বিষাদ যোগ দশমশ্ৰেণীৰ AssamStudent


বিষাদ যোগ
(কথাগীতাৰ পৰা)
                                             - শ্ৰীভট্তদেৱ
১। তলত দিয়া শব্দবোৰৰ অর্থ লিখা ?
·       অগ্রগনীঃ  মুখ্য, প্রধান।
·       অক্ষৌহিনীঃ এক অক্ষৌহিনীত ২১,৮৭০ ৰথ আৰু হাতী, ৬৫,৬১০ ঘোঁৰা, আৰু ১,০৯,৩৫০ পদাতিক বীৰ থাকে।
·       কপিধ্বজঃ যাৰ ধ্বজা বা পতাকাত বান্দৰৰ প্রতীক আছে।
·       জনার্দনঃ দুষ্টজনক অদন বা পীড়ন কৰে কাৰণে কৃষ্ণক জনার্দন বোলে।।
·       জলাঞ্জলিহীনঃ যাৰ উদ্দেশ্যে তর্পন কৰা নহয়।
·       ধানুকীঃ ধনুৰ্ধৰ বীৰ।।
·       নয়ঃ নহয়।
·       নিবৃতিঃ বিৰতি।।
·       পিতৃব্যঃ  পিতাৰ ভাই, খুড়া।।
·       পুৰিঃ   পূর্ণ কৰি।।
·       বর্ণসঙ্কৰঃ ভিন ভিন জাতিৰ স্ত্রী-পুৰুষৰ মিলনত জন্মা সন্তান।
·       বর্ণাশ্রমঃ    ব্রাহ্মণ, ক্ষৈত্রীয়, বৈশ্য আৰু শূদ্র এই চাৰি। বর্ণ বা জাতিৰ ব্ৰহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস এই চাৰি আশ্ৰমৰশাস্ত্রবিহিত ধর্ম।
·       বেহুৰূপেঃ যুদ্ধৰ কাৰণে প্রণালীবদ্ধভাৱে সজাই থোৱা অৱস্থা।
·       লুপ্তপিণ্ডঃ     যাৰ পিণ্ড লোপ হয়।
·       হয়ঃ        ঘোঁৰা।
·       হৃষীকেশঃ    ইন্দ্ৰিয়ৰ অধিপতি, জিতেন্দ্রীয়।
2 চমু উত্তৰ দিয়াঃ
(ক) মহাৰথী কাক বোলে?
উত্তৰঃ- যিজনে অকলে দহ হেজাৰ ধনুদ্ধাৰ সতে যুদ্ধ কৰিব পাৰে তেওঁক মহাৰথী বোলে।।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰঃ- কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ'
গুৰু দ্রোণ, ভীষ্ম, কর্ণ, কৃপ, অশ্বত্থামা, বিকর্ণ আৰু ভূৰিশ্ৰৱা।। .
(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখিকিকিৰণবাদ্যৰ মহাশব্দ হৈছিল ?
উত্তৰঃ- ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে শঙ্খ, ভেৰী, আনক, গোমুখ আদিনানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।
(ঘ) আততায়ী কাক বোলে?
নাইবা
এই ছয় দোষত আততায়ী, কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল? H.S.L.C. 2016
উত্তৰঃ যিয়ে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সর্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাক অপকাৰ কৰে, অস্ত্ৰলৈ যুদ্ধ কৰে-এইছয় দোষত দোষীকআততায়ী বোলে। কৌৰৱসকল এইচয় দোষত আততায়ী হৈছিল।
(ঙ) কুলক্ষয় দোষ কি?
উত্তৰঃ- যিদোষে কুলধর্ম নষ্ট কৰি কুলক অধর্মী কৰি তোলে। তেনে দোষকেকুলক্ষয় দোষবোলে।
(চ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য। 

বিষাদ যোগ অসমীয়া সাহিত্য চয়নিকা
বিষাদ যোগ অসমীয়া সাহিত্য চয়নিকা
৩। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰ :বিষাদযোগনামৰ পাঠটিত পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ এক বিবৰণ আছে, এনেদৰে বগা ৰঙৰ চাৰিটা ঘোঁৰাই টনা ৰথত উঠি কষ্ণার্জনে দিব্যশঙ্খ বজাই যুদ্ধক্ষেত্রলৈ গৈছে।কৃষ্ণই পাঞ্চজন্য শংখ। ফুকাইছে।অৰ্জ্জুনে দেৱদত্তশংখ ফুকাইছে।ভীমে পণ্ডক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে ।সঘোষ আৰু সহদেৱে মণিপুষ্পক ধ্বনিৰে ৰণক্ষেত্ৰত প্ৰৱেশ কৰিছে।আনহাতে কাশীৰাজ, সাত্যিক,ধৃষ্টদ্যুম্নবিৰাট,
দ্রুপদ, অভিমান আদিয়ে পৃথকে পৃথকেশংখ বজাই আকাশ বতাহ মুখৰিত কৰি কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিছে।
৪। অর্জনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? H.S.L.C.2016, 18
উত্তৰঃ- অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ এই কাৰণেই কৈছিল যাতে সি যুদ্ধত সমবেত হোৱা যুঁজাৰু বীৰসকলক এবাৰ দৰ্শন কৰি ল'ব পাৰে।  
৫। অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাইকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ- অর্জুনে যুদ্ধক্ষেত্ৰত পিতৃৰসমতুল্য যোদ্ধাসকল,
পিতামহভীষ্ম,আচার্য, মাতুল, ভাতৃপুত্র, ভাতৃ,সখি, শহুৰ, সুহৃদসকল আদি আপোনজনক দেখা পাইছিল।যুদ্ধক্ষেত্ৰত সমবেত হোৱা উক্ত আপোন লোকসকলক দেখা পাই অর্জনে শ্রীকৃষ্ণক ক'লে যে তেওঁৰ হাত-ভৰি ভাঙি যায়, মুখ শুকাই যায়, শৰীৰ কঁপি উঠে, নোম শিয়ৰি উঠে, হাতৰ পৰা গাণ্ডীব খহি পৰে।তেওঁৰ মতিভ্রম হয়, বিমঙ্গল দেখে। আকাশত শগুন উৰে, শিয়ালেও চিঞৰে।যুদ্ধত আপোনজনক মাৰি তেওঁৰনো কি লাভ হ'ব। তেওঁৰ বিষয়নালাগে, ৰাজ্য নালাগে, আৰু সুখো নালাগে।এই আত্মীয়সকলে যদিও পাণ্ডৱসকলক মাৰে, তথাপি সিহঁতে এই আপোনলোক সকলক হত্যা কৰা উচিত নহ'ব।যদিওবা অর্থশাস্ত্রমতে আততায়ীকহত্যাকৰাটো দোষনীয়নহয়। তথাপি তেওঁলোকক মাৰিলে দোষে চুব।ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল। পাণ্ডৱসকলৰ বন্ধু। বন্ধুৰ দোষ থাকিলে হত্যা কৰা উচিত নহয়।সিহঁতক হত্যা কৰিলে কুলদোষে পাব।নিজৰ জাতি, ধর্ম, আদিনষ্ট হ'ব। দুর্যোধনে যদি তেওঁক বধো কৰে তথাপি তেওঁৰ কোনো আক্ষেপনাই। এইবুলি কৈ অৰ্জ্জুনে অস্ত্র এৰি কম্পিত হৈৰথৰ ওপৰত বহি পৰিল।।
৬। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।।
উত্তৰঃ কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে কাৰণ কুলক্ষয় হ'লে কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হলে স্ত্রীসকল দষ্টা হব।স্ত্রীসকল দুষ্টা হলে বংশ নষ্ট হব।কুলদোষে জাতি, ধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম আদি সকলো নষ্ট কৰি নৰকত ভূগিব লগা কৰে।সেয়ে কুলধৰ্মক মহাপাপ বুলি কোৱা হৈছে।
৭। জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা ......।
এইদৰে কোনে কাক কৈছে? অর্জনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰঃ- কৌৰৱসকলৰ পিতৃ অন্ধ ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্র ৰণাঙ্গনত সমবেত হোৱা কুৰু-পাণ্ডৱৰ সমৰসজ্জাৰ বিষয়ে জানিব বিচৰাত সঞ্জয়ে ধৃতৰাষ্ট্ৰক উক্ত কথাষাৰ কৈছিল। সঞ্জয়েকলে যে অৰ্জ্জুনে যুদ্ধক্ষেত্ৰত অস্ত্র ধাৰণনকৰি এনেদৰে কৈছে যে তেওঁ মৌন হৈ থাকিব। দুর্যোধনে অস্ত্র ধৰি তেওঁক যদি বধো কৰে তথাপি তেওঁ আনন্দ পাব, তেওঁক পাপে নুচব।
৮। ভট্টদেৱৰ ৰচনাৰাজি উল্লেখ কৰা।।
উত্তৰঃ- ভট্টদেৱ আছিল অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। সর্বসাধাৰণে বুজিব পৰাকৈ গদ্যত তেওঁ ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। ইয়াৰ উপৰিও অসমীয়া ভাষাত শৰণ মালিকা’, ‘গুৰু বংশাৱলী’, প্রসঙ্গাৱলী’, আৰু সংস্কৃত ভাষাত ভক্তিসাৰ’,
আৰুভক্তিবিকেগ্ৰন্থৰচনা কৰে।ভট্টদেৱৰ পূর্বে কোনো উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচিত হোৱা নাছিল।ভট্টদেৱে অসমীয়া ভাষাত তত্ত্বগধূৰ গদ্য ৰচনাৰ আৰ্হি দেখুৱাইগ'ল।তেওঁৰ গদ্য অৱশ্যে বুৰঞ্জীৰ গদ্যৰ দৰে কথিত গদ্য নহয়।তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ গদ্যত বিদ্যমান।

Post a Comment

0 Comments