মুক্তি মঙ্গল ভটিমা
(কালিয়
দমন নাটৰ পৰা)
-শ্ৰীমন্ত শংকৰদেৱ
১। চমু টোকা লিখা ?
ভটিমাঃ- ভটিমা এক শ্ৰেণীৰ প্ৰশক্তি বা স্তুতিমূলক গীত।
ভটিমা চাৰি প্ৰকাৰৰ,
যেনে – দেৱ ভটিমা, ৰাজ ভটিমা,
গুৰু ভটিমা, আৰু নাট ভটিমা।অংকীয়া নাটকত তিনিটা নাটকীয়
ভটিমা থাকে। আৰম্ভণিত নান্দীৰ দৰে মঙ্গলাচৰণ মূলক ভটিমা থাকে।এই শ্রেণীৰ
ভটিমাইনাটকত প্ৰস্তাৱনাৰ কাম কৰে। দ্বিতীয়তে নাটকত নায়ক-নায়িকাৰ ৰূপ-গুণ
প্রকাশক ভটিমা থাকে। তৃতীয়তে নাটৰ শেষত মুক্তি মংগল ভটিমা পৰিবেশন কৰা হয়।
মুক্তিমঙ্গল ভটিমাঃ- মুক্তিমঙ্গল ভটিমাৰে অংকীয়া নাট
একোখনৰ পৰিসমাপ্তি ঘটোৱা হয়।মুক্তিমঙ্গল ভটিমা সংস্কৃত নাটৰ ভৰতবাক্যৰ অনুৰূপ হ'লেওইয়াৰ মাজত কিছু পার্থক্য
আছে। সংস্কৃত নাটত সাধাৰণতে সভাসদ আৰুজগতৰ ধর্মকর্ম, কামবৃদ্ধি বা ঐহিক সুখ শান্তি
কামনা কৰি আৰু মুক্তিৰ অর্থে নাটকৰ প্ৰধান চৰিত্ৰই এই ভটিমা পাঠ কৰে। কিন্তু অংকীয়া
নাটকত সূত্ৰধাৰ আৰু সহযোগীসকলে কেৱল দর্শকৰ পাৰত্রিক সুখ আৰু মঙ্গল কামনা কৰি
মুক্তিমঙ্গল ভটিমা কীর্তন কৰে।অঘঃ অঘ বা অঘাসুৰ আছিল কংসৰ সেনাপতি। কংসৰ।
নির্দেশমতে অঘাসুৰে অজগৰৰ ৰূপ ধৰি কৃষ্ণ আৰু কৃষ্ণৰ লগৰীয়াবোৰক মাৰিবলৈ মূৰ মেলি
ৰৈ আছিল। কৃষ্ণ আৰু তেওঁৰ লগৰীয়াবোৰে পৰ্বতৰ গুহা বুলি তাত সোমাই যায়। পিছত
কৃষ্ণই বুজি পাই অজগৰ ৰূপী অঘাসুৰৰ পেটৰ ভিতৰতে শৰীৰৰ আকাৰ বঢ়াই দিয়াত অঘাসুৰৰ মৃত্যু হয়।
বকঃ- বক এটা অসুৰ।
কৃষ্ণৰ নির্দেশমতে বকাসুৰে এটা ডাঙৰ বগ পক্ষীৰ (বগলী) ৰূপ ধৰি কৃষ্ণ অহাৰ বাটত তেওঁক
গিলিবলৈ চোপ লৈ আছিল। কৃষ্ণইবকাসুৰৰ ঠোঁটত ধৰি ফালি পেলোৱাত তাৰ মৃত্যু হয়।
ধেনুকঃ- ধেনুক কংসৰ আজ্ঞাবাহী এটি অসুৰ। ধেনুক বৃন্দাবনৰ ওচৰতে বাস
কৰিছিল। শ্রীকৃষ্ণ আৰু বলোৰামে এবাৰ গৰু চৰাবলৈ সেই অসুৰটো থকা বনলৈ গৈছিল। সেই
বনত থকা তাল গছত তাল ফল লাগি আছিল। বললাৰামে তাৰ পৰা তাল পাৰি খাবলৈ লওঁতে
ধেনুকাসুৰে বলোৰামক মাৰিবলৈ অহাত তেওঁ তাল ফলত আচাৰি তেওঁক বধ কৰে।।
কেশীঃ- কেশী এজন দৈত্য। কংসই
শ্রীকৃষ্ণক বধ কৰিবলৈ কেশীক নির্দেশ দিয়াত কেশীয়ে ঘোঁৰাৰ ৰূপ ধৰি ব্রজবাসীৰ ওপৰত
নানান অত্যাচাৰ কৰে আৰু গোকুলৰ গৰুবোৰো বধ কৰিবলৈ ধৰে। কেশীয়ে কৃষ্ণক মুখ মেলি
খাবলৈ আহোঁতে তেওঁ মুখত হাত সুমুৱাই উশাহ ল’ব নোৱাৰা কৰি কেশী দৈত্যক বধ
কৰে।
শ্ৰীৰাম ৰায়ঃ- ৰাম ৰায়ৰ প্রকৃত নাম
জগতানন্দ। তেওঁ শংকৰদেৱৰ সম্পৰ্কীয় ভাতৃ। আহোম ৰজাই তেওঁক ৰামৰায়। উপাধি প্রদান
কৰে। তেওঁৰ অনুৰোধমতে শংকৰদেৱে। কালিয় দমন’নাটক ৰচনা কৰে।
![]() |
| মুক্তি মঙ্গল ভটিমা দশমশ্ৰেণী |
২। চমুকৈ উত্তৰ দিয়া ।
(ক) দৈৱকী উদৰে উদয় যোহি দেৱা’ ইয়াত যোহি দেৱা বুলি কাক কৈছে?
উত্তৰঃ- ইয়াত ‘যোহি দেৱা বুলি শ্রীকৃষ্ণক কৈছে।
(খ) কংসক ধ্বংসল প্রাণ -কংসৰ প্ৰাণ কোনে ধ্বংস কৰিলে? উত্তৰঃ- শ্রীকৃষ্ণই কংসৰ প্ৰাণ
ধ্বংস কৰিলে।
(গ) শঙ্খচূড়ক কোনে বধ কৰিলে ?
উত্তৰঃ- শঙ্খচূড়ক শ্রীকৃষ্ণই বধ কৰিলে।
(ঘ)শ্ৰীৰাম ৰাইৰ প্রকৃত নাম কি?
উত্তৰঃ- শ্ৰীৰাম ৰাইৰ প্রকৃত নাম জগতানন্দ।
(ঙ)দেৱতাৰ ভিতৰত কাক শ্রেষ্ঠ বুলিছে?
উত্তৰঃ- দেৱতাৰ ভিতৰত শ্ৰীকৃষ্ণক শ্রেষ্ঠ বুলিছে।
(চ) ভটিমাটি কোনখন নাটৰ অন্তৰ্গত?
উত্তৰঃ- ভটিমাটি কালিয় দমন’ নাটৰ অন্তৰ্গত।
(ছ)
মুক্তিমঙ্গল ভটিমা কোনে পাঠ কৰে? H.S.L.C.2016
| উত্তৰঃ-
মুক্তমঙ্গল ভটিমা নাটকৰ প্ৰধান চৰিত্ৰই আৰু কৰে। | ৩।ভটিমাত উল্লেখ থকা
অনুসৰিকৃষ্ণই বধ কৰা অসুৰ কেইটাৰ নাম লিখা।
উত্তৰঃ- ভটিমাটিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধকৰা অসুৰ কেইটাৰ নাম
হ'ল –অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ কেশী, আৰিষ্ট, মুষ্টিক আৰু শঙ্খচুড়।।
৪।ব্যাখ্যা কৰাঃ
(ক) দৈৱকী
উদৰে উদয় যোহি দেৱা
কয়লি ভকতক ত্রাণ।
অঘ-বক ধেনুক কেশী
সবংশক।
কংসক ধ্বংসল
প্রাণ।।H.S.L.C.2018
উত্তৰঃ- উক্ত ভটিমাফাঁকি অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘মুক্তি মঙ্গল। ভটিমা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া
হৈছে।
জগত্ৰ ঈশ্বৰ শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ গৈ কবিয়ে। উক্ত
কথাষাৰ কৈছে।শ্রী কৃষ্ণ সকলো সৃষ্টিৰ মূল। তেওঁ পৰম ঈশ্বৰ হৈয়ো। মানৱ ৰূপত
দৈৱকীৰ গৰ্ভত জন্ম গ্রহণ কৰিছিল। কাৰণ ধর্মক ৰক্ষা কৰা আৰু অধৰ্মক
বিনাশ সাধন কৰাৰ বাবে মানৱীয় জন্ম গ্রহণ কৰা তেওঁৰ মূল উদ্দেশ্য আছিল। সেয়ে তেওঁ
অঘাসুৰ, বকাসুৰ, কেশী, ধনুক, কংস আদিক সবংশে ধ্বংস কৰি
ভক্তসকলক দৈত্য-দানৱৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰি মানৱ সমাজত ন্যায় প্রতিষ্ঠা
কৰিছিল।
(খ) শুন সব লোই বচনক মোই
সব তেজি ভজ হৰি
পাৱ।।
ওহিভৱ দুর্গম। সাগৰতৰণে।
কৃষ্ণ পাৱ পল্লৱ
নাও৷৷
উত্তৰঃ- উক্ত কথাফাঁকি অসমীয়া পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘মুক্তি মঙ্গল ভটিমা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া
হৈছে।
জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণই
পাপী-তাপীসকলোৰে ত্রাণকর্তা আঁৰু তেওঁৰ চৰণ সেৱা কৰি মানৱেমুক্তি লাভ কৰিব পাৰে
সেইকথা উক্ত ভটিমাফাঁকিত প্রকাশ পাইছে।পাপীসকলে পাপৰ পৰা পৰিত্ৰাণ পায়।
শ্রীকৃষ্ণৰ নামৰ ইমানেই মহিমাময় যে তেওঁৰ নামতেই পাপ আঁতৰ হয় আৰু তেওঁৰনামৰ কোনো
তুলনা নাই। কবিৰ ভাষাতঃ
‘সোহি
বৈকুণ্ঠক। কৃষ্ণক নাটক
উতপাটক দুখ মূল।
পুণ্যক সঞ্চল কলিমল
ধ্বংসল
নাহি নাহি ওহিতুল।।
কবিৰ মতে এই সংসাৰৰ সকলো বিপদ-বিঘিনী কৃষ্ণৰ চৰণ চিন্তা কৰি উদ্ধাৰ
পাব পাৰি। সমস্ত দেৱতাৰ দেৱতা শ্রেষ্ঠজন হৈছে কৃষ্ণ। কৌটি কল্পৰ পাপ কেৱল কৃষ্ণইহে
নাশ কৰিব পাৰে। সেয়ে এইজন পৰম পুৰুষৰ নাম স্মৰণ কৰিবলৈ কবিয়ে ভক্তসকলক আহ্বান
জানাইছে।


0 Comments