কানাইৰ চাতুৰী -শ্রীধৰ কন্দলি দশমশ্ৰেণী


কানাইৰ চাতুৰী
(কাণখোৱাপুথিৰ পৰা)
-শ্রীধৰ কন্দলি
১। অতি চমু উত্তৰ দিয়া ।
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল ?
উত্তৰঃ- কৃষ্ণক টোপনিৰ পৰা জগাবলৈ সমনীয়া গোপ বালকসকলে আহি যশোদাক কৈছিল।।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰঃ- কৃষ্ণই চাৰি-পাঁচ দিনলৈ টোপনিৰ পৰাঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি কৈছিল।।
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উত্তৰঃ- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।।
(ঘ) কপিল মুনিৰ মাতৃৰ নাম কি? H.S.L.C. 2016
উত্তৰঃ- দেৱহুতি।
(ঙ)'তাসম্বাকশব্দৰ আধুনিক ৰূপ লিখা।H.S.L.C. 2016
উত্তৰঃ- তেওঁলোকক।
(চ) দুশ কলংক দুখ সুমন্তেঃ সুমন্তেশব্দৰ অর্থ কি? H.S.L.C, 2016
উত্তৰঃ- সুঁৱৰি।
২। তথাপি তাহোক      দেখন্তে ডৰত
       উৰি জায় মোৰ জীউ।
-এইকথাষাৰকাৰ উক্তি?কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাইলিখা।H.S.L.C. 2011,14
উত্তৰঃ-  উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। কৃষ্ণই মাতৃ যশোদাক ভয় কৰি উক্ত কথাষাৰ কৈছে। কথাষাৰৰ মাজেদি কৃষ্ণৰ বাল্যলীলা প্রকাশ পাইছে। শ্রীকৃষ্ণ জগৰ ঈশ্বৰ হৈয়ো মাক যশোদাৰ গালি-শপনি শুনিব লগা হৈছে। সাধাৰণ ল'ৰা-ছোৱালী দৰে কৃষ্ণয়াো মাকক ভয় কৰিছে।
৩।মোহিনী স্বৰূপে      অমৃত পিয়ালো।
         সাধিলো দেৱৰ কাম।
- কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল ?H.S.L.C. 2013
উত্তৰঃ- শ্রীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। শ্রীকৃষ্ণই দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কার্য সাধন। কৰিছিল। এবাৰ দেৱতা আৰু অসুৰ বিলাকে সাগৰ মন্থন। কৰি পোৱা অমৃত খাবলৈ দেৱতা আৰু অসুৰ বিলাকৰ মাজত টনা-আঁজোৰা লাগিছিল। কাৰণ দেৱতাসকলে যদি অসুৰ বিলাকৰ দৰে অমৃত খাবলৈ পায়, তেন্তে সিহঁতেও। দেৱতাবিলাকৰ দৰে অজৰ অমৰ হব। তেতিয়া অসুৰ বিলাকৰ পাপাচাৰত গোটেই পৃথিৱী অধৰ্মত পৰিণত হব। সেই বাবে দেৱতাৰ কার্য সাধন কৰিবলৈ ভগৱান বিষ্ণুয়ে। মোহিনী ৰূপ ধাৰণ কৰিছিল। বিষ্ণুৰ মোহিনী ৰূপত অসুৰ বিলাক ডোল গৈ থকাৰ সময়তে দেৱতাসকলে অমৃত খাই শেষ কৰিছিল।এইদৰে বিষ্ণুয়ে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ । কার্য সাধন কৰিছিল।
৪।মাকৰ কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ। লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।।H.S.L.C.2016
উত্তৰঃ- যশোদা হৈছে গোপসকলৰ ৰজা নন্দৰ পত্নী। তেওঁৰ ধন-সোণৰ অভাৱ নাছিল। অলপ সোণ খৰচ। কৰি পুত্র কৃষ্ণক সোণৰ বাঁহী এটা গঢ়াই দিব নোৱাৰেনে? আধাপেটীয়াকৈ ভাত খুৱাই মাকে কৃষ্ণক গৰু চৰাবলৈ। পঠাই দিছিল। ৰাজপুত্ৰ হিচাপে তেওঁৰ বস্ত্রও সাধাৰণ। আছিল। তেলৰ অভাৱত চুলিত জট বান্ধিছিল। সেয়ে। তেওঁ যশোদাক এৰি জন্মদাত মাক দৈৱকীৰ ওচৰলৈ। যাব বুলি মাতুক ভয় খুৱাইছিল। এনেবোৰ কাৰণত যশোদাৰ গুণ বখানিবলৈ কৃষ্ণৰ লাজ লাগিছিল।
৫। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ- এদিনাখন শ্রীকৃষ্ণই শুই থাকোতে গোপ শিশুসকলে খেলাৰ বাবে কৃষক জগাবলৈ কৃষ্ণৰ মাক যশোদাক অনুৰোধ কৰে।মাকে কৃষক টোপনিৰ পৰা উঠিবলৈ মাতি, বহু দেৰিলৈকে শুই থকা বাবে খং কৰিলে।মাকৰ ডাক শুনি কৃষ্ণক নজগাবলৈ অনুনয় কৰে।তেওঁ হৈছে জগতৰ ঈশ্বৰ তেৱেই সমগ্র বিশ্ব-ভ্ৰমাণ্ড সৃষ্টি কৰি কৰিছে। তেওঁ আত্মাৰূপে সকলোতে বিৰাজ কৰি আছে। বিশ্বৰ সকলো প্রাণীয়ে তেওঁক সেৱা কৰে আৰু তেওঁৰ চৰণ চিন্তা কৰিয়েই মোক্ষ লাভ কৰে। তেওঁ অনন্ত শর্যাত শয়ন কৰি নাৰায়ণৰূপে পদ্মনাভত ব্ৰহ্মক উপজাই বেদ। জ্ঞান দিছে। তেওঁ মোহিনীৰূপ ধৰি দেৱতাসকলক অমৃত। পান কৰাইছে। তেওঁ বলিৰ দর্প চূর্ণ কৰিছে।ইমানবোৰ মহিমা থকা পৰম ঈশ্বৰ কৃষ্ণই যশোদাৰ ঘৰত পুত্ৰ ৰূপে ধৰা দি তাইৰ কাঠবাজীবদনামৰ পৰা ৰক্ষা কৰিছে।কিন্তু সেইজনী যশোদাই কৃষ্ণৰ মহিমাৰ কথা বুজিব।নোৱাৰি যশোদাৰ ঘৰতদধিচোৰনাম পাইছে। মাকৰ পৰা।উপযুক্ত মৰম চেনেহৰ পৰা বঞ্চিত হৈ যশোদাৰ বহুত ধনসম্পত্তি থকা সত্বেও কৃষ্ণৰ বাবে এটি সোণৰ বাঁহী গঢ়াই দিব পৰা নাই৷তেলৰ অভাৱত চুলিত জট বান্ধিছে।যশোদাৰ ঘৰত ইমান অপমান আৰুদুখ পাই তেওঁ তেওঁৰ জন্মদাত্রী মাতৃ দৈৱকী আইৰ ঘৰলৈ গুচি যাব বুলি কৈছে। তেতিয়া যশোদাই নিজৰ ভুল বুজিব পাৰি কৃষ্ণৰ ওচৰলৈ আহি কোলত ললে।কৃষ্ণয়ো একে জাপে মাকৰ কোলাত উঠি আনন্দৰে স্তন পান কৰিবলৈ ধৰিলে।আনহাতে মাক যশোদায়ো পুত্ৰৰ মুখলৈ চাই সন্তোষৰ হাঁহিমাৰিলে।

কানাই চাতুৰী দশমশ্ৰেণী
কানাই চাতুৰী দশমশ্ৰেণী
৬। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে ধৰণৰ কার্য সমাধা কৰিছিল পাঠটিৰ আলমত বর্ণনা কৰা।।
H.S.L.C.2018
উত্তৰঃ- কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ৰূপ ধাৰণ কৰি নানা অলৌকিক কার্য সমাধা কৰিছিল। "
(ক)শ্রীকৃ ষই নিজ ৰূপ ধাৰণ কৰি অনন্ত বিশ্বভ্রমাণ্ডখন সৃষ্টি কৰিছিল। তেওঁ নিজ আত্মাৰূপে সেই বিশ্ব ভ্ৰমাণ্ডখন প্রতিপালন কৰি আছে।
(খ)তেওঁ নাৰায়ণ ৰূপে অনন্ত শৰ্যাত শয়ন কৰি পদ্মনাভত ব্রহ্মাক উপজাই বেদৰ জ্ঞান দিছিল।। "
(গ)কৃষ্ণই চতুর্ভূজ ৰূপ ধাৰণ কৰি অসুৰৰ ভয়ত। সন্ত্রস্ত্র দেৱতাসকলক উদ্ধাৰ কৰিছিল।
(ঘ)মোহিনী ৰূপ ধৰি কদম ঋষিৰ ঘৰত অৱতাৰ ধাৰণ কৰে আৰু তত্ত্ব বিচাৰ কৰি মাতৃ দেৱাহুতিক উদ্ধাৰ কৰিছিল।
(ঙ) কৃষ্ণই বামন ৰূপ ধৰি বলিৰ দর্পচূর্ণ কৰিছিল।
এদেনদৰে শ্ৰীকৃষ্ণই নানান অৱতাৰ ধাৰণ কৰি বহুতো অলৌকিক কার্য সমাধান কৰিছিল।
৮। কবিতাটোত কাঠবাজীবুলি কাক কৈছে? ইয়াৰ অর্থ কি ? এই অপবাদৰ পৰা তেওঁক কোনে উদ্ধাৰ কৰিলে?
H.S.L.C.2015
উত্তৰঃ- কবিতাটোত যশোদাককাঠবাজীবুলি কৈছে।
কাঠবাজীশব্দৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। কৃষ্ণই যশোদাৰ ঘৰত পুত্ৰ হিচাপে ধৰা দি যশোদাককাঠবাজীঅপবাদৰ পৰা উদ্ধাৰ কৰিছিল।।
৯। তাৎপর্য ব্যাখ্যা কৰাঃ
(ক) কাঠবাজী বুলি       জগতে হাসয়
           দেখিলে সুমৰি হৰি।
   মই আসি তোৰ         ঘৰে পুত্ৰ ভৈলো
         সিটো দুখ দূৰ কৰি।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্যসুবাসৰ অন্তৰ্গত শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা কানাইৰ চাতুৰীনামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।ইয়াত মাতৃ যশোদাৰ প্রতি কৃষ্ণৰ ক্ষোভ প্রকাশ কৰিছে।
নন্দৰাজৰ পত্নী যশোদাক কৃষ্ণই পুত্ৰ হিচাপে ধৰা দি যশোদাৰ এই কাঠবাজীঅপবাদ দূৰ কৰিলে। কিন্তু যশোদা সেই কথা পাহৰি কৃষ্ণক সাধাৰণ সন্তান এজনৰ দৰেইগৰু চৰাবলৈ দিয়াত আৰুমৰম চেনেহনকৰাত কৃষ্ণই দুখ কৰিছে।।
(খ) মোহিনী স্বৰূপে          অমৃত পিয়ালো
        সাধিলো দেৱৰ কাম।
   তোমাৰ ঘৰে আসি     বৰ যশ পাইলো
        লৈলো দধি চোৰ নাম।।
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য  চয়নিকাৰ অন্তৰ্গত শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা কানাইৰ চাতুৰী নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাঁকিৰ মাজেৰে মাতৃ যশোদাৰ প্ৰতি কৃষ্ণৰ ক্ষোভ প্রকাশ পাইছে।
শ্রীকৃষ্ণ হৈছে জগতৰ ঈশ্বৰ। তেৱেঁইবিশ্ব ভ্ৰমাণ্ড সৃষ্টি কৰিছে। বিশ্বৰ সকলো প্রাণীয়ে তেওঁকেই সেৱা কৰে। তেওঁ বিভিন্ন অৱতাৰ ৰূপ ধাৰণ কৰি অসাধাৰণ কার্য সাধন কৰিছে। তেওঁ এবাৰ মোহিনী ৰূপ ধৰি দেৱতাসকলক অমৃত পান কৰাই অমৰ কৰিছে। জগতৰ ঈশ্বৰ কৃষ্ণই যশোদাৰ পুত্ৰ হিচাপে জন্ম গ্রহণ কৰিছে। যদিও মাতৃ যশোদাই তেওঁক সময়মতে পেট পুৰাই খাবলৈয়ো দিয়া নাই। তেনেতে দধি খোৱাতদধিচোৰ বুলি অপবাদ পাইছে। সেয়ে তেওঁ মাকৰ প্রতি ক্ষোভিত হৈছে।। (গ) মই নাৰায়ণ      জগত কাৰণ
        তুমি গোৱালৰ জীউ।
   তথাপি তোহোক     দেখন্তে ডৰত
        উৰি যায় মোৰ জীউ।।
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্যসবাসৰ অন্তৰ্গত শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰাকানাইৰ চাতুৰী নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।উক্ত কবিতাফাঁকিৰ মাজেদি কৃষ্ণৰ মানৱৰূপী বাল্য লীলা প্রকাশ পাইছে। শ্রীকৃষ্ণ হৈছে বিশ্ব-ভ্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা।তেৱেঁই আত্মাৰূপে বিশ্বব্রহ্মাণ্ড পালন কৰি আছে। তেওঁক সেৱা কৰিয়েই পাপী-তাপী মুক্তি পাইছে।তেওঁৰ তুলনাত। যশোদা এজনী সামান্য গোৱালৰ জীয়ৰীহে।জগতৰ ঈশ্বৰ শ্রীকৃষ্ণক সকলোৱে ভয় পায়।কিন্তু যশোদাৰ ঘৰত পুত্ৰৰূপে ধৰা দিয়াত তেওঁ জগতৰ ঈশ্বৰ হৈয়ো মাক।যশোদাক ভয় কৰি চলিব লাগে।

Post a Comment

0 Comments