ৰামসিংহৰ অসম আক্রমণ
(পুৰণি অসম বুৰঞ্জীঃ দশম অধ্যায়)
১। ৰামসিংহ কোন আছিল ?
উত্তৰঃ ৰামসিংহ অম্বৰৰ ৰজা তথা মোগল সেনাপতি আছিল।
২। ৰামসিংহক কোনে অসম আক্ৰমণৰ বাবে পঠিয়াইছিল?
উত্তৰঃ ৰামসিংহক মোগল সম্রাট ঔৰংগজেৱে। অসম আক্ৰমণৰ বাবে
পঠিয়াইছিল।
৩। যদি যুদ্ধ দিয়ে, আহিলা-পাতি নাই, মোলৈ খুজি আহোক। তাক মই দিঞে।
কোনে কাক কি প্রসংগত কৈছিল বুজাই লিখা।
উত্তৰঃ ৰামসিংহৰ কটকী পিৰোজ খই ফুকনক কৈছিল। মোগলসকলে যেতিয়া অসম
আক্ৰমণ কৰিবলৈ আহি হাজো দখল কৰিছিল তেতিয়ালৈ আহাোমসকল যুদ্ধৰ বাবে প্রস্তুত হ’ব পৰা নাছিল। তেওঁলোকে মোগলসকলৰ
লগত যুদ্ধখন দুদিনমানৰ বাবে ৰখাবলৈ কটকী পঠিয়াইছিল। কটকীৰ মুখেৰে সকলো কথা জানিব
পাৰি ৰামসিংহইপিৰোজ খাঁক পঠাই কৈছিল যে যদি তেওঁলোকৰ ওচৰত যুদ্ধৰ বাবে আহিলা-পাতি
নাই তেতিয়াহ'লে তেওঁক
খুজিলে হ’ল।
তেৱেঁই আহোমক যুদ্ধৰ বাবে অস্ত্র প্রদান কৰিব।
৪। স্বর্গ মহাৰাজাৰ কোন বস্তুৰ কমি৷ লাগেহতে যি বস্তু কৈ আহক আমি
দিঞো । কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল ?
উত্তৰঃ ‘স্বর্গ
মহাৰাজৰ কোন বস্তুৰ কমি। লাগেহতে যি বস্তু কৈ আহক আমি দিঞে। কথাষাৰ ফুকনে পিৰোজ
খাঁক কৈছিল। পিৰোজ খাঁৰ জৰিয়তে ৰামসিংহই মোগলসকলক যুদ্ধ কৰিবৰ বাবে যদি অস্ত্র-পাতি
নাই, তেতিয়াহ'লে সেই অস্ত্র ৰামসিংহই দিব
বুলি শুনিছিল। তেতিয়া উক্ত কথাষাৰ ফুকনে পিজে খাঁক কৈছিল।
৫। মাোগল কটকী পিৰোজ খাঁক কত বন্দী কৰি ৰখা হৈছিল?
উত্তৰঃ মোগল কটকী পিৰোজ খাঁক লতাশিলত বন্দী কৰি ৰখা হৈছিল।
৬। ৰামসিংহৰ পৰা কাঠৰ চৰাই বিচৰাৰ অপৰাধত ৰামচৰণ কটকীক কি শাস্তি
বিহিছিল?
উত্তৰঃ ৰামসিংহৰ পৰা কাঠৰ চৰাই বিচৰাৰ অপৰাধত শিকলিৰে বান্ধি কাৰাগাৰত বন্দী কৰি থৈছিল।
৭। আৰু কণ্ঠৰ মুকুতামণি হাতে
ধৰি বোল মহালক্ষ্মীয়ে মোক এৰিব।'— কথাষাৰৰ বক্তা কোন আৰু কি প্ৰসংগত
কৈছিল লিখা।
উত্তৰঃ ৰামসিংহ হৈছে উক্ত কথাষাৰৰ
বক্তা ৰামসিংহই ফুকনৰ আগত শপত খাই কৈছিল যে তেওঁ এই গুৱাহাটী এৰি যাব আৰু লগত চৈয়দ পিৰোজৰ বেটা, চৈয়দচানাক লগত লৈ যাব। যদি ইয়াতকৈ বেছি কিবা খোজে তেতিয়াহ'লে পৰমেশ্বৰীয়ে তেওঁক খাব, মহালক্ষ্মীয়েও তেওঁৰ সংগ এৰিব বুলি কৈছিল।
৮। চমুটোকা লিখা ?
(ক) ৰামসিংহঃ খ্রীষ্ট্রীয় ১৬৬৭ চনৰ
ডিচেম্বৰ মাহত মোগল সম্রাট ঔংগজেৱে অম্বৰৰ ৰজা ৰামসিংহক সেনাপতি পাতি অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ৰজা জয়সিংহৰ পুত্ৰ আছিল ৰামসিং আহোমৰ লগত হোৱা যুদ্ধত মোগলৰ হৈ ৰামসিংহই যুদ্ধ কৰিছিল। ৰামসিংহ ১৬৭৫-১৬৮০ লৈ কাশ্মিৰীৰ চুবেদাৰ হিচাপে আছিল। ৰামসিংহ হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মাৱলম্বী লোক আছিল। তেওঁৰ প্রকৃত নাম মির্জা ৰাজাৰাম সিংহ বাহচৰ খান। মোগলক নেতৃত্ব দিয়া ৰামসিংহই অৱশেষত আহোমৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল।
(খ) লাচিত বৰফুকনঃ লাচিত বৰফুকন মোমাই তামুলী বেজবৰুৱাৰ পুত্ৰ আছিল। তেওঁ আহোম সাম্রাজ্যৰ এজন সেনাপতি আৰু বৰফুকন পদত প্রতিষ্ঠিত সাহসী বীৰআছিল। লাচিত বৰফুকনে শাস্ত্র, সৈন্য কৌশল আদিত শিক্ষা লাভ
কৰিছিল। তেওঁ ১৬৭১ চনত হোৱা শৰাইঘাটৰ যুদ্ধত নিজৰ নেতৃত্ব আৰু ক্ষমতাৰ দ্বাৰা মোগলসকলক। পৰাজিত কৰিছিল। কামৰূপখনক পুনৰ নিজৰ অধীনলৈ ঘূৰাই আনিবলৈ ৰামসিংহৰ নেতৃত্বত হোৱা যুদ্ধখনত মোগলৰ চেষ্টা বিফল কৰি অসম এৰি পলায়ণ কৰিবলৈ বাধ্য কৰাইছিল। মোগলৰ লগত হ'বলগীয়া যুদ্ধৰ বাবে বৰফুকনে শৰাইঘাটৰ চাৰিওফালে এটা গড় বন্ধাৰ মনস্থ কৰি তেওঁ মোমাইসহিতে আন বহুতো লোকক
দায়িত দিছিল। কিন্তু মোমায়েকে এই দায়িত্ব পালন কৰিব নোৱাৰি কর্তব্যত অৱহেলা কৰা
কাৰণে ‘দেশতকৈ মোমাই
ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰিছিল। ১৯৭১ চনৰ মার্চ মাহত হোৱা শৰাইঘাটৰ
যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে যুঁজি ৰামহিংসৰ নেতৃত্বত অহা মোগল বাহিনীক
পৰাস্ত কৰে। .
(গ)
শৰাইঘাটৰ ৰণঃ
খ্রীষ্টীয় ১৬৬৭ চনৰ ডিচেম্বৰ। | মাহত মোগল সম্রাট ঔৰংগজেৱে অম্বৰৰ ৰজা
ৰামসিংহক। সেনাপতি পাতি অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ৰামসিংহইব্রহ্মপুত্র
নদীয়েদি উজাই আহি বিনাযুদ্ধে হাজো। দখল কৰি শিবিৰ পাতিছিল। মোগলসকলৰ লগত যুদ্ধ কৰিব পৰাকৈ আহোমসকল পূর্ণ প্রস্তুত হোৱা নাছিল। | সেই সময়ছোৱাতেই আহোম আৰু মোগলৰ
কটকীৰ জৰিয়তে বিভিন্ন কূটনৈতিক কথা-বতৰাৰ আদান-প্রদান। | কৰি আহোমসকলে ছলেবলে যুদ্ধৰ
বাবে সাজু হ'বলগীয়া | হৈছিল। যুদ্ধৰ বাবে লাচিত
বৰফুকনে শৰাইঘাটৰ চাৰিওফালে এটা গড় বন্ধাবৰ মনস্থ কৰি গড় বন্ধাৰ দায়িত্ব মোমায়েকৰ
ওপৰত অৰ্পণ কৰিলে। আৰু একে ৰাতিৰ ভিতৰতে গড় নির্মাণ কৰাৰ নির্দেশ জাৰি কৰিলে।
কিন্তু শেষ ৰাতি গড় নির্মাণ কৰা চাবলৈ আহি বনুৱা সমন্বিতে সকলো শুই থকা দেখি
কর্তব্যত অৱহেলা কৰাৰ কাৰণে ‘দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ
শিৰ কাটি পেলালে। সকলোৱে এই কার্য দেখি ভয়তে একে ৰাতিৰ ভিতৰত গড় নির্মাণ কার্য
সম্পূর্ণ কৰিছিল।গড় সম্পূর্ণ হৈ উঠাৰ পাছত মোগলক যুদ্ধৰ হুংকাৰ। দিয়াত ১৯৭১ চনৰ
মাৰ্চ মাহত হোৱা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে নৌকাসহিতে খুঁজি মোগলসকলক
পৰাস্ত কৰে। এয়াই হৈছে বুৰঞ্জীবিখ্যাত শৰাইঘাটৰ ৰণ’।
৯। তলৰ শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
ক্ষেণ, ৰাস, ঘৰিণীয়েকে, যতন হৈ।।
উত্তৰ :
- · শব্দ আধুনিক শব্দ
- · ক্ষেণ - শুভ মুহূর্ত, ক্ষণ।
- · ৰাস - নিৰুৎসাহ, হ্ৰাস।
- · ঘৰিণীয়েকে - ঘৈণীয়েকে।
- · যতন হৈ - লগ হৈ, মিলিত হৈ।

0 Comments