জিকিৰ আৰু জাৰী -আজান ফকিৰ দশমশ্ৰেণী

জিকিৰ আৰু জাৰী
                                  -আজান ফকিৰ
প্রশ্ন : চমুটোকা লিখাঃ
(ক)আজান ফকিৰ (খ) জিকিৰ
উত্তৰঃ
আজান ফকিৰঃ- আজান ফকিৰ হৈছে এজন ইছমলাম ধর্মী সাধু লোক। তেওঁ ধর্ম প্রচাৰৰ উদ্দেশ্যে আৰদেশৰ পৰা আৰু কোনোবাৰ মতে ভাৰতৰ আজমীৰৰপৰা অসমলৈ আহে। বুৰঞ্জীবিদ সূর্য কুমাৰ ভূঞাৰ মতেৰূপাই দা-ধনামেৰে এজন লোকৰ চক্ৰান্তত সেইসময়ৰ আহোমৰ ৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু কাঢ়ে। কিন্তু পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বৃত্তি দি থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰ চাহাবৰ মৃত্যু হয়। শ্বাহমিলাননামৰ এজনচ্ছলাম ধৰ্মীব্যক্তিকআজান ফকিৰবুলি জনা যায়। জিকিৰ আৰু জাৰী তেৱেঁই ৰচনা কৰিছিল। জিকিৰ আৰু জাৰী সমূহত বিশ্ব সংসাৰৰ অনিত্যতা আৰুপৰম আল্লাহৰ গুণানুকীর্তন আছে।
জিকিৰঃ-  জিকিৰশব্দটো আৰবী ভাষাৰজিকৰশব্দৰ পৰা আহিছে।ইয়াৰ অৰ্থ হৈছেস্মৰণবা পুনঃ পুনঃ উচ্চাৰণ কৰা। জিকিৰ হৈছে আজান ফকিৰ নামেৰে এজন মুছলমান সাধুয়ে অসমীয়া ভাষাতৰচনা কৰাভক্তিমূলক গীত। জিকিৰৰ মাজত ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰ নিহিত হৈ আছে। H.S.L.C.18
প্রশ্নঃতলত দিয়া শব্দবোৰৰ অর্থ লিখা।
আচমানঃ আকাশ  
আদমঃ আদি মানৱ, আল্লাহ সৃষ্ট প্রথম মানৱ।
কুটুৱঃ ধ্রুব নক্ষত্র।
তিৰবণীঃ ত্রিবেণী(গংগা,যমুনা আৰু স্বৰস্বতীনদীৰ সংগমস্থল।স্থানখনক হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰে)।
দৰিয়াঃ সাগৰ।
বেহৰঃ বেপাৰ। মোমিনঃ ঈশ্বৰত বিশ্বাস থকা লোক।
ৰচুলঃ ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, পয়গম্বৰ।
ৰহমঃ দয়া।
সঞ্চাৰঃ তলা, সঁচাৰ।
প্রশ্নঃ চমু উত্তৰ দিয়াঃ
(ক) জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক হৈছে– ‘আজান ফকিৰ।
(খ) জিকিৰবোৰ কিহৰ লগত তুলনাকৰিব পাৰি?
উত্তৰঃ জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।H.S.L.C.2019 
(গ)জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ জিকিৰশব্দটো আৰবীজিকশব্দৰ পৰা। ওলাইছে।জিঅর্থ স্মৰণ কৰা।
(ঘ) খোদা ৰছুললুকাই আছেমোমিনআঁৰত। এইফাকি কথাৰ ৰছুলআৰুমোমিনশব্দ দুটাৰ অর্থ লিখা।H.S.LC.2013
উত্তৰঃ ৰছুলশব্দৰ অৰ্থ হ'ল আল্লাহৰ প্ৰেৰিত পুৰুষ বা দূত আৰু মোমিনশব্দৰ অৰ্থ হল বিশ্বাসী মুছলমান।

জিকিৰ আৰু জাৰী - দশমশ্ৰেণী
জিকিৰ আৰু জাৰী  - দশমশ্ৰেণী

৩। মক্কাৰ দুৱাৰত চাহাৰজীৱই মাতোলি  
যেনে শালে শলৰ লগত দৰিকাৰ টপালি।
-ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।
উত্তৰঃ মক্কা হৈছে ইছলাম ধর্মালম্বীসকলৰ পৱিত্র ধর্মস্তান। তালৈ মানুহেহজ্জ বা তীর্থ যাত্ৰা কৰিবলৈ যায়। ই কিন্তু সেই স্থান দর্শন কৰিলেই ধর্মনহয়। মুক্তি লাভ কৰিবলৈ ৰ মানুহমুমিন হ'ব লাগিব। অর্থাৎ মানুহেঈশ্বৰত বিশ্বাসৰাখিব লাগিব আৰু সৎহ'ব লাগিব। যদিহে মানুহমুমিন (আল্লাহৰ বিশ্বাসী) নহয় আৰু সৎকাম অর্থাৎ ভাল-বেয়া বিচাৰ কৰি নচলে তেন্তে তীর্থলৈ গ'লেও মুক্তি লাভ নহয়। আত্মক পবিত্র নকৰি মক্কালৈ যোৱা মানে দৰিকনা মাছেশাল আৰু শলৰ লগত যুঁজিবলৈ যোৱাৰ নিচিনা মূর্খামি।এনেদৰে উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মুখামিৰ কথা উল্লেখ কৰিছে
৪। ব্যাখ্যা কৰাঃ  
(ক)মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেব নোৱাৰে তাত মায়াই ভেটে বাট।
উত্তৰঃ উক্ত কবিতাফঁকি আমাৰ পাঠ্য পুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰীনামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।এই সংসাৰত মানুহ মায়া-মমাহত আবদ্ধ হৈ ঈশ্বৰ বিমুখ হৈ থকাৰ কথা কবিতা ফাঁকিৰে বুজাব খুজিছে। ভাৰতৰ গংগা, যমুনা আৰু স্বৰস্বতী নামৰ তিনিখন। নদী মিলিত হোৱা স্থানকত্রিবেণী ঘাটবুলি কোৱা হয়।। হিন্দু সকলে ত্রিবেণী ঘাটক তীর্থস্থান হিচাপে প্রতি বছৰ তীর্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে। মুছলমানসকলৰ ত্রিবেণী ঘাট অর্থাৎ পুণ্য স্থান। তাত প্রতি বছৰ লাখ লাখ মানুহ হজ্জ বা তীর্থ কৰিবলৈ যায়। তীর্থ। কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় অর্থাৎ মানুহেমুক্তি লাভ কৰিব পাৰে।পুণ্য সঞ্চয় মাত্র সেইসকল লোকৰ বাবে হে সম্ভৱ হয় যিসকলে সংসাৰৰ মায়া-মোহৰ পৰা নিজক মুক্ত কৰিব পাৰিছে। কিন্তু মানুহবিষয়-ভাৱনাত লিপ্ত থকা বাবে তীর্থ কৰিও পুণ্য সঞ্চয় বা মুক্তি লাভ কৰিব নোৱাৰে।
(খ)সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পিৰীতি।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্য পুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিতজিকিৰ আৰু জাৰীনামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানৱ জীৱন যে ক্ষণস্থায়ী তাকেইউক্ত কবিতা ফাঁকিত উল্লেখ কৰা হৈছে। ইয়াতসজাৰ মইনাচৰাইক ৰূপকাত্মক হিচাপে ব্যৱহাৰ কৰা হৈছে।
মানৱ জীৱন অনিত্য অর্থাৎ ক্ষণভঙ্গুৰ। কোন মুহূর্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ কোনেও কব নোৰে। সজাৰ মইনা চৰাই এটিৰ নিচিনা আত্মা এবাৰ গুচি গলে আকৌ ঘূৰি নাহে। সজাৰ মইনা চৰাই এটি যদি কোনো প্ৰকাৰে সজাৰ পৰা ওলাইযাব পাৰে তেন্তেসি কেতিয়াও ঘুৰি নাহে। সেয়ে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া মোহত আবদ্ধ নহৈ আল্লাহৰ চিন্তাত মগ্ন থকা উচিত।
৫। সমাৰ্থক শব্দ লিখাঃ
চিন্তো, ঘাট, পিৰীতি, আচমান
উত্তৰঃ
শব্দ       সমাৰ্থক শব্দ
চিন্তো     ধ্যান কৰা
ঘাট   -   তীৰ
পিৰীতি –   প্ৰেম
আচমান -  আকাশ




Post a Comment

0 Comments