃটিছসকল অহাৰ পিছত উদ্যোগৰ
সম্প্ৰসাৰণৰ ফলস্বৰূপে বিভিন্ন খাদ্যসম্ভাৰ মুকলিকৈ পৰিবেশনৰ ব্যৱস্থা হোৱাত পৰাথা, পোলাও, কোর্মা, কেক, বিস্কুট, ৰসগোল্লা, লালমোহন, চিঙ্গা, লুচি-পুৰী,ডো’চা চাম্বাৰ ইডলি প্রভৃতি বিবিধ খাদ্যসম্ভাৰত
কোনো বাধ্যবাধকতা নাোহোৱা হ'ল। লাহে লাহে জাত-কুলৰ বান্ধোন শিথিল
হৈ পৰিল আৰু মানুহে বিবিধ খাদ্য গ্রহণক মুকলিমূৰীয়া ভাব প্রকাশ কৰিলে। বিয়া-বাৰু
আদিত হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ মানুহ একেলগে বহি খাব পৰা হ'ল। তেনেদৰে মৰাশ সৎকাৰতো সকলোৱে
একেলগে। ভাগ লবলৈ ধৰিলে। বিহু, পূজা, ঈদ আদিত জাতি-ধর্ম নির্বিশেষে
সকলো মানুহে মুকলিমূৰীয়াকৈ কৰা অংশগ্রহণে জাতি ভেদৰ প্ৰাচীৰ ক্রমান্বয়ে নোহোৱা
কৰিলে। মানুহৰ মাজত সদ্ভাৱ-সম্প্রীতি বৃদ্ধি পালে। মানুহৰ মনবোৰ মুকলি হ’ল। আগৰ দৰে ধৰ্ম আৰু জাতিভেদৰ
নিৰর্থক তর্ক-যুদ্ধ কৰাৰ সময় উকলি যোৱা কথাটো সকলোৱে মানি ললে।
প্রশ্ন ২৩। লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ
ল'লে।
উত্তৰঃ- ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ বৃটিছৰ
অধীনলৈ যায়। ৰবার্ট ব্রছে উজনি অসমত চাহ আবিষ্কাৰ কৰি প্রথমে চাবুৱাত চাহ খেতি
আৰম্ভ কৰে। চাহ। খেতিত কাম কৰিবৰ বাবে প্রয়োজনীয় বনুৱাসমূহ ভাৰতৰ বিভিন্ন ৰাজ্য—বিশেষকৈ বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ
বিভিন্ন ঠাইৰ পৰা অনা হয়। এই বৃত্তিয়াল লোকসকল অতি পৰিশ্ৰমী আৰু অতি দৰিদ্ৰ হোৱা
বাবে বৃটিছে তেওঁলোকক কম মজুৰিতে কামত খটুৱাব পাৰিছিল। তাৰ যোগেদি তেওঁলোকে চাহ
শিল্পৰ মাধ্যমেদি যথেষ্ট উপার্জন কৰিবলৈ সক্ষম হৈছিল। চাহ-জনগোষ্ঠীৰ ভিতৰত চাওতাল, ভূমিজ, মোছহৰ, তেলেঙা, হো, ওৰা, তাঁতী, লোহাৰ প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ
লোক আছিল। তেওঁলোক আহি। অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে আৰু তেওঁলোকৰ সতি-সন্ততিবোৰেই
বৰ্তমানৰ চাহ জনগোষ্ঠীৰ লোকসকল। তেওঁলোক ঊনবিংশ শতিকাৰ তৃতীয় চতুর্থ-দশকৰ পৰা
বিভিন্ন সময়ত অসমলৈ আহিছিল আৰু অসমৰ চাহ শিল্পৰ সম্প্ৰসাৰণত গুৰুত্বপূর্ণ ভূমিকা।
গ্ৰহণ কৰিছিল। তেওঁলোক অশিক্ষিত আছিল বাবেই বৃটিছে তেওঁলোকক অর্থনৈতিকভাৱে শোষণ
কৰাৰ বাবে সুবিধা পাইছিল। বিভিন্ন স্থানৰ পৰা অহাৰ বাবে বনুৱাসকল প্রথম অৱস্থাত
সংগঠিত হ’ব পৰা
নাছিল।
******x*********x *******x******
0 Comments