বৰগীত – 

বৰগীত বুলিলে কি বুজা ?

মহাপুৰুষ শংকৰদেৱৰ আৰু মাধৱদেৱৰ বিৰচিত এক নিৰ্দিষ্টসংখ্যক গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্ততিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ-গধুৰ। শংকৰদেৱে বাৰকুৰি গীতৰচিছিল যদিও বৰ্তমান একুৰি চৈধ্যটা পোৱা গৈছে।মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭-টা বৰগীত পোৱা যায় । ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীত সংখ্যা ১৯১-টা বা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে ।

বৰগীত লক্ষণসমূহ -

1.    বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত ।
2.    বৰগীত ভাষা ব্ৰজাৱলী ।
3.    বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক ।
4.    শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয় । নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত ।
5.    বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাসল্য আদি ৰসৰো সমাৱেশ ঘটিছে ।
6.    মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক । অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে ।


ব্ৰজাৱলী ভাষা

ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহ্যিতিক ভাষা । শংকৰদেৱৰ সময়ত অসম,বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীত-পদৰ সৃষ্টি হৈছিল ।এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয় । পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ সম্পৰ্ক নাই । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথেলী । তাৰ লগত ভোজপুৰী,নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশিষে একোটা স্বতন্ত্ৰ ৰুপ লাভ কৰে । ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ ।