প্ৰশ্নাৱলী
ভাব-বিষয়কঃ--


প্রশ্ন ১: ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰঃ ক্রমবর্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ। এই কাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি।
প্রশ্ন ২: ফ্রম ভন্না টু গংগাকাৰ ৰচনা?' [HSLC'16'18]
উত্তৰ : পণ্ডিত ৰাহুল সংকৃত্যায়নৰ।
প্রশ্ন ৩: সর্বপল্লী ৰাধাকৃষ্ণণেকালিয়দমনৰ কি আখ্যা দিছে?
উত্তৰ : ৰাধাকৃষ্ণণনৰ মতে কালিয়দমন আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী। নৃত্য। |
প্রশ্ন ৪: কোনটো যুগক ভাৰতীয় সংস্কৃতিৰবিস্তাৰ যুগবুলিব পাৰি?
উত্তৰ:- প্রকৃতপক্ষে বৌদ্ধ ধর্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। কোনো কোনো পণ্ডিতৰ মতে আনকি খ্রীষ্টীয়ছাৰমান অন ডি মাউণ্টৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্রভার বিয়পি আছে
প্রশ্ন ৫ শিৱ আৰু শক্তিপূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল?
উত্তৰ : শির আৰু শক্তিৰ মূল বিচাৰি প্রত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভা কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰো কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা। মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ মোহৰত ই আজিও অঙ্কিত হৈ আছে। মহেঞ্জোদাৰো আৰু হাৰ সংস্কৃতি আর্যপূর্ব যুগৰ আৰু ইয়াৰ ওপৰত ভেটি কৰিয়েই পৰবৰ্তী কালৰ সংস্কৃতি গঢ় লৈ উঠিছে।
প্রশ্ন ৬ : ইছলামীয় ভাস্কর্যৰ মূল সম্পদ কি ?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কর্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ আৰু আৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ। ছবিবোৰৰ দৰে এইবো-ৰ সৰল। ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে আৰু হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে।
প্রশ্ন ৭ | অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি? [HSLC'17]
উত্তৰঃ- অজন্তাৰ ছবিবোৰত দুটা ভাববস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে।দ্বিতীয় পর্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্র ! এইবোৰত ফুটি উঠিছে। শক্তি, ব্যক্তি, প্রেম, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাববস্তুৰ পিনৰপৰা দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে।
প্রশ্ন ৮ : গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত। প্রকাশ কৰিছে?
উত্তৰ: নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হব লাগে বুলি গান্ধীজীয়ে মত। প্ৰকাশ কৰিছিল। লগে লগে অতীজৰ মিলিত সৎ আৰু সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকত হৈছে, তাৰে বৰ্তমানৰ সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হব । ইয়াকে। কার্যত পৰিণত কৰিবলৈ হলে ভাস্কর্য কলাৰ দৰেই নতুন সংস্কৃতি নে সমূহীয়া জীৱনৰ সম্পদ হব লাগিবসেই বিষয়ে অকণো সন্দেহ নাই। ই হব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ। বাছকবনীয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্রচেষ্টা জীউলাও।
প্রশ্ন ৯ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰঃ সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্রশিল্পই বেছি স্থায়ী। কীটছে গেছিয়ান আর্ণকবিতাত ইয়াৰেই জয় গান গাইছে।
প্রশ্ন ১০ হেম বৰুৱাৰ সাহিত্যচর্চা সম্পর্কে পঁচিশটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উত্তৰঃ- ১৯১৫ খ্রীষ্টাব্দত তেজপুৰত জন্ম গ্রহণ কৰি হেম বৰুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা বি এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম. এ. পাছ কৰি প্রথমে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে আৰু পিছত বি. বৰুৱা মহাবিদ্যালয়ত যোগদান কৰি অধ্যক্ষ পদ অলংকৃত কৰে। পিছত তেওঁ ৰাজনীতিত যোগদান কৰি লোকসভাৰ সদস্যৰূপে কার্যনির্বাহ কৰে।হেমবৰুৱা আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া। তেওঁ কবি, সাংবাদিক, সমালোচক, ভ্রমণ কাহিনী চক, অনুবাদক, ঔপন্যাসিক আৰু ৰাজনীতিক। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহৰ ভিতৰতকালীয়দমন’ ‘মনময়ৰীআদি কবিতা পুথি; ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল, ‘ইজৰাইল’, ‘মেকং নৈ দেখিলোআদি ভ্রমণ কাহিনী বিশেষ উল্লেখযোগ্য। হেম বৰুৱাই কেইবাখনো ইংৰাজী গ্রন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। সেই সমূহৰ ভিতৰত – The Red River and the Blue Hill', `August Revolution in Assam', 'Assamese Literature আদি বিশেষভাবে উল্লেখযোগ্য।
প্রশ্ন ১১ : ভাৰতীয় সংস্কৃতি পাঠটিৰ সাৰাংশ লিখা।
উত্তৰঃ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। যুগ যুগ ধৰি আর্য,অনার্য, দ্রাবিড়, মঙ্গোলীয় প্রভৃতি বিবিধ সংস্কৃতিৰ উপাদান সানমিহলি হৈ ভাৰতীয় সংস্কৃতিৰ মূলভেটি নির্মিত হৈছে। ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা, দর্শন, ভাস্কর্য, চিত্রকলা প্রভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান-প্রদান, বিনিময় আদিৰ মাজেদি পৰিবৰ্তিত পৰিস্থিতিত ভাৰতীয় সংস্কৃতিয়ে স্বকীয় ৰূপত আত্মপ্রকাশ কৰিছে।
ক্রমবর্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ। ইতিহাসৰ বিভিন্ন যুগত ভাৰতীয় সংস্কৃতিৰ গাত ৰাজনৈতিক আৰু সামাজিক স্তৰত কিছু পৰিবর্তন সাধিত হলেও ইয়াৰ প্রবাহ বাধাহীনভাৱে অবিচ্ছিন্ন গতিত প্রবাহিত হৈ আছে। ভৌগোলিক বৈচিত্র্যৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মাজত জলবায়ু আৰু ভূ-প্রকৃতিৰ কিছু পার্থক্য থাকিলেও, ইতিহাসৰ বিভিন্ন উত্থান-পতনৰ মাজেদিয়েই ভাৰতীয় সংস্কৃতিয়ে ক্রমবর্ধমান ৰূপত ঐক্য আৰু সংহতিৰ, সমন্বয় আৰু সম্প্রীতি বার্তা বহন কৰি আগবাঢ়ি গৈ আছে। | ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সুসংগঠিত আৰু শক্তিশালী হোৱাৰ কাৰণেই বাহিৰৰ পৰা অহা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্রবাহিত হৈ যাবলৈ সক্ষম হৈছিল । চিত্রকলা, ভাস্কর্য, স্থাপত্য, সঙ্গীত প্রভৃতি সুকুমাৰ কলাৰ বিভিন্ন দিশসমূহলৈ লক্ষ্য কৰিলেই এই কথাৰ প্রমাণ পাব পাৰি। আর্য আৰু অনার্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসতো সমন্বয়ৰ বার্তা বহন কৰিছে। এই সমন্বয় হঠাতে হোৱা বস্তু নহয়, এটা ক্রমবর্ধমান গতিৰ মাজেদি ই অগ্ৰসৰ হৈ বৰ্তমানৰ অৱস্থা লাভ কৰিছে। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীয়ে এই বিষয়ে অনুমান কৰাত সহায় কৰে। | ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আর্য সমাজৰ হাতত পৰাজিত হৈছিল। যদিও সাংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্যৰ কৃষ্টি সমল গ্ৰহণ কৰি স্বকীয় সংস্কৃতিৰ পৰিবৰ্ধন কৰিছিল। বৌদ্ধ ধর্মৰ প্ৰচাৰৰ সময়ছোৱাত ভাৰতীয় সংস্কৃতিয়ে বিস্তাৰিত ৰূপ লাভ কৰে। চুফীবাদ আৰু উপনিষদীয় দৰ্শনৰ মাজতো এক অভূতপূর্ব মিল পৰিলক্ষিত হয়। এনেবোৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰেই পৰিচয় দাঙি ধৰে।হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয়ত নতুন এক ভাস্কর্য পদ্ধতিৰ সৃষ্টি হৈছে, যি পদ্ধতিয়ে ইছলামীয় পদ্ধতি জটিলতা হ্রাস কৰি ভাৰতীয় হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে। এইদৰেই ভাৰতীয় ভাস্কর্যত এক নতুন ধাৰাৰ সৃষ্টি হৈছে। আনহাতে হিন্দু ভাস্কর্য কলাৰ কেতবোৰ। নিদর্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাটো নিদর্শন পোৱা যায়। সাংস্কৃতিক ক্ষেত্ৰত উভয়সম্প্রদায় উদাৰ মনেৰে কেতবোৰ নতুন নিদর্শনৰ জন্ম দিছিল। ইয়াৰ যোগেদি সুকুমাৰ কলাৰ দিশত ভাৰতীয় সংস্কৃতি এখোজ আগুৱাই যাবলৈ সক্ষম হৈছিল।সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্রকলাই মানুহৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। চিত্রকলা বিশ্বজনীন হলেও তাৰ মাজতেই ইয়াৰ প্ৰাণথলীৰ পৰিচয় পোৱা যায় । অজন্তাৰ ছবিবোৰে যেনেকৈ বৌদ্ধ যুগৰ সংস্কৃতিৰ কথা মনত পেলাই দিয়ে, তেনেদৰে চীন অথবা মেক্সিকো চিত্রকলাই সেই দেশৰ বৈশিষ্ট্যৰ কথা সোঁৱৰাই দিবলৈ নাপাহৰে। | অজন্তাৰ ছবিবোৰত দুটা ভাববস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আনটো হৈছে সামূহিক জীৱন। ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি এক ধৰণৰ নহয় । দুয়োখনতে দখন সুকীয়া জাতৰ প্রতিচ্ছবি প্রকাশিত হৈছে। জীৱনৰ অসামঞ্জস্যক একেলগে গ্রহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতোবাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জগতৰ মাজত সমন্বয় স্থাপিত হৈছে।মোগল সম্রাট বাবৰৰ আমোলত ভাৰতবৰ্ষত প্রবেশ কৰা নতুন চিত্রশিল্পৰ ধাৰাই প্ৰচুৰ ব্যক্তবাদী চিন্তাৰ প্রকাশ ঘটায়, যত সমষ্টি জীৱনৰ পৰিবৰ্তে শক্তিজীৱনে অধিক প্রাধান্য লাভ কৰে। এই ব্যক্তিবাদী চিত্রধাৰাই প্রচলিত চিত্রধাৰাৰ সৈতে মিলিত হৈ উভয়ৰ সংমিশ্ৰণত। এক নতুন পদ্ধতিৰ বিকাশত সহায় কৰে। চিত্রকলাৰ দৰেই সঙ্গীতৰ ক্ষেত্ৰতো সমন্বয় লক্ষ্য কৰা যায়।ভাৰতীয় আধ্যাত্মবাদে প্রাক-মুছলিম যুগত ভাৰতীয় হিন্দু সমাজৰ ওপৰত একধৰণৰ বিশেষ প্রভাৱ বিস্তাৰ কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি, পৰাজয় স্বীকাৰ কৰি লৈছিল।সাহিত্য-সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অত্যন্ত চহকী। মধ্যযুগৰ বৈষ্ণৱ কবিসকলৰ সৃষ্টিৰাজিৰ মাজত বিশ্বজনীন মানৱীয় আবেদনৰ পৰিচয় স্পষ্ট। আনহাতে বৃটিছৰ আমোলত নতুন আঙ্গিক আৰু প্রকাশভংগীৰ মাজেদি ভাৰতীয় সাহিত্যই বৈচিত্র্যময় ৰূপ লাভ কৰিছিল।ভাস্কর্য-কলাই সমাজৰ সৌন্দর্যবোধৰ ওপৰত স্থায়ী প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম আৰু ইয়াৰ যোগেদি সামূহিক ভাবধাৰাৰ বিকাশ দ্রুততৰ হয়। কবি অথবা চিত্ৰকৰৰ তুলনাত। ভাস্কর্যবিদৰ শিল্পবোধ এইখিনিতে কিছু পৰিমাণে সামাজিক ভাবধাৰাৰ ওপৰত অধিক নিৰ্ভৰশীল। মহাত্মাগান্ধীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আৰ্হিত প্রস্তুত হোৱাটো কামনা কৰিছে। অতীজৰ সৎ আৰু সত্যৰূপে স্বীকৃত সাংস্কৃতিক সম্পদৰ সৈতে বর্তমান সংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। ভাৰতীয় সংস্কৃতিয়েও সমন্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবাঢ়িব পাৰে।
প্রশ্ন ১২ : ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।' – এই কথাষাৰ কিমান দূৰ যুক্তিপূর্ণ, ভাৰতীয় সংস্কৃতিপাঠটোৰ আধাৰত বিচাৰ কৰা।[M.Q.'15,HSLC'16]
উত্তৰঃ- হেম বৰুৱাই ভাৰতীয় সংস্কৃতিপাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পর্কে কবলৈ গৈ উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, মঙ্গোলীয় দ্রাবিড়ী প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ প্রবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নির্দিষ্ট ৰূপত আত্মপ্রকাশ কৰিছে। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে, গ্রীক শক হন প্রভৃতি বিভিন্ন গোষ্ঠীৰ লোক চামে চামে ভাৰতলৈ আহিছে আৰু ইয়াত নিগাজীকৈ বসতি বিস্তাৰ কৰিবলৈ লৈছে। পুৰণি ভাৰত বুৰঞ্জীত বিভিন্ন অভিযানৰ কথা পোৱা যায়। এই অভিযানসমূহত থলুৱা ভাৰতীয় আৰু ভাৰতৰ বাহিৰৰ পৰা প্রব্রজিত লোকসকলৰ মাজত যেনেদৰে সংগ্ৰাম আৰু সংঘর্ষ হৈছে, ঠিক তেনেদৰে পৰস্পৰৰ মাজত ভাব-ভাষা আৰু কলা-সংস্কৃতিৰ আদানপ্রদান আৰু বিনিময়ো হৈছে। গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিৰ ইতিহাস ইয়াৰ ৰাজনৈতিক ইতিহাসৰ দৰেই সমন্বয় আৰু আদান-প্রদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ ইতিহাস। ভাৰতীয় ৰাজনীতি, সমাজনীতি, শিল্প, সাহিত্য, দর্শন, চিত্রকলা, ভাস্কর্য, সঙ্গীত প্রভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান-প্রদানৰ মাজেদি বর্তমান ভাৰতীয় সংস্কৃতিয়ে বিচিত্র রূপ পৰিগ্ৰহ কৰিছে।সমন্বয়ৰ আদৰ্শত গঢ় লৈ উঠাৰ বাবেই ভাৰতীয় সংস্কৃতিয়ে বিচিত্র ৰূপ পৰিগ্ৰহ কৰিছে।
প্রশ্ন ১৩ সভ্যতা আৰু সংস্কৃতিশব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা HSLC18-17
উত্তৰঃ- সভ্যতা আৰু সংস্কৃতি' এই শব্দ দুটাৰ মাজত কিবা পার্থক্য আছে নেকি বিচাৰ কৰি চোৱা উচিত। আচলতে এই শব্দ দুটাৰ মাজত পার্থক্য আছে। এটাৰ সলনি। আনটো ব্যৱহাৰ কৰিব নোৱাৰি।সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য অর্থাৎ সুশৃঙ্খল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কার্য হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। এটা। জাতি সুসভ্য হ'ব পাৰে। আনহাতে ইয়াৰ তেনে কোনো সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সুশৃঙ্খল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰে!সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিবেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ। ইমানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কার্যকে সামৰি লয়মুঠতে মানুহৰ চিন্তা, আদর্শ, জ্ঞান, কলা, বিশ্বাস, আইন আচাৰ আদিৰ এক মিশ্রণ। এই সমূহ উপাদানৰ শিল্পীত আৰু পৰীশিলিত ৰূপকেই সংস্কৃতি আখ্যা দিব পাৰি।সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকার্য। কার্ষণেই কৃষ্টি, সংস্কৃতি তাৰ সোণালী ফচল। সেইবাবেই সংস্কাৰ বা পৰিমার্জন সংস্কৃতিৰ বাবে অপৰিহার্য।সভ্যতাৰ বিকাশৰ কাৰণে জ্ঞানৰ বিকাশ অপৰিহার্য। শিক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্রসাৰণে মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে। আনহাতে, সভ্যতা আৰু সংস্কৃতি পৰম্পৰ সম্পর্কযুক্ত। দুয়োটাৰে ধাৰণাৰ মাজত কিছু পার্থক্য থাকিলেও দুয়োবিধ ধাৰণাৰ কৰ্মৰাজিৰ মাজত মিলো পৰিলক্ষিত হয়।সভ্যতাই দৰাচলতে মানুহৰ বহির্জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ্জীৱনৰ প্রতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্কৰ কৰ্ষণ আৰু বুদ্ধিৰ যথার্থ প্রয়োগৰ যোগেদি সভ্যতা নির্মাণ কৰে। আনহাতে হৃদয়বৃত্তিৰ কৰ্ষণ আৰু শৈল্পিক কাকার্য নির্মাণেৰে সংস্কৃতি নির্মাণত সহায় কৰে।

প্রশ্ন ১৪। উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কর্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ- ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সমন্বয়ৰ সম্পদ সেই কথা যুগ যুগ ধৰি ক্রমবদ্ধমান ৰূপত হোৱা আদান-প্রদান আৰু বিনিময়ৰ পৰাই উপলব্ধি কৰিব পাৰি। সেইবাবেই আমি ভাৰতীয় ভাস্কর্য, সুকুমাৰ কলা, শিল্প আৰু সাহিত্য সকলোতেই সমন্বয়ৰ নিদর্শন। দেখিবলৈ পাওঁ।
উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াকৈ পৰা। নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয়। সংস্কৃতিৰ বৈচিত্র্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কর্যত কোণ আৰু সৰলৰেখাৰ প্রাদুভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্রত্যেকটো ভঙ্গিমাই সুকীয়া।ইয়াৰ আহিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা আহি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজসজ্জাৰ জাকজমকতাই আৰু প্রতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে।  আনহাতে উত্তৰ ভাৰতৰ ভাস্কর্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ সৰহ। ই আচলতে সংহতিৰ ভাস্কর্য। ইয়াৰ শোভাসমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে, দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতাৰ সহায়ত নহয় গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল । আচলতে উত্তৰ ভাৰতীয় ভাস্কর্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্রকাৰেই সম্পূর্ণৰুপে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্রচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কর্যই। ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে। ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদর্শ যতেই সফল হৈছে, তাতেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। যতেই হোৱা নাই, তেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে।
প্রশ্ন ১৫ : অজন্তাৰ গুহাত শিল্পকলাৰ এটি বিৱৰণ দিয়া। [HSLC'17]
উত্তৰঃ অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান জাতি প্রজাতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাববস্তু প্রকাশ পাইছে। এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে। দ্বিতীয় পর্যায়ৰ ছবিবোৰ হৈছে - জীৱন আনন্দ উচ্ছাস চিত্র। এইবোৰত ফুটি উঠিছে শান্তি, গতি, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া। ধ্যান আৰু যৌনতা। ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয়। দয়োবিধতে সকীয়া সকীয়া জগত প্রতিফলিত হৈছৈ। তথাপি পৃথক যদিও, এই জগত দুখন পৃথকভাবে অঙ্কিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্রাক-মুছলিম যুগৰ জীৱন প্রাচুর্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভঙ্গিমাত সকলোবোৰ একে-ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱনৰ প্রাচুর্য এক ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্বাউল হৈছে। ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় সাধিত হৈছে। ইয়েই অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ ।
প্রশ্ন ১৬ মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰঃ- মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্রবেশ কৰে। এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ। এনেতৰহৰ ব্যক্তিবাদী আর্ট জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজ দৰবাৰত; গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাব প্রৱণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ স্বৰূপে আমি উর্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ। বিদ্যাপতিৰলাখ লাখ যুগ হিয় হিয় ৰখেনু ইত্যাদিৰ তুলনাত এনে কার্য সাহিত্যত ভাৱ-প্ৰৱণতাৰ পৰিমাণ তাকৰ । ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্রশিল্পত ইংগিত বা সংকেতৰ স্থান নোহোৱা কৰিলে। এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্রচলিত চিত্র ধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আর্ট প্রধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ। এইবোৰৰ স্থবিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে।
প্রশ্ন ১৭ : উত্তৰ ভাৰতৰ সঙ্গীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰঃ ভাৰতীয় উচ্চাঙ্গ সঙ্গীত দাক্ষিণাত্যৰ ভাস্কর্য কলাৰ দৰেই গাম্ভীর্যপূর্ণ আৰু বিচিত্র। উত্তৰ ভাৰতৰ সঙ্গীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়, গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে আমি এক উৰণীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই দৰবস্তুৰ ওপৰত লোকসঙ্গীতৰ প্ৰভাৱ বুলিব পাৰি।
প্রশ্ন ১৮ : ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা
উত্তৰঃ- গঠনৰ সৰলতা আৰু সূক্ষ্মতাৰ যগেদি ইছলামীয় আদর্শই ভাৰতীয় সংস্কৃতিত নতুনত্বৰ সূচনা কৰিছে। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হাস কৰিছে আৰু ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কারুকার্য প্রদান কৰিছে। এনেদৰেই এক নতুন ধাৰাৰ । সৃষ্টি হৈছে। এই সমন্বয়ৰ আদৰ্শ যতেই সফল হৈছে, ততেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। যতেই হোৱা নাই, তাতেই সমন্বয়ৰ আদৰ্শ অসার্থক হৈছে।মোগল সম্রাট বাবৰৰ আমোলত চিত্র শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্ৰৱেশ। কৰে। এই চিত্র শিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আর্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সম্বাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তি জীৱনৰ প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাৰ ৰাজদৰবাৰত। গতিকে যুগৰ। প্রকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাব প্রৱণতা নাই। আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ স্বৰূপে আমি উর্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। পাৰ্থিৱ আৰু অপার্থিৱ দুয়োটাৰ ওপৰত ইছলামৰ আস্থা প্রায় সমান। কিছু পৰিমাণে ইছলামে সামাজিক গণতন্ত্রৰ জন্ম দিছিল। ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয় । এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল। সমাজৰ দৰিদ্র, পদদলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। সামাজিক জীৱনত ব্যক্তি। মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্রুত কৰি তুলিছিল। ভাৰতভূমিত ইছলামৰ খৰতকীয়া প্রচাৰৰ এটা কাৰণ ।
প্রশ্ন ১৯ : প্রাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ প্রাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভঙ্গিমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্রাচুর্যই যেন। শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্রাচুর্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈছে। ছবিবোৰৰ ভাবধস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে।
মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্রবেশ কৰে। এই চিত্র শিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আর্টত জনজীৱন আৰু সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু জেংগীজ খাৰ ৰাজদৰবাৰত। গতিকেই যুগৰ প্ৰকৃতি অনুসৰি এই আর্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাব-প্রবণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ স্বৰূপে আমি উদৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ
ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্র শিল্পত ইঙ্গিত বা সংকেতৰ স্থান প্রায় নোহোৱা। কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্রণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আর্ট প্রধান লক্ষণ। এবিধ মুলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ।




প্রশ্ন ২০ : ব্যাখ্যা কৰাঃ
(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ [HSLC'18]
উত্তৰ:- উদ্ধৃত কথাখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱা বিৰচিত ভাৰতীয় সংস্কৃতি শীর্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।।
ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, দ্রাবিড়, মঙ্গোলীয় প্রভৃতি বিবিধ জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি গ্রহণ আৰু বিনিময়ৰ যোগেদি ভাৰতীয়ে বর্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকৰ প্ৰবজন ঘটিছে। বাধাহীন গতিত হোৱা প্ৰবজনৰ ফলস্বৰূপে ভাষাতত্ত্ব, চিত্রকলা, ভাস্কর্য, সাহিত্য, দর্শন, প্রভৃতি বিভিন্ন দিশত সমন্বয় আৰু সমিলমিল সংঘটিত হৈ ভাৰতীয় সংস্কৃতিয়ে বাধাহীন গতিৰে নিৰৱচ্ছিন্ন বৈ আহি ভাৰতীয় সংস্কৃতিক বৈচিত্রময় ৰূপ প্ৰদান কৰিছে।পুৰণি ভাৰতৰ ইতিহাসত বিভিন্ন অভিযানৰ বৰ্ণনা পোৱা যায়। এনে অভিযান। যোগেদি ভাৰতলৈ প্রবাহিত হোৱা জনসাধাৰণে কঢ়িয়াই অনা সাংস্কৃতিক সম্পদৰ সৈতে থলুৱা সমাজৰ সমন্বয় সাধিত হৈছে। এসময়ত আৰ্যসকলৰ আগমণ ঘটিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্রাবিড়, মঙ্গোলীয় আৰু অন্যান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য। আদি গ্ৰহণ কৰি তাক নতুন ৰূপ দিলে। গ্রীক, শক, হুন প্রভৃতিৰ আগমণেও ভাৰতীয়। সংস্কৃতিক ক্রমান্বয়ে সমৃদ্ধ কৰিলে। এনেদৰেই বিভিন্ন সাংস্কৃতিক সম্পদেৰে ভাৰতীয় জীবন সমৃদ্ধ হৈছে।
(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী।
উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত ভাৰতীয় সংস্কৃতি' শীর্ষক প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
 ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশৰ সম্পদ আৰু প্ৰাচুৰ্যৰ প্রতি বিভিন্ন দেশৰ শেনচকু অতি প্রাচীন কালৰে পৰাই আছিল। এই দেশলৈ ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ। শাসনভাৰ গ্রহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতি মূল সুতি ক্রমবর্ধমান সোতেৰে বৈ আছিল । ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। শক, হন, পাঠান, মোগলৰ বিভিন্ন দল আক্রমণকাৰী ৰূপত এই ভাৰতলৈ আহিল আৰু ভাৰতীয় সংস্কৃতি। সৈতে মিলি গ'ল। এনেদৰে বিভিন্ন সময়ত হোৱা আক্রমণ প্রতি আক্রমণ, অভিযান আৰু প্রতি অভিযানৰ ইতিহাসেৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্রান্ত। মহেঞ্জোদাৰো আৰু হৰপ্তাৰ সংস্কৃতি ধ্বংসৰ পিছত ইয়াত আৰ্যসংস্কৃতি প্রতিষ্ঠাৰ বাবে সংগ্রাম হয়। তথাপিও তাৰ মাজতেই আর্য-অনার্য সমন্বয় আৰু সমাৰোহণৰ যোগেদি ভাৰতীয় সংস্কৃতি বিকশিত হোৱাৰ সুযোগ পায় ।।
(গ) সকলো আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।'[HSLC'18]
উত্তৰঃ- উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱা বিৰচিতভাৰতীয় সংস্কৃতি' শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সাধাৰণতে সকলো আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি; আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিসুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰ আত্মা স্পর্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ আতিশয্য কৰে, দ্বিতীয়টোৱে। নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে। দ্বিতীয়টোৰ নাই। আর্ট জীৱনৰ পৰা উদ্ভত হৈ ই জীৱনৰ ওপৰতে ক্রিয়া কৰে। আর্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্রদান আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সুক্ষু আর্টে মানুহৰ অন্তত তীব্র অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হয়। প্রথমবিধ আর্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্রকাশ কৰি দৰ্শকৰ দৃষ্টি আকর্ষণ। কৰিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বড়হীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্রবল। প্রতিক্রিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰে।
প্রশ্ন ২১। সন্ধি ভাঙাঃ

 সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত
উত্তৰঃ-

  •  সংস্কৃতি সম + কৃতি,
  •  ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত,
  • সমন্বয় = সম + অন্বয়,
  • সন্মত সম + মত
  • সম্বন্ধ = সম + বন্ধ


প্রশ্ন ২২। বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া ।

বৈচিত্র্য, বিস্ততি, বিপ্লৱ, নৈৰাশ, ভৌগোলিক
উত্তৰঃ-

  •  বৈচিত্র্য বিচিত্রতা
  • ভৌগোলিক ভূগোল
  • বিস্ততি বিস্তৃত।
  • নৈৰাশ নিৰাশ
  • বিপ্লৱ বৈপ্লৱিক

          

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতীয় সংস্কৃতিৰ সাগৰ কেনেদৰে ৰচিত হৈছে?
উত্তৰঃ আর্য, অনার্য, মঙ্গোলীয়, দ্রাবিড়ী প্রভৃতি বিভিন্ন তৰহৰ সোঁত-উপসোত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে।
প্রশ্ন ২ ভাৰতীয় সংস্কৃতিৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰঃ- পুৰণি ভাৰতৰ বুৰঞ্জী যেনেদৰে অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ে বুৰঞ্জী। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্রকাশ কৰে।
প্রশ্ন ৩ ভাৰতীয় সংস্কৃতি মূলতে কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতি মূলতে এক বিৰাট সমন্বয়। সমন্বয়ৰ আদৰ্শৰে এই সংস্কৃতি জীয়াই আছে।
প্রশ্ন ৪ ভাৰতীয় সংস্কৃতিৰ প্রাণ কি ?
উত্তৰঃ- ক্রমবর্ধমান শক্তিয়েই হৈছে প্রকৃত শক্তি। এই ক্রমবর্ধমান শক্তি ভাৰতীয়। সংস্কৃতিৰ প্রাণ।
প্রশ্ন ৫ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পার্থক্য আছেনে?
উত্তৰঃ-  সভ্যতা আৰু সংস্কৃতিএই শব্দ দুটাৰ মাজত পার্থক্য আছে। এটাৰ সলনি। আনটো ব্যৱহাৰ কৰিব নোৱাৰি।
প্রশ্ন ৬ সভ্যতা কি?
উত্তৰঃ- সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।
প্রশ্ন ৭। জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী কি?
উত্তৰঃ- এটা জাতি সুসভ্য হব পাৰে, কিন্তু তেনে কোনো এটা লেখত ল'বলগীয়া সংস্কৃতি মাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্রকাশ পোৱা প্রতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠী।

প্রশ্ন ৮ ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ কি?
উত্তৰঃ- সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্রবাহ। বাধাহীন গতিৰ বোৱতী সুতি। ই অতীজৰে পৰা একেধাৰে নিৰৱচ্ছিন্নভাৱে বৈ আহিছে।
প্রশ্ন ৯ ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্র্যময় ৰূপত প্ৰকাশ পাইছে? [HSLC.'17]
উত্তৰঃ- ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্র্যময়। এফালে শুকান মৰুভূমি; আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পর্বতমালাৰ উচ্চ শিখৰ; আনফালে যোজন ব্যাপ্ত সমতল ভূমি। প্রাকৃতিক দৃশ্যাৱলীৰ পার্থক্য, জলবায়ুৰ পার্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্র্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন
প্রশ্ন ১০‘From Volga to Ganga' গ্রন্থত কিহৰ বৰ্ণনা পোৱা যায় ?
উত্তৰঃ- ভাৰতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ ন ন মানৱপুঞ্জৰ সোঁতে দেশ। প্লাবিত কৰিছিল। প্রত্যেকৰে ব্যক্তিগত প্রতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। পণ্ডিত ৰাহুল সংকৃত্যায়নৰফ্রম ভন্ন টু গঙ্গাগ্রন্থত এই বিষয়ে বর্ণনা কৰা হৈছে।
প্রশ্ন ১১ ভাৰতীয় সংস্কৃতি একালত ক'লৈকে প্রবাহিত হৈ আছিল?
উত্তৰঃ- ভাৰতীয় সংস্কৃতি একালত সমগ্র দক্ষিণ-পূব অঞ্চলতে বিয়পি আছিল। ইয়াৰ প্রমাণস্বৰূপে ব্রহ্মদেশ, কম্বোদিয়া, ইণ্ডোনেছিয়া আদি ঠায়ে আজিও যোগায়। এই অঞ্চলসমূহত বাৰশ বছৰ ধৰি জীয়াই থকা হিন্দু ৰাষ্ট্ৰবোৰেও ইয়াৰ প্রমাণ দিয়ে।
প্রশ্ন ১২ ভাৰতৰ বুৰঞ্জীত কিহৰ উত্থান-পতনৰ কাহিনী সন্নিবিষ্ট হৈছে?
উত্তৰঃ- ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ। শাসনভাৰ গ্রহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত।
প্রশ্ন ১৩। কোন ঠাইৰ সংস্কৃতিয়ে আর্যপূর্ব যুগৰ কথা কয় ?
উত্তৰঃ- মহেঞ্জাদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে এটা আর্যপূর্ব যুগৰ কথা কয়। এই। সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল সঁচা, তথাপি ই শুকাই চিনছাব নোহোৱা হোৱা নাছিল। মহেঞ্জোদাৰোৰ সংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভেটি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল।
প্রশ্ন ১৪ শিৱ আৰু শক্তিপূজাৰ মূল কি?
উত্তৰঃ- শিৱ আৰু শক্তিপূজাৰ মূল বিচাৰি প্রত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰোহপ্পা সভ্যতাৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰটো কৰিছিল।
প্রশ্ন ১৫ ধ্যানস্থ শিৱৰ কল্পনা কোন সংস্কৃতিৰ সম্পদ?
উত্তৰঃ- ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ পোহৰত ই আজিও অঙ্কিত হৈ আছে।
প্রশ্ন ১৬ বাহিৰৰ অভিযানসমূহৰ ব্যর্থতাৰ কাৰণ কি আছিল? 
 উত্তৰঃ- ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। বাহিৰৰ। পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্ৰায়েই ব্যর্থ হৈছিল।
প্রশ্ন ১৭ আর্য আৰু দ্রাবিড় সংস্কৃতিৰ সমন্বয় কেনেকৈ সাধিত হৈছিল ?
উত্তৰঃ- দ্রাবিড় সমাজত প্রচলিত কিছু দেৱ-দেৱীক আৰম্ভ কৰি ধৰ্ম-পদ্ধতি বিশেষে আর্য সমাজে গ্রহণ কৰিছিল আৰু এনেদৰেই আর্য আৰু দ্রাবিড় সংস্কৃতিৰ সমন্বয় সাধিত হৈছিল। সেইদৰে দ্রাবিড় পুৰোহিত শ্ৰেণীকো আর্য ব্রাহ্মণ সমাজৰ মর্যাদা দি অন্তভূক্ত কৰি লৈছিল।
প্রশ্ন ১৮ আর্য বেদত দেৱ-দেৱীৰ কোনো উল্লেখ পোৱা যায়নে?
উত্তৰ : আর্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই। শক্তিৰ প্রতিকৃতিৰো কতো উমান পাোৱা নাযায়। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখ বৰ কমেইহে পোৱা যায়।
 প্রশ্ন ১৯ বর্তমান হিন্দু সমাজত প্ৰচলিত লিঙ্গপূজাৰ মূল কি?
উত্তৰঃ- বর্তমান হিন্দু সমাজত প্রচলিত লিঙ্গ পূজাও যে অনার্য যুগৰ বস্তু, সেইবোৰ কথাও কোনো কোনো পণ্ডিতে কয়। হিন্দুৰ শ্ৰাদ্ধবিধিও অনার্য যুগৰ অৱদান অনার্যসমাজত আজিও মৃতকৰ উপাসনা চলে।
প্রশ্ন ২০ আর্য-অনার্য সমন্বয়ৰ পদ্ধতিটো কেনে ধৰণৰ ?
উত্তৰঃ- আর্য-অনার্যৰ সমন্বয় এটা ক্রমবর্ধমান গতি পদ্ধতিৰে হৈছিল, ই হঠাতে হোৱা বস্তু নহয়।
প্রশ্ন ২১। শিৱৰ প্ৰতি দক্ষ অবহেলাৰ কাৰণ কি?
উত্তৰঃ- শিৱক দক্ষ যজ্ঞত অৱজ্ঞা কৰা কথাটো অতি অর্থব্যঞ্জক। শিৱ অনার্থ দেৱতা। পার্বতী আর্য সমাজৰ জীয়াৰী। আর্য সমাজত তেতিয়াও অনার্য শিৱক সম্পূৰ্ণৰূপে গ্রহণ কৰা হোৱা নাছিল। গতিকেই এই নিষ্ঠুৰ অবহেলা ।
প্রশ্ন ২২ কামাখ্যা আদিতে কিহৰ দেৱী আছিল ?
উত্তৰঃ- কামাখ্যা আদিতে অনার্য দেৱী। অৱশেষতহে আর্য সমাজে কালী ৰা দুৰ্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্ৰহণ কৰিছিল।
প্রশ্ন ২৩। বিজিত আৰু পৰাজিতৰ সংস্কৃতিৰ সংঘৰ্ষৰ মাজতো আর্যৰ অভিযান কেনেদৰে সফল হৈছিল ?
উত্তৰঃ- পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰা দেখা যায়। ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আর্য সমাজৰ ওচৰত পৰাজিত হৈছিল। এনেদৰেই আৰ্যৰ বিজয় অভিযান সার্থক হৈছিল।
প্রশ্ন ২৪ সাংস্কৃতিৰ ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টিসমল কিমান চহকী?
উত্তৰঃ- সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি সমলে আৰ্যৰ ভঁৰাল বহুতখিনি চহকী কৰিছিল। ই বুৰঞ্জীসন্মত সত্য।.
প্রশ্ন ২৫। ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ কোনটো?
উত্তৰঃ- প্রকৃতপক্ষে বৌদ্ধধর্ম প্রচাৰৰ যুগটোক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
প্রশ্ন ২৬ চুফিবাদৰ সৈতে উপনিষদীয় দৰ্শনৰ মিল আছেনে?
উত্তৰঃ- চুফিবাদৰ মূল কোৰাণশাস্ত্ৰ বুলি কোৱা হয় যদিও চুফিবাদ আৰু উপনিষদীয় দর্শনৰ মাজত যথেষ্ট মিল পৰিলক্ষিত হয়।
প্রশ্ন ২৭ দাক্ষিণাত্যৰ ভাস্কর্য নিদর্শন কেনেধৰণৰ ?
উত্তৰঃ- দাক্ষিণাত্যৰ ভাস্কৰ্যৰ কোণ আৰু সৰলৰেখাৰ প্রাদুর্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে। ইয়াৰ আন এটা বৈশিষ্ট্য। প্রত্যেকটো ভঙ্গীমাই সুকীয়া। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই।
প্রশ্ন ২৮ উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ স্বৰূপ নিৰূপণ কৰা।
উত্তৰঃ-উত্তৰ ভাৰতৰ ভাস্কর্য দাক্ষিণাত্যৰ লগত নিমিলে উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কর্য ভালেখিনি। প্রভাৱ পৰা দেখা যায়। ই আচলতে সংহতিৰ ভাস্কর্য।
প্রশ্ন ২৯ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰঃ- গঠনৰ ফালৰ পৰা সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয়-ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল ।
প্রশ্ন ৩০ হিন্দু আৰু মুছলমানৰ ভাস্কৰ্যৰ সমন্বয় কেনেদৰে সাধিত হৈছিল ?
উত্তৰঃ- হিন্দ ভাস্কৰ কলা-নিদর্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰে। উদাহৰণ পোৱা যায়। আনকি হিন্দু ভাস্কর্যৰ কলহ, আৰু পদুমফুল মুছলমান বাদছাহসকলৰ সমাধি স্থলত ব্যৱহৃত হোৱাৰো প্রমাণ পোৱা যায়।
প্রশ্ন ৩১সকুমাৰ কলাৰ নতুন নিদৰ্শনৰ জন্ম কেনেদৰে হৈছিল?
উত্তৰঃ- সাংস্কৃতিক ক্ষেত্ৰত হিন্দ আৰু মুছলমান উভয় সম্প্রদায়ৰ মন উদাৰ আছিল আৰু এই উদাৰতাই সকমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদর্শনৰ জন্ম দিছিল।
প্রশ্ন ৩২ এটা জাতি কিহৰ ভিত্তিত জীয়াই থাকে ?
 উত্তৰঃ- একোটা জাতি বিশেষ সকমাৰ কলা-সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে।

প্রশ্ন ৩৩ সকমাৰ কলাৰ ভিতৰত স্থায়ী বস্তু কি ?
 উত্তৰঃ- সকমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্র শিল্পই অধিক স্থায়ী।
প্রশ্ন ৩৪ভাষাৰ গতিবিধি কিহৰ সৈতে জড়িত?
উত্তৰঃ- ভাষা মানুহৰ সামাজিক আদান-প্রদানৰ বাহক | সমাজ পৰিবৰ্তনৰ লগত ইয়াৰ গতি-বিধি জড়িত।
প্রশ্ন ৩৫ সঙ্গীতৰ স্থিতিকাল কিমান সময় বর্তি থাকে?
উত্তৰঃ- একোটা গীত বা সঙ্গীতৰ ৰীতি কম সময়ৰ কাৰণেহে জীয়াই থাকে। সঙ্গীতে আকাৰ শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে। অন্তৰত হিল্লোল তোলাৰ সময়খিনিৰ বাহিৰে। ই সৰহ সময় তিষ্ঠি থাকিব নোৱাৰে।
প্রশ্ন ৩৬অজন্তাৰ ছবিবোৰে কোন যুগৰ সোঁৱৰণি আনি দিয়ে?
উত্তৰঃ- অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধযুগৰ কথা সোঁৱৰাই দিয়ে
প্রশ্ন ৩৭অজন্তাৰ গুহাৰ সার্বজনীনতা কেনেধৰণৰ?
উত্তৰঃ- অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সুঞ্জীৱিত হৈ আছে
প্রশ্ন ৩৮অজন্তাৰ ছবিত প্রকাশিত দিশ দুটা কি কি ?
উত্তৰ : অজন্তাৰ ছবিববোৰত দুটা ভাৱবস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে।
প্রশ্ন ৩৯ ভাববস্তুৰ দিশৰ পৰা অজন্তাৰ ছবিৰ প্রকৃতি কেনেধৰণৰ?
উত্তৰ :- ভাববস্তুৰ পিনৰ পৰা অজন্তাৰ দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে।
 প্রশ্ন ৪০ প্রাক-মুছলমান যুগৰ চিত্ৰত জীৱনৰ প্ৰাচুৰ্যৰ পৰিমাণ কেনেধৰণৰ ?
উত্তৰঃ- প্রাক-মুছলমান যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগিমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্রাচুর্যই। যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্রাচুর্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক। উদবাউল হৈছে।
প্রশ্ন ৪১ বাবৰৰ আমোলত কোনবিধ চিত্রশিল্পই বিকাশ লাভ কৰিছিল ?
উত্তৰঃ- মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে। এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ।।
প্রশ্ন ৪২ ব্যক্তিবাদী আটত সাধাৰণতে কি প্রতিফলিত হয় ? উত্তৰঃ- ব্যক্তিবাদী আর্টত ব্যক্তিজীৱনৰ প্রাধান্যৰ পৰিবৰ্তে জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ। ইয়াৰ জন্ম হৈছিল টাইমৰ খাঁ আৰু ছেংখীজ খাঁৰ ৰাজদৰবাৰত; গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আয় ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতা নাই, আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা।
প্রশ্ন ৪৩ ভাৰতীয় সঙ্গীতে কি নতুন তথ্যৰ যোগন ধৰে?
উত্তৰঃ- ভাৰতীয় উচ্চাঙ্গ সঙ্গীত দাক্ষিণাত্যৰ ভাস্কর্য কলাৰ দৰেই গাম্ভীর্যপূর্ণ আৰু বিচিত্র। উত্তৰ ভাৰতৰ সঙ্গীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগত ঠায়ে। ঠায়ে এই সঙ্গীতত আমি এক উৰণীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ।
প্রশ্ন ৪৪। আর্টত কি কি বিপৰীত পন্থাই প্রকাশ লাভ কৰে? অথবা –“সাধাৰণতে সকলো আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা।[M.Q. 2015]
উত্তৰঃ- সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা।
প্রশ্ন ৪৫ হিন্দুৰ নৈৰাশ্য আৰু উদাসীনতাৰ মূল কাৰণ কি আছিল ?
উত্তৰঃ- মুছলিম আৰু হিন্দুৰ প্রথম সংঘর্ষই হিন্দুৰ মনত পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিল। অৱশেষত বিপ্লৱৰ পতনে তেওঁলোকৰ মনত নিশাৰ জন্ম দিছিল। এই নিৰাশাই ক্ৰমাৎ জীৱনৰ প্রতি উদাসীনতাৰ সৃষ্টি কৰিছিল।
প্রশ্ন ৪৬ আধ্যাত্মিকতাই প্রাক মুছলমান যুগৰ সমাজত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিল?
উত্তৰঃ- আধাত্মিকদাবাদে প্রাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামাঞ্জস্যৰ কথাৰপৰা আৰাই ৰাখিছিল। পদদলিত সর্বসাধাৰণে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি স্বীকাৰ কৰি লৈছিল।
প্রশ্ন ৪৭ কিহৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কপাই তুলিছিল?
উত্তৰঃ- ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ভেটি কঁপাই তলিছিল। পার্থিব আৰ, অপার্থিৱ দুয়োটাতে ইছলামৰ আস্থা প্রায় সমান।
প্রশ্ন ৪৮ভাৰতীয় জাতিৰ আপুৰুগীয়া সম্পদ কি?
উত্তৰঃ- তুলসীদাসৰ ৰামায়ণ’, শংকৰদেৱৰ কীৰ্ত্তন’, মাধৱদেৱৰ নামঘোষাপ্রভৃতি জাতিৰ আপুৰুগীয়া সম্পদ। আর্টসমূহৰ ভিতৰত ভাস্কর্য কলাই হৈছে সমাজৰ সৌন্দর্যবোধৰ ওপৰত বেছি নিৰ্ভৰশীল।
প্রশ্ন ৪৯ কবি, চিত্ৰকৰ আৰু ভাস্কৰৰ কাৰ্যৰ মাজত প্রভেদ কোনখিনিত
উত্তৰঃ- কবিয়ে ব্যক্তিগত ভাব-তঙ্গত উটি ঘূৰি ফুৰিব পাৰে, চিত্রকৰে নিৰলত সপোন ৰচি সম্পূর্ণতা লভিব পাৰে। ভাস্কর্য শিল্পীকহে কেৱল সমূহীয়া প্রচেষ্টা আৰু সামাজিক ভাবধাৰাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিবলগা হয়।
প্রশ্ন ৫০পণ্ডিত ৰাহুল সংকৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ? [M.Q.2015]
উত্তৰঃ-  মধ্য এছিয়া কা ইতিহাসনামৰ গ্ৰন্থৰ বাবে।।
প্রশ্ন ৫১ লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী। বুলি কৈছে? [HSLC'16]
উত্তৰঃ- ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশৰ সম্পদ আৰু প্ৰাচুৰ্যৰ প্রতি বিভিন্ন দেশৰ শেনচকু অতি প্রাচীন কালৰে পৰাই আছিল। এই দেশলৈ ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো। পৰিয়ালৰ শাসনভাৰ গ্রহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্রান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুতি ক্রমবর্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। শক, হুন; পাঠান, মোগলৰ বিভিন্ন দল আক্রমণকাৰী ৰূপত এই ভাৰতলৈ আহিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গ'ল। এনেদৰে বিভিন্ন সময়ত হোৱা আক্রমণ প্রতি আক্রমণ, অভিযান আৰু প্ৰতি অভিযানৰ ইতিহাসেৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্রান্ত। মহেঞ্জোদাৰো আৰু হৰপ্তাৰ সংস্কৃতি ধ্বংসৰ পিছত ইয়াত আর্যসংস্কৃতি প্রতিষ্ঠাৰ বাবে সংগ্রাম হয়। তথাপিও তাৰ মাজতেই আর্য-অনার্যৰ সমন্বয় আৰু সমাৰোহণৰ যোগেদি। ভাৰতীয় সংস্কৃতি বিকশিত হোৱাৰ সুযোগ পায় ।

    *********************************
Related Question Answer

English
Glimpses of India
III. Tea from Assam